নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম
সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
- যোগ সোনোৱাল
প্ৰকৃতি মানুহৰ প্ৰাণস্পন্দন, যি সঞ্জিৱনী সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে৷ প্ৰকৃতি সমগ্ৰ জীৱৰে প্ৰাণ৷ কাৰণ প্ৰকৃতি অবিহনে কোনো জীৱ জীয়াই থকাটো অগোচৰ৷ আমাৰ জীৱনত প্ৰকৃতিৰ অৱদান সদায়েই গুৰুত্বপূৰ্ণ তথা আমাক ‘আমি’ কৰি ৰখাত প্ৰকৃতিয়ে যি নিৰলস ভূমিকা পালন কৰে সেইটো আমি বহুক্ষেত্ৰত উপলব্ধি কৰিব নোৱাৰোঁ৷ ইয়াৰ মূল কাৰণ হ’ল বিভিন্ন সময়ত প্ৰকৃতিক আমি অতি সহজভাৱে লোৱাৰ মানসিকতা৷ পৃথিৱীত একমাত্ৰ প্ৰকৃতিয়ে আছে যিয়ে নিঃস্বাৰ্থভাৱে আমাক সকলো দিছে, কিন্তু বিনিময়ত আমি প্ৰকৃতাৰ্থত প্ৰকৃতিক কি দিছোঁ, তাক ভাবিচোৱাৰ অৱকাশ আমাৰ বেছি সংখ্যকৰে নাই৷
প্ৰকৃতি ৰক্ষাৰ নামত কেৱল গছ-পুলি এটা ৰুই সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে কৰ্ত্তব্য শেষ হ’ল বুলি ভবাটো ভুল৷ সেই গছ-পুলিটো ৰোপণ কৰাৰ পাছত তাৰ প্ৰতিপালন কৰা দায়িত্বটোও আমাৰ৷ আমি গছ-পুলি ৰুই এখন কাঠনি সৃষ্টি কৰিব পাৰোঁ, কিন্তু এখন প্ৰকৃতি প্ৰদত্ত অৰণ্য সৃষ্টি কৰিব নোৱাৰোঁ৷ প্ৰকৃতি প্ৰদত্ত অৰণ্য সৃষ্টি হয় নিজে, এক সুদীৰ্ঘ সময়ৰ প্ৰাকৃতিক পৰিঘটনা আৰু ক্ৰমবিৱৰ্তনৰ মাজেৰে৷ কেৱল সেই সৃষ্টিত আমি মানুহে হস্তক্ষেপ বা বাধা দিব নালাগে৷
বৰ্তমান সময়ত মানুহ যিমানেই উন্নতিৰ পথত আগুৱাই গৈছে সিমানেই প্ৰকৃতি ধবংস কৰি যাবলৈ ধৰিছে৷ অৱশ্যে এই প্ৰকৃতিক ভালপোৱা মানুহো আছে যিয়ে প্ৰকৃতিক সংৰক্ষণ কৰিবলৈ বিভিন্ন পন্থা হাতত লৈ অহৰহ চেষ্টা কৰি আছে৷ সেই উদ্দেশ্যেৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতা সৃষ্টি কৰিবলৈ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অসমৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে স্নাতকোত্তৰ শাখাত প্ৰকৃতি সাহিত্যৰ ধাৰণাটো পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰে, ঠিক সেইদৰে স্নাতক পৰ্যায়ৰ তৃতীয় ষান্মাসিকতো ‘অসমীয়া সাহিত্য আৰু প্ৰকৃতি সচেতনতা’ নামৰ কাকতখন পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰে যাতে স্নাতক পৰ্যায়ৰপৰাই এই ধাৰণা লৈ মানুহৰ প্ৰকৃতি বিৰোধী ভাৱ দূৰ কৰিব পাৰি৷ এইক্ষেত্ৰত আমি ড॰ অৰবিন্দ ৰাজখোৱা ছাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব৷ কাৰণ ছাৰৰ প্ৰচেষ্টাতে এই কাকতখন পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হ’ল৷ এই কাকতখনে আমাক শাৰীৰিকভাৱে নহ’লেও মানসিকভাৱে প্ৰকৃতি সংৰক্ষণ আৰু সচেতনতাৰ ধাৰণাটোক এক নতুন দিশৰ ফালে লৈ যাবলৈ সক্ষম হৈছে৷ তেতিয়াৰেপৰাই নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰকৃতি সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ কৰি আহিছে৷
১৮ মাৰ্চৰপৰা ২৫ মাৰ্চ, ২০২৫ তাৰিখলৈ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ ১৯ মাৰ্চৰ দিনা ‘প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতি সাহিত্য’ বিষয়ক এখনি কৰ্মশালা অনুষ্ঠিত কৰে৷ সেই কৰ্মশালাত সমল ব্যক্তি আছিল অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক সঞ্চালক সৌম্যদ্বীপ দত্ত ছাৰ আৰু সেই সংগঠনৰে সক্ৰিয় সদস্য যুগল সন্দিকৈ ছাৰ৷ কৰ্মশালাত সৌম্যদ্বীপ দত্ত ছাৰে আমাক এটা প্ৰশ্ন কৰিছিল যে ‘চৰাই কাক কয়?’ সেই প্ৰশ্নৰ উত্তৰত তেওঁ আমাক খুব সহজকৈ কৈ দিছিল যে যাৰ পাখি [feather] আছে সিয়ে চৰাই৷ এনেদৰে আমাক চৰাইৰ বিষয়ে, চৰাই সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি কেনেদৰে সচেতন হ’ব লাগে আদি প্ৰকৃতি সম্পৰ্কে খুব সুন্দৰভাৱে বুজাই দিছিল৷
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি দক্ষতা বিকাশৰ বাবে স্নাতক পৰ্যায়ত অৰ্থাৎ পঞ্চম ষান্মাসিকত ইণ্টাৰ্ণশ্বিপ কাকতখন পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰে৷ সেই ইণ্টাৰ্ণশ্বিপৰ বাবে নেচাৰ্চ বেকন আৰু বিভাগৰ শিক্ষাগুৰুসকলৰ সহযোগত আমি পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে নেচাৰ্চ বেকনৰ অধীনত ইণ্টাৰ্ণশ্বিপ আৰম্ভ কৰিবলৈ সুবিধা পাওঁ আৰু ইণ্টাৰ্ণশ্বিপৰ বিষয় হিচাপে লোৱা হয় ‘‘চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ’’৷ ইণ্টাৰ্ণশ্বিপ কৰাৰ আগত সৌম্যদ্বীপ দত্ত ছাৰৰ ‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি’ কিতাপখন আমাৰ হাতত তুলি দিয়ে৷ সেই কিতাপখন পঢ়ি আমি বৈজ্ঞানিক পদ্ধতিৰে কেনেদৰে চৰাই পৰ্যবেক্ষণ কৰিব পাৰি আৰু অসমত উপলব্ধ ৩৫০ প্ৰজাতিৰ চৰাই দেখাৰ সুবিধা পোৱাৰ লগতে এই চৰাইসমূহৰ সংক্ষিপ্ত পৰিচয় লাভ কৰোঁ৷ কিতাপখন পঢ়াৰ পাছতে আমি ঘৰত নাইবা ঘৰৰ ওচৰৰ বিভিন্ন ঠাইত চৰাই পৰ্যবেক্ষণ কৰিলোঁ৷ চৰাই পৰ্যবেক্ষণৰ সময়ত আমি কিছু অসুবিধাৰ সন্মুখীনো হৈছিলোঁ কাৰণ পৰ্যবেক্ষণৰ সময়ত কোনো বাইনকুলাৰ বা দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা নাছিলোঁ৷ যাৰ ফলত চৰাইজনীক ভালদৰে নিৰীক্ষণ কৰিবলৈ অসুবিধা হৈছিল৷
চৰাই পৰ্যবেক্ষণৰ অন্তত আমি ঘৰৰ ওচৰৰে এখন বিদ্যালয়ত গৈ ছাত্ৰ-ছাত্ৰীসকলক চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণৰ সম্পৰ্কে চমুকৈ দু-আষাৰ ক’বলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ৷ এয়া আছিল মোৰ বাবে এক নতুন অভিজ্ঞতা৷
ইয়াৰ পিছতে ১১ নৱেম্বৰ, ২০২৫ তাৰিখে নেচাৰ্চ বেকনৰ যুগল সন্দিকৈ ছাৰ, তোষেশ্বৰ মিৰি আগৰৱালা ছাৰ আৰু গিৰিণ কছাৰী ছাৰৰ নেতৃত্বত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা ছাৰ আৰু ড॰ ধনৰঞ্জন কলিতা ছাৰৰ লগত সমূহ পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে লখিমপুৰ জিলাত অৱস্থিত এছিয়াৰ ভিতৰতে চিয়াঁ নাহৰৰ বাবে বিখ্যাত দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰকৃতি পৰ্যবেক্ষণৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়৷ এয়া আমাৰ বাবে এক নতুন অভিজ্ঞতা আছিল৷ কেতিয়াও এনেদৰে ঘন অৰণ্যৰ মাজত প্ৰৱেশ কৰা নাছিলোঁ৷ আগৰৱালা ছাৰ আৰু যুগল সন্দিকৈ ছাৰে আমাক অৰণ্যত মানি চলিব লগীয়া নিয়মসমূহ আগতীয়াকৈ শিকাই দিছিল৷ সৌম্যদ্বীপ দত্ত ছাৰ সেই দিনটোত আমাৰ লগত প্ৰত্যক্ষভাৱে জড়িত হ’বহি পৰা নাছিল যদিও আমাক সহস আৰু উৎসাহ দিছিল৷ বনাঞ্চলখনত পখিলাৰ কেইবাটাও বৈচিত্ৰ্য দেখিবলৈ পোৱাৰ লগতে বিভিন্ন চিনাকি-অচিনাকি চৰাইৰ মাত আৰু পোনপ্ৰথমবাৰৰ বাবে বগা ভেকুলী দেখিবলৈ পালোঁ৷
গতিকে, বনাঞ্চলত এনেদৰে ঘন জংঘলৰ মাজত প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰা আমাৰ বাবে এক নতুন অভিজ্ঞতা আছিল৷ প্ৰকৃতি আচলতে আমাৰ বাবে কি? এই বিনন্দীয়া প্ৰকৃতি যে আমি জীয়াই থাকিবৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰক সেয়া অনুধাৱন কৰিবলৈ শিকিলোঁ৷ গতিকে, এনেদৰে যান্ত্ৰিকতাৰ মেৰপেছৰ পৰা আঁতৰি প্ৰকৃতিক অন্তঃকৰণেৰে মূৰ তুলি চাবলৈ, প্ৰকৃতিৰ কোলাত জিৰণি ল’বলৈ, মুকলি আকাশৰ তলত, গছ-বন আৰু চৰাই-চিৰিকটিৰ লগত অন্তৰংগভাৱে একাত্ম হৈ বিনন্দীয়া প্ৰকৃতিৰ মাজত বিচৰণ কৰিবলৈ যি সুবিধা দিলে তাৰ বাবে আমি নেচাৰ্চ বেকনৰ সমূহ সদস্য, বনাঞ্চলখনৰ পথালিপাম খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া আৰু বিভাগৰ শিক্ষাগুৰুসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ’ম৷
