পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাওঁৰ মহৰীয়া ভ্ৰমণ

The team of students from Pandit Dindayal Upadhyay Adarsha Mahavidyalaya, Dalgaon at Maharia Dalani, a wetland in the Darrang district of Assam
WhatsApp Image 2024-12-31 at 22.25.05_9465fa37
- গোলাপ চন্দ্ৰ শৰ্মা

২০২৪ বৰ্ষৰ শেষ দিনটোত উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী “নেচাৰ্চ বেকন”ৰ ফালৰ পৰা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাওঁৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলক লৈ ছিপাঝাৰৰ মহৰীয়া দলনিত চৰাই পৰ্যবেক্ষণ আৰু চৰাইৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । 

মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰিমজিম দত্ত ডাঙৰীয়ানীৰ তত্বাৱধানত ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকী ক্ৰমে – ৰেহেনা পাৰবিন, জেৰিফা বেগম, মহচিনা খানম, ছাবিৰা আহমিদা, প্ৰিয়া সাহা আৰু আবু বক্কৰ ছিদ্দিক । ছাত্ৰ-ছাত্ৰী সকলে দলগাওঁৰ পৰা গাড়ীৰে আহি ঘোঁৰাবান্ধা হৈ মহৰীয়াত প্ৰবেশ কৰে। সকলোকে দেওৰাজ হাঁহৰ জাকৰ কাঁকলিয়ে মহৰীয়ালৈ আদৰণি জনাইছিল।

The students participating in the bird watching and bird conservation orientation at the Maharia Dalani.

ছাত্ৰ-ছাত্ৰী সকলৰ চৰাই চোৱাৰ আৰু চৰাইৰ বিষয়ে জনাৰ উৎসাহ ইমানেই আছিল যে তেওঁলোকে ইমান দূৰ অহাৰ পিছতো কোনো জিৰনী নোলোৱাকৈ চৰাই আৰু মহৰীয়া দলনি বিষয়ে প্ৰথমে শুনি লয় । নেচাৰ্চ বেকনৰ হৈ গোলাপ চন্দ্ৰ শৰ্মাই গোটেই দিনটোৰ কাৰ্যসূচীত ভাগ লয় । ২০০৮ চনৰ পৰা নেচাৰ্চ বেকনে এই মহৰীয়া দলনিত চৰাই পৰ্যবেক্ষণ কৰি অহা আৰু পৰবৰ্তী পৰ্যায়ত ইয়াৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি অহাৰ কথা শ্ৰী শৰ্মাই সবিস্তাৰে অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীৰ আগত ব্যক্ত কৰে।

লাহে লাহে কুঁৱলী আচ্ছাদন ফালি সূৰ্য দেৱতাই দেখা দিয়াত পক্ষী নিৰীক্ষণৰ বাবে দলনিৰ কাষে কাষে সকলো আগবাঢ়ে । ৰং-বিৰঙী স্হানীয় আৰু প্ৰব্ৰজনকাৰী চৰাইৰ প্ৰায় ৬৮টা প্ৰজাতি মহৰীয়াত আজিৰ দিনটোত পৰ্যবেক্ষণ কৰা হয়। সেইবোৰৰ ভিতৰত আছে – Greylag Goose(দেও ৰাজহাঁহ), Marsh Harrier(মাছুৱৈ শেন), Long Legged Buzzard(দীঘল ঠেঙী শেন), Oriental Honey Buzzard(মৌ-খাপ), Shikra (বাৰীশেন), White Eyed Buzard, Lesser Whistling Duck(শৰালি হাঁহ), Common Teal(ঘিলা হাঁহ), Gadwall(মুগী হাঁহ), Common Pochard(গোধাকলী হাঁহ), Red Crested Pochard(ৰঙামূৰী হাঁহ), Purple Heron(আজান), Pond Heron(কনা মুচৰী), cattle Egret(গো-বগ), Great Egret (বৰ বগ), Intermediate Egret(মাজু বগ), Little Egret(টেটেৰী বগ), Cinnamon Bittern(ইটাগুৰীয়া), Black-Crowned Night Heron(সাজ বগ/ৱাক চৰাই), Little Cormorant(পানী কাউৰী), Darter(মনিয়ৰী),  Lesser Adjutant(হাড়গিলা), Black Headed Ibis(আকুহী বগ), Glossy Ibis(কৃষ্ণ বগ), Asian Openbill(শামুক ভঙা), White Breasted Waterhen(ডাউক), Purple Swamphen(কাম চৰাই), Pheasant Tailed Jacana(দল ম’ৰা),  Bronze Winged Jacana(দল পুঙা),Common Kestrel(বাকুহী), Bluethroat (নীলকণ্ঠী), Blue Tailed Bee-eater(বাহপাতি), Brown Shrike(মুগাখাটী), Grey backed Shrike(এৰাখাটী), Grey headed Lapwing(দলঘোঁৰা),  Northern Lapwing(টিকিয়া বালিঘোঁৰা), Common Snipe(বালিটোকা), Greater Painted Snipe(ৰংচঙীয়া বালি খোচৰা), Pacific Golden Plover(সোনালী লৰিয়লি), Little Ringed Plover(লৰিয়লি), White Wagtail(বালিমাহী), Yellow wagtail(হালধীয়া বালিমাহী) , Citrine Wagtail, আদি অনেক। মহৰীয়াৰ চাৰিওফালে যিহেতু গাঁৱেৰে আবৰি আছে আৰু মহৰীয়াতে পাম ধৰি থকা মানুহেও গছ-গছনি যথেষ্ট সংখ্যক ৰোপন কৰি ৰাখিছে; সেয়ে ইয়াত কাঠনীৰ চৰায়ো যথেষ্ট প্ৰত্যক্ষ কৰা যায়।

Sri. Golap Sarma of Nature's Beckon guided the team in their daylong Maharia Dalani's visit.

চৰাই চোৱাৰ আনন্দ লৈ থকাৰ মাজে মাজে দলনিখনৰ গুৰুত্ব আৰু পক্ষী বিজ্ঞান (Ornithology)ৰ নানা প্ৰসঙ্গত আলোচনা কৰা হয়। মহৰীয়াৰ দক্ষিণ প্ৰান্তত দুবছৰ আগতে খন্দা অমৃত সৰোবৰ দুটাত সৰ্বশেষত পক্ষী নিৰীক্ষণৰ কৰা হয়। ইয়াতে শৰালি, ঘিলা হাঁহ, ৰঙামূৰী হাঁহ, মুগী হাঁহ আদিৰ এক বৃহৎ জাক প্ৰত্যক্ষ কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ লগত আলোচনা কৰাৰ সময়ত মহৰীয়াৰ বৰ্তমান ভাবুকি সমূহৰ ওপৰতো আলোকপাত কৰা হয়। মহৰীয়া দলনিৰ বাবে ভাবুকি বুলি ক’লে প্ৰধানকৈ – চোৰাং চিকাৰ, খেতি-বাতিত জধে-মধে কীটনাশকৰ অপব্যৱহাৰ, বনৰীয়া চৰাইৰ ওপৰত ঘৰচীয়া কুকুৰৰ আক্ৰমণ আৰু অমৃত সৰোবৰ দুটাত স্থাপন কৰা সৌৰ চাকি (Solar Lights) আদি। 

এই কাৰ্যসূচীত অধ্যাপিকা ড° ৰিমজিম দত্ত ডাঙৰীয়ানীৰ মাতৃ মিনা দত্ত আৰু তেখেতৰ মৰমলগা কনমানী ছোৱালী দুজনী ক্ৰমে বাৰ্বী আৰু ল’জীয়ে অংশগ্ৰহণ কৰে। মাজতে সংগ দিয়ে স্হানীয় (নিজ-ছিপাঝাৰ গাঁওৰ) ভদ্ৰ কান্ত নাথ দেৱে । সকলোকে বছৰৰ শেষ দিনটোত এনে এক অনুষ্ঠানৰ জৰিয়তে প্ৰকৃতিৰ লগত একাত্ম হোৱা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰাৰ আগ্ৰহ দেখুৱাৰ বাবে নেচাৰ্চ বেকনৰ ফালৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

Sri. Golap Sarma with the team of students and faculty from Pandit Dindayal Upadhyay Adarsha Mahavidyalaya, Dalgaon at Maharia Dalani, a sprawling wetland with rich biodiversity at Mangaldai, Assam.