- সৌম্যদ্বীপ দত্ত
সমগ্ৰ পৃথিৱীৰ ভিতৰত যিমানবোৰ দুৰ্লভ বনৰীয়া চৰাই আছে তাৰে ভিতৰত অন্যতম এবিধ চৰাই হ’ল আমাৰ অসমত পোৱা দেওহাঁহ৷ দেওহাঁহৰ ইংৰাজী নাম White Winged Wood Duck বা White Winged Duck৷ এইবিধ বনৰীয়া হাঁহৰ বৈজ্ঞানিক নাম (Asarcornis scutulata) ৷ দেওহাঁহ অসমৰ ৰাজ্যিক চৰাইৰ আসন পূৰ্ণ কৰিছে৷ আনুষ্ঠানিকভাৱে দেওহাঁহক অসমৰ ৰাজ্যিক চৰাইৰ মৰ্যদা দিয়া হৈছে৷
দেওহাঁহৰ বাসস্থান কিন্তু কোনো নদী, বিল বা ডাঙৰ জলাশয় নহয়, অন্যতম হাঁহৰ প্ৰজাতি হ’লেও কিন্তু দেওহাঁহৰ বাসস্থান হ’ল কাঠনিৰ অৰণ্য৷ অসমৰ বৰ্ষাৰণ্য আৰু বৰ্ষাৰণ্যৰ পৰিস্থিতি তন্ত্ৰক অৱলম্বন কৰি এই প্ৰজাতিটো বংশ বৃদ্ধি কৰে৷ বৰ্ষাৰণ্যৰ কাঠনিৰ অভ্যন্তৰত যিবোৰ সৰু সৰু ঘুলী বা পানী জমা হোৱা ঠাই থাকে দেওহাঁহৰ বাবে সেয়াই আদৰ্শ বাসস্থান৷ দেওহাঁহ গছৰ খোৰাঙত বাঁহ সাজে আৰু তাতেই কণী দিয়ে আৰু গছৰ খোৰাঙতেই পোৱালী জগায়৷ সেইবাবে দেওহাঁহৰ বাবে পৰিপক্ক কাঠনিৰ প্ৰয়োজন৷ পুৰণি গছৰ কাণ্ড আৰু ডালবোৰতেই প্ৰাকৃতিক কাৰণত খোৰাঙৰ সৃষ্টি হয় আৰু তাতেই দেওহাঁহে বাঁহ সাজে৷ সেইবাবে প্ৰাচীন কাঠনিৰ অৰণ্যক সংৰক্ষণ নকৰাকে দেওহাঁহ সংৰক্ষণ কৰাটো কেতিয়াও সম্ভৱ নহয়৷
যোৱা তিনি দশকৰ ভিতৰত সমগ্ৰ পৃথিৱীতেই দেওহাঁহৰ সংখ্যা অত্যন্ত ক্ষিপ্ৰ গতিত কমি আহিছে৷
সমগ্ৰ পৃথিৱীতেই দেওহাঁহৰ সংখ্যা কমি অহাৰ মূল কাৰণটো হ’ল দেওহাঁহৰ বাসস্থান অৰ্থাৎ কাঠনিৰ অৰণ্যৰ ধবংস৷ কিছুমান ব্যক্তিয়ে দেওহাঁহক লৈ গৱেষণা ইত্যাদি কৰিছিল কিন্তু তেওঁলোকৰ গৱেষণাই বাস্তৱ ভাৱে দেওহাঁহ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ইতিবাচক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল কাৰণ দেওহাঁহৰ বাসস্থান সংৰক্ষণৰ মূল কামটোক তেওঁলোকে অৱহেলা কৰিলে বা বাসস্থান সংৰক্ষণৰ প্ৰচেষ্টা হাতত নল’লে৷ অধিকাংশ মানুহে দেওহাঁহক লৈ গৱেষণাৰ মূল লক্ষ্যটো আছিল নিজৰ ব্যক্তিগত ‘কেৰিয়াৰ’, নাইবা অৰ্থ উপাৰ্জন৷ দেওহাঁহৰ বাসস্থান সংৰক্ষণৰ দৰে গুৰুত্বপূৰ্ণ কামটোক গুৰুত্ব দিয়া নহ’ল৷ বহু ক্ষেত্ৰত ভুল তথ্য আৰু ভুল পৰিসংখ্যা তথা দেওহাঁহৰ সংখ্যাক মিছাকৈ বৃদ্ধি দেখুৱাই, গৱেষক কিছুমানে সেইসময়ত ব্যক্তিগত ভাৱে সুবিধা গ্ৰহণ কৰিলে৷ কিছুমান মানুহে সেই সময়ত দেওহাঁহৰ যি তথ্য সংগ্ৰহ কৰিছিল সেইবোৰ যে ভুল তথ্য আছিল সেই কথাত আন্তৰ্জাতিক বৈজ্ঞানিক সংস্থা IUCNৰ বিজ্ঞানী সকলেও সন্দেহ প্ৰকাশ কৰিছে৷ এটা সময়ত সমগ্ৰ দক্ষিণ পূব এচিয়াৰ দেশবোৰত প্ৰচুৰ পৰিমাণে দেওহাঁহ পোৱা গৈছিল৷ ভাৰত, কম্বোডিয়া, ম্যানমাৰ আৰু থাইলেণ্ডৰ বৰ্ষাৰণ্যত প্ৰচুৰ পৰিমাণে দেওহাঁহ বিচৰণ কৰিছিল৷ কিন্তু অৰণ্য ধবংস তথা বাসস্থান ধবংস হোৱাৰ বাবে বৰ্তমানে এই দেওহাঁহৰ প্ৰজাতি বিলুপ্তিৰ ফালে গতি কৰিছে৷ International Union For conservation of Nature (IUCN) নামৰ আন্তৰ্জাতিক বৈজ্ঞানিক সংস্থাটো ২০২৪ চনত দেওহাঁহক অত্যন্ত বিপদজনক অৱস্থাত থকা প্ৰজাতি বুলি [Critically Endangered] ঘোষণা কৰিছে আৰু ৰঙা পৰিসংখ্যা বহিত [IUCN-Red Data Book] ৰঙা তালিকাৰ অন্তৰ্ভূক্ত কৰিছে৷ ৰঙা তালিকাৰ অন্তভূৰ্ক্ত কৰাৰ অৰ্থ হ’ল প্ৰজাতিটো বিলুপ্তিৰ ফালে গতি কৰিছে৷ যদি সঠিক ভাৱে আমি এই দেওহাঁহ প্ৰজাতিৰ বাসস্থানক সংৰক্ষণ কৰিবলৈ সক্ষম নহওক তেনেহ’লে দেওহাঁহ পৃথিৱীৰ পৰা চিৰতৰে লুপ্ত হৈ যাব৷ দেওহাঁহ সম্পৰ্কে এটা উল্লেখযোগ্য কথা হ’ল পূৰ্বতে অসমৰ পৰা দেওহাঁহ চোৰাং পথেৰে বিদেশত চালান দিয়া হৈছিল৷ দেওহাঁহৰ কৃত্ৰিম প্ৰজননৰ বাবেও বিদেশত চেষ্টা চলোৱা হৈছিল কিন্তু সেইবোৰ প্ৰচেষ্টা ইতিমধ্যেই বিফল বুলি প্ৰমাণিত হৈছে৷ বিদেশত অসমত অৰণ্যৰ পৰা ধৰি নি দেওহাঁহৰ যি কৃত্ৰিম প্ৰজননৰ চেষ্টা চলোৱা হৈছিল সেইবোৰ যে বিফল হৈছে সেই কথা IUCNৰ বিজ্ঞানী সকলে ইতিমধ্যেই অৱগত কৰিছে৷ IUCNৰ তথ্য মতে সমগ্ৰ পৃথিৱীত অৰ্থাৎ ভাৰতকে আদি কৰি সমগ্ৰ দক্ষিণ পূব এচিয়াৰ দেশবোৰৰ অৰণ্যত, বৰ্তমানে দেওহাঁহৰ সংখ্যা মাত্ৰ ১৫০–৪০০ টা মান প্ৰাপ্তবয়স্ক চৰাই আছে বুলি ধাৰণা কৰা হৈছে৷ দেওহাঁহৰ সংখ্যা কমি অহাৰ বা দেওহাঁহ অবলুপ্তিৰ ফালে গতি কৰাৰ মূল কাৰণ যে দেওহাঁহৰ বাসস্থান ধবংস, অৰ্থাৎ অৰণ্য ধবংস, সেই কথা IUCN সংস্থায়েও দৃঢ়তাৰে ঘোষণা কৰিছে৷ IUCN ৰ তথ্য মতে সমগ্ৰ ভাৰতবৰ্ষত বৰ্তমানে মাত্ৰ ৫০–১৫০ টা প্ৰাপ্তবয়স্ক দেওহাঁহ ভাৰতৰ অৰণ্যত অৱস্থান কৰিছে৷ অসমৰ ৰাজ্যিক চৰাই দেওহাঁহ, ইমানে দুৰ্লভ আৰু লাজুক প্ৰকৃতিৰ যে সহজতে এইবিধ হাঁহৰ দেখা পোৱা অত্যন্ত কঠিন৷
আমাৰ প্ৰত্যেকজন অসমীয়াৰ বাবে আনন্দৰ কথাটো হ’ল যে, যেতিয়া পৃথিৱীৰ সকলো দেশতে দেওহাঁহৰ বাসস্থান ধবংসৰ ফলত দেওহাঁহৰ সংখ্যাৰ অবনতী ঘটিছিল, তেতিয়া আমি আমাৰ উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী সংগঠন নেচাৰ্চ বেকনৰ হৈ দেওহাঁহ আৰু তাৰ বাসস্থান সংৰক্ষণৰ কামত আত্মনিয়োগ কৰিছিলো৷ আমি তেতিয়াই উপলব্ধি কৰিছিলো যে দেওহাঁহৰ বাসস্থানক অৰ্থাৎ দেওহাঁহবোৰে অৱস্থান কৰা৷ অৰণ্যক সংৰক্ষিত কৰিব নোৱাৰিলে আমাৰ আপুৰুগীয়া দেওহাঁহক সংৰক্ষণ কৰাটো সম্ভৱ নহ’ব৷ আমিবোৰে সামগ্ৰিকভাৱে, সকলোবোৰ বনৰীয়া চৰাই আৰু তাৰ বাসস্থান সংৰক্ষণ দিকটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰোঁ৷ সেইবাবে অসমত থকা দেওহাঁহৰ উৎকৃষ্ট বাসস্থান সংৰক্ষণৰ মাধ্যমে আমি দেওহাঁহৰ লগে লগে অতিৰিক্ত প্ৰায় চাৰিশ প্ৰজাতিৰ বনৰীয়া চৰাইৰ সংৰক্ষণৰ কামটো সফলতাৰে সম্পন্ন কৰিছো৷ ১৯৯০ চনৰ পৰা নেচাৰ্চ বেকনে দেওহাঁহ আৰু তাৰ বাসস্থান সংৰক্ষণৰ কাম আৰম্ভ কৰে৷ উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ–আপাৰ দিহিং আৰু দিৰক বৰ্ষাৰণ্য যে, ভাৰতবৰ্ষ তথা অসমৰ ভিতৰত উৎকৃষ্ট দেওহাঁহৰ বাসস্থান সেই কথা আমি আজিৰ পৰা প্ৰায় ৩৬ বছৰ আগতেই উপলব্ধি কৰিছিলো, আমাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নে আৰু আমাৰ কেবাবছৰ ধৰি অৰণ্যত অনুসন্ধানৰ ফলত, এই অঞ্চল যে উৎকৃষ্ট বৰ্ষাৰণ্য অঞ্চল আৰু এই অৰণ্য যে বহুবিধ আপুৰুগীয়া বিৰল বন্যপ্ৰাণীৰ বাসস্থান সেই কথা পোহৰলৈ আহে৷ সমগ্ৰ পৃথিৱীৰ ভিতৰতেই অসমৰ এই সফল সংৰক্ষণ আন্দোলন– ‘অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন ৰূপে খ্যাত৷’ অসমত থকা দেওহাঁহৰ উৎকৃষ্ট বাসস্থান, যাৰ অভ্যন্তৰতেই আছে অসমত থকা সৰ্বাধিক দেওহাঁহ, সেই অঞ্চল আজি দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰূপে সুৰক্ষিত৷ অসমৰ দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ পৃথিৱীৰ ভিতৰতেই দেওহাঁহৰ বাবে সুৰক্ষিত বাসস্থান আৰু ভাৰতবৰ্ষৰ ভিতৰতেই দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক সংখ্যাত দেওহাঁহ পোৱা যায়৷
১৯৯০ চনৰ পৰা ক্ৰমাগত ভাৱে বাসস্থান সংৰক্ষণৰ প্ৰচেষ্টাৰ লগে লগে দেওহাঁহ সম্পৰ্কে সাধাৰণ মানুহৰ মাজত সজাগতা জাগ্ৰত কৰাৰ কাম নেচাৰ্চ বেকনৰ সদস্য সকলে কৰি আহিছে৷ দেওহাঁহৰ সংৰক্ষণৰ বাবে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক লৈ প্ৰশিক্ষণ, দেওহাঁহৰ বাসস্থানৰ চাৰিওকাষৰ গাঁৱৰ লোক সকলক লৈ সংৰক্ষণমূলক আলোচনা সভা, সাধাৰণ মানুহৰ সজাগতাৰ বাবে প্ৰদৰ্শনী, ষ্টিকাৰ, পোষ্টাৰ আৰু বিভিন্ন শিক্ষণ সজুঁলিৰ প্ৰয়োগেৰে দেওহাঁহ আৰু তাৰ বাসস্থানৰ সুৰক্ষাৰ বাবে জনমত গঠন কৰা৷ বিশেষ প্ৰশিক্ষণ আৰু প্ৰকৃতি শিবিৰৰ মাধ্যমেৰে দেওহাঁহ আৰু তাৰ বাসস্থানক নিৰাপত্তা প্ৰদানৰ প্ৰচেষ্টা নেচাৰ্চ বেকনৰ সদস্য আৰু সদস্যা সকলে তিনি দশক কালৰ অধিক সময় ধৰি কৰি আহিছে৷ প্ৰায় ৩৬ বছৰ ধৰি নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আমি অসমৰ ৰাজ্যিক চৰাই তথা পৃথিৱীৰ বিৰলতম চৰাই প্ৰজাতি দেওহাঁহক তাৰ প্ৰাকৃতিক আবাসভূমিত সুৰক্ষিত কৰিবলৈ সফল হৈছো, লগে লগে দেওহাঁহৰ বাসস্থান দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰূপে সুৰক্ষিত হৈছে৷ দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্ষাৰণ্যত দেওহাঁহ বৰ্তমানে বংশবৃদ্ধি কৰি আছে৷ অসমৰ ৰাজ্যিক চৰাই তথা পৃথিৱীৰ এই বিৰল চৰাই প্ৰজাতিটোক তাৰ নিজৰ বাসভূমিত বংশ বৃদ্ধি কৰাৰ স্বাভাৱিক ভাৱে জীয়াই থকাৰ সুযোগ আমি দিব লাগিব, মানুহৰ কোলাহল, মানুহৰ হস্তক্ষেপ, মানুহৰ স্বাৰ্থপৰতা, মানুহৰ শ্ৰেষ্ঠত্তৰ অহমিকা, মুঠতে মানুহৰ পৰা দেওহাঁহবোৰে যিমানে দূৰত থাকিব সিমানে দেওহাঁহৰ বংশবৃদ্ধি ত্বৰান্বিত হ’ব, ক্ষিপ্ৰতাৰে অৰণ্যৰ অভ্যন্তৰতেই বৃদ্ধি পাব দেওহাঁহৰ সংখ্যা৷
অসমৰ প্ৰত্যেকজন সচেতন মানুহেই এই কথা জানে যে ১৯৯০ চনৰ পৰাই আমি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আহিছিলো৷ সেই বৰ্ষাৰণ্যখনেই আছিল দেওহাঁহৰ উৎকৃষ্ট বাসস্থান৷ মোৰ সেই ৮০/৯০ দশকৰ দুৰ্বিসহ দিনবোৰৰ কথা মনত পৰে, যেতিয়া যিকোনো এটা দিনত বিদ্ৰোহী সংগঠনৰ সদস্যৰ হাতত বা ভাৰতীয় সেনা জোৱানৰ ৰাইফেলৰ গুলিত আমাৰ ছেদেলী–ভেদেলী হৈ যোৱাৰ সম্ভাৱনাই আছিল অধিক, কাৰণ তেতিয়া আমি দিনে ৰাতিয়ে অতিবাহিত কৰিবলগীয়া হৈছিল সেই দেওহাঁহৰ অৰণ্যখনত – অকল দেওহাঁহৰ অৰণ্য, ‘বৰ্ষাৰণ্য’খনক সংৰক্ষণ দিয়াৰ অদম্য বাসনাক বাস্তৱায়িত কৰাৰ স্বাৰ্থত৷ ২০২১ চনৰ ১৫ জুন দেওহাঁহ আৰু অসংখ্য বন্যপ্ৰাণীৰ বাসস্থান, আমাৰ বৰ্ষাৰণ্য দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত হ’ল৷ ১৯৯০ চনৰ পৰা ২০২১ চন, প্ৰায় ৩১ বছৰৰ এই সময়ছোৱাত দিল্লীৰ তথাকথিত কোনো এনজিঅ’ আমাক সমৰ্থন কৰা নাছিল৷ দেওহাঁহৰ বাসস্থানক সংৰক্ষণ কৰিব লাগে বুলি ৩১ বছৰত চৰকাৰক এখন চিঠিও দিয়া নাছিল৷ আমি তেওঁলোকৰ পৰা এইবোৰ আশাও কৰা নাই৷ কিন্তু দিল্লী মাৰকা প্ৰতাৰকৰ দলে যেতিয়া আমাৰ অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ সংৰক্ষণৰ কথা কৈ দেশী–বিদেশী উৎসৰ পৰা টকা সংগ্ৰহ কৰে, যেতিয়া অসমীয়াৰ তেজৰ বিনিময়ত সফল ৰূপে গঢ়ি উঠা সংৰক্ষণ প্ৰক্ৰিয়াক আওকাণ কৰি নিজৰ মিছা সংৰক্ষণৰ কথা প্ৰচাৰ কৰে৷ যেতিয়া অসমৰ পৰা দেওহাঁহ ধৰি বিদেশত ৰপ্তানি কৰাৰ পৰিকল্পনা কৰে, তেতিয়া তাৰ প্ৰতিৰোধ যে অসমীয়া সংৰক্ষক সকলে গঢ়ি তুলিব– সেয়া অত্যন্ত স্বাভাৱিক৷ IUCN – সংস্থাই দেওহাঁহক অত্যন্ত বিপদজনক অৱস্থাৰ চৰাই [Critically Endangered Bird] বুলি ঘোষণা কৰাৰ পিছত এই দেওহাঁহক অসমৰ হাবিৰ পৰা ধৰি নি বাহিৰত চোৰাং কাৰবাৰ কৰাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাইছে৷ সেইবাবে এই বিষয়টোত অসমৰ প্ৰত্যেকজন ব্যক্তি অত্যন্ত সচেতন আৰু সজাগ হৈ থকাটো অত্যন্ত প্ৰয়োজন৷
