-অনন্ত শইকীয়া
আমাৰ প্ৰায়সকলৰে ধাৰণা এটা পৰ্যায়ৰ পৰা বৰ্তমান সময়ৰ ছাত্ৰ–ছাত্ৰী সকলে বহুত কথাই জানে। সমসাময়িক আৰ্থ–সামাজিক , ৰাজনৈতিক বা প্ৰাকৃতিক সমস্যাৰ বিষয়েও সচেতন। এই বিলাক পাঠ্যপুথিৰ উপৰিও বাতৰি কাকত, আলোচনী, কিতাপ আদি নপঢ়াকৈয়ে তথাকথিত ছচিয়েল মিডিয়া বা মোবাইল ফোন ইন্টাৰনেটৰ যোগেদি সকলো দৰকাৰী কথা তেওঁলোকে জানে বুলি আমি ভাবো। কিন্তু বেলেগ কথা নাজানো, যোৱা ১৩ আগষ্ট তাৰিখৰ পৰা ১৮ আগষ্ট তাৰিখলৈকে গোলাঘাট জিলাৰ পাঁচখনকৈ বিদ্যালয়–মহাবিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী প্ৰকৃতি সংৰক্ষক নেচাৰ্চ বেকনৰ সঞ্চালক তথা প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত ডাঙৰীয়াৰ “জৈৱ বৈচিত্র সংৰক্ষণ চেতনা– বিদ্যাৰ্থী জাগৰণ যাত্রা” শীর্ষক বক্তৃতাৰে ছাত্ৰ–ছাত্ৰী সকলৰে কৰা উচ্চখাপৰ অন্তৰংগ আলাপত উপস্থিত থকাৰ সৌভাগ্য মৰ্মে মই এটা কথা উপলব্ধি কৰিছোঁ যে আমাৰ বিদ্যাৰ্থী সকলৰ গৰিষ্ঠ সংখ্যকেই ঠিক যেন পৰীক্ষাত নম্বৰ পাবলৈহে শিক্ষা গ্রহণ কৰিছে, জ্ঞান অর্জনৰ বাবে নহয়। চকুৰে দেখি থকা ঘটনা–পৰিঘটনাটো বাদেই সামান্য কথা বিলাকো বুজাই ক‘ব নোৱাৰা বা ভুলে–শুদ্ধে উত্তৰ দিয়া নাইবা প্ৰশ্ন কৰাৰ ক্ষমতাও যেন হেৰুৱাইছে। ষ্পষ্টকৈ কথা কোৱা বা কোৱাৰ ভংগিমাও সৰহ সংখ্যকৰে দুৰ্বল। আকৌ আমি সকলোৱে নিশ্চিত যে গৰিষ্ঠ সংখ্যক যুৱক যুৱতীয়েই প্ৰকৃতিৰ প্ৰতি সচেতন , তেওঁলোকে প্ৰকৃতি সংৰক্ষণৰ কাম–কাজ বিলাক অতি আন্তৰিকতাৰে সহযোগ কৰে।
কিন্তু মোৰ অনুভৱ হ‘ল প্ৰকৃতি সম্পর্কে তেওঁলোকৰ স্পষ্ট ধাৰণাই নাই। প্ৰকৃতিত সদায় দেখি থকা বস্তু বিলাকৰ বিষয়ে দ্বিতীয় জনক বুজাই ক‘ব পৰা ক্ষমতা সৰহ সংখ্যকৰে নাই যেন লাগিল। আমি প্ৰকৃতিৰ কোন বিলাক বস্তু প্ৰকৃততে কি কাৰণে সংৰক্ষণ কৰিব লাগে, কেনেদৰে সংৰক্ষিত কৰিব লাগিব এই কথাবোৰ বিদ্যাৰ্থী সকলে ভালদৰে নাজানে, মোৰ এনে এক ধাৰণাই হ‘ল। কিন্তু অতি সন্তোষজনক কথা প্ৰকৃতি বিষয়ক দীর্ঘদিন বাস্তৱ অভিজ্ঞতাৰে পুষ্ট সৌম্যদ্বীপ দত্ত ডাঙৰীয়াই অতি সাৱলীল, সুন্দৰ উদাহৰণৰ সৈতে কথাবোৰ সহজ–সৰল ভাবে বুজাই দিবলৈ সক্ষম হৈছে। জোৰকৈ হ‘লেও বিদ্যাৰ্থীৰ পৰা প্ৰশ্ন বা উত্তৰ উলিয়াই লৈছে। কেউটা স্থানতে কৰা এটা সাধাৰণ প্ৰশ্ন হ‘ল ‘চৰাই কাক বোলে ‘। সকলোৱে উৰিব পাৰিলেই চৰাই বুলি কৈছে। কিন্তু পাখি থাকিলেহে চৰাই বুলি কৈ এই ভুলটো সকলোৰে বাবে চিৰদিনৰ কাৰণে ভাঙিবলৈ তেখেত সমৰ্থ হৈছে । সেইদৰে জৈৱ বৈচিত্রৰ সহজৰ পৰা অতি জটিল কথা সমূহো বিদ্যাৰ্থী সকলে সুন্দৰকৈ আয়ত্ত কৰিবলৈ সক্ষম হৈছে বুলি মোৰ দৃঢ় বিশ্বাস। লগে লগে তেওঁলোকে আত্ম উপলব্ধি কৰিছে যে তেওঁলোকে কথাবোৰ চিন্তা কৰাৰ শক্তি আয়ত্ত কৰিব লাগিব, কথা–বাৰ্তা, চিন্তা–চৰ্চা অৰ্থবহ হ‘ব লাগিব আৰু লাগিব এটা অনুসন্ধিৎসু মন। কেউলানি বক্তৃতাত বিদ্যাৰ্থী সকলৰ বাহিৰেও শিক্ষক সকলৰ আগ্ৰহ আৰু অনুষ্ঠানৰ শেষপর্যন্ত দত্ত দেৱৰ প্ৰতিটো কথাই তেখেতসকলে অন্তঃকৰণেৰে হৃদয়ঙ্গম কৰা দেখা গ‘ল। বহুকেইজন শিক্ষকে অনুষ্ঠানৰ অন্তত ক‘লে সৌম্যদ্বীপ দত্তৰ কথা বিলাক এঘন্টা কিয় তিনি চাৰি ঘন্টাও শুনি থাকিব পৰা বিধৰ। প্ৰকৃতিবিদ গৰাকীয়ে বিদ্যাৰ্থী সকলক বৰ্ষাৰণ্যৰ বিষয়ে খুটি–নাটি মাৰি সুন্দৰ আৰু সহজ ভাবে বুজাই দিয়াৰ উপৰিও আমাৰ দিহিং–পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ বনৰীয়া জীৱ–জন্তুৰ ৰঙীন ফটো সন্নিবিষ্ট এখন বেৰত ওলোমাই ৰাখিব পৰা সুন্দৰ আৰু ডাঙৰ আকাৰৰ চাৰ্ট ছাত্ৰ–ছাত্ৰী সকলক বিনামূল্যে প্ৰদান কৰে। লগতে জৈৱ বৈচিত্র সংৰক্ষণৰ তথ্যৰে আৰু ৰঙীন ফটোৰে সমৃদ্ধ তেখেতৰ দ্বাৰাই প্ৰণীত এখন পুস্তিকাও বিদ্যাৰ্থী সকলৰ মাজত বিনামুলীয়াকৈ বিতৰণ কৰে। নেচাৰ্চ বেকনে বহু বছৰ ধৰি নিৰবিচ্ছিন্ন ভাবে বিভিন্ন পন্থাৰে প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি অহাৰ লগতে এই বিদ্যাৰ্থী জাগৰণ যাত্রাই আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰকৃতি সংৰক্ষণৰ চেতনাৰ উপৰিও তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনত নিশ্চয়কৈ প্ৰভাৱ বিস্তাৰ কৰিব। গোলাঘাট জিলাৰ এইলানি কাৰ্যসূচীত দত্ত ডাঙৰীয়াৰ কষ্ট সাৰ্থক হোৱাৰ লগতে অতি সফল হৈছে বুলি মই দৃঢ় ভাবে বিস্বাস কৰোঁ।