

- সৌম্যদ্বীপ দত্ত
আমি যি জীৱ পৰিমণ্ডলত বাস কৰোঁ, বন আৰু বন্যপ্ৰাণ তাৰ এক অবিচ্চেদ্য অংগ৷ মানৱ জাতিৰ অস্তিত্ব ৰক্ষাত পৰিৱেশ বন আৰু বন্যপ্ৰাণৰ গুৰুত্ব অপৰিসীম৷ আমাৰ এই প্ৰকৃতিত আমি হাজাৰ হাজাৰ প্ৰাণৰ বৈচিত্ৰতা দেখিবলৈ পাওঁ৷ প্ৰাণৰ এই বৈচিত্ৰতাক সামগ্ৰীকভাৱে কোৱা হয় জীৱ–বৈচিত্ৰতা বা বায়োডাইভাৰচিটি৷ আমি সকলোৱে জানো যে ‘মানুহ’নামৰ প্ৰজাতিটো জীয়াই থাকিবলৈ হ’লে জীৱ–বৈচিত্ৰতা সংৰক্ষণ অপৰিহাৰ্য৷ বনৰীয়া চৰাইবোৰো জীৱ–বৈচিত্ৰতাৰ এক গুৰুত্বপূৰ্ণ উপাদান৷ চৰাই প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি আৰু প্ৰকৃতি জগতত ইহঁতৰ গুৰুত্ব অপৰিসীম৷ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত চৰায়ে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চৰায়ে পৰাগ সংযোগ ঘটাই ফুলক ফললৈ ৰূপান্তৰিত কৰাৰে পৰা শস্যৰ অনিষ্টকাৰী কীট–পতংগ ভক্ষণ তথা আমাৰ পেলনীয়া গেলা–পচা বস্তু খাই পৰিৱেশ পৰিচ্চন্ন কৰি মানৱ সমাজৰ অতীব উপকাৰ সাধন কৰে৷ সেইবাবেই আমাৰ তথা প্ৰকৃতিৰ সাৰ্বিক মংগলৰ কাৰণে বনৰীয়া চৰাই সংৰক্ষণ অপৰিহাৰ্য৷
বনৰীয়া চৰাই সংৰক্ষণৰ উদ্দেশ্যক বাস্তৱায়িত কৰিবলৈ আমি ‘সমগ্ৰ অসম বনৰীয়া চৰাই পৰীৰক্ষণ শিবিৰ’ [All Assam Wild Bird Preservation Campaign] নামেৰে এক ব্যাপক আৰু দীৰ্ঘম্যাদী অভিযান চলাই আহিছোঁ৷ আমাৰ বাবে সকলোতকৈ উৎসাহজনক বিষয় হৈছে – আপোনালোক সকলোৰে আন্তৰিক সহযোগিতাৰ ফলত আমি আমাৰ উদ্দেশ্যৰ সফলতাৰ পিনে ক্ৰমশঃ আগুৱাই গৈছোঁ৷ আপোনালোকেও বনৰীয়া চৰাই সংৰক্ষণৰ বাৰ্তা বিভিন্ন মাধ্যমেৰে বিভিন্নজনৰ ওচৰলৈ লৈ গৈছে৷ বিভিন্ন বাতৰি কাকত, আলোচনী, সাংগঠনিক মুখপত্ৰ ইত্যাদিৰ বাদেও বিভিন্ন আঞ্চলিক তথা জনজাতীয় ভাষাত বনৰীয়া চৰাই সংৰক্ষণৰ বাৰ্তা প্ৰকাশিত হৈছে আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰাই সংৰক্ষণৰ দিশত যথেষ্ট সফলতাও পোৱা গৈছে৷
কিন্তু আমি লক্ষ্য কৰিছোঁ যে এতিয়াও বিক্ষিপ্তভাৱে অসমৰ কেতবোৰ অঞ্চলত বনৰীয়া চৰাই নিধন হৈ আছে৷ এয়া আমাৰ সকলোৰে বাবে কেৱল দুঃখজনকেই নহয় দুৰ্ভাগ্যজনকো৷ যি পৰম্পৰাগত প্ৰাকৃতিক ঐতিহ্যৰ বাবে আমি বিশ্বৰ দৰবাৰত গৌৰৱবোধ কৰোঁ, আমাৰ মাজৰ মুষ্টিমেয় এচামে তাক বিনাশৰ পথলৈ লৈ গৈছে৷ এই অন্যায় আৰু নিবুৰ্দ্ধিতাক প্ৰতিহত কৰা অত্যন্ত প্ৰয়োজন আৰু ইয়াৰ বাবে প্ৰয়োজন আপোনালোকৰ আন্তৰিক সহায় আৰু সহযোগিতা৷ আমি গভীৰভাবে বিশ্বাস কৰোঁ আমাৰ সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত এই বৰ্বৰতা আৰু অন্যায়ৰ এদিন নিশ্চয় অৱসান ঘটিব৷

বনৰীয়া চৰাই সংৰক্ষণাৰ্থে কিছু প্ৰয়োজনীয় কথা তলত তুলি ধৰা হ’ল৷ আশাকৰোঁ এই কথাবোৰ অসমৰ বনৰীয়া চৰাই সংৰক্ষণত সহায়ক হ’ব৷
· গৃহপালিত চৰাইৰ বাদে যিকোনো চৰায়ে বনৰীয়া চৰাই, ইহঁতৰ সংৰক্ষণৰ প্ৰয়োজন৷
· বনৰীয়া চৰাই সংৰক্ষণৰ লগে লগে এইবোৰৰ বাসস্থান সংৰক্ষণ কৰাও সমানে গুৰুত্বপূৰ্ণ৷
· আমাৰ ওচৰে–পাজৰে আৰু হাবি–বননিবোৰত কি কি চৰাই আছে তাক জনা প্ৰয়োজন৷
· বনৰীয়া চৰাইবোৰৰ আহাৰ, বাসস্থান আৰু পৰিৱেশ সম্পৰ্কে সঠিক ধাৰণা থকা প্ৰয়োজন৷
· পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত চৰায়ে যে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰি আছে সেয়া সহজ–সৰল ভাষাত প্ৰতিজন ব্যক্তিক বুজোৱা প্ৰয়োজন৷
· যিবোৰ গছত চৰায়ে বাহ সাজে সেইবোৰ গছ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ এই উদ্দেশ্যে আপুনি বন–বিভাগৰ পৰামৰ্শ আৰু সহযোগিতা গ্ৰহণ কৰিব পাৰে৷
· বনৰীয়া চৰাইৰ মাংস খোৱা আৰু এইবোৰৰ পাখিৰে বনোৱা সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জন কৰক৷ যিকোনো বনৰীয়া চৰাই কোনো ব্যক্তিয়ে ধৰিলে বা পিঞ্জৰাত আবদ্ধ কৰি ৰাখিলে তাক আপুনি মুক্ত কৰি দিব পাৰে৷
· যিকোনো ঠাইত অবৈধভাবে চৰাই চিকাৰ হ’লে আপুনি নিজে বাধা দিব পাৰে অথবা বন বিভাগক জনাব পাৰে, লগতে এনেধৰণৰ অবৈধ চিকাৰৰ খবৰ আপুনি বাতৰি কাকতৰ মাধ্যমেৰে বৃহত্তৰ জনসাধাৰণক অৱগত কৰিব পাৰে৷
· বনৰীয়া চৰাই সংৰক্ষণৰ বাবে বাতৰি কাকত, আলোচনী, স্কুল–কলেজ আৰু বিভিন্ন সমাজ কল্যাণ সংগঠন ইত্যাদিৰ মুখপত্ৰৰ মাধ্যমেৰে স্থানীয় ভাষাত বহলভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰিব পাৰে৷
· কিছুমান অঘৰী মানুহে বছৰৰ কোনো কোনো সময়ত অসমৰ বাহিৰৰ পৰা আহি আমাৰ চৰাইবোৰ হত্যা কৰে৷ এনেধৰণৰ মানুহক চৰাই হত্যাৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা কৰক৷
· আপুনি যদি ক’ৰবাত অবৈধ চিকাৰৰ কথা জানে নাইবা বনৰীয়া চৰাইবোৰক লৈ কোনো অবৈধ ব্যৱসায়ৰ কথা জানিব পাৰে তেনেহ’লে ওচৰৰ আৰক্ষী চকী বা বন–বিভাগৰ কাৰ্যালয়ত খবৰ দিয়ক৷ নতুবা আপোনাৰ অঞ্চলত যদি কোনো নেচাৰ্চ বেকনৰ কৰ্মী আছে তেন্তে আপুনি তেওঁকো খবৰ দিয়ক৷
· বন্যপ্ৰাণ সুৰক্ষা আইন ১৯৭২ অনুসাৰে বিনা অনুমতিত বনৰীয়া চৰাইৰ ব্যৱসায় নিষিদ্ধ৷ যিসকলে এই আইন উপেক্ষা কৰি ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে সম্পূৰ্ণ চৰকাৰী বিধি আৰু আইন অনুসৰি উপযুক্ত ব্যৱস্থা লোৱা হৈছে৷ বন্যপ্ৰাণ সুৰক্ষা আইন ১৯৭২ অনুসৰি বিনা অনুমতিত বনৰীয়া চৰাই ধৰা, মৰা আৰু কিনা–বেচা কৰা আদি নিষিদ্ধ আৰু দণ্ডনীয়৷ কেৱল মাত্ৰ চৰকাৰী প্ৰশাসনৰ কেইজনমান কৰ্মচাৰী আৰু আইনৰ দ্বাৰা অবৈধ বুলি এই অবৈধ কাম বন্ধ কৰা সম্ভৱ নহয়৷ সেইকাৰণে আমি বিচাৰোঁ আপোনালোকৰ ঐকান্তিক প্ৰচেষ্টা আৰু সহযোগিতা৷ আমাৰ আবেদন , দুষ্কৃতিকাৰীসকলৰ হাতৰ পৰা ইহঁতক বচাওঁক আৰু প্ৰকৃতিৰ বুকুত ইহঁতক নিৰ্ভয়ে অবাধ বিচৰণত সহযোগিতা কৰক৷

সমগ্ৰ অসম বনৰীয়া চৰাই পৰীৰক্ষণ শিবিৰ
All Assam Wildbirds Preservation Campaign
ভাৰতৰ জীৱ বৈচিত্ৰতাত চহকী ৰাজ্যসমূহৰ ভিতৰত ‘অসমে’সকলোতকৈ ওখ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ পাহাৰ, ভৈয়াম, নদ–নদী, সমভূমি, উপত্যকা, আৰ্দ্ৰভূমি আৰু গভীৰ অৰণ্যৰে পৰিপূৰ্ণ এই ৰাজ্যখনত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পৰিলক্ষিত হয়৷ ইয়াৰে কিছুমান প্ৰজাতি আকৌ কেৱল এই অঞ্চলতহে দেখিবলৈ পোৱা যায়৷ বাসস্থানৰ ভিন্নতাৰ বাবেই প্ৰজাতিৰ এই প্ৰাচুৰ্যতা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চকুত পৰে৷
আমাৰ সংগঠন নেচাৰ্চ বেকনে আজি চাৰিটা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ হকে কাম কৰি আহিছে৷ পৰিবেশ, বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ৷ বিভিন্ন সংৰক্ষণমূলক কামৰ ভিতৰত সংগঠনে ১৯৯২ চনত অসমৰ বনৰীয়া চৰাই সংৰক্ষণৰ দিশত এক অতি গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘম্যাদী কাৰ্যসূচী হাতত লয়৷ এই কাৰ্যসূচীত সংগঠনে সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিকে জড়িত কৰি অসমৰ বনৰীয়া চৰাই সংৰক্ষণৰ দিশত এক নতুন পৃষ্ঠাৰ সূচনা কৰে৷ সংগঠনৰ এই কাৰ্যসূচীত ছাত্ৰ–ছাত্ৰীৰ পৰা গৃহিণীলৈ, খেতিয়কৰ পৰা বিশিষ্ট বিজ্ঞানীলৈকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে বনৰীয়া চৰাই সংৰক্ষণত অংশগ্ৰহণ কৰিছে৷ এই কাৰ্যসূচী সকলোৰে মাজত ‘সমগ্ৰ অসম বনৰীয়া চৰাই পৰীৰক্ষণ শিবিৰ’ নামেৰে পৰিচিত৷ সমগ্ৰ অসম বনৰীয়া চৰাই পৰিৰক্ষণ শিবিৰৰ প্ৰধান উদ্দেশ্য হৈছে –
· এই প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে অসমৰ প্ৰতিখন জিলাতে সংগঠনৰ স্থিতি সুদৃঢ় কৰা৷
· এই প্ৰকল্পৰ সৈতে জড়িত প্ৰতিজন সদস্যক বনৰীয়া চৰাই সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে অধিক সজাগ কৰি তোলা আৰু চৰাই সংৰক্ষণৰ দিশত হাতে–কামে আগবাঢ়িবলৈ চৰাই সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী আৰু ইয়াৰ লগত জড়িত বিভিন্ন শিক্ষণ আহিলা প্ৰস্তুত কৰা৷
· বনৰীয়া চৰাইৰ গুৰুত্ব আৰু ইহঁতৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে সাধাৰণ ৰাইজক অৱগত কৰোৱা৷
· বনৰীয়া চৰাইৰ বাবে গুৰুত্বপূৰ্ণ বাসস্থান হিচাপে পৰিগণিত অৰণ্য, আদ্ৰভূমি বা ঘাঁহনি অঞ্চলসমূহৰ চিনাক্তকৰণ৷
· জিলা ভিত্তিক স্থানীয় চৰাইৰ তালিকা প্ৰস্তুত কৰা৷
· বনৰীয়া চৰাই সংৰক্ষণৰ সৈতে জড়িত আন আন বেচৰকাৰী সংগঠনক আমাৰ চৰাই সংৰক্ষণ সম্পৰ্কীয় কাম–কাজৰ বিষয়ে অৱগত কৰোৱা আৰু তেওঁলোকৰ লগত এনে এটা সম্বন্ধ গঢ়ি তোলা যাতে অসমত বনৰীয়া চৰাই সংৰক্ষণৰ বাবে একেলগে কাম কৰিব পাৰি৷
· বনৰীয়া চৰাইৰ ব্যৱসায়, চিকাৰৰ বিভিন্ন পদ্ধতি আৰু ইয়াৰ অবৈধ বজাৰসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰু ইয়াক বন্ধ কৰিবৰ বাবে কাৰ্যপন্থা হাতত লোৱা৷
· বনৰীয়া চৰাইৰ চিকাৰ আৰু ব্যৱসায়ৰ বিষয়ে সময়ে সময়ে চৰকাৰ আৰু স্থানীয় প্ৰশাসনক অৱগত কৰা আৰু বনৰীয়া চৰাইৰ চিকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰী বিধি আৰু আইন অনুসৰি উপযুক্ত ব্যৱস্থা ল’বলৈ হেঁচা প্ৰয়োগ কৰা৷
আমাৰ সংগঠনৰ সদস্য আৰু এই প্ৰকল্পৰ সৈতে জড়িত সদস্যসকলৰ তৎপৰতাত ১৯৯২ চনতে আৰম্ভ কৰা ‘সমগ্ৰ অসম বনৰীয়া চৰাই পৰিৰক্ষণ শিবিৰ’প্ৰকল্পই ক্ৰমশঃ ইয়াৰ উদ্দেশ্যৰ সফলতাৰ পিনে আগুৱাই গৈছে৷ এই সংক্ৰান্তত যিকোনো বাস্তৱিক পৰামৰ্শ আপোনাৰ পৰা পাবলৈ আমি আগ্ৰহী৷

আমি আমাৰ স্থানীয় বনৰীয়া চৰাই সংৰক্ষণৰ প্ৰতি সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব
প্ৰথমতেই আমি বুজিব লাগিব যে, আমাৰ স্থানীয় চৰাই বুলি ক’লে আমি কোনবোৰ চৰাইৰ কথা ক’বলৈ বিচাৰিছোঁ৷ স্থানীয় চৰাই বুলি ক’লে কি বুজায়? আমাৰ অসমত ৮০০ টাতকৈও অধিক চৰাই প্ৰজাতি পোৱা যায়৷ তাৰে ভিতৰত প্ৰায় ২৮০ টা পৰিভ্ৰমী চৰাই প্ৰজাতিও আছে৷ পৰিভ্ৰমী বা শীতৰ আলহী চৰাইবোৰ আমাৰে চৰাই, কিন্তু এই চৰাইবোৰক আমাৰ স্থানীয় চৰাই বুলি ক’ব নোৱাৰি৷ কিছুমান চৰাই বছৰৰ এটা নিৰ্দিষ্ট সময়লৈকে আমাৰ ইয়াত থাকে কিন্তু যেতিয়া সিহঁতৰ বাহ নিৰ্মাণৰ সময় হয়, কণী পৰাৰ সময় হয় তেতিয়া এই চৰাইবোৰে আমাৰ অঞ্চল এৰি গুচি যায়৷ আমাৰ অঞ্চলত বা অসমত যিবোৰ চৰাইয়ে পোৱালি নজগায় সেইবোৰ চৰাইক আমাৰ অৰ্থাৎ অসমৰ স্থানীয় চৰাই বুলি ক’ব নোৱাৰি৷ আনহাতে যিবোৰ চৰাইয়ে আমাৰ অসমতেই বাহ সাজে, বাহত কণী দিয়ে, কণীৰ পৰা পোৱালি জগায় আৰু পোৱালিবোৰক ইয়াতেই লালন–পালন কৰি ডাঙৰ–দীঘল কৰে সেই চৰাইবোৰেই আমাৰ স্থানীয় চৰাই৷ কোনো বিশেষ চৰাই প্ৰজাতি যদি বছৰটোৰ অধিকাংশ সময় অসমৰ বাহিৰত অতিবাহিত কৰে কিন্তু কণী দিয়াৰ সময়ত অসমলৈ আহে আৰু ইয়াতেই পোৱালি জগায়, তেনেহ’লে সেই প্ৰজাতি আমাৰ অৰ্থাৎ অসমৰ স্থানীয় চৰাই বুলি বিবেচিত হ’ব৷ অৰ্থাৎ কথাটো স্পষ্ট – আমাৰ ইয়াতে বাহ সজা, কণী দিয়া, পোৱালি জগোৱা আৰু পোৱালিবোৰক যিবোৰ চৰাইয়ে ইয়াতেই লালন–পালন কৰে, সেইবোৰেই আমাৰ স্থানীয় চৰাই৷
আমাৰ এই স্থানীয় চৰাইবোৰক সংৰক্ষণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ আমাৰ অসমত অধিকাংশ লোকে, জাৰকালি যেতিয়া পৰিভ্ৰমী চৰাইবোৰৰ আগমন হয় তেতিয়া চৰাইবোৰক লৈ উৎসাহিত হৈ উঠে, আমাৰ বাতৰি কাকত, আলোচনী ইত্যাদিত এই পৰিভ্ৰমী চৰাইবোৰক লৈ বিভিন্ন বাতৰি প্ৰকাশ পায়, আমাৰ ‘ফটোগ্ৰাফাৰ’সকলেও এই পৰিভ্ৰমী চৰাইবোৰৰ ছবি তোলাত ব্যস্ত আৰু উৎসাহিত হৈ উঠে, এই উৎসাহ ধনাত্মক আৰু প্ৰশংসনীয়৷ কিন্তু আমি যদি আমাৰ স্থানীয় চৰাইবোৰৰ বিষয়ত উদাসীন হৈ থাকোঁ, আমাৰ চিন্তা–চেতনাত, আমাৰ উৎসাহত আৰু আগ্ৰহত যদি আমাৰ স্থানীয় চৰাইবোৰে স্থান নাপায়; তেনেহ’লে সেয়া দুৰ্ভাগ্যজনক৷ যিসকলে স্থানীয় চৰাই সংৰক্ষণত আগ্ৰহ প্ৰদৰ্শন নকৰে, স্থানীয় চৰাইৰ বিষয়ে অৱগত নহয়, স্থানীয় চৰাইবোৰৰ প্ৰতি যদি তেওঁলোকৰ প্ৰেম–মৰম জাগ্ৰত নহয়, তেনেহ’লে তেওঁলোকৰ আলহী চৰাইবোৰৰ প্ৰতি আগ্ৰহ, কৃত্ৰিমতা আৰু খন্তেকীয়া আৱেগৰ বাহিৰে আৰু একো নহয়৷


আমাৰ অসমত শীতৰ আলহী চৰাইবোৰ অধিকাংশ আহে ইউৰোপৰ দেশবোৰৰ পৰা৷ বিভিন্ন প্ৰজাতিৰ হাঁহ, ৰাজহাঁহ, আদ্ৰৰ্ভূমিৰ আলহী চৰাইবোৰ আহে ইউৰোপ তথা পশ্চিমৰ দেশবোৰৰ পৰা৷ আজিলৈকে কোনো এটা আলহী চৰাইৰ প্ৰজাতি লুপ্তপ্ৰায় প্ৰজাতিলৈ গতি কৰা নাই৷ আনহাতে আমাৰ স্থানীয় চৰাইৰ অধিকাংশ প্ৰজাতিৰ সংখ্যা অত্যন্ত কমি আহিছে, কিছুমান স্থানীয় চৰাইৰ প্ৰজাতি লুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাভুক্ত হৈছে৷
তাৰ কাৰণ আমাৰ আলহী চৰাইবোৰৰ বাহ, কণী আৰু পোৱালিবোৰ ইউৰোপৰ দেশবোৰত সুৰক্ষিত৷ আনফালে আমাৰ স্থানীয় চৰাইবোৰৰ বাহ, কণী, পোৱালি আৰু বাসস্থান মুঠেও সুৰক্ষিত নহয়৷ ইউৰোপৰ লোকসকলে তেওঁলোকৰ স্থানীয় চৰাইবোৰক সুৰক্ষিত কৰিছে কিন্তু আমি আমাৰ স্থানীয় চৰাই সুৰক্ষাৰ ক্ষেত্ৰত উদাসীন৷ এই মানসিকতাৰ, এই অৱস্থাৰ পৰিৱৰ্তন হ’ব লাগিব৷ আমাৰ আলহী চৰাইবোৰক আমি পূৰ্ণ সুৰক্ষা দিব লাগিব, লগতে আমাৰ স্থানীয় চৰাইবোৰক আমি সংৰক্ষিত কৰিব লাগিব, স্থানীয় চৰাইবোৰৰ বাহ, কণী, পোৱালি আৰু বাসস্থানক সুৰক্ষিত কৰিব লাগিব৷
আমাৰ অসমত আমি প্ৰায় ২৩ প্ৰজাতিৰ বনৰীয়া হাঁহ দেখা পাওঁ৷ তাৰে ভিতৰত মাত্ৰ ৬টা প্ৰজাতি আমাৰ স্থানীয় চৰাই তথা স্থানীয় বনৰীয়া হাঁহ৷ এই ছয়টা প্ৰজাতিৰ ভিতৰত তিনিটা প্ৰজাতি বৰ্তমানে লুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাভুক্ত৷ বাকী তিনিটাৰ সংখ্যাও যথেষ্ট কমি আহিছে৷ আমাৰ স্থানীয় বনৰীয়া হাঁহবোৰ হ’ল – [১] বৰশৰালি, [২] শৰালি হাঁহ, [৩] নাকত খেৰি, [৪] কিকি হাঁহ, [৫] ফুটকী হাঁহ, [৬] দেওহাঁহ৷ স্থানীয় চৰাইবোৰ সংৰক্ষণ কৰিবলৈ হ’লে স্থানীয় চৰাইবোৰৰ বাসস্থান, খাদ্য, বাহ নিৰ্মাণৰ সময়, প্ৰজনন আৰু প্ৰজাতি সম্পৰ্কে আমাৰ স্বচ্চ ধাৰণা থাকিব লাগিব৷

আমাৰ অসমত আৰু এটা স্থানীয় বনৰীয়া হাঁহ আছিল৷ এইবিধ হাঁহ দেখাত অত্যন্ত ধুনীয়া আছিল৷ ইহঁতৰ মতা হাঁহৰ মূৰ আৰু ডিঙিৰ বৰণ আছিল গোলপীয়া বৰণৰ, সেইবাবে এইবিধ হাঁহৰ নাম আছিল গোলাপীমূৰীয়া হাঁহ, ইংৰাজীত Pink-Headed Duck [বৈজ্ঞানিক নাম – Rhodonessa earyophyllacea]৷ স্থানীয় চৰাই সংৰক্ষণৰ প্ৰতি আমাৰ উদাসীনতা তথা অৱহেলাৰ বাবে, এই স্থানীয় হাঁহ প্ৰজাতিটো পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে৷ সেইবাবেই আমাৰ – ‘সমগ্ৰ অসম বনৰীয়া চৰাই পৰীৰক্ষণ শিবিৰ’ প্ৰকল্পৰ প্ৰতীক ৰূপে আমি গোলাপীমূৰীয়া হাঁহক গ্ৰহণ কৰিছোঁ যাতে গোলাপীমূৰীয়া হাঁহৰ ছবিখনে আমাক নিৰন্তৰভাৱে এই বাৰ্তা প্ৰদান কৰে যে – আমি যেন আমাৰ স্থানীয় চৰাই সংৰক্ষণৰ ক্ষেত্ৰত কেতিয়াও উদাসীনতা প্ৰদৰ্শন নকৰোঁ৷ গোলাপীমূৰীয়া হাঁহৰ দৰে আমাৰ কোনো স্থানীয় চৰাই যাতে ভৱিষ্যতে বিলুপ্ত হৈ নাযায়৷

