নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম
সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
- মুন চুতীয়া
প্ৰকৃতি আৰু মানুহ ওত:প্ৰোতভাৱে জড়িত৷ প্ৰকৃতি আৰু মানুহৰ মাজত এক নিবিড় সম্পৰ্ক আছে৷ বৰ্তমান আমি নিজকে আধুনিক সজাবলৈ গৈ প্ৰকৃতিক এফালৰ পৰা ধবংস কৰি আহিছোঁ৷ অৰণ্য, পাহাৰ, গছ-গছনি কাটি, জলাশয়, খাল-বিল, পিতনি আদি পুতি ওখ ওখ অট্টালিকা নিৰ্মাণ কৰিছোঁ৷ কিন্তু আমি কোনেও এবাৰলেও ভাবি চোৱা নাই যে এইবোৰ ধবংস কৰি আমি নিজৰ বিপদ চপাই লৈছোঁ৷ গছ-গছনি, খাল-বিল প্ৰকৃতিৰ বুকুৰপৰা নাইকিয়া হোৱাৰ লগতে এইবোৰত আশ্ৰয় লৈ থকা চৰাই, কীট-পতঙ্গ, মাছ-কাছ ইত্যাদিও বিলুপ্তিৰ দিশলৈ অগ্ৰসৰ হৈছে৷
যি সময়ত চৰকাৰে প্ৰকৃতিৰ ভাৰসাম্যতাৰ নামত বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সময়তে নিজকে আধুনিক সজাবলৈ গৈ দীঘলীপুখুৰীত উৰণীয়া সেতু নিৰ্মাণ কাৰ্যৰ বাবে শ শ চৰাইৰ বাসগৃহ হিচাপে পৰিচিত, ৰ’দ-বতাহ-বৰষুণত অসহায়, আশ্ৰয়হীন মানুহৰ লগৰী হোৱা বৃহৎ গছবোৰ কাটি ধবংস কৰিবলৈ লৈছে৷
এইবোৰৰ মাজতো প্ৰকৃতিক ভালপোৱা, প্ৰকৃতিৰ প্ৰতিটো প্ৰাণী, উদ্ভিদকে নিজৰ বন্ধু বুলি গণ্য কৰা ব্যক্তিও আছে৷ যি পৃথিৱীখনক চিৰসেউজ কৰি ৰখাৰ স্বাৰ্থত নিজৰ সকলো ত্যাগ কৰে৷ তেনে এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি হৈছে সৌম্যদ্বীপ দত্ত৷ প্ৰকৃতি জগতৰ প্ৰতিটো উপাদানকে জীয়াই ৰাখিবলৈ তেওঁ নিৰন্তৰভাৱে কাম কৰি আহিছে৷ প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতাৰ স্বাৰ্থত তেওঁ ১৯৮২ চনত ‘নেচাৰ্চ বেকন’ নামৰ এটা বে-চৰকাৰী সংগঠনৰ জন্ম দিয়ে৷ ১৯৮২ চনৰপৰা আজিপৰ্যন্ত নেচাৰ্চ বেকনে পৰিৱেশ সংৰক্ষণৰ হকে অসংখ্য কাম কৰি আহিছে৷ নেচাৰ্চ বেকনৰ পৰিৱেশ আন্দোলনে অসমৰ পৰিৱেশ প্ৰকৃতিক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে৷ নেচাৰ্চ বেকনে অসমত অভয়াৰণ্য গঠনৰ ধাৰাক জনপ্ৰিয় কৰি তুলিছে৷ নামনি অসমৰ চক্ৰশিলাৰ পৰা আৰম্ভ কৰি উজনিৰ প্ৰাণকেন্দ্ৰ দিহিং-পাটকাই অভয়াৰণ্য গঠনৰ আঁৰত নেচাৰ্চ বেকনৰ বৃহৎ অৱদান আছে৷
২৬/০৬/২০২৫ তাৰিখে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু সদস্য যুগল সন্দিকৈ ছাৰ আৰু অসমীয়া বিভাগৰ শিক্ষাগুৰুসকলৰ লগত ইণ্টাৰ্ণশ্বিপৰ বিষয়ে এখন সভা অনুষ্ঠিত কৰা হয়৷ য’ত আমাক ইণ্টাৰ্ণশ্বিপৰ বিষয় হিচাপে নিৰ্বাচন কৰি দিছিল — ‘‘চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ’’৷ আমাৰে সৌভাগ্য যে আমি নেচাৰ্চ বেকনৰ সদস্যসকলক দুবাৰকৈ লগ পালো আৰু তেওঁলোকৰ সংগঠনটোৰ হৈ কাম কৰাৰ সুযোগ লাভ কৰিলোঁ৷
ইণ্টাৰ্ণশ্বিপৰ এই বিষয়টোৰ লগত জড়িত হোৱাৰ দিনৰেপৰা চৰাইৰ সম্পৰ্কে প্ৰতিটো কথা জানিবলৈ চেষ্টা কৰিছোঁ৷ আগতে চৰাইবোৰ আমি সন্মুখত দেখি থাকিলেও চৰাইৰ গুৰুত্ব সম্পৰ্কে একো জনা নাছিলোঁ৷ এতিয়া চৰাই সংৰক্ষণ আৰু সজাগতা সম্পৰ্কে কিছু অধ্যয়ন কৰাৰ পৰাহে চৰাইৰ গুৰুত্ব আৰু প্ৰয়োজনৰ বিষয়ে বুজি উঠিছো৷ বৰ্তমান নিজেও চৰাইৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধ হোৱাৰ লগতে আন দহজনকো এইক্ষেত্ৰত সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ৷ ইণ্টাৰ্ণশ্বিপৰ সকলো কাম শেষ হোৱাৰ পাছত আমি এছিয়াৰ ভিতৰতে চিয়াঁ নাহৰৰ বাবে বিখ্যাত দুলুং সংৰক্ষিত বনাঞ্চললৈ গৈছিলোঁ৷ বনাঞ্চলখনৰ বিষয়ে নজনা বহু কথাই জানিব পাৰিলোঁ৷ বনাঞ্চলখনৰ ভিতৰত সোমাই যেতিয়া আমি প্ৰত্যেকেই একোজোপা গছক সাৱটি গছজোপাৰ লগত একাত্ম হোৱাৰ চেষ্টা কৰিলোঁ তেতিয়া অনুভৱ কৰিছিলোঁ যে এজোপা গছো মানুহৰ লগৰী হ’ব পাৰে৷
ইণ্টাৰ্ণশ্বিপৰ বিষয়টোৰ ওপৰত কাম কৰি আমি যে কেৱল চৰাইৰ প্ৰতিহে সজাগ আৰু দায়বদ্ধ হ’ব পাৰিছোঁ তেনে নহয়, প্ৰকৃতি জগতৰ প্ৰতিটো উপাদানৰ প্ৰতি সজাগ আৰু দায়বদ্ধ হোৱাৰ প্ৰয়াস কৰিছোঁ৷
প্ৰকৃতি জগতখনক নতুন দৃষ্টিৰে, নতুন ৰূপত চোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰা নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ আৰু সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰৰ লগতে অসমীয়া বিভাগৰ শিক্ষাগুৰুসকলৰ ওচৰত চিৰকৃতজ্ঞ৷
