

- বনানি দাস
ধৰক, আপোনাৰ ল‘ৰাটো খুউব মৰম লগা। মৰম লাগিল কাৰণেই মই তাক আপোনাৰ ঘৰৰ পৰা ধৰি আনি নিজৰ ঘৰত বন্ধ কৰি সোমায় থলো, যাতে তেওঁ আৰু কেতিয়াও আপোনাৰ ঘৰলৈ ঘূৰি যাব নোৱাৰে। মই মানুহ আহিলে গৰ্বৰে দেখুওৱা আৰম্ভ কৰিলো, মই কিমান মৰম কৰো আপোনাৰ ল‘ৰাটোক, খাবলৈ দিছো, অইনে অনিষ্ট কৰিব নোৱাৰাকৈ ইমান ধুনীয়া ঘৰৰ ভিতৰত নিকপকপীয়াকৈ বান্ধি ৰাখিছো!! আপোনাৰ ভাল লাগিবনে এনে কৰিলে??
মানুহে মইনা, ভাটৌ বন্দী কৰি থোৱা কথাটোও ঠিক এনেকুৱাই , বুজিছো আমি চৰাইটোক তেনেদৰে মৰম কৰা বুলি ভাবে। এবাৰ ওপৰৰ উদাহৰণটো পঢ়ি চাওঁক। যদিহে উপৰোক্ত কামটো ভাল পোৱা নাই, আপুনি যি কৰি আছে তাৰ মাজৰ পাৰ্থক্যটোনো কি?? আপুনি কিনে বাবেই এচামে ইয়াকে লৈ বন্যপ্ৰাণীৰ অবৈধ বেহা–বেপাৰ চলাই আছে যি আইনমতেও দ্বণ্ডনীয়। প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিৰেই আমাৰ পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে অৰিহণা থাকে। ক্রমবিবর্তনৰ সূচীখনত মানুহৰ পদাৰ্পণ মাত্র কেই ছেকেণ্ডমান আগৰহে | মানুহে পৃথিৱীত ভৰি থোৱাৰ আগতেই বিভিন্ন জীৱবোৰৰ কার্য কলাপে এই পৃথিৱীখন বসবাসৰ উপযোগী কৰি তুলিছে | হাজাৰ হাজাৰ বছৰ জুৰি চলা বিভিন্ন ক্রিয়া প্রতিক্রিয়াৰ জৰিয়তে পৃথিৱীয়ে আজিৰ অৱস্থা পাইছে , য‘ত জীৱ জীয়াই থকাৰ বাবে উপযুক্ত পৰিৱেশ আৰু উপাদান আছে। মানুহৰ চিন্তা শক্তি অইন প্রাণীবোৰতকৈ দ্রুত ভাবে বিকশিত হোৱাৰ বাবে মানুহে লাহে লাহে প্রকৃতিৰ উপাদান সমূহ বিভিন্ন ধৰণৰে ৰূপান্তৰ কৰি তাক ব্যবহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ আমি ব্যৱহাৰ কৰা প্রতিটো সামগ্রীৰে কেঁচামাল হৈছে প্রকৃতি প্রদত্ত , সেয়া লাগিলে আমাৰ মৌলিক অথবা বিলাসী প্রয়োজনেই হঁওক | গতিকে জীয়াই থাকিবলৈ অথবা বিলাসী জীৱন কটাবলৈ ব্যৱহৃত সকলো সামগ্রীয়েই আমি প্রকৃতিৰ পৰা আহৰণ কৰিছো। গতিকে এই দৃষ্টিকোণৰ পৰা প্রকৃতি সুৰক্ষা আমাৰ মৌলিক কর্তব্য হোৱা উচিত | বহু সময়ত প্রকৃতি সংৰক্ষৰণৰ এক ভুল বার্তা আমাৰ সমাজত প্রচলিত হয়যে , সংৰক্ষণ কৰা মানেই আমি প্রকৃতি প্রদত্ত উপাদান সমূহৰ ব্যৱহাৰ নকৰিম৷ সংৰক্ষণ মানে আচলতে সকলো বস্তুৰে নায্য আৰু পৰিমিত ব্যৱহাৰ বুজায়। সংৰক্ষণৰ অর্থ এয়া নহয় যে আমি একো বস্তু ভোগ নকৰিম, এটা নির্দিষ্ট পৰিমাণত পৰিস্থিতি তন্ত্ৰৰ ক্ষতি নোহোৱাকৈ নায্য ব্যৱহাৰ কৰাই আচলতে সংৰক্ষণ তথা বহনক্ষম উন্নয়নৰ মূল কথা।


প্রকৃতি সংৰক্ষণৰ সবাতোকৈ গুৰত্বপূর্ণ দিশটো হৈছে অৰণ্য সংৰক্ষণ | অৰণ্য এনে এক উপাদান যিয়ে জীৱন ধাৰণ প্রক্ৰিয়াটোক আগুৱাই লৈ গৈছে। মাতৃস্বৰূপা অৰণ্যয়েই হৈছে আমাৰ জীৱন প্রবাহৰ মূল উৎস | অৰণ্য অবিহনে বিকাশ, উন্নয়ন ইত্যাদিৰ ধাৰণাও অমূলক | অৰণ্য সংৰক্ষণৰ জৰিয়তেহে আমি প্রকৃততে প্রকৃতি সংৰক্ষণ কৰিবলৈ সক্ষম হ‘ম। বহুকেইটা স্তৰৰ মাজেৰে এখন অৰণ্যৰ সৃষ্টি হয়। অৰণ্য সৃষ্টিৰ এই ক্রমাগত প্রক্রিয়াটোক পৰিস্থিতিক অনুক্রমণ বা Ecological Succecion বোলা হয় | এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশ তন্ত্ৰ এটাই ক্রমাগত ভাৱে সুস্থ অৱস্থা পায় আৰু এই সুস্থ অৱস্থাই অৰণ্য জীৱৰ ধাৰণ তথা বসবাসৰ বাবে উপযোগী কৰি তোলে | ধাপে ধাপে ক্রমাগত ভাবে লাইকেন, ঘাঁহনি, কাঠনি ইত্যাদি বিভিন্ন স্তৰৰ মাজৰে পাৰ হৈ পূর্ণাংগ অৱস্থাৰ অৰণ্য এখনলৈ পৰিৱৰ্তিত হয়। এই প্রক্রিয়া প্রায় শ–শ বছৰ জুৰি চলে | অর্থাৎ আমি দেখি থকা বিভিন্ন অৰণ্যসমূহ আচলতে বহুবছৰ পুৰণি আৰু ইয়াৰ জীৱনদায়িনী শক্তি আমি মূল্যাংকন কৰি উলিয়াব নোৱাৰো | এই অৰণ্য সমুহৰ বুকুত বর্ত্তমানেও এনে বহু নতুন তথ্যৰ ভাণ্ডাৰ আছে যি মানুহৰ জ্ঞানে ঢুকি পাবগৈ পৰা নাই। এই অৰণ্য সমূহ সংৰক্ষণ কৰাটো আমাৰ বাবে প্রথম আৰু প্রধান উদ্দেশ্য হোৱা উচিত। গছ ৰোপণ কৰি আমি এখন হাবি তৈয়াৰ কৰিব পাৰো কিন্তু তাক আমি অৰণ্য আখ্যা দিব নোৱাৰো | এই প্রকৃতি প্রদত্ত অৰণ্য সমূহ ধ্বংস কৰা কথাটো ঠিক আমি বাস কৰা ঘৰ ধ্বংস কৰাৰ লেখীয়া কথা।

শেষত পৰিৱেশ সংৰক্ষণ আচলতে মানুহে নিজৰ স্বাৰ্থৰ বাবেই কৰা উচিত নহয়। পৃথিবীৰ সৃষ্টিত মানুহতকৈ অইন জীৱৰ অৰিহনা বেছি, মানুহেই কেৱল এনে এক জীৱ যি পৃথিৱী খন কেৱল নিজৰ ভোগ লালসাৰ বাবে ব্যৱহাৰ কৰিছে | ইয়াত সকলো জীৱৰে থকাৰ অধিকাৰ আছে। আমি কৃতজ্ঞ হোৱা উচিত আৰু এই কৃতজ্ঞতাৰ মাজতে পৰিৱেশ সংৰক্ষণৰ চেতনা নিহিত হৈ আছে। শেষত, বিশিষ্ট প্রকৃতিবিদ সৌম্যদ্বীপ দত্তৰ গ্রন্থ উদ্ভাসিত মায়াবনৰ উক্তিৰে ক‘ব খোজো–
“এনে এটা দিন আহিব, যেতিয়া আমি আমাৰ সন্তান বোৰক অৰণ্যলৈ লৈ যাম “তীৰ্থ ভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে”। এদিন আমি সকলোৱে উপলব্ধি কৰিম, অৰণ্যবোৰেই প্ৰকৃততে আমাৰ মানৱ জাতিৰ মহাতীৰ্থ স্বৰূপ। অৰণ্যৰ গৰ্ভৰ পৰাই আমাৰ সভ্যতাৰ উন্মেষ। আজিকালি আমি বহুতেই অৰণ্যৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ পাহৰি গ’লো ;বহুতেই আজিকালি অৰণ্যলৈ হয়তো যায়, কিন্তু আমি শ্ৰদ্ধা আৰু মৈত্ৰী ভাৱ লৈ অৰণ্যলৈ যাব লাগিব। ভোগ বিলাসৰ চিন্তা কৰি যিসকলে অৰণ্যলৈ যায় তেওঁলোকে অৰণ্যৰ আত্মাক উপলব্ধি কৰিব নোৱাৰে ; ফলত অৰণ্যৰ মংগলময় দানৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।”
অৰন্যৰ সেই মংগলময়ী চেতনা আমাৰ মাজত সদায়েই প্রবাহিত হওঁক, অৰণ্য সুৰক্ষিত হওঁক |
