সম্পাদকীয়, জানুৱাৰী ২০২৪

WhatsApp Image 2023-07-01 at 00.19.15

কংকণা দাস

নেচাৰ্চ বেকনে ২০২৪ ইং বৰ্ষৰ ১৯, ২০ আৰু ২১ জানুৱাৰী তাৰিখে পবিতৰাত বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ আয়োজন কৰে। পবিতৰাৰ মায়বং ইকো ৰিজৰ্টৰ স্বত্বাধিকাৰী শ্ৰী যুত নৃপেন নাথৰ সহযোগিতাত অনুষ্ঠিত এই উৎসৱৰ মূল উদ্দেশ্য আছিল বনৰীয়া চৰাই তথা প্ৰকৃতি সংৰক্ষণ। জন্ম লগ্নৰে পৰাই নেচাৰ্চ বেকনে প্ৰকৃতি – পৰিৱেশ সংৰক্ষণৰ হকে নিত্য নতুন চিন্তাৰে ব্যতিক্ৰমী কাম কৰি আহিছে। পবিতৰাৰ এই উৎসৱো ঠিক তেনে কিছু আদৰ্শৰে প্ৰভাৱান্বিত। এই উৎসৱৰ মূল উদ্দেশ্য আছিল সংৰক্ষণ। আমি সকলোৱে বনৰীয়া চৰাই আৰু প্ৰকৃতিত ইয়াৰ ভূমিকা আৰু অৱদানৰ বিষয়ে অৱগত। নতুন প্ৰজন্মলৈ এই সংৰক্ষণ বাৰ্তা বহন কৰাটো অতীৱ প্ৰয়োজনীয়। আমাৰ চৌপাশৰ বিনন্দীয়া চৰাই সমূহৰ সুৰক্ষা আৰু সংৰক্ষণ তেতিয়াহে সফল হ’ব যেতিয়া ইয়াৰ সংৰক্ষণৰ বাৰ্তা জনগণৰ মাজলৈ যাব। সেয়ে পবিতৰা, মায়ং অঞ্চলৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী, কৃষক সমাজক লৈ অনুষ্ঠিত কৰা এই সংৰক্ষণ উৎসৱ পবিতৰাৰ সংৰক্ষিত ভৱিষ্যতলৈ আৰু এখোজ সুদৃঢ় কৰিলে। পবিতৰালৈ সঘনাই গৈ থকা প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰিব যে মায়ংৰ মায়াময় পৰিৱেশ যেন কংক্ৰিটৰ আৱৰণত আবদ্ধ হৈ গৈ আছে। পবিতৰা অভয়াৰণ্যৰ চৌপাশৰ এই পৰিৱেশত তাৰ স্থানীয় জনসাধৰণক সজাগ কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ উঠিছে। মায়বং ইকো ৰিজৰ্টৰ শ্ৰী নৃপেন নাথ ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলে অতি সুন্দৰকৈ পবিতৰা অঞ্চলত সংৰক্ষণৰ কাম কৰি আহিছে। মায়বং ইকো ৰিজৰ্টৰ আৰণ্যিক পৰিৱেশলৈ চালে এই কথা অধিক স্পষ্ট হয়। প্ৰকৃতিৰ সুৰক্ষাৰ হকে ৩৫-৪০ বছৰ কটাই অহা মানুহগৰাকীৰ জীৱনবোধো খুব সুন্দৰ। তেওঁৰ লগতে তেওঁৰ ৰিজৰ্টৰ সহযোগীসকলো প্ৰকৃতিক লৈ সদায় সচেতন আৰু সজাগ। ৰাতিপুৱা মায়বং ইকো ৰিজৰ্টত Oriented Pied Hornbillৰ কাকলিৰে মুখৰিত হৈ উঠে। এই হৰ্ণবিল জাকৰ অনুপম দৃশ্য চাবলৈ ৰিজৰ্টখনলৈ বহু পৰ্যটকৰ আগমন হয়। নৃপেন নাথ ডাঙৰীয়া নেচাৰ্চ বেকনৰ এগৰাকী নিষ্ঠাৱান কৰ্মী আৰু এই হৰ্ণবিল জাকৰ লগতে অইন বন্যপ্ৰাণ সংৰক্ষণৰ হকে তেওঁ মায়ং ৰাইজৰ সৈতে বহুকো কাম কৰিছে। সচেতন পৰ্যটকৰ মায়বং ইকো ৰিজৰ্ট ভ্ৰমণে তেওঁৰ সংৰক্ষণৰ কাম-কাজক যথেষ্ট অগ্ৰগতি প্ৰদান কৰিব বুলি আমি বিশ্বাসী। নেচাৰ্চ বেকনৰ এই চৰাই সংৰক্ষণ উৎসৱত তাৰ স্থানীয় ৰাইজৰ লগতে ধেমাজি, ডিব্ৰুগড়, নলবাৰী, মঙলদৈ, ছিপাঝাৰ, ওদালগুৰি, গোৱালপাৰা, কামৰূপ আদিকে ধৰি সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰকৃতি সংৰক্ষণ সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰকৃতিবিদ ড° প্ৰবাল শইকীয়া, ভাস্কৰ বৰুৱা, সঞ্জীৱ গোঁহাই বৰুৱা, ইন্দ্ৰজিৎ দত্ত বিশিষ্ট লেখক বিপুল দেউৰী, শিক্ষাবিদ ড° জগদীন্দ্ৰ ৰায়চৌধুৰীকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ জ্ঞানেৰে শিবিৰৰ সমূহ অংশগ্ৰহণকাৰী আৰু স্থানীয় ৰাইজক সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰে। বনৰীয়া চৰাই সংৰক্ষণৰ এই উৎসৱত ‘The Seed’ সম্পৰ্কেও এক আলোচনা অনুষ্ঠিত হয়। য’ত মায়ঙ তথা পবিতৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰী সকলক ছচিয়েল মিডিয়াৰ মাধ্যমেৰে প্ৰকৃতি তথা বনৰীয়া চৰাই সংৰক্ষণৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰা হয়। ইয়াৰ উপৰিও বিশিষ্ট কবি তথা লেখক পংকজ গোবিন্দ মেধিৰ পৰিচালনাত প্ৰকৃতি সাহিত্যৰ এক সত্ৰও সফলতাৰে অনুষ্ঠিত কৰা হয়। 

 
The Seed ৰ জানুৱাৰী মাহৰ সম্পাদকীয়ত নেচাৰ্চ বেকনৰ এই বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ সম্পৰ্কীয় উল্লেখেৰে আমাৰ পঢ়ুৱৈ সকলক পবিতৰা অঞ্চলৰ ৰাইজৰ প্ৰকৃতিৰ প্ৰতি সহৃদয়তা আৰু সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ আগ্ৰহৰ বিষয়ে জনোৱাৰ সুযোগ গ্ৰহণ কৰিলো। মই নিজেও এই ব্যতিক্ৰমী সংৰক্ষণ উৎসৱৰ অংশীদাৰ হ’বলৈ পাই গৌৰৱবোধ কৰিছো। জন্ম লগ্নৰে পৰাই নেচাৰ্চ বেকনে সমগ্ৰ অসমতে বনৰীয়া চৰাই সংৰক্ষণৰ হকে কাম কৰি আহিছে। পৰিৱেশত, পৰিস্থিতি তন্ত্ৰত এই বনৰীয়া চৰাই সমূহৰ ভূমিকা অতুলনীয়। আমাৰ বনৰীয়া চৰাই সমূহ সংৰক্ষিত হৈ থাকক আৰু প্ৰাকৃতিক পৰিৱেশত সিহঁতে স্বাভাৱিক জীৱন যাপন কৰক নতুন বৰ্ষত এইয়াই আমাৰ কামনা।