Natural History and it’s unsolved mysteries

অসমৰ অজানা, অদৃশ্য আৰু ৰহস্যাবৃত বনমানুহৰ কথা

Soumyadeep Datta Article

সৌম্যদ্বীপ দত্ত

IMG-20220619-WA0007

Homo habilis

বনমানুহ আমাৰ ওচৰত এটা পৰিচিত শব্দ। বহুসময়ত আমি আমাৰ অসমত পোৱা ভাৰতৰ একমাত্ৰ এপ প্ৰজাতি ‘হলৌ বান্দৰ’ক বনমানুহ নামেৰে নামকৰণ কৰোঁ। আজি কিন্তু আমি হলৌৰূপী বনমানুহবোৰক লৈ আলোচনা কৰিবলৈ লোৱা নাই। আজি আমাৰ আলোচনাৰ বিষয়বস্তু সেই অজানা, অদৃশ্য আৰু ৰহস্যাবৃত বনমানুহবোৰক লৈ, যিসকলৰ কথা শুনিবলৈ পোৱা যায় বিভিন্ন লোকৰ মুখে মুখে। কোনোবাই আকৌ এই অদ্ভুত প্ৰাণীটোক দেখিছে বুলিও দাবী কৰে। কিন্তু এতিয়ালৈকে সিহঁতৰ অস্তিত্বৰ বৈজ্ঞানিক প্ৰমাণ আমাৰ হাতত নাই। তাৰ মানে কি বনমানুহ বুলি একো নাই? নে আছে?

অসমতো সময়ে সময়ে অদ্ভুত কিছুমান জংঘলী অৰণ্যবাসী ৰহস্যময় মানুহৰ অস্তিত্বৰ কথা শুনা যায়। বহুতেই এই অদ্ভুত প্ৰাণীটোক বনমানুহ বুলি অভিহিত কৰে। আমাৰ ৰাজ্যত অকল যে মানুহৰ মুখে মুখে এই বনমানুহবোৰৰ কথা শুনিবলৈ পোৱা যায় সেয়াই নহয়, আনকি এই বনমানুহবোৰৰ কথাই বিভিন্ন সময়ত বাতৰিকাকত, আলোচনী আৰু কিতাপতো স্থান পাইছে। উত্তৰ-পূব ভাৰতৰ বিভিন্ন অঞ্চলত স্থানীয় লোকসকলৰ মুখত আমি বনমানুহবোৰৰ অস্তিত্বৰ কথা শুনো। কাৰ্বি আংলং জিলাৰ অৰণ্যত, গোলাঘাট জিলাৰ অৰণ্যত, জয়পুৰ বৰ্ষাৰণ্যত, মেঘালয়ৰ অৰণ্যত আৰু অৰুণাচলৰ বিভিন্ন অঞ্চলত আমি বনমানুহৰ অস্তিত্বৰ কথা শুনিবলৈ পাওঁ। অকল উত্তৰ-পূব ভাৰততেই নহয়, পৃথিৱীৰ বিভিন্ন অঞ্চলত বনমানুহবোৰৰ নিচিনা কিছুমান ৰহস্যময় মানুহৰ অস্তিত্বৰ কথা আমি জানো। বহু অঞ্চলত বনমানুহৰ অস্তিত্বৰ এই বিশ্বাস কিংবদন্তিত পৰিণত হৈছে। পৃথিৱীত ৰহস্যময় মানুহৰ অস্তিত্বক লৈ সকলোতকৈ অধিক আলোচনা হৈছে ‘য়েতি’ নামৰ এক প্ৰাণীক কেন্দ্ৰ কৰি, যিবোৰে গভীৰ অৰণ্য বা দুৰ্গম অঞ্চলত বাস কৰে।

‘য়েতি’ক লৈ বৈজ্ঞানিক পদ্ধতিত অনুসন্ধান আৰম্ভ হয় এই শতিকাৰ আৰম্ভণিত। ১৯২১ চনৰ কথা, তেতিয়াও হিমালয় অপৰাজেয় হৈ আছে, কিন্তু পৰ্বতাৰোহীসকলে আপ্ৰাণ চেষ্টা চলাইছে তুষাৰ শৃংগ পৃথিৱীৰ সৰ্বোচ্চ স্থান, এভাৰেষ্ট জয়ৰ। এটাৰ পিছত এটা অভিযান চলিছে। বেছিভাগেই ইউৰোপীয় অভিযাত্ৰী আৰু চেৰপাসকল হ’ল সিহঁতৰ সহযাত্ৰী, কিছুমান তিব্বতী আৰু নেপালী চেৰপাও আছে। ১৯২১ চনৰ অভিযাত্ৰী দলৰ অন্যতম সদস্য আছিল এৰিক চিপটন নামৰ এজন পৰ্বতাৰোহী। এই এৰিক চিপটনে হিমালয়ৰ এনেকুৱা এক দুৰ্গম অঞ্চলত হাজিৰ হৈছিল, য’ত তাৰ পূৰ্বে কোনো মানুহ যোৱা নাই। তাতে চিপটনে বৰফৰ ওপৰত শাৰী পাতি যোৱা ভৰিৰ খোজ দেখা পাইছিল, যেন অলপ আগতেই সেই স্থানেৰে কোনো মানুহ খোজকাঢ়ি গৈছে। সেই ভৰিৰ খোজৰ ছবিও ছিপটনে তুলি আনিছিল আৰু তেতিয়াৰপৰাই সভ্য দুনীয়াত ‘য়েতি’ক লৈ হৈ-চৈ আৰম্ভ হয়। ইমানদিনে যিসকলে ‘য়েতি’ৰ কথা এটা আজগৰী গল্প বুলি উৰুৱাই দিছিল সিহঁতো বৰ্তমানে ‘ছিৰিয়াছ’ হৈ উঠিল। বিজ্ঞানীসকলৰ মাজত কিছুমানে অনুমান কৰিলে—য়েতি একধৰণৰ প্ৰাচীন এনথ্ৰ’পয়ড গোষ্ঠীৰ জীৱ, মানুহৰ ক্ৰমবিকাশৰ বংশৰ ধাৰাত, এই বিভিন্ন প্ৰজাতিৰ কথা ইমানদিন তেখেতসকলে জনা নাছিল। ‘য়েতি’ৰ ভৰিৰ ছাপৰ পৰা বিজ্ঞানীসকলৰ ধাৰণা হ’ল যে ‘য়েতি’বোৰ ভালুকো নহয়, মানুহো নহয় আৰু বান্দৰো নহয়। ‘য়েতি’ ক্ৰমৱিকাশৰ পথত এক বিচ্ছন্ন প্ৰাণী। তথাপি এই অতি উচ্চতাৰ চিৰতুষাৰ ৰাজ্যত কোন প্ৰাণী জীয়াই থাকিব পাৰে? ‘য়েতি’ৰ অস্তিত্বক লৈ সন্দেহ আৰু বিতৰ্ক থাকিয়েই গৈছে। ১৯৬০-৬১ চনত ছাৰ এডমণ্ড হিলাৰীয়ে য়েতিক জীৱন্তে ধৰাৰ বাবে অভিযান আৰম্ভ কৰে, কিন্তু সেই অভিযান শেষত গৈ ৰহস্যাবৃত হৈ থাকিল। কিন্তু তিব্বতী লামাসকলে গভীৰভাৱে ‘য়েতি’ৰ অস্তিত্বৰ কথা বিশ্বাস কৰে। ‘ওদেত চেৰনাইন’ নামৰ এক লেখিকাই য়েতি সম্পৰ্কে এখন কিতাপ লিখিছিল; সেই কিতাপখনেও ‘য়েতি’ সম্পৰ্কে বহুতৰ মনত বহু কৌতূহল জগাই তোলে। এই কিতাপখনৰ নাম ‘দ্য স্নোমেন এণ্ড কোম্পানী’। তুষাৰ মানৱ বা য়েতি সম্পৰ্কে এই কিতাপখনত কিছুমান জনজাতীয় বিশ্বাসৰকথা লিখা আছে, যিবোৰ শুনিবলৈ সাধুকথাৰ দৰে।

 

এই কিতাপখনত য়েতিৰ জন্ম সম্পৰ্কে কোৱা হৈছে যে বহু যুগ আগতে বান্দৰগোষ্ঠীয় এক ৰজাই হেনো এজনী পাহাৰী কুঁৱৰীক বিয়া কৰাইছিল, কিন্তু তিব্বতীসকলে এই বিয়াক মানি নল’লে। ফলত সিহঁত গুচি গৈছিল দুৰ্গম তুষাৰ ৰাজ্যলৈ, তুষাৰ মানৱ বা য়েতিসকল হেনো সিহঁতৰ বংশধৰ। য়েতি এনকুৱা এক বনমানুহ বা তুষাৰ মানুহ, যাৰ অস্তিত্বক লৈ এতিয়াও বিতৰ্ক চলি আছে। আমাৰ অসমতো বনমানুহৰ কথা প্ৰচলিত আছে বহুত গাঁৱত, বিশেষকৈ পাহাৰ বা গভীৰ অৰণ্যৰ ওচৰৰ গাঁওবোৰৰ মানুহৰ মুখত বনমানুহবোৰক লৈ জনশ্ৰুতি প্ৰচলিত আছে। কিছুদিন আগতে বাতৰিকাকতৰ পৃষ্ঠাতেই পৰাগ বৰ্মনে অসমত বনমানুহৰ অস্তিত্বৰ কথা লিখিছিল। কোনো এজন প্ৰত্যক্ষদৰ্শীয়ে হেনো বনমানুহৰ কথা তেখেতক কৈছিল। কাৰ্বি আংলংৰ জংঘলত ‘কেংলেংপো’ নামৰ বনমানুহক হেনো বহুতেই প্ৰত্যক্ষ কৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰ বৰ্ষাৰণ্যত বনমানুহক প্ৰত্যক্ষ কৰা তিনিজন ব্যক্তিৰ লগত মোৰ কথা হৈছিল। ভাতৃপ্ৰতিম মৃদুপৱন ফুকনকো জয়পুৰত বনমানুহ প্ৰত্যক্ষ কৰা ঘটনাৰ কথা এজন প্ৰত্যক্ষদৰ্শীয়ে কৈছিল, যিটো কথা মই মোৰ ‘অৰণ্যৰ ছাঁ-পোহৰ’ কিতাপখনত উল্লেখ কৰিছোঁ। আমাৰ ওচৰতো বিক্ষিপ্তভাৱে এনেকুৱা বহু খবৰ আহে আৰু বহুতো প্ৰত্যক্ষদৰ্শীৰপৰা বনমানুহবোৰৰ অস্তিত্বৰ কথা শুনিবলৈ পাওঁ, কিন্তু সঠিক নিৰ্ভৰযোগ্য প্ৰমাণৰ অভাৱত হয়তো সেইবোৰ কথা প্ৰতিষ্ঠিত নহয়। মই নিজে জংঘলত ইমান ঘূৰি ফুৰিছোঁ, কিন্তু বনমানুহ বা তেনেকুৱা কোনো জীৱৰ অস্তিত্বৰ সন্ধান এতিয়ালৈকে প্ৰত্যক্ষভাৱে পোৱা নাই। তাৰমানে বনমানুহ বা তেনেকুৱা কোনো জীৱৰ সন্ধান বা অস্তিত্ব নাই সেই কথাও মই ডাঠি ক’ব নোৱাৰো, বৰঞ্চ বিক্ষিপ্তভাৱে বনমানুহৰূপী ৰহস্যাবৃত যিবোৰ খবৰ যেনেকৈ আমাৰ অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ আছে, তাৰপৰা এইটো ভবাই স্বাভাৱিক যে বনমানুহ জাতীয় কোনো অজানা জীৱ আমাৰ কোনো কোনো অৰণ্যত থাকিবও পাৰে। বৰ্ণিও দ্বীপৰ ‘ওৰাং-ওটাং’বোৰকে স্থানীয় আদিবাসীসকলে প্ৰথমতে জংঘলৰ অদ্ভুত মানুহ বুলিয়েই ভাবিছিল। ‘ওৰাং-ওটাং’ কথাৰ অথৰ্ও জংঘলত থকা আদিমানৱ। আমাৰ অসমত বা উত্তৰ-পূব ভাৰতত অনাৱিষ্কৃত বা বিজ্ঞানে এতিয়ালৈকে নজনা কোনো বান্দৰজাতীয় প্ৰাণী বা প্ৰাইমেট থকাটো অস্বাভাৱিক নহয়। হয়তো এই অজানা প্ৰাণীকেই কেতিয়াবা কেতিয়াবা কোনোবাই দেখিছে আৰু তাৰ পৰাই বনমানুহৰ ধাৰণাৰ উদ্ভৱ। পৃথিৱীত এনেকুৱা বহু জীৱ আছে যিবোৰ জনশ্ৰুতি, কিংবদন্তি আৰু লোককথাত সিঁচৰতি হৈ আছে। এই প্ৰাণীবোৰৰ অস্তিত্ব আছে নে নাই সেয়া সঠিককৈ কোনেও ক’ব নোৱাৰে, ইয়াৰ পৰাই বিজ্ঞানৰ এটানতুন শাখাৰ জন্ম হৈছে, নাম—ক্ৰিপ্টোজুলজী। অসমীয়াত এই শাখাক কি কোৱা যায়? ৰহস্যাবৃত প্ৰাণীতত্ত্ব? হয়, অসমৰ বনমানুহ, কেংলেংপো ইত্যাদিও এই ক্ৰিপ্টোজুলজী বা ৰহস্যাবৃত প্ৰাণীতত্ত্বৰ বিষয়বস্তু। কোনোধৰণৰ প্ৰমাণ দিব নোৱাৰিলেও জনশ্ৰুতি, বিশ্বাস আৰু লোককথা যে কিতায়াবা সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব পাৰে সেই কথা বৰ্তমানৰ এটা প্ৰত্নতাত্ত্বিক আৱিষ্কাৰে প্ৰমাণ কৰিছে। অসমত বনমানুহৰ বিশ্বাস আৰু জনশ্ৰুতিৰ নিচিনা মধ্য সুমাত্ৰাৰ জংঘলত ‘ওৰাং পেন্দেক’ নামৰ এটা জীৱৰ কথা সেই অঞ্চলৰ আদিবাসীসকলৰ মুখত শুনা যায়। মালয় দ্বীপপুঞ্জৰ লোককথাত আৰু জনবিশ্বাসত বৰ্তমানেও জীৱিত হৈ আছে এই প্ৰাণী। এই প্ৰাণীবোৰ হেনো দেখাত মানুহৰ নিচিনা, কিন্তু বামন আকৃতিৰ, গোটেই শৰীৰত নোম, থাকে গভীৰ জংঘলত। বহুখিনিয়েই আমাৰ প্ৰচলিত বনমানুহ বা কেংলেংপোৰ নিচিনা। ২৮ অক্টোবৰ, ২০০৪ৰ নেচাৰ্ছ পত্ৰিকাত প্ৰকাশিত দুখন গৱেষণা পত্ৰই তথা প্ৰবন্ধই বিজ্ঞানী মহলত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। এই গৱেষণা-প্ৰবন্ধৰ মূল লেখক অষ্ট্ৰেলিয়াৰ আৰ্মিডেল-এ, নিউ ইংলেণ্ড বিশ্ববিদ্যালয়ৰ দুই অধ্যাপক পিটাৰ ব্ৰাউন আৰু মাইকেল মৰউড। এই বিজ্ঞানীসকলে আলোচনা কৰিছে ইণ্ডোনেছিয়াৰ এটা দ্বীপত গুহাৰ মাজত আৱিষ্কৃত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ কথা। ‘ফ্লৰেছ দ্বীপ’, যিটো বালিৰ পৰা ৫৫০ কিলোমিটাৰ দূৰত অৱস্থিত, তাতেই এটা চূণশিলৰ মজিয়া খান্দোঁতে পোৱা গৈছে সাতটা দেহৰ হাড়, যাৰ মাজত এটা প্ৰায় সম্পূৰ্ণ কংকাল। ফ্লৰেছ দ্বীপৰ লিয়াংবোৱা নামৰ অঞ্চলত এই কংকাল পোৱা গৈছে। সেয়েহে তাৰ নাম দিয়া হছে এল বিওৱান। ব্ৰাউন আৰু মৰউডে জনাই আছে যে সেই কংকালবোৰ আচলতে এটা বিশেষ প্ৰজাতিৰ মানুহ, যিসকলে আজিৰ পৰা ১৩,০০০ বছৰ আগেত এছিয়া মহাদেশৰ এই অঞ্চলত বসবাস কৰিছিল। জীৱবিজ্ঞানৰ নিয়ম মানি ফ্ল’ৰেছ দ্বীপৰ এই মানুহবোৰৰ নাম দিয়া হৈছে ‘হ’মফ্লোৰেচিয়েনছিছ’। ইহঁতৰ আৱিষ্কাৰৰ ফলত বিজ্ঞানীসকলে মানুহৰ বিৱৰ্তনৰ ইতিহাস নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে। সকলোতকৈ আচৰিত কথা, এই মানুহবোৰ উচ্চতাত আছিল মাত্ৰ তিনিফুট, বামন সদৃশ, যেনেকুৱাকৈ প্ৰচলিত আছে মালয় দ্বীপপুঞ্জৰ লোককথাত। ১৩,০০০ বছৰৰ আগতেও সিহঁত জীয়াই আছিল এই অঞ্চলত, বিৱৰ্তনৰ লক্ষ লক্ষ বছৰৰ তুলনাত ১৩,০০০ বছৰ মাথো সেইদিনাৰ কথা। এই হ’মফ্লোৰেচিয়েনছিছসকলৰ লাওখোলা আছিল আৰু আৰু তাতে মগজুৰ পৰিমাণো আছিল বহু কম। আধুনিক মানুহৰ প্ৰায় চাৰিভাগৰ এভাগ, অৰ্থাৎ চিম্পাঞ্জীৰ মস্তিষ্কতকৈও সৰু। যুগ যুগ ধৰি বিচ্ছন্ন অৱস্থাত দ্বীপৰ মাজত বংশবৃদ্ধি কৰি থাকিলে প্ৰাণীবোৰ আকাৰত সৰু হৈ যায়, হয়তো অপৰ্যাপ্ত খাদ্য তাৰ এটা কাৰণ, এই বামন মানুহবোৰৰ মগজু কম বা সৰু হ’লেও ইহঁত যে কম বুদ্ধিমান আছিল সেইটো কিন্তু নহয়। এই প্ৰজাতিৰ মানুহবোৰ আছিল যথেষ্ট বুদ্ধিমান, সিহঁতে বিভিন্ন ধৰণৰ অস্ত্ৰ–শস্ত্ৰ বনাব পাৰিছিল, চিকাৰ কৰিছিল আৰু দলবদ্ধভাৱে গুহাত বসবাস কৰিছিল। সেই সময়ত এই দ্বীপত ‘ষ্টেগ’ডন’ নামৰএটা সৰু প্ৰজাতিৰ হাতী বসবাস কৰিছিল। এই পশুৱে আছিল ফ্লোৰেচিয়েনছিছৰ প্ৰিয় চিকাৰ। হয়তো ষ্টেগ’ডনৰ মাংস সিহঁতৰ বৰ প্ৰিয় আছিল। এই হ’মফ্লোৰেচিয়েনছিছসকলৰ মগজুৰ পৰীক্ষা-নিৰীক্ষা আৰু বুদ্ধিৰ বিশ্লেষণৰ পিছত ভুল প্ৰমাণিত হৈছে বিজ্ঞানীসকলৰ আৰু এটা পুৰণি ধাৰণা। সেইটো হ’ল মস্তিষ্ক ডাঙৰ হ’লেই প্ৰাণী বেছি বুদ্ধিমান নহয়। হ’মফ্লোৰেচিয়েনছিছৰ মগজু আছিল বৰ্তমানৰ চিম্পাঞ্জীতকৈও কম, কিন্তু বুদ্ধিত সিহঁত আছিল চিম্পাঞ্জীতকৈ বহুত উচ্চখাপৰ। সিহঁতে শিলৰ অস্ত্ৰ-শস্ত্ৰও বনাব জানিছিল।

এছিয়া মহাদেশত এইধৰণৰ মানুহৰ প্ৰজাতি যদি কিছু হাজাৰ বছৰ আগলৈকেও জীয়াই থাকিব পাৰে, তেনেহ’লে এছিয়াৰ দুৰ্গম অৰণ্যত এনেকুৱা কোনো প্ৰাণীৰ অস্তিত্বৰ কথা সম্পূৰ্ণ উৰুৱাই দিব পৰা নাযায়। অসম, উত্তৰ-পূব ভাৰতৰ আন আন ৰাজ্য চীনদেশ, ব্ৰহ্মদেশ, থাইলেণ্ড ইত্যাদি দেশৰ অৰণ্যবোৰ ইখনে আনখনৰ লগত সংযুক্ত হৈ আছে। ফলত এই বিস্তীৰ্ণ অৰণ্যত হয়তো বা কোনো বান্দৰজাতীয় বা মানুহৰ সমগোত্ৰীয় নতুন প্ৰজাতিৰ প্ৰাণীৰ অস্তিত্ব থাকিবও পাৰে। প্ৰশ্ন হ’ব পাৰে—যদি তেনেকুৱা কোনো জীৱ এই অৰণ্যবোৰত থাকে, তেনেহ’লে আমি সিহঁতক দেখা নাপাওঁ কিয়? কিন্তু কথা হ’ল, অৰণ্যত যিসকলে নিৰ্জনতা পছন্দ কৰে, তেনেকুৱা বন্যপ্ৰাণীবোৰকেইবা আমি অৰণ্যত কিমান দেখা পাওঁ? যদি বুদ্ধিমান কোনো জীৱ, যিসকলে নিজকে মানুহৰ চকুত ধৰা দিব নোখোজে বা মানুহৰ পৰা আঁতৰি ফুৰে, তেনেকুৱা জীৱক দেখা পোৱা সহজ নহ’বও পাৰে। সকলোতকৈ ডাঙৰ কথা, অসমত এই ৰহস্যময় বনমানুহৰূপী প্ৰাণীবোৰক বিচৰাৰ চেষ্টাওতো আমি কেতিয়াও কৰা নাই। কোনে ক’ব পাৰে ক্ৰিপ্টোজুলজীৰ বিষয়বস্তু আমাৰ এই অদৃশ্য বনমানুহবোৰে কেতিয়াবা কিজানি বাস্তৱভাৱে প্ৰকাশ পাবও পাৰে?