সি বৈ যায় নৈৰ বুকুৱেদি
কুঁৱলীৰ ফাঁকে ফাঁকে
লহৰৰ চন্দে চন্দে,
নিৰন্তৰে…
অনন্তৰ সিপাৰলৈ!
নাই কোনো ভাগৰ
নাই কোনো ঠেহ,
মাথোঁ বৈ যায় নিৰৱে!
ক্ষন্তেক সময় ৰয়,
উপঙি থকা
শিলৰ ফাঁকত,
জানো কিহৰ বিশ্লেষণ কৰে ৰৈ…!
সময় যেন
তেনেই তাকৰ,
জিৰণীৰো নাই অৱকাশ!
জানি বুজিয়েই বাচি লোৱা হ‘ল নে?
তেনে এক পথ,
যাক ঢুকি নাপাই
দুয়োপাৰৰ কোনো বিশৃংখলতাই!
তাকে চাই,
কৌতুহলত মন ব্যাকুল হৈ পৰে
জনাৰ হেঁপাহত…
ক‘তনো পোৱা যায়
এনে দুঃসাহস আৰু গাম্ভীৰ্যৰে ভৰা ব্যক্তিত্ব?
যি ব্যক্তিত্বৰ সহায়ত,
সুষম গতিৰে
ক‘ত ঘাট প্ৰতিঘাতকো নেওচি
আগুৱাই যাব পাৰি,
লহৰৰ চন্দে চন্দে
অনন্তৰ সিপাৰলৈ
নিৰন্তৰে…!!