News & Reports

শগুণ সংৰক্ষণ সজাগতা সভা

WhatsApp Image 2024-05-07 at 20.14.57_344710d2

- কিশোৰ কুমাৰ চৌধুৰী

প্রাকৃতিক বিপৰ্যয়, অৰণ্য ধ্বংস অর্থাৎ বাসস্থান ধ্বংসৰ বাবে আমাৰ জীৱ জগতৰ পৰা বহু প্রজাতি  বর্তমান বিলুপ্তিৰ পথত গতি কৰিছে। তাৰ ভিতৰত বহুতো চৰাই প্রজাতিয়ে বিলুপ্তিৰ ক্ষণ গণি আছে | শেহতীয়াকৈ আমাৰ ৰাজ্যত যিবোৰ চৰাই প্রজাতি কমি আহিছে তাৰ ভিতৰত শগুন অন্যতম | পূৰ্বৰ তুলনাত শগুন অত্যধিক হাৰত কমি আহিছে | প্রকৃতিৰ জামাদাৰ বুলি কোৱা শগুণ কমি অহাৰ মূল কাৰণ হল- শগুণৰ বাসস্থান ধ্বংস, ডাঙৰ ওখ ওখ গছবোৰ নাইকীয়া হোৱা , যিবোৰত শগুণে সাধাৰণতে বাহ সাজে । ইয়াৰোপৰি শগুনৰ খাদ্য মৰাশত বিষ প্রয়োগ কৰা আদি শগুন কমি অহাৰ মূল কাৰণ । তাৰোপৰি শগুণৰ চোৰাং কাৰবাৰ ইত্যাদি | শগুন বহুত স্পৰ্শকাতৰ চৰাই | বছৰত শগুনে মাত্র এটা কণী দিয়ে | শগুনৰ পোৱালীয়ে প্রায়ে পাঁচ বছৰ বয়সত প্রাপ্তবয়স্ক হয় আৰু প্রজনন ক্ষম হয়। 

আজি কিছুদিন আগতে ৩০ টাকৈ জপৰা শগুন (Himalayan Grifton) মৃত্যুৰ খবৰে ৰাজ্যৰ সকলো প্রকৃতি প্রেমী তথা সর্ব সাধাৰণ ৰাইজক জোকাৰি যায়। সচেতন মহলে এই কথা সহজ ভাব ল’ব পৰা নাই | বিলুপ্তিৰ পথত শগুণৰ আটাইকেইটা  প্রজাতিয়ে অৱস্থান কৰিছে – এই কথা আমাৰ বাবে অতি দুখজনক | তেনে এক পৰিপ্রেক্ষিতত ৩০ টাকৈ শগুন মৃত্যুৰ খবৰে আমাক অতি হতাশ কৰি তুলিলে | যোৱা ৭ এপ্রিল ২০২৪, তাৰিখে এই খৱৰ সকলো প্ৰচাৰ মাধ্যমত বিয়পি পৰিছিল | এই ঘটনা শিৱসাগৰ জিলাৰ বাঘৰচুব গাৱঁত সংঘটিত হৈছিল৷ আমি অনুসন্ধান কৰি গম পালো যে মৃত ছাগলীৰ শৰীৰত বিষ সানি দিয়া হৈছিল | সেই বিষযুক্ত  ছাগলীৰ মাংস ভক্ষণ কৰি একেলগে  ৩০টা জপৰা শগুণৰ মত্যু হয়। 

তাৰ কেইদিন মান পিছত ১৩ এপ্রিল ২০২৪ আমি নেচাৰ্চ বেকনৰ ফালৰ পৰা সেই গাওঁত উপস্থিত হওঁ আৰু গাওঁবুঢ়া প্রমুখ্যে কেইগৰাকীমান গাওঁবাসীৰ লগত আলোচনাত বহিছিলো | 

মোৰ  আহ্বান মর্মে যোৱা ১মে ২০২৪ , ইং তাৰিখে বাঘৰচুব গাওঁ আৰু বালিয়াঘাট গাওঁৰ দুয়োজন গাওঁবুঢ়াক লগত লৈ গাঁওবাসীৰ লগত এক সজাগতা মূলক সভা অনুষ্ঠিত কৰো। সভাৰ সকলো ব্যৱস্থাপনা বালিয়াঘাট গাওঁৰ গাওঁবুঢ়া মাননীয় আমানত উদ্দিন দেৱে কৰিছিল। প্ৰায় ৬0 গৰাকী ব্যক্তি এই সভাত উপস্থিত আছিল। নেচাৰ্চ বেকনৰ হৈ আমি এই সভাত বক্তব্য ৰাখিছিলো আৰু শগুন সংৰক্ষণৰ স্থিতি সম্পৰ্কে বক্তব্য ৰাখিছিলো । তদুপৰি শগুন সংৰক্ষণৰ হ’কে কৰিবলগীয়া সাধাৰণ নাগৰিকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে অৱগত কৰিছিলো। 

সভাত সাংবাদিক ব্ৰজেন ফুকন দেৱে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ বিশেষ ভূমিকা আছে বুলি কয় আৰু সাৰুৱা বক্তব্য দাঙি ধৰে। স্থানীয় প্ৰকৃতি কৰ্মী‌ ঋতুপ্ৰিয়মে শগুন আৰু সাপৰ ওপৰত সুন্দৰ বক্তব্য দাঙি ধৰে। বালিয়াঘাট গাঁৱৰ গাঁওবুঢ়া আমানত উদ্দিন দেৱ আৰু বাঘৰচুব গাঁৱৰ গাঁওবুঢ়া জীতেন শইকীয়া দেৱেও শগুনৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰে আৰু গাঁওবাসীক সজাগ হ’বলৈ আহ্বান জনাই যাতে এনেকুৱা ঘটনা পুনৰ হ’বলৈ নাপায়। শেষত গাওঁৰক্ষী বাহিনীৰ সম্পাদক ছফিউদ্দিন আহমেদ দেৱেও নিজৰ বক্তব্য ৰাখি শগুন সংৰক্ষণৰ স্থিতি সৱল কৰিবলৈ ৰাইজক আহ্বান জনায়।

WhatsApp Image 2024-05-07 at 20.14.57_98b397b6

Nature’s Beckon sees the need of bolstering urgent habitat protection measures for the vulture species found in Assam, along with community support from the people of Assam in saving the endangered vulture species from extinction. People must stop poisoning of animal carcasses, and killing of vultures. This is punishable under the Wildlife Protection Act of India -1972. The nesting trees of the vultures must be identified and protected. The people of Assam must come forward to rescue the dwindling vulture population in the state by enforcing corrective social behaviors towards vultures and by engaging in effective conservation actions for the preservation of nesting trees, and natural habitats of vultures in Assam. 

Here are some important information about the nine species of vultures found in India :

1) Indian Vulture (Gyps indicus) Alias: Long-billed Vulture

IUCN Red List Status: Critically Endangered (Population decreasing)

2) Slender-billed Vulture (Gyps tenuirostris) Alias: Himalayan Long-billed Vulture

IUCN Red List Status: Critically Endangered (Population decreasing)

3) Egyptian Vulture (Neophron percnopterus) Alias: White Scavenger Vulture, Pharaoh’s Chicken

IUCN Red List Status: Endangered (Population decreasing)

4) Red-headed Vulture (Sarcogyps calvus) Alias: Asian King Vulture, Indian Black Vulture, Pondicherry Vulture

IUCN Red List Status: Critically Endangered (Population decreasing)

5) White-rumped Vulture (Gyps bengalensis) Alias: Indian White-backed Vulture, White-backed Vulture

IUCN Red List Status: Critically Endangered (Population decreasing)

6) Griffon Vulture (Gyps fulvus) Alias: Eurasian Griffon

IUCN Red List Status: Least Concern (Population increasing)

7) Himalayan Vulture (Gyps himalayensis) Alias: Himalayan Griffon

IUCN Red List Status: Near Threatened (Population stable)

8) Cinereous Vulture (Aegypius monachus) Alias: Black Vulture, Monk Vulture, Eurasian Black Vulture

IUCN Red List Status: Near Threatened (Population decreasing)

9) Bearded Vulture (Gypaetus barbatus) Alias: Lammergeier, Ossifrage

IUCN Red List Status: Near Threatened (Population decreasing)