Natural History & Its Unsolved Mysteries – অসমতো আছিল দুশিঙীয়া গঁড়

কলকাতাৰ ভাৰতীয় সংগ্ৰাহলয়ৰ নেচাৰেল হিষ্ট্ৰি অংশত
WhatsApp Image 2023-05-13 at 7.22.05 PM

- ৰূপম বৰুৱা

সিদিনা জাৰ্ণাল অব্ দা বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সংকলন এটাত পঢিলো অসমতো একালত দুশিঙীয়া গঁড়ৰ বাস আছিল। এতিয়াৰ আফ্ৰিকাৰ দৰে এছিয়াৰো বিশেষকৈ দক্ষিণ – পূব অংশৰ ইন্দোনেছিয়া, মালেছিয়া আদিৰ দৰে হাবি বননিত এসময়ত দুটা খড়্গযুক্ত গঁড় থকাৰ কথাটো জানিছিলো, কিন্তু আমাৰ অসমতো যে এইবিধ গঁড়ৰ বাস আছিল তাৰে সম্ভেদ পালো উক্ত সংকলনটোত প্ৰকৃতিপ্ৰেমী থিওডৰ হুবেকৰ ‘দা টু হৰ্ণড এছিয়াটিক ৰাইনোচেৰছ’ প্ৰবন্ধটি পঢ়ি। ভাবিলো এই বিষয়ে যৎকিঞ্চিত লিখাটো বেয়া নহ’ব। 

আমি সাধাৰণতে জানো আফ্ৰিকা মহাদেশেই দুশিঙীয়া গঁড়ৰ একমাত্ৰ বাসস্থান।’ শ্বেতকায়’ আৰু ‘ কৃষ্ণকায়’ বিধৰ ইয়াৰ দুটা উপ-প্ৰজাতি আছে। প্ৰাচীৰ ইউৰোপৰ দীঘল নোম থকা দুশিঙীয়া গঁড়তো কাহানিবাই বিলুপ্ত হৈছে আৰু এশিঙীয়া গঁড় কোনোমতে তিষ্ঠি আছে ভাৰতৰ মুখ্যতঃ অসমত আৰু দক্ষিণ-পূব এছিয়াৰ দুই – এঠাইত। এছিয়া মহাদেশতো আগত দুশিঙীয়া গঁড় থকাৰ কথা আমি খুব কমেই জানো। 

১৭৯৩ চনত উইলিয়াম বেলৰ দ্বাৰা অংকিত, পাশ্চাত্য বিজ্ঞানে চিনাক্ত কৰি উলিওৱা প্ৰথম নমুনা।

এছিয়াৰ এই দুশিঙীয়া গঁড়ৰ লেটিন নাম ‘ডাইচেৰৰহিনাছ চুমাত্ৰেনচিছ্’। হুবেকে লিখিছে যে এসময়ত চীন, তিব্বতৰ দক্ষিণৰ এক বিশাল এলেকাজুৰি অৰ্থাৎ ভাৰত, ব্ৰহ্মদেশ, ইন্দোচীন, থাইলেণ্ড, সুমাত্ৰা, বোৰ্ণিও, মালয়েছিয়াৰ অৰণ্য আছিল ইয়াৰ বাসভূমি। কিন্তু কালক্ৰমত, বিশেষকৈ মানুহৰ হত্যাৰ প্ৰকোপতে, ই বিলুপ্তিৰ গৰাহত পৰিছে। হুবেকৰ প্ৰবন্ধটো ১৯৩৯ চনত লিখা। তেতিয়ালৈকেও সুমাত্ৰা আৰু বোৰ্ণিওৰ মালয়েছীয় অংশত ই কোনোমতে তিষ্ঠি থকা বুলি লিখা হৈছে। তেওঁ মালয়ৰ হাবিত এই গড়ঁৰ নিজে লোৱা ফটো কেইখনমানো প্ৰবন্ধটোৰ লগত প্ৰকাশ কৰিছে। প্ৰবন্ধটোত তেওঁ প্ৰধানতঃ প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত মালয় আবাসী গড়ঁবিধ সম্পৰ্কেই বিস্তৃত আলোচনা কৰিছে। ১৯৩৯ চনতেই তেওঁ মালয়ত দুশিঙীয়া গড়ঁ ক্ৰমান্বয়ে দুস্প্ৰাপ্য হৈ পৰা বুলি কৈছে। মানুহৰ উপদ্ৰবত ভৈয়ামৰ পৰা ই পাহাৰ এলেকাত থাকিবলৈ লোৱা বুলিও তেওঁ উল্লেখ কৰিছে। আজি পঞ্চাশ বছৰ পিছত এই প্ৰজাতি সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা বুলিয়েই আমি ধৰি ল’ব পাৰো। কাৰণ জীৱিত দুই খড়্গযুক্ত গড়ঁৰ অস্তিত্ব এতিয়া একমাত্ৰ আফ্ৰিকা মহাদেশতেই আছে বুলি আমি জানো। 

অসমত দুশিঙীয়া গঁড়ৰ প্ৰসংগত হুবেকে ৰোলেণ্ড ৱাৰ্ডছৰ’ ৰেকৰ্ডছ অব বিগ গেইম’ গ্ৰন্থৰ কথা উল্লেখ কৰিছে। ৱাৰ্ডছৰ মতে অসমৰ পৰা বোৰ্ণিওলৈকে আৰু টেনাছেৰিম এলেকাত এই দুশিঙীয়া গঁড়ৰ দুবিধ উপ প্ৰজাতি আছিল। অসমত পোৱাবিধক তেওঁ ‘লেচিওটিছ’ বুলি কৈছে। প্ৰিন্স হেনৰি ডে অৰলিয়েন্সৰ ‘ফ্ৰম টংকিন টু ইণ্ডিয়া’ গ্ৰন্থৰো তেওঁ উল্লেখ কৰিছে। এই গ্ৰন্থত অসমৰ গাতে লগা নামছাই বনাঞ্চলত ১৮৯৫ চনত হেনৰিয়ে দুশিঙীয়া গঁড়ৰ সন্ধান পোৱাৰ কথা আছে। আৰ. লিডেকাৰৰ ‘দা গেইম এনিমেলছঅব ইণ্ডিয়া, বাৰ্মা, মালয় এণ্ড টিবেট’ গ্ৰন্থটো পূৰ্বৰ অসমৰ চিংফৌ এলেকাত দুশিঙীয়া গঁড়ৰ অস্তিত্বৰ উল্লেখ থকাৰ কথা তেওঁ লিখিছে। 

প্ৰাপ্তবয়স্কৰ সৈতে কিশোৰ

আমি জনাত অসমৰ বুৰঞ্জী, প্ৰাচীন বিৱৰণ ক’তো এই দুশিঙীয়া গড়ঁ অসমত থকাৰ কোনো উল্লেখ নাই। আমাৰ ইয়াৰ পৰা প্ৰকাশিত বন্যপ্ৰাণী বিষয়ক কোনো কিতাপ পত্ৰতো এই বিষয়ে লিখা মোৰ দৃষ্টিগোচৰ হোৱা নাই। অসমৰ বন্যপ্ৰাণী বিশেষজ্ঞ বা প্ৰাণীতত্ত্বৰ গৱেষকসকলে নিশ্চয় একালত অসমত বাস কৰা দুই খড়্গযুক্ত গড়ঁৰ বিষয়ে উপযুক্ত অনুসন্ধান চলাই আমাৰ কৌতুহল নিৰসনকাৰী তথ্যৰ যোগান ধৰিব পাৰিব।

( প্ৰসংগ-প্ৰকৃতি’ গ্ৰন্থত পূৰ্বে প্ৰকাশিত। প্ৰকৃতি বিষয়ক বিভিন্ন তথ্য সম্বলিত প্ৰবন্ধৰে ৰূপম বৰুৱাৰ দ্বাৰা প্ৰণিত এই গ্ৰন্থখন নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকাশিত  ।)