বিকাশ বৰদলৈ
নগাঁৱৰ বামুণী পাহাৰত যোৱা ১৩ মে’ত মৃত্যু হোৱা ১৮টাকৈ হাতীৰ তদন্তৰ প্ৰতিবেদন অসমৰ বনমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই প্ৰতিবেদন দেখাত এক বৈজ্ঞানিক ভিত্তি থকা বিশেষজ্ঞৰদ্বাৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত প্ৰকাশ কৰা দস্তাবেজ যেনহে লাগে। সামগ্ৰীক দৃষ্টিত প্ৰতিবেদনখনত কোনো খুট ৰখা হোৱা নাই যদিও আপুনি যদি বুদ্ধিদীপ্ত আৰু প্ৰজ্ঞাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰে তেনে ইয়াৰ পাতে পাতে সমগ্ৰ বিষয়টো গাপ দিবলৈ বিয়াগোম বিষয়াসকল উঠি পৰি লগাৰ প্ৰমাণ স্পষ্টৰূপত পাব। ১৮টাকৈ হাতী এটা বা দুটা বজ্ৰাঘাটত মৃত্যু হোৱাটো অসাধাৰণ এক ঘটনা। হাতী শীত কালত জিৰণি লোৱাৰ সময়ত জুম বান্ধি থকাটো সাধাৰণ ঘটনা বা চাৰিত্ৰিক বৈশিষ্ট্য । কিন্তু বাৰিষা বা গৰমৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে কেতিয়াও কাষে কাষে ঘূৰি নুফুৰে। এই কথা যিকোনো এজন হস্তী পালক অথবা হস্তী বিশেষজ্ঞই কৈ দিব। এইটোৱে প্ৰাথমিক সন্দেহ আছিল যে স্বাভাৱিক অথবা প্ৰাকৃতিক কাৰণত হাতী কেইটা মৃত্যু হোৱা নাই। আনহাতে ৭-৮টা হাতীৰ মৃতদেহ সমূহ ‘বইট’ অৰ্থাৎ বহি থকাৰ দৰে আছিল। সাধাৰণতে প্ৰশিক্ষিত হাতীয়ে অগত্যা কঠিন পৰিস্থিতি নহ’লে ‘বইট’ অৱস্থান নলয়। কাৰণ হাতীৰ বাবে এই অৱস্থান লোৱাটো অতি কষ্টকৰ। যদি বজ্ৰপাতত হাতীসমূহৰ মৃত্যু হৈছিল তেন্তে চেকেণ্ডৰ ভিতৰত হাতীৰ মৃত্যু হ’ব। এই ‘বইট’ অৱস্থান ল’বলৈ সময় পোৱাটো এক অসম্ভৱ কথা। এইবিলাক আছিল পষ্ট’মৰ্টেম ৰিপ’ৰ্ট তথা তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ আগৰ সন্দেহ। বনবিভাগে যথা নিয়ম মানি তদন্তৰ প্ৰতিবেদন জমা দিয়ে ২৭ মে’ত। উক্ত দিনাই সকলোৰে বাবে মুকলি হয় প্ৰতিবেদনখন আৰু আমিও উক্ত দিনাই বন বিভাগৰ এই দলিলখন প্ৰাথমিকভাৱে চকু ফুৰাবলৈ চেষ্টা কৰো। বামুণী পাহাৰৰ ১৮টা হাতীৰ প্ৰাকৃতিক কাৰণত মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল তাক লুকুৱাবলৈ প্ৰতিবেদনৰ পাতে পাতে চেষ্টা কৰা হৈছিল যদিও বাস্তৱত ইয়াৰ বিপৰীতে স্বৰূপটোহে উদঙ খাই পৰিছে। ১৮টা হাতীৰ প্ৰাকৃতিক কাৰণত মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল তাক লুকুৱাবলৈ প্ৰতিবেদনখনৰ পাতে পাতে চেষ্টা কৰা হৈছিল যদিও বাস্তৱত ইয়াৰ বিপৰীত স্বৰূপটোহে উদঙ খাই পৰিছে। ১৮টা হাতীক হত্যা কৰা ঘটনা কেনেকৈ গাপ দিব বিচৰা হৈছে সেই বিষয়লৈ আহোঁ।
প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে বামুণী পাহাৰ অৰ্থাৎ য’ত হাতীসমূহৰ মৃতদেহ সিঁচৰতি হৈ আছিল সেই পাহাৰৰ সৰ্বোচ্চ উচ্চতা হ’ল—২৪০.৭৯ মিটাৰ, অৰ্থাৎ ৭৯০ ফুট। কিন্তু মৃত ১,২,৩,৪,৫,৬ আৰু ৮ নম্বৰৰ (মাৰ্কিং কৰা হৈছে হাতীসমূহ) হাতী কেইটাৰ দেহ পোৱা গৈছে ২৪৮.৮ মিটাৰৰ পৰা ২৪৩ মিটাৰৰ ভিতৰত। অৰ্থাৎ ৭টা হাতীৰ মৃতদেহ বন বিভাগৰ তদন্তকাৰী দলটোৱে পাহাৰতকৈও উচ্চতাত শূন্যত উপঙি থকা অৱস্থাত লাভ কৰিছিল!! য’ত বজ্ৰপাত পৰা বুলি বনবিভাগে দাবী কৰিছিল সেই ঠাইৰ ৪ নম্বৰৰ হাতীটোৰ গাত কোনো ধৰণৰ জ্বলাৰ দাগ পোৱা হোৱা নাই যদিও ১১২.৬ ফুট দূৰৈত থকা ১৪ নম্বৰ হাতীটোৰ দেহত সামান্য পোৰা দাগ থকা বুলি প্ৰতিবেদনত উল্লেখ কৰিছে। অৰ্থাৎ য’ত বজ্ৰপাত পৰিছে তাত একো হোৱা নাই। তদন্তকাৰী দলটোৱে প্ৰকৃত সত্য উদঘাটন কৰাৰ সলনি গাপ দিবলৈ উঠিপৰি লগাৰ বাবেই অসাৱধানবশতঃ মিছাৰ মাজে মাজে সঁচা ঘটনাবিলাক পোহৰৰ দৰে প্ৰখৰভাৱে চকুত ধৰা দিছে। প্ৰতিবেদনখনত উল্লেখ কৰা আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল মৃত হাতীসমূহৰ বয়স। চিজাৰ লিষ্ট অনুসৰি মৃত ১৮টা হাতীৰ ভিতৰত এবছৰীয়া দুটা, দুবছৰীয়া তিনিটা আৰু পাঁচ-ছয় বছৰীয়া ৬টা হাতী পোৱালী আছিল। অৰ্থাৎ এঘাৰটা পোৱালী হাতীৰ উক্ত দিনা মৃত্যু হৈছে। ১৮টা মৃত হাতীৰ ভিতৰত আটাইতকৈ বয়সীয়া হাতীজনীৰ বয়স মাথো ১০ বছৰ!! অৰ্থাৎ সকলো হাতীয়েই এক কথাত পোৱালী হাতী আছিল। এটা বয়স্ক হাতীৰ গড় আয়ুস প্ৰায় ১১৫ বছৰ। ১৫ বছৰমান বয়সৰ পৰা হাতী যৌৱন প্ৰাপ্ত হয়, অৰ্থাৎ পোৱালী জন্ম দিব পৰাকৈ সক্ষম হৈ উঠে। এই কথা বন আৰু বন্যপ্ৰাণী তথা হাতীৰ বিষয়ে সামান্যতম জ্ঞান বুদ্ধি থকা সকলোৱে জানে যে নিজৰ পোৱালী এৰি এখোজো মাকজনী আৰু হাতীৰ জাকটো আঁতৰি নাযায়। অন্ততঃ পাঁচ-ছয় বছৰলৈকে পোৱালীবোৰ মাকৰ কাষে কাষে বিচৰণ কৰি ফুৰে, তাতকৈ ডাঙৰ বিলাকে একে জাকতে দশক দশক সময় পাৰ কৰে। তেনে এজনীও মাক আৰু বয়স্ক হাতী নোহোৱাকৈ ১৮টাকৈ পোৱালী হাতী কেনেকৈ পাহাৰৰ শিখৰত সমবেত হ’ল?? দেখাত বিষয়টো জটিল যদিও উত্তৰটো সিমান জটিল নহয়। তদন্তকাৰী দলটোৱে ভুলবশতঃ এই বিয়াগোম ভুলটো গাপ দিবলৈ পাহৰি গ’ল। সৰু সৰু হাতীবিলাক অনভিজ্ঞ বাবে মানুহে পতা জালত সহজে চিকাৰ হ’ল। সম্ভৱত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ প্ৰবাহিত কৰাৰ ফলত সহজতে হৃদক্ৰিয়া বন্ধ হৈ কম বয়স্ক হাতী পোৱালী বিলাকৰ মৃত্যু হ’ল। হাতীৰ জাক বিলাক তথা আন বয়স্ক হাতীবিলাক যিহেতু কিছু অভিজ্ঞ সেয়ে পলাই যাবলৈ সক্ষম হ’ল অথবা বিদ্যুৎ প্ৰবাহে (যিটোৰদ্বাৰা হত্যা কৰাৰ সন্দেহ আটাইতকৈ বেছি) দেহত জটিল ৰূপত ক্ৰিয়া কৰিব নোৱাৰিলে। হয়তো বয়স্ক হাতীসমূহে কম বেছি পৰিমাণে আহত হৈ দূৰলৈ পলাই গৈছে। কিন্তু এই প্ৰতিবেদনত বাকী হাতীবিলাকৰ কোনো কথা উল্লেখ কৰা হোৱা নাই। জাক বা আন বয়স্ক হাতী নথকাকৈ পোৱালী বিলাক সমবেত হোৱাটো অৱাস্তৱ আৰু অসম্ভৱ কথা। এইটোৱে প্ৰধানতঃ এটা কথা প্ৰমাণ কৰে যে হাতীবিলাকক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে।
প্ৰতিৱেদন খনত উল্লেখ কৰা অনুসৰি মৃত হাতীসমূহৰ ভিতৰত দুটা হাতীৰ নমুনা লৈ প’ষ্ট ম’ৰ্টেম ৰিপ’ৰ্ট প্ৰস্তুত কৰা হৈছে। এই দুটা হাতীৰ নমুনা লৈয়ে বন বিভাগে তথা তদন্তকাৰী দলটো নিশ্চিত হৈ পৰিল যে বাকী ১৬টা হাতীৰ পোষ্ট ম’ৰ্টেম কৰাৰ কোনো প্ৰয়োজন নাই, অৰ্থাৎ একে কাৰণতেই বাকী বিলাক হাতীও মৃত্যু হৈছে। বজ্ৰপাত হ’লে হাতীৰ তাৎক্ষণিকভাৱে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হ’ব। অথবা বিষ প্ৰয়োগ কৰিলে পাকস্থলীৰপৰা এই কথা জানিব পৰা যাব। কিন্তু কি কাৰণত বাকী ষোল্লটা হাতীৰ প’ষ্টম’ৰ্টেম কৰা নহ’ল? পাকস্থলী আৰু হৃদযন্ত্ৰৰ পৰীক্ষা নকৰাকৈ হাতীসমূহ মৃত্যুৰ কাৰণ কেনেকৈ জানিব পাৰিলে তদন্তকাৰী দলটোৱে? যি দুটা হাতীৰ পৰীক্ষা কৰা বুলি কৈছে তাৰ হৃদযন্ত্ৰ পৰীক্ষা কৰা হৈছেনে, তাৰো কোনো কথা উল্লেখ নাই। অৰ্থাৎ সমগ্ৰ বিষয়টোৰ কোনো সঠিক আৰু প্ৰকৃত তথ্য প্ৰমাণ উদ্ধাৰ যাতে নহয় তাৰ বাবে বনবিভাগৰ নিৰ্দেশত তদন্তকাৰী দলটোৱে পৰীক্ষা নিৰীক্ষাও সঠিক ৰূপত নকৰিলে।
তদন্তৰ প্ৰতিবেদনত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ আছে। তদন্তকাৰী দলটোৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে বামুণী পাহাৰ অঞ্চলটো হাতী অহা-যোৱাৰ প্ৰধান পথ। যদি সেইটোৱে শুদ্ধ হয় তেন্তে বামুণী পাহাৰত ১৫ মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ বনবিভাগে সেই শক্তি কোম্পানীটোক কেনেকৈ আপত্তিবিহীন প্ৰমাণপত্ৰ (NOC) দিলে? তদন্তৰ আওঁতালৈ এই শক্তি কোম্পানীটো তথা এন.অ’চি প্ৰদান কৰা বন বিষয়াসকল আহিছিল নে তাৰ কোনো কথা প্ৰতিবেদনখনত উল্লেখ কৰা হোৱা নাই। অৰ্থাৎ যি বিলাক বিষয় তথা কথা ক’লে বা পৰীক্ষা কৰিলে বন বিভাগৰ বিষয়াসকল জালত পৰিব পাৰে তেনে কোনো কাম তদন্তকাৰী দলটোৱে কৰা নাই। এনে লাগে যেন বন বিষয়াসকলক সুৰক্ষা দিবলৈহে এই তদন্তকাৰী দলটো সৰ্বদা সক্ৰিয় হৈ থাকিল।
তদন্তকাৰী দলটোৰ গঠনো বিজ্ঞান সন্মতভাৱে কৰা নাই। তদন্তকাৰী দলটো যি দহজন সদস্যৰে গঠিত কৰা হৈছিল তাত এজনো বিজুলী, বজ্ৰপাত বিষয়ৰ বিশেষজ্ঞ নাই, নাই কোনো ইলেকট্ৰনিক ইঞ্জিনিয়াৰ অথবা এক্সপাৰ্ট। যিটো কাৰণত হাতী কেইটাৰ মৃত্যু হ’ল বুলি দাবী কৰিছে অথচ সেই বিষয়ৰ কোনো বিশেষজ্ঞ তদন্তকাৰী দলটোত বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা নাই। বিষয়টো গুৰুত্বলৈ চাই তদন্তকাৰী দলটোত প্ৰাণী বিজ্ঞানী (Zooogist) ভূতত্ববিদ (Geologist), মাইক্ৰ’বায়লজীষ্ট বিষয়ৰ বিশেষজ্ঞ অন্তৰ্ভুক্ত হ’ব লাগিছিল। কিন্তু বন বিভাগৰ উদ্দেশ্য ধূসৰ আৰু অতি সন্দেহজনক সেয়ে এই বিশেষজ্ঞসকলক কৌশলেৰে বিভাগটোৱে তদন্তকাৰী দলটোত অন্তৰ্ভুক্ত কৰা নাই। কেৱল পশু চিকিৎসকে সকলো পৰীক্ষা কৰাটো সম্ভৱ? নিশ্চয় নহয়।
প্ৰতিবেদনখন পঢ়াৰ পাছত অধিক শংকিত আৰু সন্দেহৰ আৱৰ্তত বিষয়টো সোমাই পৰিল। এতিয়া মাথো দুটা কথাৰ উত্তৰ লাগে (১) কণ কণ ১৮ টাকৈ পোৱালী হাতী কি প্ৰক্ৰিয়াৰে হত্যা কৰা হ’ল আৰু (২) এই বৰ্বৰ আৰু নিৰ্মম হত্যা কাণ্ডৰ আঁৰত কোন কোন জড়িত আছে। এই দুয়োটা প্ৰশ্নৰ উত্তৰ বন বিভাগে দিবই লাগিব। নেচাৰ্চ বেকনে প্ৰথমৰেপৰা বিষয়টোত সক্ৰিয়ভাৱে উচিত তদন্ত দাবী জনাই আহিছে। নেচাৰ্চ’ বেকনৰ বিশেষজ্ঞ (বজ্ৰপাত, বিজুলী বিষয়ৰ বিদ্যুৎ অভিযন্তা তথা পদাৰ্থ বিজ্ঞানী) দলে এইটো বজ্ৰপাতত সংঘটিত হোৱা ঘটনা নহয় বুলি স্পষ্টভাৱে অভিমত প্ৰকাশ কৰি আহিছে। এতিয়া এই মৃত্যু কেনেকৈ হ’ল সেয়া উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ তদন্তইহে সঠিক উত্তৰ দিব পাৰিব। পশু চিকিৎসকে যদি বিদ্যুৎ বিশেষজ্ঞ, বজ্ৰপাত বিশেষজ্ঞৰ হৈ প্ৰতিবেদন দিয়ে তেন্তে বুজিবলৈ কাৰো অসুবিধা নহ’ব যে এয়া কাৰ স্বাৰ্থত আৰু কাক সুৰক্ষা দিবলৈ প্ৰস্তুত কৰা হৈছে।
-বিকাশ বৰদলৈ
Email: bbordoloi.one@gmail.com
শ্বেয়াৰ কৰক:
Acknowledgement: The feature photo has been taken up from the internet.