সেউজ নিজৰা – An Open Desk For Nature Lovers

নেচাৰ্চ বেকনৰ সৈতে সম্পন্ন হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫ বৰ্ষৰ ইণ্টাৰ্ণশ্বিপ পাঠ্যক্ৰম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ অনুভৱৰ একলম ...

Sri. Jugal Handique from Nature's Beckon conducts a field based educational module inside the Dulung Reserve Forest, for a group of students from the Department of Assamese, North Lakhimpur University pursuing their internship with Nature's Beckon in 2025. PC : NB Archives.
Sumanya Bora NLU

-       সুমন্যা বৰা

প্ৰকৃতি সকলো জীৱৰ জীৱনধাৰণৰ মূল আধাৰ৷ এই প্ৰকৃতিৰ অন্তৰ্গত প্ৰতিটো উপাদান পৰস্পৰ নিৰ্ভৰশীল, তাৰে মাজত চৰাই এক অতি গুৰুত্বপূৰ্ণ অংগ৷ চৰাই হৈছে এবিধ অন্য উল্লেখযোগ্য মনোৰম আৰু মনোগ্ৰাহী প্ৰাণী৷ সিহঁতৰ চালচলন, উৰণফুৰণৰ গতিবিধিয়ে মানুহক অতীতৰ পৰা আকৰ্ষিত কৰি আহিছে৷ গতিকে এই বিষয় আমাৰ পাঠ্যক্ৰমৰ এক গুৰুত্বপূৰ্ণ অংশ৷

 প্ৰকৃতি সাহিত্য সম্পৰ্কে আমি পোনপ্ৰথমে স্নাতক তৃতীয় ষান্মাসিকত জানিব পাৰিছিলোঁ৷ তৃতীয় ষান্মাসিকত আমি প্ৰকৃতি সাহিত্য সম্পৰ্কীয় এখন কাকত পঢ়িছিলোঁ৷ এই কাকতখনৰ জৰিয়তে আমি প্ৰকৃতি সাহিত্য বিষয়টো সম্পৰ্কে বহু কথা জানিব পাৰিছিলোঁ৷ লগতে প্ৰকৃতি সচেতনতা আৰু মানুহ আৰু প্ৰকৃতিৰ মাজত থকা সম্পৰ্কৰ বিষয়েও অৱগত হৈছিলোঁ৷

 ২০২৫ বৰ্ষত অনুষ্ঠিত হোৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ কলেজ গ্ৰন্থমেলাত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু নেচাৰ্চ বেকনৰ যৌথ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ ১৯ মাৰ্চ, ২০২৫ তাৰিখে অনুষ্ঠিত কৰ্মশালাত নেচাৰ্চন বেকনৰ সঞ্চালক মহোদয় শ্ৰীযুত সৌম্যদ্বীপ দত্ত আৰু নেচাৰ্চ বেকনৰ সক্ৰিয় সদস্যসকল উপস্থিত থাকে৷ সৌম্যদ্বীপ দত্ত ছাৰে আমাক প্ৰকৃতি সংৰক্ষণ, জৈৱবৈচিত্ৰ্য আৰু চৰাই সংৰক্ষণ সম্পৰ্কে বিতংভাৱে বুজাই দিয়ে৷

Sri. Soumyadeep Datta with Dr. Arabinda Rajkhowa, faculties, and some students at the seventh North Lakhimpur University Book Fair. PC : NB Archives.

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০১ অধীনত স্নাতক পঞ্চম ষান্মাসিকত আমাৰ ইণ্টাৰ্ণশ্বিপৰ বিষয় আছিলচৰাই সংৰক্ষণ আৰু পৰ্যবেক্ষণ সেয়া নেচাৰ্চ বেকনৰ অধীনত হৈছিল৷ চৰাই পৰ্যবেক্ষণ, চৰাই সংৰক্ষণ আৰু চৰাইৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগতে প্ৰকৃতি সচেতনতা সম্পৰ্কে ছাত্ৰছাত্ৰী বা সমাজক অৱগত কৰা লগতে নতুন প্ৰজন্মক এই বিষয়ে অৱগত কৰাই মুখ্য উদ্দেশ্য আছিল৷

              আমাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰ্য তিনিটা স্তৰত সম্পন্ন কৰা হয়৷ পোনপ্ৰথমে নেচাৰ্চ বেকন সংগঠনটোৰ সঞ্চালক আৰু সদস্যসকলৰ সৈতে ইণ্টাৰ্ণশ্বিপ কাকতৰ কাৰ্য আৰম্ভ হয়৷ এই পৰ্যায়ত আমি তেওঁলোকে প্ৰদান কৰাঅসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথিখন অধ্যয়ন কৰি নিজৰ ঘৰৰ চৌহদ আৰু ওচৰৰ অঞ্চলসমূহত চৰাই পৰ্যবেক্ষণ কৰোঁ৷ দ্বিতীয়তে, চৰাই পৰ্যবেক্ষণৰ অন্তত পোৱা অভিজ্ঞতাৰ ভিত্তিত তিনিখন বিদ্যালয়লৈ গৈচৰাই পৰ্যবেক্ষণ আৰু বনৰীয়া চৰাই সংৰক্ষণসম্পৰ্কীয় প্ৰশিক্ষণমূলক শিবিৰ আয়োজন কৰা হয়৷ তৃতীয় পৰ্যায়ত অসমৰ এখন উল্লেখযোগ্য বনাঞ্চলদুলুং সংৰক্ষিত বনাঞ্চললৈ যোৱা হয়৷ অৰণ্যলৈ যোৱা এই যাত্ৰা সদায় স্মৰণীয় হৈ ব৷ দুলুং বনাঞ্চলৰ ভিতৰত আমি চিয়াঁ নাহৰ, বিভিন্ন ধৰণৰ পখিলা, বগা পাত বেং, বাঘৰ খোজ, হাতীৰ লাড আদি দেখিবলৈ সক্ষম লোঁ৷

             নেচাৰ্চ বেকনৰ সৈতে কৰা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ জৰিয়তে যথেষ্ট উপকৃত লোঁ৷ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাণীসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি জ্ঞাত লোঁ৷ লগতে চৰাই পৰ্যবেক্ষণ আৰু সংৰক্ষণৰ উপৰিও বহু নজনা কথা শিকিবলৈ সুবিধা লাভ কৰিলোঁ৷ আমাক এনে এক মহান কাৰ্যৰ অংশীদাৰ কৰাৰ বাবে বিভাগৰ শিক্ষাগুৰুসকলৰ লগতে নেচাৰ্চ বেকনৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ৷

The recently launched educational poster of All Assam Wild Birds Preservation Campaign, focusing on the conservation of our local (residential) birds. PC: NB Archives.