- সৌম্যদ্বীপ দত্ত
বৰ্তমান বিশ্বত প্ৰাকৃতিক পানীৰ সংৰক্ষণ আৰু তাৰ ন্যায্য ব্যৱহাৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈ আছে৷ আধুনিক বিশ্বত পানী সংৰক্ষণৰ বিষয়টো কিন্তু এটা নতুন কথা৷ কিছুবছৰ আগলৈকে আধুনিক বিশ্বৰ অধিকাংশ দেশৰ মানুহে পানী সংৰক্ষণৰ কথাত বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷ পানীৰ প্ৰাচুৰ্যতা চকুৰ আগতে দৃশ্যমান হৈ থকাৰ বাবে অধিকাংশ মানুহৰ এটা ধাৰণা হৈছিল যে পানী এক অফুৰন্ত বস্তু সেয়েহে পানীৰ সংৰক্ষণৰ বিষয়ে পৃথিৱীৰ অধিকাংশ দেশৰ লোকেই উদাসীন আছিল আৰু সেই উদাসীনতা বৰ্তমানেও আমি প্ৰত্যক্ষ কৰোঁ৷ বৰ্তমানে কিছুবছৰ ধৰি আধুনিক গৱেষণা, অনুসন্ধান আৰু প্ৰযুক্তিগত উন্নত যন্ত্ৰপাতিৰ মাধ্যমে পৰীক্ষা–নিৰীক্ষা কৰি, আমাৰ আধুনিক বৈজ্ঞানিকসকলে পানীৰ গুৰুত্ব আৰু তাৰ সংৰক্ষণৰ কথাটো উপলব্ধি কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানে জাতিসংঘ (ৰাষ্ট্ৰসংঘ)আৰু বিশ্বৰ বিভিন্ন দেশে, বিশ্বৰ মানুহৰ মাজত পানী সংৰক্ষণ, বিশেষকৈ মিঠাপানী সংৰক্ষণৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ
কৰিছে৷ বিশ্বৰ বৈজ্ঞানিকসকলে বৰ্তমানে অনুভৱ কৰিছে যে পৃথিৱীত পানীৰ নাটনি হ’ব পাৰে, বিশেষকৈ মিঠাপানীৰ অভাৱৰ বাবে বিশ্বৰ বহু মানুহৰ সংকট উৎপন্ন হ’ব পাৰে৷ ২০২৩ চনত প্ৰস্তুত কৰা United Nations World Water Devlopment Report-ত কোৱা হৈছে যে পৃথিৱীৰ প্ৰায় ২৬ শতাংশ মানুহে খোৱাপানীৰ অভাৱত ভুগি আছে আৰু আমি যদি মিঠা পানী সংৰক্ষণৰ প্ৰচেষ্টা হাতত নলও, তেনেহ’লে এই পানীৰ সংকটত, পৃথিৱীৰ অধিকাংশ মানুহে ভুগিব লাগিব৷ জাতিসংঘৰ (ৰাষ্ট্ৰসংঘ)মতে প্ৰতিজন মানুহৰ বাবে দৈনিক ৫০ লিটাৰ পানীৰ যোগান হ’ব লাগে৷ তাৰে ভিতৰত ৰন্ধাবঢ়া কৰা, বাচন ধোৱা, গা ধোৱা, কাপোৰ ধোৱা, বিশুদ্ধ খোৱাপানী আৰু অন্যান্য সকলো কাম সম্পন্ন হ’ব লাগে৷ বৰ্তমান যুগত আহি, পৃথিৱীৰ আধুনিক বিজ্ঞানী আৰু উন্নত দেশবোৰে মিঠাপানীৰ গুৰুত্ব অনুভৱ কৰিছে৷
আমাৰ দেশ ভাৰতবৰ্ষৰ, প্ৰাচীন ঋষি–মুনি তথা সনাতন ভাৰতৰ প্ৰকৃতি বিজ্ঞানীসকলে হাজাৰ হাজাৰ বছৰ আগতেই মিঠাপানীৰ গুৰুত্ব উপলব্ধি কৰিছিল৷ অকল মিঠাপানীৰ গুৰুত্ব উপলব্ধি কৰালৈকে ভাৰতীয় সনাতনী পণ্ডিতসকলে সীমাবদ্ধ হৈ থকা নাছিল, মিঠাপানীৰ সকলো দিশ গৱেষণা আৰু অধ্যয়ন কৰি তাৰ মূল্যায়ন আৰু সকলো ধৰণৰ মিঠাপানীৰ পৰিস্থিতিতন্ত্ৰক তেওঁলোকে সংৰক্ষণ কৰিছিল৷ আৰু এটা সামাজিক ব্যৱস্থাৰ মাজেৰে হাজাৰ হাজাৰ বছৰ ধৰি এই বিষয়টো সম্পৰ্কে ভাৰতীয়সকলক অৱগত কৰাইছিল, লগতে অনুশীলনতো অভ্যস্ত কৰি তুলিছিল৷
‘দেৱতা’ শব্দটো প্ৰত্যেকজন ভাৰতীয়ৰ ওচৰত শ্ৰদ্ধাবাচক শব্দ৷ সনাতন ভাৰতীয় সমাজত ‘দেৱতা’ শব্দৰ মাধ্যমে উৎকৃষ্ট, শ্ৰদ্ধেয়, মনৰ মাজত নিত্য চৰ্চিত আৰু মঙ্গলময় শুভ শক্তিক প্ৰতীক ৰূপে, সমাজত উচ্চ স্থান দিয়া হৈছে৷ সনাতনী ভাৰতীয় সমাজত পানীক ‘বৰুণ দেৱতা’ ৰূপে প্ৰতিষ্ঠা কৰা হৈছে৷ পানীক ‘বৰুণ দেৱতা’ ৰূপে সমাজত প্ৰক্ষেপণৰ মাধ্যমে সমগ্ৰ সনাতনী ভাৰতীয় সমাজৰ লোকসকলক পানীৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ শিক্ষা প্ৰদান কৰা হৈছে৷ পানীৰ ব্যৱহাৰ পৃথিৱীৰ সকলো সমাজৰ লোকেই কৰিছে, পৃথিৱীৰ প্ৰতিটো প্ৰাণৰ জীৱনধাৰণৰ বাবে পানী অপৰিহাৰ্য কিন্তু পানীৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন আৰু পানীৰ কল্যাণকামী চৰিত্ৰৰ বাবে পানীক দেৱতা জ্ঞানে শ্ৰদ্ধা প্ৰদৰ্শনৰ আচৰণ, অকল আমাৰ সনাতন ভাৰতৰ প্ৰাচীন বিজ্ঞানী–গৱেষক তথা আচাৰ্য–মুনি, ঋষিসকলেই ভাৰতীয় সমাজত প্ৰতিষ্ঠা কৰিছে৷
ভাৰতীয় সনাতন পৰম্পৰাত, প্ৰাচীন কালৰে পৰা বৰ্তমান সময়লৈকে সামগ্ৰীকভাবে সকলো মিঠাপানীৰ উৎসক সংৰক্ষিত কৰা হৈছে৷ হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা ভাৰতীয় আধ্যাত্মিক চেতনাৰ মাধ্যমে বৰ্তমানেও সংৰক্ষিত আছে আমাৰ মিঠাপানীৰ উৎসবোৰ৷ ভাৰতৰ মিঠাপানীৰ অন্যতম প্ৰধান উৎস হ’ল গিৰিৰাজ হিমালয়া৷ সমগ্ৰ হিমালয় আৰু তাৰ তুষাৰমণ্ডিত শৃঙ্গবোৰ, লগতে হিমবাহবোৰ, ভাৰতীয় সনাতন পৰম্পৰাৰ অত্যন্ত শ্ৰদ্ধাৰ স্থান৷ হিমালয়ৰ সকলো বৰফাবৃত শৃঙ্গ, যেনে — নাঙ্গা পৰ্বত, অন্নপূৰ্ণা, চোমোলোংমা, সাগৰমাথা, কৈলাশ, মাকালু, ধলাগিৰি, লটচে, গছেৰব্ৰুম, কুম্ভকৰ্ণ ইত্যাদি প্ৰত্যেকটো বৰফাবৃত্ত শিখৰ সনাতনীসকলৰ সামাজিক আৰু আধ্যাত্মিক বন্ধনৰ দ্বাৰা সংৰক্ষিত৷ সনাতনীসকলে হিমালয়ৰ প্ৰতিটো শিখৰক শ্ৰদ্ধাৰে পূজা কৰি আহিছে, হিমালয়ৰ পৰিস্থিতিতন্ত্ৰ হাজাৰ হাজাৰ বছৰ ধৰি সংৰক্ষিত আছে সনাতন পৰম্পৰাৰ মাধ্যমে৷ যাৰ মাজেৰে সনাতনীসকলে সংৰক্ষিত কৰিছে হিমালয়ৰ মিঠাপানীৰ ভাণ্ডাৰবোৰক৷
ভাৰতীয় সনাতন পৰম্পৰাৰ মাধ্যমে হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা আজিলৈকে আমাৰ নদীবোৰৰ উৎসস্থল, নদীৰ সঙ্গম আৰু মোহনাবোৰ ধৰ্মক্ষেত্ৰ ৰূপে তথা পবিত্ৰ অঞ্চল ৰূপে সংৰক্ষিত৷ হিমালয়ৰ পৰা উৎপন্ন হোৱা নদীবোৰৰ উৎস যেনে — গঙ্গা, যমুনা, ব্ৰহ্মপুত্ৰ, সিন্ধু, ঝিলাম, চিনাব, ব্যাস, চন্দ্ৰভাগা, বিতস্তা ইত্যাদি সকলো নদীৰ উৎসবোৰ আমাৰ পূৰ্বপুৰুষসকলৰ দ্বাৰা হাজাৰ হাজাৰ বছৰ পূৰ্বতেই সংৰক্ষিত হৈছিল৷ অবিশ্বাস্য যেন লাগিলেও এই কথা সত্য যে অকল হিমালয়ৰ পৰা উৎপন্ন নদীবোৰৰ ক্ষেত্ৰতেই নহয়, ভাৰতৰ সকলো নদীৰ উৎসবোৰ ভাৰতীয়সকলৰ দ্বাৰা সংৰক্ষিত তথা আধ্যাত্মিক অঞ্চল ৰূপে সুৰক্ষিত৷ যেনে — পশ্চিমঘাট পৰ্বতমালাৰ পৰা সৃষ্টি হোৱা নদী গোদাবৰী, কাবেৰী, কৃষ্ণা পূৰ্বঘাট অঞ্চলৰ পৰা উৎপন্ন হোৱা নদী বৈতৰণী, বুদ্ধবালাংগা, ৰুশিকলীয়, পালাৰ, নাগাভালী, চম্পাৱতী ইত্যাদি সকলো নদীৰ উৎসবোৰ সনাতনী পৰম্পৰাত সংৰক্ষিত৷ আনকি সিন্ধু নদীৰ পৰা উৎপন্ন হোৱা আফগানিস্থানৰ কাবুল নদী, পাকিস্থানৰ ঝিলাম নদী, ভিয়েটনামৰ ৰঙানদী, মেকং নদী, ইন্দোনেচিয়াৰ চিটাৰুম, মুচি, মহাকাম নদী, বাংলাদেশৰ যমুনা, পদ্মা আৰু মেঘনা নদী, ভূটানৰ মানাস নদী, মচু নদী, পচু নদী আৰু মানডে নদী, নেপালৰ অৰুণ নদী, কোশী নদী, কালী গণ্ডকী নদী ইত্যাদি সকলো নদী ভাৰতীয় সনাতন পৰম্পৰাৰ দ্বাৰা সংৰক্ষিত আছিল৷ এটা সময়ত এই দেশবোৰত ভাৰতীয় সনাতন পৰম্পৰা প্ৰতিষ্ঠিত আছিল৷ আজিও আমাৰ দেশত, সকলো সৰু–ডাঙৰ নিজৰাবোৰ, গাঁৱৰ মানুহৰ পৰম্পৰাগত ধাৰ্মিক পৰিধিত সংৰক্ষিত আছে৷ ‘গঙ্গা’ শব্দটো প্ৰত্যেকজন ভাৰতীয়ৰ বাবে পবিত্ৰ তথা শ্ৰদ্ধাৰ এটা শব্দ৷ বৰ্তমানে গঙ্গা বুলি ক’লে আমাৰ অধিকাংশ মানুহে ‘গঙ্গা’ নদীক চিহ্নিত কৰিব৷ কিন্তু প্ৰাচীন কালত সনাতনী সমাজত গঙ্গা বুলি ক’লে পানীকে বুজোৱা হৈছিল৷ যেনে — পানীৰ ওচৰ–পাঁজৰত থকা চিলনীৰ নাম গঙ্গা চিলনী, ঠিক তেনেকৈ পানীৰ ওপৰত উৰি ফুৰা ফৰিঙৰ নাম গঙ্গা ফৰিং, আমাৰ অসমৰে এখন নদীৰ নাম গঙ্গাধৰ ইত্যাদি৷ পানীৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিয়ে পানীক গঙ্গা বুলি অভিহিত কৰা হৈছিল৷
ভাৰতৰ মহামুনি গৌতম বুদ্ধই আজিৰ পৰা প্ৰায় দুই হাজাৰ পাঁচশ বছৰ আগতে ভাৰতীয়সকলক স্পষ্ট ৰূপত পানী সংৰক্ষণৰ কথা কৈ গৈছে৷ ভাৰতীয় সনাতন ধাৰাৰ অন্যতম এটা ধাৰা হ’ল বৌদ্ধ ধাৰা, যাক আমি বহুতেই বৌদ্ধধৰ্ম বুলি অভিহিত কৰোঁ৷ মহাপুৰুষ গৌতম বুদ্ধই সকলো পানীৰ উৎসক পবিত্ৰ জ্ঞানেৰে সংৰক্ষণ কৰিবলৈ শিক্ষা প্ৰদান কৰিছে৷ সেয়েহে বৌদ্ধসকলে সকলো পানীৰ উৎস আৰু পানীত বসবাস কৰা প্ৰাণীবোৰক সংৰক্ষিত কৰি ৰাখে৷ ভাৰতৰ সনাতন বৌদ্ধধৰ্মৰ প্ৰভাৱ আৰু অনুশীলনৰ ফলত সমগ্ৰ তিব্বত অঞ্চলৰ বৌদ্ধধৰ্মৰ লোকসকলে, তিব্বতৰ সকলো নদী, নিজৰা আৰু পৰ্বতৰ উচ্ছতাত অৱস্থান কৰা বিল আৰু পানীৰ উৎসবোৰক পৰম্পৰাগতভাবে সংৰক্ষিত কৰি ৰাখিছে৷ আমাৰ অসমৰ সকলো প্ৰাচীন মন্দিৰৰ লগত পানী সংৰক্ষণৰ পৰম্পৰাগত ব্যৱস্থাটো এতিয়াও আমাৰ দৃষ্টিগোচৰ হয়৷ আমাৰ ভাৰতীয় পৰম্পৰাত, বহুত গুৰুত্বপূৰ্ণ পানীৰ উৎস ‘কুণ্ড’ নামেও সংৰক্ষিত আছে৷ এই কুণ্ডবোৰৰ কিছুমান আকৌ উষ্ণ প্ৰশ্ৰবন৷ ভূগৰ্ভৰ অভ্যন্তৰৰ পৰা এই কুণ্ডৰ পানীবোৰ নিৰ্গত হৈ নদী ৰূপে কেতিয়াবা প্ৰবাহিত হয়৷ যেনে — অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ড, অসমৰ ওদালগুড়ি জিলাৰ ভৈৰৱ কুণ্ড ইত্যাদি৷ আমাৰ দেশৰ উষ্ণ প্ৰশ্ৰবনবোৰো ভাৰতীয় প্ৰাচীন সনাতনী চেতনাৰে পৰম্পৰাগতভাৱে সংৰক্ষিত৷ ১০,৪৪২ ফুট উচ্ছতাত অৱস্থিত নুব্ৰা উপত্যকাৰ পানামিক উষ্ণ–প্ৰশ্ৰবনৰ পৰা আৰম্ভ কৰি কুল্লুৰ ৰ্খিৰ গঙ্গা উষ্ণ প্ৰশ্ৰবন, মণিকৰণ উষ্ণ প্ৰশ্ৰবন, তাতপানী উষ্ণ প্ৰশ্ৰবন, গৌৰীকুণ্ড উষ্ণ প্ৰশ্ৰবন, ইউমথাং উষ্ণ প্ৰশ্ৰবন, ঋষী উষ্ণ প্ৰশ্ৰবন ইত্যাদি সকলো উষ্ণ প্ৰশ্ৰবন ভাৰতীয় সনাতনী প্ৰাচীন পৰম্পৰাৰ দ্বাৰা সংৰক্ষিত৷ উল্লেখযোগ্য যে ঋষী আৰু ইউমথাং উষ্ণ প্ৰশ্ৰবন আমাৰ উত্তৰ–পূৰ্বাঞ্চলৰ চিকিম ৰাজ্যত অৱস্থিত৷
প্ৰাচীন ভাৰতত নদী অধ্যয়ন আছিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়৷ নদী অধ্যয়নৰ অৰ্থ আছিল সামগ্ৰীকভাবে সভ্যতাৰ অধ্যয়ন৷ নদীক অধ্যয়ন কৰিবলৈ হ’লে যেনেদৰে বৈজ্ঞানিক জ্ঞান তথা বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ প্ৰয়োজন তেনেকৈ নদীক অধ্যয়ন কৰিবলৈ পদাৰ্থ বিজ্ঞানৰ জ্ঞান, ভৌগোলিক জ্ঞান, উদ্ভিদ আৰু প্ৰাণী বিজ্ঞানৰ জ্ঞান, নৃতাত্ত্বিক জ্ঞান, কৃষি বিজ্ঞান, জলবায়ু আৰু বতৰ বিজ্ঞানৰ জ্ঞান, বেপাৰ–বাণিজ্যৰ জ্ঞান, মুঠতে সামগ্ৰীকভাৱে মানুহক সামাজিকভাৱে ধাপে ধাপে অগ্ৰতা প্ৰদানৰ জ্ঞান, নদীক অধ্যয়ন আৰু অৱলম্বন কৰিয়ে প্ৰাচীন সনাতন ভাৰতৰ লোকসকলে অৰ্জন কৰিছিল৷ নদীৰ পাৰতেই আছিল কৃষিক্ষেত্ৰ আৰু নদীয়ে আছিল প্ৰব্ৰজনৰ মাধ্যম৷ নদীয়ে আছিল সনাতন ভাৰতীয়সকলৰ বিদ্যা অৰ্জনৰ মাধ্যম নদীৰ পাৰতেই আছিল গাঁও আৰু গুৰু গৃহ৷ প্ৰাচীন সনাতন ভাৰতীয়সকলে, যিসমূহ নদীক অৱলম্বন কৰি বেদ ৰচনা কৰিছিল, জ্ঞান চৰ্চা কৰিছিল, সেই নদীৰ কথা ঋগবেদত উল্লেখ কৰা আছে৷ প্ৰথমতে সেই নদীৰ নাম আমি ঋকবেদত প্ৰত্যক্ষ কৰোঁ, পৰৱৰ্তী সময়ত বিভিন্ন বৈদিক সাহিত্যত আমি তাৰ নাম পাওঁ৷ এই নদীৰ নাম আছিল সৰস্বতী নদী৷ মনকৰিবলগা কথাটো হ’ল যে, ভাৰতীয়সকলৰ বিদ্যাৰ দেৱীৰ নাম সৰস্বতী৷ এই সৰস্বতী নামটো যে নদী অৱলম্বিত তথা নদী অধ্যয়ন বৈশিষ্ট্যপূৰ্ণ নাম, সেই কথা হয়তো বহুতেই উপলব্ধি নকৰে৷ বিদ্যাৰ দেৱী ৰূপে সৰস্বতীৰ নাম প্ৰক্ষেপণৰ মূলতেই আছে নদী [Saraswati River] আৰু নদী সভ্যতাক গুৰুত্ব প্ৰদানৰ চেতনা৷ সৰস্বতী দেৱীৰ মূৰ্তি কল্পনাৰ মাজতো আছে নদী বা প্ৰবাহমান পানীৰ চেতনা৷ সৰস্বতী দেৱীৰ মূৰ্তিৰ বৰণ বগা, ঠিক স্ৰোতময় পানীৰ ধাৰাৰ বৰণ [যদিও পানীৰ কোনো বৰণ নাই, কিন্তু শিলাময় পৰ্বতৰ মাজেৰে প্ৰবাহিত পানীৰ বৰণ স্ৰোতৰ প্ৰভাবত শুভ্ৰ] তেনেকুৱা ৷ সৰস্বতী দেৱী অৰ্থাৎ বিদ্যাৰ দেৱী যে পানীৰ লগত সম্পৰ্কীত, সেই কথাটো তেওঁৰ হংস [হাঁহ চৰাই] বাহনৰ উপস্থিতিত আমি অধিক নিশ্চিত হ’ব পাৰোঁ৷ সৰস্বতী দেৱীৰ হাতত থাকে বীণা নামৰ বাদ্যযন্ত্ৰ, যাৰ শব্দ তৰঙ্গ নদীৰ পানীৰ স্ৰোতৰ কথাটোকে প্ৰতিফলিত কৰে৷ অৰ্থাৎ বিদ্যাৰ দেৱী সৰস্বতী নামটোৰ লগত ভাৰতৰ সনাতনী নদী সভ্যতাৰ কথা আৰু নদী পৰিস্থিতি তন্ত্ৰৰ চেতনা সংপৃক্ত হৈ আছে৷
ভাৰতীয় পৰম্পৰাগত সংৰক্ষণ চেতনাত সামগ্ৰীকভাবে পানীৰ উৎস আৰু প্ৰাকৃতিক পানীৰ ভাণ্ডাৰপূৰ্ণ জৈৱবৈচিত্ৰ্যপূৰ্ণ অঞ্চলবোৰ সংৰক্ষণৰ কথা কোৱা হৈছে৷ আদ্ৰৰ্ভূমি আৰু প্ৰাকৃতিক বিল সংৰক্ষণৰ লগে লগে তাৰ জীৱকুলৰ সংৰক্ষণৰ বাস্তৱ অনুশীলনক কাৰ্যকৰী কৰি তোলাৰ এটা নিয়মাৱলী বা আচৰণ ভাৰতীয় প্ৰাচীন পৰম্পৰাত প্ৰতিষ্ঠিত আছিল৷ ভাৰতীয় সনাতন পৰম্পৰাৰ প্ৰকৃতি বিজ্ঞানীসকলে, আদ্ৰৰ্ভূমিৰ কিছুমান প্ৰাণীক ধৰ্ম চেতনাৰ পৰিধিত সুৰক্ষিত কৰিছিল৷ সেই কামটোৱে বাস্তৱভাবে সমগ্ৰ আদ্ৰৰ্ভূমি আৰু বিলবোৰক সুৰক্ষা প্ৰদান কৰিছিল৷ যেনে — মাছ, কাছ, কুম্ভীৰ, ঘৰিয়াল, সাপ, জলচৰ চৰাই ইত্যাদিক পবিত্ৰ জ্ঞানে পূজা কৰা তথা সংৰক্ষণ কৰাৰ পৰম্পৰা প্ৰাচীন ভাৰতৰ সনাতন সমাজৰ পণ্ডিতসকলে আৰম্ভ কৰে৷ যিহেতু এইবোৰ প্ৰজাতিক সংৰক্ষণ কৰিবলৈ হ’লে প্ৰজাতিবোৰৰ বাসস্থানক সংৰক্ষিত কৰিব লাগিব অৰ্থাৎ আদ্ৰৰ্ভূমি আৰু বিলবোৰক সংৰক্ষণ তথা নিৰাপত্তা প্ৰদানত এই ব্যৱস্থা কাৰ্যকৰী ব্যৱস্থা ৰূপে পৰিগণিত হৈছিল৷ আদ্ৰৰ্ভূমি আৰু প্ৰাকৃতিক বিলবোৰৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰতীক স্বৰূপে তথা জলজ উদ্ভিদৰ সংৰক্ষণৰ প্ৰতীক ৰূপে যিজোপা ফুলক ভাৰতীয় সনাতন পৰম্পৰাৰ পণ্ডিতসকলে মান্যতা প্ৰদান কৰিছিল, সেয়া হ’ল ভাৰতৰ সৰ্বাধিক মান্যতাপ্ৰাপ্ত, পবিত্ৰ ৰূপে গণ্য হোৱা পুষ্প — পদুম৷ সনাতম ভাৰতৰ সকলো ভগৱান, দেৱ–দেৱী, বুদ্ধ, অৱলোকিতেশ্বৰ, তাৰা, প্ৰত্যেককে পদুমৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ অন্যতম এটা কাৰণ হ’ল, প্ৰাচীন ভাৰতৰ পানী সংৰক্ষণৰ চেতনাক উদ্ভাসিত কৰি ৰখাৰ প্ৰয়াস৷
সনাতন ভাৰতীয়সকলে পানীক সৰ্বোৎকৃষ্ট অৰ্ঘ বুলি বিবেচনা কৰিছিল৷ সনাতনী বৌদ্ধসকলে কিছুমান বাটিত পানী পূৰ্ণ কৰি বুদ্ধৰ মূৰ্তিৰ সন্মুখত প্ৰদান কৰাৰ সংস্কৃতি হয়তো আমি বহুতেই প্ৰত্যক্ষ কৰিছোঁ৷ ভগৱান শিৱৰ প্ৰতীকত পানী অৰ্পণ কৰাৰ পৰম্পৰা বৰ্তমানে সনাতনীসকলৰ প্ৰবল, সকলো শুভ কামত বা মাঙ্গলিক অনুষ্ঠানত ঘটপূৰ্ণ পানী বা কলহ পূৰ্ণ পানীৰ ব্যৱহাৰ ভাৰতীয়সকলৰ সংস্কৃতিত আজিও বিদ্যমান৷ সনাতন ভাৰতৰ প্ৰাচীন সংস্কৃতি বহন কৰা প্ৰত্যেকে জন্ম আৰু মৃত্যুৰ অনুষ্ঠানত নদীৰ পানীত গৈ বিভিন্ন অনুষ্ঠান সম্পন্ন কৰে৷ নদী আৰু পানীক পূজা কৰাৰ মূলতেই আছে পানী সংৰক্ষণৰ চেতনা৷ প্ৰাচীন কালৰে পৰা ভাৰতৰ পানী সংৰক্ষণৰ ব্যৱস্থা আৰু কৌশল, লগতে সনাতন আধ্যাত্মিক অনুশীলনত পানী সংৰক্ষণৰ চেতনাক প্ৰবাহিত কৰাৰ পৰম্পৰাৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে, আধুনিক বিশ্ব অভিভূত হৈ উঠে৷ প্ৰাচীন ভাৰতৰ পানী সংৰক্ষণ ব্যৱস্থাৰ মাত্ৰ এটা উদাহৰণ দিয়ে আজিৰ প্ৰৱন্ধৰ সামৰণী কৰিব বিচাৰিছোঁ৷ যাৰপৰা আমাৰ উপলব্ধি হ’ব যে আমি ভাৰতীয়সকলে পানী সংৰক্ষণৰ বিষয়টোত কিমান বিচৰণ আৰু আগবঢ়া আছিলোঁ৷
গুজৰাটৰ পাটন চহৰৰ প্ৰাচীন নাম আছিল আনাহিল্লা পুৰ৷ পাটন গুজৰাটৰ চালুক্য সাম্ৰাজ্যৰ ৰাজধানী আছিল৷ পাটন চহৰ সৰস্বতী নদীৰ তীৰত অৱস্থিত৷ ঐতিহ্যময় পাটোলা বস্ত্ৰ শিল্পৰ বাবে পাটন বিখ্যাত৷ কিন্তু পাটনৰ সকলোতকৈ আকৰ্ষণীয় ‘ধাপ নাদৰ’ [Stepwell] বিষয় সম্পৰ্কে হয়তো আমি বহুতেই অৱগত নহয়৷ ধাপ নাদ [Stepwell] এটা প্ৰাচীন ভাৰতীয় পানী সংৰক্ষণ ব্যৱস্থা৷ আমাৰ ভাৰতৰ এশটকীয়া নোটত এই পাটনৰ ধাপ নাদৰ [Stepwell] ছবি দিয়া আছে৷ গোটেই বিশ্বৰ ওচৰত পৰিচিত এই পাটনৰ ধাপ নাদ [Stepwell] ২০১৪ চনত বিশ্ব ঐতিহ্য অঞ্চল ৰূপে ঘোষিত হয়৷ ধাপ নাদ বা Stepwell হ’ল এনেকোৱা এটা ব্যৱস্থা, যাৰ এটা ফালেৰে ধাপে ধাপে নামি গৈ নাদৰ পানীলৈকে যাব পাৰি৷ সেই ব্যৱস্থাটো সেই সময়ত ভাৰতৰ পানী সংৰক্ষণ ব্যৱস্থাৰ অন্যতম এটা নিদৰ্শন৷ এই নাদৰ গাত বিভিন্ন দেৱ–দেৱীৰ মূৰ্তি পৰিলক্ষিত হয়৷ ভাৰতৰ প্ৰাচীন পানী সংৰক্ষণৰ কথাটো অকল জ্ঞান আৰু তথ্যৰেই সমৃদ্ধ নাছিল, অনুশীলনৰ মাধ্যমে আৰু কাৰিকৰী প্ৰযুক্তিত, এই ব্যৱস্থা আছিল পৃথিৱীত সেই সময়ত সকলোতকৈ উন্নত সভ্যতাৰ নিদৰ্শন৷