কুৱঁলীবোৰে যেন মায়ং পাহাৰখনক
নিজ ভাবি আকোঁৱালি লৈছে।
কি যে ধুনীয়া দৃশ্য.. কিযে ধুনীয়া ক্ষণ।
ভাবি থাকোতেই মোৰ ছবিখন সম্পূৰ্ণ হ’ল।
মই এটা ধুনীয়া মাছৰোকা আকিঁছো।
সেই যে, পবিতৰাৰ হাডুক বিলখনত
এটা মাছ লৈ উৰি যোৱা গৰাকী..
চৰাইবোৰ সঁচাই সুন্দৰ
সিহঁতে আমাৰ পৃথিৱীখন সৰগময় কৰি তুলিছে।
সিঁহতৰ অপকাৰ নকৰি
অলপ মৰম দিবাচোন,
সিঁহতক সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিবা।
চাবা, তোমাৰ জীৱন প্ৰকৃতিৰ বাবে
সাৰ্থক হৈ উঠিব।
মোৰ সন্ধিয়াৰ ক্ষণটি যেন আমোদজনক।
সন্ধিয়া মাৰ যাবলৈ ধৰা ৰঙা বেলিটিক
বিদায় দি
সকলো পক্ষীয়ে যেন মোক উৎফুল্লিত কৰাৰ মনেৰে
আমাৰ এই বগৰী গছ জোপাত এবাৰ ৰৈ যায়।
মই চাই ৰওঁ
খিৰিকীৰ ফাঁকেৰে চৰাইবোৰ আৰু
সন্ধিয়াৰ মধূৰ দৃশ্য।