সেউজ নিজৰা – An Open Desk For Nature Lovers.

নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...
A Pheasant-tailed jacana photographed in the Urpad Beel (part of the proposed Ajagar Wildlife Sanctuary) in Goalpara district, Assam. PC: Jyotimoy Kalita.
Loveleena Chutia NLU

- লাভলিনা চুতীয়া

চৰাই হৈছে প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ৷ প্ৰকৃতি হৈছে এই পৃথিৱী আৰু ইয়াৰ সকলো সৃষ্টি যিবোৰ মানুহৰ দ্বাৰা সৃষ্টি হোৱা নাই, যেনে — জীৱ-জন্তু, গছ-গছনি, পানী আৰু বিশুদ্ধ বায়ু দিয়ে, গতিকে ই আমাৰ বাবে মাতৃ স্বৰূপা৷ আন এক অৰ্থত প্ৰকৃতি মানে কোনো ব্যক্তি বা বস্তুৰ স্বভাৱ বা বৈশিষ্ট্যও বুজায়, যেন – মানৱ প্ৰকৃতি৷

            প্ৰকৃতি সম্পৰ্কে ধৰাণা, প্ৰথমে গঢ় লৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষান্মাসিকত অন্তভুৰ্ক্ত ‘প্ৰকৃতি সাহিত্য কাকতখনৰ জৰিয়তে প্ৰকৃতিৰ সম্পৰ্কে বহল দৃষ্টিভংগী গঢ় লৈ উঠিল৷ তাৰ সমান্তৰালভাৱে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ সহযোগত সপ্তম সংখ্যক গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছিল৷ ২০২৫ চনৰ ১৮ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাখনত বহু ধৰণৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল৷ ১৯ মাৰ্চৰ দিনটো আমাৰ বাবে বিশেষ দিন৷ কিয়নো সেই দিনটোতেই আমাৰ ইণ্টাৰ্ণশ্বিপৰ আৰম্ভণি হৈছিল৷ প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্তৰ লগতে সদস্যসকল উপস্থিত থাকি প্ৰকৃতি বিষয়ক নানা ধৰণৰ আলোচনা কৰিছিল৷

Two important books on wild birds of Assam by Sri. Soumyadeep Datta. PC : NB Archives.

নৰ্থ লখিমপুৰ বিশ্ববিদ্যায়ৰ অসমীয়া বিভাগৰ শিক্ষকসকলৰ তত্ত্বাৱধানত আৰু উত্তৰ-পূৱ ভাৰতৰ আগশাৰীৰ প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ নেতৃত্বত ২০২৫ চনৰ ২৫ জুন তাৰিখে ‘চৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণ বিষয়ক ইণ্টাৰ্ণশ্বিপৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয়৷ নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠাপক সৌম্যদ্বীপ দত্ত ছাৰে আমাক এই বিষয়টোৰ বিষয়ে ভালদৰে বুজাই কৈছিল৷ লগতে চৰাই পৰ্যবেক্ষণৰ নানা দিশৰ ওপৰত তথ্য সংগ্ৰহ আচৰণ আৰু বাসস্থান চিনাক্ত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল৷ মানুহৰ মাজত প্ৰকৃতি সচেতনতা চিন্তাতো কেনেদৰে জাগ্ৰত কৰি তুলিব লাগে সেই কথাসমূহ বুজাই দিছিল৷ শিক্ষাগুৰুসকলৰ পৰামৰ্শ অনুসৰি চৰাই পৰ্যবেক্ষণ কাৰ্যসূচী জুলাই মাহৰ প্ৰথমৰপৰা আৰম্ভ কৰিলোঁ৷ প্ৰতিদিনেই বিভিন্ন ধৰণৰ চৰাই চিনাক্ত কৰিবলৈ চেষ্টা চলালোঁ৷ চৰাই প্ৰজাতি চিনাক্তকৰণ, আচৰণ, বাসস্থান আদি পৰ্যবেক্ষণ কৰিলোঁ৷ ঘৰৰ কাষৰ পুখুৰী, চোতালত, খেতি-পথাৰত আদি বিভিন্ন ঠাইত থকা চৰাইসমূহ চাবলৈ চেষ্টা কৰিলোঁ৷ এই সময়ছোৱাত মই সৌম্যদ্বীপ দত্ত ছাৰৰ ‘‘অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি’’ নামৰ কিতাপখন পঢ়িলোঁ, যিখন পঢ়ি মই বহুত লাভৱান হলোঁ৷ চৰাইৰ বিষয়ে বহল ধাৰণা কিতাপখন পঢ়ি গম পালোঁ৷ চৰাই সংৰক্ষণ মানে প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণ মানে জীৱনৰ সুৰক্ষা৷

            ২০২৫ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে নেচাৰ্চ বেকন আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত ইণ্টাৰ্ণশ্বিপৰ শেষৰ কাৰ্যসূচী হিচাপে আমাক লখিমপুৰ জিলাত অৱস্থিত ‘দুলুং সংৰক্ষিত বনাঞ্চললৈ লৈ যোৱা হয়৷ এই বনাঞ্চল প্ৰত্যক্ষ কৰি প্ৰকৃতিৰ বিষয়ে এক বহল ধাৰণা গঢ় লৈ উঠিল৷ এই বনাঞ্চলৰ ভিতৰলৈ সোমাই গৈ প্ৰথমবাৰৰ বাবে চিয়াঁ নাহৰৰ গছ দেখিবলৈ পালোঁ, যি এছিয়াৰ ভিতৰত কেৱল দুলুং বনাঞ্চলতহে পোৱা যায়৷ তাৰপিছত বিভিন্ন চৰাই-চিৰিকটিৰ মাত শুনা পাইছিলোঁ লগতে বগা পাতবেং, বিভিন্ন ধৰণৰ পখিলা দেখা পালোঁ আৰু বহুতো জোক দেখা পালোঁ৷ আমি বনভূমিত হাতীৰ লাড আৰু পদচিহ্ন দেখা পাইছিলোঁ, যদিও বাস্তৱত হাতী দেখা নহল তথাপিও সেই পদচিহ্নই বন্যজীৱনক লৈ বিস্মিত কৰি তুলিছিল৷

            যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা আঁতৰি আহি প্ৰকৃতিৰ বুকুৰ মাজত কটোৱা এই সময়খিনি বৰ মধুৰ৷