কংকণা দাস
“চাংপো-চিয়াং- ব্ৰহ্মপুত্ৰ”,- Free TIBET A Voice from Assam মঞ্চৰ তৰফৰ পৰা প্ৰকাশিত এখন নিউজলেটাৰ। অসমৰ ব্ৰহ্মপুত্ৰক আমি আমাৰ আয়ুসৰেখা বুলি বিশ্বাস কৰো। প্ৰাচীন কামৰূপ ৰাজ্য , যাক বৰ্তমানৰ অসম নামেৰে জনা যায়, সেয়া ব্ৰহ্মপুত্ৰ সভ্যতাৰ এক অংশ। যুগ যুগ ধৰি প্ৰবাহিত পবিত্ৰ ব্ৰহ্মপুত্ৰক বাদ দি আমি আমাৰ পৰিৱেশ, প্ৰকৃতি আৰু সভ্যতাৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰো। এই ব্ৰহ্মপুত্ৰৰ জন্মস্থান তিব্বত। তিব্বতত ব্ৰহ্মপুত্ৰৰ নাম চাংপো। পৰম পাৱন দালাই লামাৰ তিব্বত, দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈ পৃথিৱীৰ মানুহৰ বাবে ৰহস্যময় এক মালভূমি আছিল, কিন্তু প্ৰাচীন কালৰ পৰাই চাংপোৰ জৰিয়তে অসম তথা পূৰ্বৰ কামৰূপৰ সৈতে তিব্বতৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছিল। মূলতঃ তিব্বত, অৰুণাচলৰ চিয়াং নদীৰ উপত্যকা আৰু অসম, ব্ৰহ্মপুত্ৰ সভ্যতাৰে অংশ। ভৌগোলিক অথবা সাংস্কৃতিক ভাৱে আমি কেতিয়াও পৃথক নাছিলো। সেয়ে তিব্বতৰ বৌদ্ধ মথত বাজিউঠা ভোৰতাল, অসমীয়া নাম কীৰ্তনৰো এক অবিচ্ছেদ্য অংগ। পৃথিৱীৰ মূধচ বুলি অভিহিত তিব্বত আৰু অহিংসত বিশ্বাসী তিব্বতী লোকসকলৰ অস্তিত্ব আজি সংকটৰ গৰাহত। পৰাধীন তিব্বতে ১৯৫০ চনৰ পৰাই পৰম পাৱন চতুৰ্দশ দালাই লামাৰ নেতৃত্বত আজিলৈ নিজৰ স্বাধীনতাৰ অহিংস আন্দোলন চলাই আছে। নিজৰ স্বদেশ, সংস্কৃতি, ধৰ্ম হেৰুৱা তিব্বতী লোকসকলে তেওঁলোকৰ এই স্বাধীনতাৰ আন্দোলনত মাথো এটা বস্তুৱেই হেৰোৱা নাই, সেয়া হৈছে – বুদ্ধৰ অহিংস দৰ্শন, কৰুণাময় প্ৰেম আৰু আত্মবিশ্বাস। মানৱীয়তাত বিশ্বাসী প্ৰতি গৰাকী ব্যক্তিয়েই তিব্বতৰ এই স্বাধীনতা আন্দোলনত সমৰ্থন জনাব বুলি আমাৰ বিশ্বাস। ‘চাংপো-চিয়াং-ব্ৰহ্মপুত্ৰ’- এই নিউজলেটাৰ খনত তিব্বতৰ স্বাধীনতা আন্দোলনৰ সমৰ্থনত অসমৰ Free TIBET A Voice from Assam মঞ্চৰ বিভিন্ন কাৰ্য্যসূচী আৰু সম্পৰ্কীত কাম কাজ সমূহৰ বৰ্ণনা দিয়া হৈছে। সম্পাদক নৱনীতা শৰ্মাই তেখেতৰ সম্পাদকীয় কলমত উল্লেখ কৰিছে যে তিব্বতী স্বাধীনতা সংগ্ৰাম কিয় সমগ্ৰ বিশ্বৰ বাবে মংগলজনক। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰণিত নিউজলেটাৰ খনত তিব্বত সম্বন্ধে ৰচিত কবিতা এটাও প্ৰকাশ কৰা হৈছে যিটো তিব্বতক লৈ লেখা প্ৰথম অসমীয়া মৌলিক কবিতা।