গাঁৱৰ চহাজীৱন আৰু চৰাই

যুগল বৰা

আমাৰ গাঁৱলীয়া খেতি পথাৰৰ সৈতে জড়িত প্ৰতিটো পৰিয়ালৰ লগত চৰাইৰ তাহানি দিনৰ পৰাই এক এৰাব নোৱাৰা সম্পৰ্ক আছে। বৰ্তমান বিশ্বমুখী সভ্যতাৰ জোৱাৰত যদিওবা গাঁৱলীয়া চহাজীৱন উটি ভাঁহি গৈ বিপদাপন্ন হৈ পৰিছে, তথাপিও এতিয়াও বহু ঠাইত চৰাইৰ সৈতে সু-সম্পৰ্ক থকা গাঁৱলীয়া পৰিবেশ দেখিবলৈ পোৱা যায়।

বিগত কেইটামান দিন চৰাই পয্যবেক্ষণৰ কামত লখিমপুৰ তথা ধেমাজিৰ বহু অঞ্চলৰ জলাশয় আৰু পথাৰত ঘূৰি অভিজ্ঞতা আহৰণ কৰাৰ সুবিধা পাইছিলোঁ। সোৱণশিৰী পাৰৰ কঁহুৱা বননিৰ কাষত সদায় নিজৰ দৈনন্দিন কৰ্ম কৰি যোৱা মাছমৰীয়া কেইজনে চৰাই আৰু তেওঁলোকৰ মাজত থকা নিবিড় সম্বন্ধৰ কথা মোক জনাইছিল। কলমেৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা অভিজ্ঞতা তেওঁলোকৰ।

চহাজীৱন বুলি কলে, ৰাতিপুৱা বেলি ওলোৱাৰ আগতেই ঘৰৰ চৌপাশ পক্ষীৰ কলৰৱেৰে মুখৰিত হোৱাটো তেনেই স্বাভাৱিক ঘটনা। কপৌ-শালিকা-বুলবুলি-হেতুলুকা-দহিকতৰা ইত্যাদি চৰাইৰ মাত আমাৰ চিৰ পৰিচিত, হলেও ব্যস্ততাৰ দোহাই দি আমি ইহঁতৰ প্ৰতি মনোযোগ দিবলৈ সময়েই যেন নাটনি, ঠিক তেনেকুৱাই হয়, তথাপিও আমাৰ প্ৰতি কোনো অভিযোগ নাই সিহঁতৰ।

হালখন লৈ পথাৰলৈ যোৱা ঘূণাসুঁতিৰ সিপাৰৰ ককাইদেউজনেও কৈ গল তেওঁলোকৰ জীৱন আৰু পথাৰৰ চৰাইজাকৰ মাজৰ মধুৰ সম্পৰ্কৰ কথা। হালখন জুৰিলেই কৰ পৰা যে আহি পৰে বগলীৰ জাকটো যি নেকি কাহানিও অকলশৰীয়া হব দিয়া নাই পথাৰৰ খেতিয়কসকলক। তাৰ মাজতে মইও সুধি পেলাইছিলোঁ- “তাহানিৰ বেজবৰুৱাৰ সাধুৰ দৰে আপোনালোকেও হালৰ এচাৰিৰে মাৰিছেনে কপৌ!”
তেওঁ হাঁহিছিল আৰু কৈছিল, “সেই দিন আজি আৰু নাই, তুমি জানি বুজিয়েই সুধিছাঁ নহয়নে?”
মই লাজতে তলমূৰ কৰিছিলোঁ।
সচাকৈ তেতিয়া অনুভৱ কৰিছিলোঁ বগা বগলীজাকো হব পাৰে নেকি শান্তিৰ প্ৰতীক।

প্ৰকৃতিৰ অনুপম সৃষ্টি এই চৰাইৰ নানান প্ৰজাতিবোৰে যেতিয়া মৰাসোৱণশিৰীৰ ঘাটটো জলকেলিৰে জীপাল কৰি তুলিছিল, সেই দৃশ্য উপভোগ নকৰাকৈ যোৱাজন হয়তো হৃদয়হীন ব্যক্তিহে হব। হয়তো চৰাইজাকৰ বাবে তাত খাদ্য আছিল অপৰিসীম আৰু সুৰক্ষাও আছিল অভেদ্য।

চৰাইৰ বাসস্থান ধ্বংস কৰি কৃষি কৰাটো কিন্তু চহাজীৱনৰ অংগ নহয়। তেনে এক অভাৱনীয় পৰিবেশ দেখিছিলোঁ অসমৰ দ্বিতীয়খন পক্ষীউদ্যান বৰদৈপাম বিলমুখত। দুষ্কৃতিকাৰীৰ কবলত পৰি নিঃশেষ হোৱা এসময়ত শতাধিক প্ৰজাতিৰ চৰাইৰ বিচৰণ থলী হিচাপে চিহ্নিত বৰদৈপামত দেখা পালোঁ কেতিয়াও কল্পনা নকৰা কিছু ঘটনা। বিলখনৰ কোনোবা ফালে ডাঙৰ ডাঙৰ মীনপালনৰ পুখুৰী গঢ়ি উঠাৰ বিপৰীতে আনফালে খেতিৰ বাবে জলাশয়ৰ বুকুত টেক্টৰেৰে চহাই আছে মাটি। সঁচা অৰ্থত কব গলে গাঁৱৰ যি চহাজীৱন আৰু চৰাইৰ মাজৰ সম্পৰ্ক থকা সভ্যতাৰ বিষয়ে আমি সচৰাচৰ জানো, তাৰ পৰা কিন্তু বহু দূৰলৈ আঁতৰি যোৱাৰ এইয়া মাত্ৰ আৰম্ভণি।

বিভিন্ন সময়ত বিভিন্ন প্ৰকৃতিপ্ৰেমী, বিভিন্ন পক্ষী বিশেষজ্ঞই কৃষি আৰু চৰাইৰ মাজৰ সম্পৰ্কৰ কথা কৈ আহিছে। ইয়াতে উল্লেখ কৰিব পাৰো লখিমপুৰ কৃষি বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰবাল শইকীয়া ছাৰৰ নাম। তেওঁ নিজে ব্যক্তিগত ভাবেও কৃষিক্ষেত্ৰত স্থানীয় চৰাইৰ অৱদানৰ বিষয়ে গাঁৱৰ চহা মানুহক অৱগত কৰিবলৈ বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। তাৰ পাছতো বহু গাঁৱৰ বহু মানুহৰ মাজলৈ এই বাতৰিবোৰ এতিয়াও যোৱা নাই। এতিয়াও বহু ভিতৰুৱা অঞ্চলত চৰাইৰ নিধন যজ্ঞ চলি থকাৰ খবৰ আমি পাওঁ, এইয়া এক দুৰ্ভাগ্যজনক বাৰ্তা।

বৰ্তমান সময়ত আটাইতকৈ ভাল লগা দিশ হৈছে বহুতো মানুহে প্ৰকৃতি তথা চৰাই ভালপাবলৈ আৰম্ভ কৰিছে। কিন্তু এই ভালপোৱা অভিনয় তথা মানুহক দেখাবৰ বাবে হব নালাগে। যদিহে সেই স্থানীয় মানুহবোৰৰ মাজত প্ৰকৃতি তথা পক্ষী সুৰক্ষাৰ বাবে সজাগতা আনিব পাৰো তেতিয়াহে প্ৰকৃতাৰ্থত প্ৰকৃতি আৰু আমাৰ পক্ষীকুল সংৰক্ষিত হব, গাঁৱৰ আকাশত নানান চৰাইৰ বিচৰণ দেখিম, সন্ধিয়া নামঘৰৰ ডবাৰ শব্দৰ সমান্তৰালকৈ ঘৰমুৱা পক্ষীৰ মাতেৰে চৌদিশ ৰজনজনাই যাব আৰু আমাৰ গাঁৱৰ চহা জীৱন অধিক চহকী হৈ পৰিব।।

 

-যুগল বৰা
উত্তৰ লখিমপুৰ

শ্বেয়াৰ কৰক: