ৰবিন চন্দ্ৰ দুৱৰা
নব্বৈ দশকৰ কোনো এটা শুভক্ষণত প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ কেইজনমান সদস্যৰ সৈতে সঞ্চালক তথা ২০২৩ চনৰ ‘অসম গৌৰৱ’ বঁটাপ্ৰাপ্ত সৌম্যদ্বীপ দত্ত জয়পুৰলৈ আহে৷ উদেশ্য বৰ্ষাৰণ্য সংৰক্ষণ কৰা৷ প্ৰথম অৱস্থাত আমি বহুতেই বৰ্ষাৰণ্যৰ নাম শুনা নাছিলোঁ, যদিও আমাৰ কাষতেই আছে৷ ভাবিছিলোঁ বৰ্ষাৰণ্য মানে বৰষুণ দিয়া অৰণ্য, সেইটো আমি দেখা নাই৷
সদস্যসকলক লগত লৈ সঞ্চালক মহোদয়ে ৰাইজক বৰ্ষাৰণ্যৰ বিষয়ে অৱগত কৰিবলৈ দিনে–ৰাতিয়ে লাগি গ’ল – উদেশ্য মাথোন এটাই বৰ্ষাৰণ্য সংৰক্ষণ হ’ব লাগে৷
প্ৰথমে বৰ্ষাৰণ্যৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ বিভিন্ন স্থানত সভা সমিতি আয়োজন কৰিবলৈ ধৰিলে৷ এই সভা–সমিতিবোৰত প্ৰথম অৱস্থাত জনসমাগম সেৰেঙা আছিল যদিও লাহে লাহে যেতিয়া মানুহে এই বিষয়ে কিছু অৱগত হ’ল, তেতিয়া ছাত্ৰ–ছাত্ৰীকে আদি কৰি সভা–সমিতিবোৰত সমাগম যথেষ্ট বাঢ়িল৷ ইয়াৰোপৰি বৰ্ষাৰণ্য বিষয়ক বিভিন্ন কিতাপ–পত্ৰ, লিফ্লেট, পোষ্টাৰ, ষ্টিকাৰ আদিৰ সহায়ত বৰ্ষাৰণ্যৰ বিষয়ে ৰাইজক বুজাবলৈ আৰম্ভ কৰে৷ দুই–এজনকৈ বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া গাঁৱৰ মানুহেও সহযোগ কৰিবলৈ ধৰে৷ এইধৰণে প্ৰায় দহ বছৰ ধৰি নিৰবিচ্চিন্নভাৱে ইয়াৰ প্ৰচাৰ অব্যাহত থাকে৷ শ শ ল’ৰা–ছোৱালীক অৰণ্য সংৰক্ষণৰ প্ৰশিক্ষণ দিয়ে৷ অৰণ্যত শিবিৰ পাতি বাস্তৱ অৰণ্যৰ সংৰক্ষণৰ প্ৰশিক্ষণ আৰু অৰণ্য অধ্যয়নৰ পাঠদান কৰে৷ ফলস্বৰূপে ই এক গণ আন্দোলনলৈ পৰিবৰ্তন হয়৷ সকলোৰে মুখত এটাই কথা – ‘‘বৰ্ষাৰণ্য সংৰক্ষণ হ’ব লাগে৷’’
বৰ্ষাৰণ্য সাধাৰণ অৰণ্য নহয়৷ এই অৰণ্য পৃথিৱীৰ আন আন সমৃদ্ধিশালী অৰণ্যৰ ভিতৰত অন্যতম৷ ১৮৯৮ চনত এজন জাৰ্মান উদ্ভিদবিদে পোনপ্ৰথমে বৰ্ষাৰণ্য শব্দটো ব্যৱহাৰ কৰে৷ বৰ্ষাৰণ্য হৈছে এনেকুৱা এটা অৰণ্য অঞ্চল যাৰ গঠন প্ৰক্ৰিয়া হয় কেৱল সেমেকা বাতাবৰণতহে অৰ্থাৎ এই অৰণ্য অঞ্চলবোৰ বছৰৰ বেছিভাগ সময়েই সেমেকা হৈ থাকে৷ য’ত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমান ২০০ ছেমিতকৈও বেছি৷ এনে অৰণ্য কেৱল মাত্ৰ জীৱনৰ বাসভূমিয়েই নহয়, ই সমগ্ৰ বিশ্বৰ জলবায়ু নিয়ন্ত্ৰণ, জলীয়চক্ৰ, বতাহৰ পৰা কাৰ্বনডাই অক্সাইডৰ শোষণ ইত্যাদি নিয়ন্ত্ৰণ কৰে৷ আমাৰ দেশৰ কেৰেলা–কৰ্ণাটক আদি ৰাজ্যত বৰ্ষাৰণ্য দেখিবলৈ পোৱা যায়৷ বৰ্তমান আমি অসমবাসীয়ে গৰ্বেৰে ক’ব পাৰোঁ আমাৰ ৰাজ্যটো এনে অৰণ্য আছে৷
প্ৰকৃতিৰ অমূল্য দানেৰে সমৃদ্ধ উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্ৰায় অক্ষত অৱস্থাত, পূৰ্বৰ অৰণ্যই বিৰাজ কৰিছে এক বৰ্ষা বনভূমি৷ প্ৰশাসনীয় সুবিধাৰ বাবে যদিও এই অৰণ্যভূমিক জয়পুৰ–ডিৰক আৰু আপাৰ দিহিং এই তিনিটা নামেৰে ভগোৱা হৈছে, বাস্তৱ ক্ষেত্ৰত এই তিনিখন অৰণ্যই এক অবিচ্ছেদ্য অৰণ্য অঞ্চল, যাৰ মাটিকালিৰ পৰিমান ৪০০ বৰ্গ কিঃমিঃতকৈ বেছি৷
এই অৰণ্য অঞ্চল প্ৰাণ সম্পদতো খুবেই চহকী, অৰ্থাৎ ই জৈৱ–বিচিত্ৰতাৰ ভাণ্ডাৰ বুলি ক’ব পাৰি৷ ইয়াত দেখিবলৈ পোৱা কেইবিধমান প্ৰধান উদ্ভিদ হৈছে – হোলোং, মেকাই, নাহৰ, ধূনা, চাম, বৰপাত, শিঙৰি, বান্দৰডিমা, উৰিয়াম, ঠেকেৰা, ৰুদ্ৰাক্ষ, কৌপাত, বনৰীয়া কল, বৃক্ষঢেকীয়া ইত্যাদি৷ ইয়াৰোপৰি ইয়াত ১১৬ বিধ কপৌজাতীয় উদ্ভিদ [Orchid] বৰ্তমানলৈকে চিনাক্ত হৈছে৷ পৰাশ্ৰয়ী কপৌফুলৰ দৰে বৰগছ আৰু জৰীগছ এই অৰণ্যৰ আন এক বৈশিষ্ট্য৷ চৰাই বিষ্ঠাৰ পৰা জন্ম হোৱা এই গছবোৰ কোনো এজোপা গছৰ ওপৰত ডাঙৰ হয়৷ সময়ত আশ্ৰয় দিয়া গছজোপা মৰি যায় আৰু বৰগছ বা জৰীগছজোপা হৈ পৰে এজোপা প্ৰকাণ্ড গছ৷
এই অৰণ্য বিভিন্ন আপুৰুগীয়া বন্যপ্ৰাণীৰো এক আদৰ্শ বাসস্থান৷ কেইবিধমান উল্লেখযোগ্য বন্যপ্ৰাণী হৈছে – বাঘ, নাহৰফুটুকী, গোধাফুটুকী, লতামেকুৰী, হাতী, ভালুক, ৰাংকুকুৰ, শৰপহু, বনগৰু, বাংকেক, বনৰৌ, লাজুকীবান্দৰ, হনুমান বান্দৰ, হলৌ বান্দৰ৷ ইয়াৰোপৰি ইয়াত ৩৫টাৰো অধিক প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২৭৬টা প্ৰজাতিৰ পখিলা, ৭১টা প্ৰজাতিৰ মাছ, শিহু [Gangetic Dolphin] পোৱা যায়৷ সুদূৰ ভৱিষ্যতে আৰু নতুন প্ৰজাতিৰ জীৱ–জন্তু আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
চৰাই ফালৰ পৰা এই অৰণ্য অতি গুৰুত্বপূৰ্ণ৷ অসমত নথিভুক্ত হোৱা ৯৫৩ টা প্ৰজাতি চৰাই ভিতৰত ইয়াত ৩০০ৰ অধিক প্ৰজাতিৰ চৰাই নথিভুক্ত হৈছে৷ ইয়াৰে ১৪টা মান প্ৰজাতি বিশ্বব্যাপী লুপ্তপ্ৰায়৷ ইয়াত পাঁচটা প্ৰজাতিৰ ধনেশ চৰাই দেখিবলৈ পোৱা যায়৷ যিটো আমাৰ দেশৰ কোনো অৰণ্যত দেখা পোৱা নাযায়৷ ইয়াৰোপৰি ইয়াত শেন, হুদু, ঈগল আদি মাংসহাৰী চিকাৰী চৰাই, ভদৰকলী, মৌপিয়া, হাইঠা, ফেঁচু, ভীমৰাজ, ৰপহী, চুলতান টিট্, বুলবুলি, ডৰিক, বাঢ়ৈটোকা, শিলকপৌ ইত্যাদি চৰাই পোৱা যায়৷ বিশ্বৰ অন্যতম দুষ্প্ৰাপ্য হাঁহ তথা অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ এক উৎকৃষ্ট বাসস্থান, পৃথিৱীৰ ভিতৰত ইয়াৰ সংখ্যা ইয়াতেই বেছি৷ উল্লেখযোগ্য যে, এই অঞ্চলৰ চৰাই বিচিত্ৰৰ ওপৰত নেচাৰ্চ বেকন, বম্বে নেচাৰেল হিষ্ট্ৰী চ’ছাইটি আৰু বাৰ্ড ইণ্টাৰনেচনেল নামৰ সংস্থাই একত্ৰিতভাবে কৰা অধ্যয়নৰ পিছত এই অঞ্চল I.B.A. অৰ্থাৎ [Important Bird Area Site] বুলি প্ৰতিপন্ন হৈছে৷
প্ৰাণ সম্পদত চহকী এই অৰণ্যৰ আছে অনেক বৈশিষ্ট্য৷ ইয়াৰ ভিতৰত –
[১] ইয়াত ৭টা প্ৰজাতিৰ বান্দৰ পোৱা যায়৷ যিটো আমাৰ দেশৰ কোনো অৰণ্যত দেখা নাযায়৷
[২] ই ভাৰতবৰ্ষত পোৱা একমাত্ৰ বনমানুহৰ প্ৰজাতি হলৌ বান্দৰৰ এক আদৰ্শ বাসস্থান৷
[৩] ইয়াত ১৭টা প্ৰজাতি মাংসহাৰী জীৱ পোৱা যায়৷ যিটো দক্ষিণ–পূব এছিয়াৰ কোনো দেশতে পোৱা নাযায়৷
[৪] এই অৰণ্য বানপানীৰ দ্বাৰা আক্ৰান্ত নহয়৷
[৫] ইয়াত গছ–গছনিৰ ঘনত্ব বৰ বেছি৷
[৬] ইয়াত পাঁচটা প্ৰজাতিৰ ধনেশ দেখিবলৈ পোৱা যায়৷
[৭] ইয়াত ৭/৮টা মেকুৰী প্ৰজাতিৰ জীৱন (বাঘ) পোৱা যায়৷
[৮] ই আমাৰ দেশৰ সমতল (সাগৰ পৃষ্ঠৰ ১৩০০ মিটাৰ তলত থকা) একমাত্ৰ বৰ্ষাৰণ্য৷
[৯] এই অৰণ্যৰ মাজেৰে Dibro-Deomali Inter state Elephant Corridor অক্ষত অৱস্থাত থকা বাবে যথেষ্ট সংখ্যক হাতী থকা সত্বেও ইয়াত হাতী আৰু মানুহৰ তেনে কোনো সংঘাত হোৱা নাই৷
[১০] এই অৰণ্য বিশ্বৰ অন্যতম দুষ্প্ৰাপ্য হাঁহ তথা অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ এক উৎকৃষ্ট বাসস্থান৷
গতিকে সৌভাগ্যৰ কথা এই যে এচাম সৎ বনকৰ্মচাৰী, প্ৰকৃতিপ্ৰেমী ৰাইজ, বেচৰকাৰী সংগঠনৰ চেষ্টাৰ ফলত ই হৈ পৰিছে বিশ্বৰ সবাতোকৈ চহকী জৈৱবৈচিত্ৰতাৰ বৰ্ষাৰণ্য৷ যাৰ তুলনা কেৱল আমাজান উপত্যকাৰ বৰ্ষাৰণ্যৰ লগতে তুলনা কৰিব পাৰি, সেইবাবে বহুতে ইয়াক পূবৰ আমাজান বুলি কয়৷
১৯৪৭ চনত আমাৰ দেশ স্বাধীন হয় কিন্তু বনবিভাগৰ কাম–কাজবোৰ বৃটিছৰ দিনৰ দৰে চলি থাকিল৷ ১৯৬০–৭০ চন মানৰ পৰা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বহু পৰিমানৰ Commercial Plywood ৰ মিল স্থাপন হয়, সেইমতে আমাৰ জয়পুৰতো কেইবাটাও এনে মিল স্থাপন হয় আৰু প্ৰয়োজন হোৱা কাঠ অসম, অৰুণাচল প্ৰদেশ, নগাৰাজ্য আৰু মেঘালয়ৰ পৰা পূৰণ কৰাৰ চেষ্টা কৰিছিল যদিও তাৰ মাজতে কিছুদিন মালয়েছিয়াৰ পৰাও ইয়ালৈ কাঠ অনা হৈছিল৷ জনসংখ্যা আৰু কাঠফলা মিল বঢ়াৰ লগে লগে কাঠৰ প্ৰয়োজন বাঢ়িল, দামো দিনে দিনে বাঢ়িল ফলত অবৈধভাবে গছকটা আৰম্ভ হোৱাৰ লগে লগে প্ৰাকৃতিকভাবে হোৱা ধুমুহা, খৰিকটা, বেতকটা আদিৰ ফলত পূৰ্বাঞ্চলত অৰণ্য ধ্বংস হ’বলৈ ধৰে৷ এই অৱস্থাৰ গুৰুত্বৰ কথা উপলব্ধি কৰি ১৯৯৬ চনত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে এক আদেশ যোগে এই অঞ্চলত গছকটাৰ কাম পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ কৰি দিয়ে৷ ফলস্বৰূপে গছ কটাৰ কাম বন্ধ হয় আৰু লগে লগে বন্ধ হয় শ্ব ও প্লাইউদ মিলবোৰ, যি সমগ্ৰ মানৱ জাতিৰ বাবে এক আশীৰ্বাদ৷
ৰাইজৰ সহযোগত নেচাৰ্ছ বেকন থমকি নৰৈ প্ৰৱল জনমত গঢ়ি জয়দিহিং নামেৰে এখন অভয়াৰণ্যৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই বৰ্ষাৰণ্যৰ কথা বিশ্ববাসীক জ্ঞাত কৰাৰ উদ্দেশ্যেৰে ২০০১ চনৰ [১৭/১১/২০০১–২০/১১/২০০১]ত ভাৰতৰ প্ৰথমখন বৰ্ষাৰণ্য উৎসৱ [কোনো ৰাইজৰ পৰা দান বৰঙণি নলৈ] নেচাৰ্ছ বেকনে জয়পুৰত আয়োজন কৰে৷ ইয়াত থাইলেণ্ড, আমেৰিকা, ইণ্ডোনেছিয়া, বলিভিয়া, অষ্ট্ৰেলিয়া আদি দেশৰ বহুকেইজন প্ৰতিনিধিয়ে যোগদান কৰে৷ পৰম সৌভাগ্যৰ কথা এই যে জয়পুৰবাসীয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা পৰ্যটকসকলক কৰা আদৰ আপ্যায়নে মোহিত কৰিছিল, যিয়ে প্ৰমাণ কৰে যে অলপ সুবিধা পালে এই অঞ্চলটো হ’ব উজনি অসমৰ পৰ্যটন শিল্পৰ প্ৰাণকেন্দ্ৰ হোৱাৰ লগতে বহুলোকৰ জীৱিকা পথ সুগম হ’ব৷
ইমানটো নেচাৰ্ছ বেকন বহি নাথাকিল, বিভিন্ন মাধ্যমেৰে জনমত গঠন কৰাত লাগি থাকিল, অৱশেষত দেশ–বিদেশৰ প্ৰৱল জনমতৰ প্ৰতি লক্ষ্য কৰি অসম চৰকাৰে ২০০৪ চনৰ ১৯ জুনত ১১১.১৯ বৰ্গ কিঃমিঃ অঞ্চল দিহিং–পাটকাই অভয়াৰণ্য ঘোষণা কৰে৷ এই ঘোষণাই প্ৰকৃতিপ্ৰেমী ৰাইজক কিছু আনন্দ দিয়ে৷
বৰ্ষাৰণ্য আন্দোলনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০১৩ চনত আকাশবাণী ডিব্ৰুগড়ৰ লগত যুগ্মভাবে নেচাৰ্ছ বেকনে জয়পুৰত ধৰিত্ৰী উৎসৱ অনুষ্ঠিত কৰে৷ চৰকাৰেও ২০১২, ২০১৫ আৰু ২০১৭ চনত জয়পুৰত বৰ্ষাৰণ্য উৎসৱ অনুষ্ঠিত কৰিছিল৷ ইয়াৰ পাছত ২০১৯ চনত জয়পুৰত বৰ্ষাৰণ্য উৎসৱ অনুষ্ঠিক হোৱাৰ যো–যা চলিছিল যদিও ‘কা’ আন্দোলনৰ বাবে ই হৈ নুঠিল৷ আশাকৰোঁ অনাগত দিনত আকৌ এই উৎসৱ জয়পুৰত অনুষ্ঠিত হ’ব৷ ৰাইজৰ সমাগম চাই আমি এটা কথা অনুমান কৰিব পাৰিছিলোঁ যে এদিন নহয় এদিন দিহিং–পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৰাষ্ট্ৰীয় উদ্যান হ’ব৷ এতিয়া সেইটো সত্য হ’ল৷ নেচাৰ্ছ বেকনৰ নেতৃত্বত অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে যি আন্দোলন হৈছিল তাৰ ফলস্বৰূপে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বৰ্ষাৰণ্যৰ ২৩১.৬৫ বৰ্গ কিলোমিটাৰ অঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰে৷ অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ ইতিহাসত এই ঘোষণা এটা যুগান্তকাৰী ঘটনা আৰু ইং ৩/৭/২০২১ তাৰিখে তেতিয়াৰ অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইয়াক উদ্বোধন কৰে৷ ই হ’ল দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এটা ভাল উপহাৰ৷
বিগত সময়ছোৱাত স্বাধীনতাৰ আন্দোলন, চীনৰ যুদ্ধ, পাকিস্তানৰ যুদ্ধ ইত্যাদিৰ উপৰিও ভাষা, শোধনাগাৰ, বিদেশী বহিস্কাৰ, ‘কা’ আদি আন্দোলনৰ লগতে উগ্ৰবাদী সমস্যাৰ দৰে কঁপাই তোলা ঘটনাৰ সত্বেও ৰাষ্ট্ৰীয় উদ্যানখন আজিও অক্ষত অৱস্থাত থকাটো আমাৰ বাবে এক গৌৰৱৰ কথা৷ ইয়াৰোপৰি ২০২১ চনৰ আৰম্ভণিতে হাতীত হোৱা Anthrax মহামাৰীয়ে যদিও প্ৰকৃতিপ্ৰেমী ৰাইজক চিন্তাত পেলাইছিল, তথাপিও বনবিভাগে লোৱা সময় উপযোগী কাৰ্যকৰী ব্যৱস্থাই অধিক সংক্ৰমন নহৈ মাত্ৰ দুটাতে সীমাবদ্ধ কৰে, যিটো প্ৰতিজন নাগৰিকৰ বাবে এটা সুখবৰ হোৱাৰ লগতে বনবিভাগ শলাগৰ পাত্ৰ৷ এই কাম কৰিবৰ কাৰণে জয়পুৰত এখন পশু চিকিৎসালয় নথকাৰ বাবে সুদূৰ গুইজানৰ পৰা চিকিৎসক আনিবলগা হয়৷ গতিকে জয়পুৰত এখন পশু চিকিৎসালয়ৰ কিমান আৱশ্যক তাক চিন্তা কৰিবৰ সময় হ’ল৷
আহক আমি সকলো প্ৰকৃতিপ্ৰেমী ৰাইজ, প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংগঠন, বন আৰু বন সুৰক্ষাকৰ্মী মিলি যাতে কোনো মূল্যৰ বিনিময়ত এই ৰাষ্ট্ৰীয় উদ্যানখন ধ্বংস নহয় তাৰবাবে আমি সকলোৱে তীক্ষ্ণ নজৰ ৰাখো ৷
( Sri. Robin Chandra Duara is a retired teacher and respected senior citizen from Joypur village, near the Dihing Patkai National Park. He and many others from Joypur have been an integral part of the Nature’s Beckon led rainforest conservation movement of Assam.)