চিম্পাঞ্জীৰ সৈতে মিতিৰালি

Dame Valerie Jane Morris Goodall ( 1934 - 2025 ). Photo Source: Internet
FB_IMG_1652808135259

-       ৰূপম বৰুৱা

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণাৰ বিষয়বস্তু আছিল দৰ্শন শাস্ত্ৰ, পিছে প্ৰাণী বিজ্ঞানীৰূপেই বিশ্বত খ্যাতি লাভ কৰিলে জে গুডঅলে৷ আফ্ৰিকাৰ গহন অৰণ্যৰ বুকুলৈ সোমাই গৈ তেওঁ আৰম্ভ কৰিছিল চিম্পাঞ্জী বোলা বনমানুহবিধৰ জীৱনযাত্ৰা আৰু স্বভাৱ সম্পৰ্কে গভীৰ অধ্যয়ন৷ সেয়ে আজি মানুহৰ নিকট আত্মীয়স্বৰূপ চিম্পাঞ্জীৰ বিচিত্ৰ স্বভাৱ আৰু বুদ্ধিবৃত্তিৰ বিষয়ে বিশ্ববাসীক বহুতো নতুন তথ্য জনোৱাৰ কৃতিত্বৰ সন্মান যচা হয় এইগৰাকী অসীম সাহসী আৰু প্ৰকৃতিপ্ৰেমী নাৰীকেই৷ তেওঁ লিখাইন দা শ্বেডো অব মেনগ্ৰন্থখন মানুহৰ বন্যপ্ৰাণী সম্পৰ্কে অনুসন্ধিৎসা আৰু অধ্যয়নৰ এখন মূল্যবান দলিল৷

চিম্পাঞ্জীক কোৱা হয় মানুহৰ অতি ওচৰ সম্পৰ্কীয় বন্যপ্ৰাণী বুলি৷ অথচ ষাঠিৰ দশকৰ আগলৈকে এই প্ৰাণীবিধ সম্পৰ্কে মানুহৰ জ্ঞান আছিল সীমিত৷ বিশ্বৰ চাৰিবিধএইপঅৰ্থাৎ বনমানুহ গৰিলা, ওৰাংউটান, গিবন আৰু চিম্পাঞ্জী৷ ইহঁতৰ ভিতৰত চিম্পাঞ্জীয়েই বুদ্ধিবৃত্তিৰ দিশৰ পৰা মানুহৰ সকলোতকৈ ওচৰৰ৷ জে গুডঅলৰ এই গৱেষণাৰ আগতে প্ৰাণীবিজ্ঞানীসকলে পোহনীয়া নাইবা চিৰিয়াখানাত বন্দী চিম্পাঞ্জীৰ স্বভাৱ অধ্যয়ন কৰিয়েই জ্ঞান আহৰণ কৰিছিলজ্ব কিন্তু চিম্পাঞ্জীৰ বাসস্থান অৰ্থাৎ আফ্ৰিকাৰ গভীৰ অৰণ্যৰ মাজত দিনৰ পিছত দিন কটাই ইয়াৰ জীৱনযাত্ৰা অধ্যয়ন কৰাৰ কামটো তেতিয়ালৈকে কোনেও কৰা নাছিল৷ অথচ বন্যপ্ৰাণী এটাৰ সম্পৰ্কে প্ৰকৃত তথ্য জনাটো কেৱল প্ৰাকৃতিক পৰিৱেশত কৰা অধ্যয়নৰ যোগেদিহে সম্ভৱ৷ এই কামটোৱেই কৰি বিশ্ববাসীক বিস্মিত, চমৎকৃত আৰু উপকৃত কৰিছিল জে গুডঅলে৷

জাতিত ইংৰাজ এই প্ৰাণীবিজ্ঞানীগৰাকীৰ সম্পূৰ্ণ নাম জে ভেন লউইক গুডঅল৷ সৰুৰে পৰাই আফ্ৰিকাৰ অৰণ্যৰ প্ৰতি অপাৰ কৌতূহল আৰু আকৰ্ষণ অনুভৱ কৰিছিল জেনে৷ পঁচিছ কি ছাব্বিছ বছৰ বয়সত চহৰনগৰৰ জাকজমকতাক বিদায় দি তেওঁ আহি হাজিৰ আফ্ৰিকাত৷ লগ পালে বিখ্যাত নৃতত্ত্ববিদ ড॰ লুই লীকিক৷ ড॰ লীকিয়ে ইতিমধ্যে পূব আফ্ৰিকাত মানুহৰ আদিমতম পূৰ্বপুৰুষ সম্পৰ্কীয় তথ্যপাতি আৱিষ্কাৰৰ যোগেদি বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জেনে কিছুদিন ড॰ লীকিৰ লগতো কাম কৰিলে৷ এদিন ড॰ লীকিয়েই লে যে চিম্পাঞ্জী সম্পৰ্কে মানুহৰ জানিবলগীয়া যথেষ্টখিনিয়েই আছে৷ সেয়ে অৰণ্যৰ পৰিৱেশতে জেনে এই বনমানুহবিধৰ অধ্যয়ন চলালে প্ৰাণীবিজ্ঞানৰ বহুত উপকাৰ কৰা ব৷ জে লগে লগে মান্তি আৰু ডেৰ বছৰ পিছতে আমেৰিকাৰউইল্কি ফাউণ্ডেশ্যন আৰ্থিক সাহায্য লাভ কৰি তেওঁ মধ্য আফ্ৰিকাত আহি উপস্থিত ল৷ তাত টাংগানিকা হ্ৰদৰ পূবত আছে চিম্পাঞ্জীৰ অন্যতম প্ৰধান বাসস্থলী গোম্বে ষ্ট্ৰীম অভয়াৰণ্য৷ ষাঠি বৰ্গমাইল এলেকাৰ এই অভয়াৰণ্যৰ চিম্পাঞ্জীখিনিক লৈয়েই আৰম্ভ তেওঁৰ গৱেষণা৷ সেয়া আছিল ১৯৬০ চনৰ কথা

Dr. Jane Goodall changed the way the world looked at apes with her path breaking work as a primate ethologist. The picture captures a moment from the life of young Jane Goodall who is known for more than six decades of field research on social & family life of wild Chimpanzees at the Gombe Stream National Park in Tanzania since 1960. Photo source : Internet.

গোম্বে অভয়াৰণ্যত এটুকুৰা সুবিধাজনক ঠাই চাইচিতি লৈ জেনে তেওঁৰ অৰণ্যশিবিৰ পাতিলে৷ লগ পালে বন বিষয়া ডেভিড এন্ষ্টিক৷ কথা প্ৰসংগত এন্ষ্টিয়ে চিম্পাঞ্জীৰ হিংস্ৰ স্বভাৱৰো আভাস দিলে এটি ঘটনাৰ উল্লেখ কৰি৷ এজন স্থানীয় লোকে বাদামজাতীয় এবিধ ফলৰ গছত উঠিছিল ফল সংগ্ৰহৰ উদ্দেশ্যে৷ এই ফলৰ পৰা ৰন্ধন তেল তৈয়াৰী হয়৷ গছজোপাৰ একেবাৰে ওপৰৰ ফালে যে চিম্পাঞ্জী এটা বহি ফল খাই আছিল এই কথা মানুহজনে নাজানিছিল৷ সম্ভৱ তেওঁক উঠা দেখি চিম্পাঞ্জীটো নামি আহিল কিন্তু মানুহজনৰ মুখত থপৰিয়াই তেওঁৰ গালৰ ভালেখিনি মাংসৰ লগতে চকু এটাও বখলিয়াই আনিলে৷ এন্ষ্টিৰ এই কাহিনী শুনি জেনে বুজিলে তেওঁৰ গৱেষণাৰ বিষয়বস্তু কি পৰিমাণে বিপজ্জনক পাৰে৷

              যি হওক জেনৰ চিম্পাঞ্জী অধ্যয়নৰ কাম আৰম্ভ ল৷ উইল্কি ফাউণ্ডেশ্যনে তেওঁক তিনিমাহৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াইছিলজ্ব কিন্তু প্ৰথম দুমাহ কাম কৰি জে প্ৰায় হতাশ হৈয়েই পৰিছিল৷ চিম্পাজীৰ লে দেখাদেখিয়েই নাই৷ মাজেসময়ে দূৰৰ পৰা সিহঁতৰ মাত শুনা যায় যদিও সেই দিশে আগুৱাই লেই সাৰসুৰ নোহোৱা হৈ পৰে৷ সদায় পুৱা অকলে অকলেই চিম্পাঞ্জীৰ সন্ধানত ওলাই পৰে তেওঁ৷ সৰু সৰু জোপোহাজংঘলৰ মাজেদি কোনোমতে বাট বনাই লৈ শিবিৰৰ ওচৰপাজৰৰ এলেকাবোৰত ভূমুকি মাৰে কিন্তু নিষ্ফল প্ৰচেষ্টা৷ গোটেই দিনটো এইদৰে কটাই আবেলি ক্লান্ত হৈ শিবিৰলৈ উভতি অহাটোৱেই যেন দৈনন্দিন ৰুটিনত পৰিণত হৈছিল জেনৰ৷ অৱশ্যে এটা লাভ হৈছিল৷ এই দুটা মাহত অন্ততঃ জংঘলৰ মাজেদি চলাফুৰা কৰাত অভ্যস্ত হৈ পৰিছিল তেওঁ৷ বাটত কেতিয়াবা অন্য জীৱজন্তুৰো দৰ্শন লাভ ঘটিছিল৷ এদিন লেপাৰ্ড অৰ্থাৎ নাহৰফুটুকী বাঘ এটা তেওঁৰ মাত্ৰ কেইহাতমান আঁতৰেদিয়ে গুচি গৈছিল আৰু এদিন গছত উঠি কোনোমতে দুটা বনৰীয়া হৰ আক্ৰমণৰ পৰা সাৰিছিল তেওঁ৷ ড॰ লীকিৰ মুখতেই জেনে শুনিছিল যে আফ্ৰিকাৰ অৰণ্যত বনৰীয়া হৰ সমান ভয়ংকৰ জীৱ দ্বিতীয়টো নাই৷

              অৱশেষত এদিন চিম্পাঞ্জীৰ দৰ্শন মিলিল৷ সৰুডাঙৰ নানা বয়সৰ চিম্পাঞ্জীৰ এটা দল কিন্তু প্ৰথমৰ পিনে সিহঁতৰ ৫০০ গজৰ ভিতৰলৈ লেই বনমানুহৰ দলটোৱে ওভতামুৱা হৈ অন্য দিশে গুচি গৈছিল৷ ছমাহ ধৰি বহু প্ৰচেষ্টাৰ অন্ততহে সিহঁতৰ এশ গজৰ ভিতৰত সোমাবলৈ সক্ষম হৈছিল জেন৷ ইতিমধ্যে অৱশ্যে উইল্কি ফাউণ্ডেশ্যনৰ সাহায্যৰ সময়সীমা পাৰ হৈ গৈছিল কিন্তু নেশ্যনেল জিয়গ্ৰাফিক চাইটিয়ে আৰু ডেৰ বছৰৰ বাবে জেনক অৰ্থ সাহায্য দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল৷

              এদিন জেনে গছগছনি নোহোৱা পাহাৰৰ টিং এটা আৱিষ্কাৰ কৰিলে৷ ইয়াৰ পৰা বাইনোকুলাৰেৰে চিম্পাঞ্জীৰ দল এটাৰ কাৰ্যকলাপ ভালদৰেই নিৰীক্ষণ কৰিব পাৰি৷ সন্ধিয়া হোৱাৰ লগে লগে চিম্পাঞ্জীবোৰে যেতিয়া গছৰ ডালত বিছনা সাজি শুলে, ঠিক তেতিয়াই জেনে অতি সন্তৰ্পণে সিহঁতৰ আৰু কাষ চাপি গৈ নিৰীক্ষণ কাৰ্য চলালে৷ এনেদৰে অধ্যয়ন চলাই তেওঁ দেখিলে চিম্পাঞ্জীয়ে কেতিয়াও মাটিত নোশোৱে৷ সন্ধিয়াৰ ঠিক আগে আগে সিহঁত গছত উঠি পাতেৰে ভৰা ফেৰেঙনি ডাল বাছি লয়৷ পাতবোৰ হেঁচি হেঁচি ডালৰ ওপৰত গোটাই লৈ বিছনা সাজে চিম্পাঞ্জীয়ে৷ এই বিছনাত শুই যদি যথেষ্ট আৰাম অনুভৱ নকৰে তেন্তে শুই থকা অৱস্থাতে দীঘল দীঘল হাতেৰে আৰু কিছু পাত ছিঙি লৈ মূৰ আৰু পিঠিৰ তলত গুজি দিয়ে৷ জেনে লক্ষ্য কৰিছিল পোৱালি চিম্পাঞ্জীয়ে মাকৰ লগত একেখন বিছনাতেই শোৱে৷ এই বিছনা চিম্পাঞ্জীয়ে এৰাতিতকৈ বেছি ব্যৱহাৰ নকৰে৷ আচলতে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা স্বভাৱৰ বাবেই প্ৰতিদিনেই সিহঁতে নতুন ঠাইত নতুন বিছনা সাজিব লগা হয়৷

Her studies unravelled many new aspects regarding the social bondings and intelligence of the wild Chimpanzees which also contributed to studies related to human evolution, and anthropology. She became the torchbearer of worldwide non-human primate conservation movement, and an ardent animal rights activist of the world. Photo Source :Internet.

যদিও বয়সৰ তাৰতম্যৰ কথা বাদ দিলে সকলো চিম্পাঞ্জীকেই দেখাত একে যেন লাগে তথাপি জেনে দিনৰ পাছত দিন ধৰি সূক্ষ্ম পৰ্যৱেক্ষণ কৰি ইহঁতৰ চেহেৰাৰ মাজত থকা পাৰ্থক্যবোৰ উলিয়াবলৈ সক্ষম আৰু সেইমতে প্ৰত্যেকৰে একোটা নামকৰণ কৰি নোট লিখাৰ কাম আৰম্ভ কৰিলে৷ তেওঁ দেখিলে এটা দলত সাধাৰণতে মতামাইকীপোৱালিকে ধৰি সাত বা আঠটাৰ বেছি চিম্পাঞ্জী নাথাকে কিন্তু কেতিয়াবা দেখা যায় নতুন এটা দল আহিও যোগ দিছে আগৰ চিনাকি দলটোৰ লগত এনে ঘটনা ঘটাৰ লগে লগে আৰম্ভ হৈ যায় কাণ তাল মৰা চিঞৰ, লম্জম্, মাটিত জোৰে জোৰে চাপৰ মৰা, গছৰ ডালত ধৰি জোঁকাৰি দিয়াৰ দৰে কাৰ্যকলাপ৷ প্ৰথমতে এইবোৰক লংকাকাণ্ড আৰম্ভ হোৱা বুলিয়েই ভাব হয় যদিও ভালদৰে লক্ষ্য কৰিলে বুজা যায় যে এই হুলস্থূল প্ৰকৃততে আনন্দৰহে প্ৰকাশ৷ হয়তো পূৰ্বৰ পৰিচিত কোনো দলৰ লগত পুনৰ সাক্ষাৎ হোৱাৰ বাবেই এই উচ্ছাস৷ দ্বিতীয় দলটোৱে প্ৰথম দলটোৰ লগত কিছুদিন একেলগে থাকি আকৌ গুচি যায় কিন্তু যোৱাৰ সময়ত নিজৰ দলৰ কেইটামানক ৰাখি প্ৰথম দলৰ কেইটামানক লগত লৈ যায়৷ এনে বিনিময়ৰ ঘটনা ঘটিলে জেনে আকৌ নতুনবোৰৰ নামকৰণ কৰি সিহঁতৰ বিষয়ে নতুনকৈ নোট লিখিব লগা হয়৷

              বহুদিনলৈকে জেনে চিম্পাঞ্জীবোৰৰ পঞ্চাছ গজতকৈও বেছি ওচৰ চাপিব পৰা নাছিল; কিন্তু সূক্ষ্ম নিৰীক্ষণ আৰু পৰ্যৱেক্ষণৰ দ্বাৰা সিহঁতৰ স্বভাৱ সম্পৰ্কে বহু কথাই জানিবলৈ সক্ষম হৈছিল৷ তেওঁ দেখিছিল পৰস্পৰৰ সৈতে ভাব বিনিময়ৰ বাবে চিম্পাঞ্জীৰ নিজস্ব ভাষা আছে৷ অসংখ্য ধৰণৰ মাতেৰে ভাব প্ৰকাশ কৰে সিহঁতে৷ সম্ভাষণসূচক শব্দ, আনন্দ বা পৰিতৃপ্তিৰ ভাব প্ৰকাশক শব্দ, খং দেখুৱাবলৈ কৰা শব্দ আটাইবোৰেই চিনাক্ত কৰিবলৈ সক্ষম হৈছিল তেওঁ ক্ৰুদ্ধ চিম্পাঞ্জীৰ এবিধ হুংকাৰ আছে, যিটোক জেনে আফ্ৰিকাৰ হাবিৰ আটাইতকৈ বুকু কঁপাই দিয়া শব্দবোৰৰ অন্যতম ৰূপে গণ্য কৰিছে৷ আকৌ মুখেৰে একো শব্দ নকৰাকৈয়ো চিম্পাঞ্জীয়ে অংগভংগী সহায়েৰেও মনৰ ভাব প্ৰকাশ কৰে৷ মাকে পোৱালিৰ পিঠিত টুকুৰিয়াই তাক দূৰলৈ নগৈ কাষ চাপি অহাৰ ইংগিত দিয়ে৷ মাটিত চাপৰ মাৰিও এটাই আনটোক কাষত বহিবলৈ কয়৷ খোৱাৰ ভাগ বিচাৰি এটা চিম্পাঞ্জীয়ে আন এটাৰ ওচৰত সাইলাখ ভিক্ষাৰীৰ দৰে হাত পাতি থকাও জেনে দেখিছিল৷ তেওঁ দেখিছিল কোনো অজ্ঞাত বিপদৰ আশংকা অনুভৱ কৰিলে চিম্পাঞ্জীয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি ওলোটামুৱা হৈ প্ৰস্থান কৰা৷ আৰম্ভণিতে জেনৰ লগত সিহঁতে এনে আচৰণেই কৰিছিল৷ স্বাভাৱিকতেই সম্পূৰ্ণ অচিনাকি প্ৰাণী এটাৰ পৰা বিপদ আহিব পাৰে বুলি ভাবিয়েই সিহঁত জেনৰ পৰা তৎক্ষণাৎ আঁতৰি পৰিছিল কিন্তু জেনৰ অক্লান্ত অধ্যৱসায়ৰ ফলত সিহঁতৰ ভয়ৰ ভাব যেন ক্ৰমান্বয়ে কৌতূহলত পৰিণত ল৷ এই কৌতূহল আকৌ কিছুদিনৰ ভিতৰতে ডাবিধমকিত পৰিণত ল৷ সেয়ে জেনক দেখিলেই গছৰ ওপৰৰ পৰা চিম্পাঞ্জীবোৰে বিৰক্তিৰ ভাবেৰে তেওঁলৈ চাই গছৰ ডালপাত জোঁকাৰি বুজাই দিছিল যে তেওঁৰ উপস্থিতি সিহঁতে পছন্দ কৰা নাই এনে আচৰণত সামান্য লেও অৱশ্যে ভয়ৰ ভাব এটা আছিল; কিন্তু কিছুদিন পিছতে এই ডাবিধমকিৰ স্থান লে সম্পূৰ্ণ হিংস্ৰ আৰু আক্ৰোশমূলক আচৰণে৷ এদিন জে চিম্পাঞ্জীৰ দল এটাৰ পিছে পিছে গৈ আছিল৷ সিহঁতে জেনৰ উপস্থিতি গম পোৱা নাছিল বাবেই নিজৰ মাজত যথেষ্ট চিঞৰবাখৰ কৰি আছিল; কিন্তু কোনোবাই সিহঁতক অনুসৰণ কৰি আছে বুলি বুজি পোৱাৰ লগে লগে আটাইবোৰ একেলগে চুপ হৈ পৰিল৷ জেনেও থমকি ৰৈ সিহঁত লুকালে আন্দাজ কৰাৰ চেষ্টা কৰিলে৷ এনেতে জোপোহা এটাৰ মাজত ঠাল ভাঙি পৰাৰ শব্দ শুনি ঘূৰি চাই দেখে সৰু চিম্পাঞ্জী এটা প্ৰায় তেওঁৰ মূৰৰ ওপৰতে গছৰ ডাল এটাত বহি আছে আৰু তাৰ ওচৰতে বহি আছে আৰু দুটা ডাঙৰ মাইকী চিম্পাঞ্জী৷ জেনে ভাবিবই পৰা নাছিল চিম্পাঞ্জীবোৰৰ ইমান ওচৰত তেওঁ আহি পৰিব বুলি৷ চাৰিওফালে যে জোপোহাৰ আঁৰে আঁৰে আৰু বহুতো চিম্পাঞ্জী আছে সেই কথাও তেওঁ বুজি পালে৷ তেওঁ মাটিত বহি পৰিল৷ এনেতে কাষৰ লতাৰে ভৰা জোপোহাৰ পৰাহাঃজাতীয় গহীন মাত এটা শুনা ল৷ লগে লগে চাৰিওফালৰ পৰা এনে শব্দ ধ্বনিত প্ৰতিধ্বনিত ধৰিলে৷ প্ৰায় দহ মিনিট সময় এইদৰেই পাৰ ল৷ মাজে মাজে জোপোহাৰ মাজত লা বৰণীয়া নোমাল শৰীৰ একোটা দেখা পাইছিল জেনে৷ কেতিয়াবা দেখিছিল একোযোৰ খঙাল চকু৷ ক্ৰমান্বয়ে চিম্পাঞ্জীৰ মাতবোৰ পৰিণত উন্মত্ত হুংকাৰত৷ জেনৰ সৰ্বশৰীৰৰ তেজ যেন চেঁচা পৰাৰ উপক্ৰম ল৷ তেওঁ দেখিলে ছটা প্ৰকাণ্ড মতা চিম্পাঞ্জীয়ে ভীষণ উত্তেজিত হৈ গছৰ ডাল জোঁকাৰিছে, ভাঙিছেও৷ এটাই আকৌ তেওঁৰ কাষতে থকা চাপৰ গছ এজোপাত উঠি বহিল৷ খঙত তাৰ সৰ্বশৰীৰৰ নোম থিয় হৈ গৈছে৷ সি গছজোপাক এনেদৰে জোঁকাৰিব ধৰিলে যে জেনৰ ভাব সেইজোপা যেন ভাঙি তেওঁৰ গাৰ ওপৰতেই পৰিব৷ চৰমতম এক বিপদৰ আশংকাত তেওঁ ক্ষণ গণি থাকোঁতেই হঠাতে যাদুমন্ত্ৰৰ নিচিনাকৈ চাৰিওদিশ নিশ্চুপ হৈ পৰিল আৰু তেওঁ আচৰিত হৈ দেখিলে চিম্পাঞ্জীবোৰে পুনৰ গছৰ ফলমূল খোৱাৰ কামত মনোনিৱেশ কৰিছে৷

 আৰু এদিন জেনে চিম্পাঞ্জীৰ চৰ খাবলগীয়া হৈছিল৷ তেওঁ ফলেৰে ভৰা গছ এজোপাৰ তলত থিয় হৈ আছিল৷ এনেতে পিছফালৰ পৰা ভৰিৰ খোজৰ শব্দ শুনি বুজিলে চিম্পাঞ্জী এটা আহি আছে৷ চিম্পাঞ্জীটোৱে যাতে তেওঁক দেখা নাপায় সেইবাবে ঘাঁহৰ ওপৰতে শুই দিলে তেওঁ৷ লগে লগে খোজৰ শব্দও বন্ধ ল৷ পিছ মুহূৰ্ততেইহু হুধৰণৰ শব্দ শুনি তেওঁ বুজিলে চিম্পাঞ্জীয়ে তেওঁক দেখি অস্বস্তি পাইছে৷ জে মৰাশৰ দৰে চুপচাপ পৰি ; কিন্তু তেওঁ অনুভৱ কৰিলে এটা নহয় কেবাটাও চিম্পাঞ্জী আহি তেওঁৰ ওচৰেপাজৰে জমা হৈছে৷ হঠাতে সিহঁতৰ এটাই একেজাঁপে জেনৰ মূৰৰ ওপৰত থকা গছজোপাৰ ডালত উঠি বহিল আৰু তেওঁক চাবলৈ ধৰিলে৷ তেতিয়া কিনকিনিয়া বৰষুণ দি আছিল আৰু জেনৰ মূৰৰ পৰা ভৰিলৈকে ঢাকখাই আছিল এখন পলিথিনৰ চাদৰেৰে৷ গতিকে চিম্পাঞ্জীবোৰৰ চকুত নিঃসন্দেহে তেওঁ এটা অদ্ভুত বস্তু হৈ পৰিছিল৷ গছত উঠা চিম্পাঞ্জীটোৰ খং যেন ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ সি গছৰ ডালত জোৰে জোৰে চাপৰ মাৰিছে, ঠালঠেঙুলি ধৰি জোঁকাৰিছে আৰু জেনলৈ চাই দাঁত নিকটাইছে৷ জেনে তথাপি মৰাশৰ দৰে নিঃশব্দে পৰি আৰু আধামুদা চকুৰেই তাৰ কাণ্ডকাৰখানা চাবলৈ ধৰিলে৷ হঠাতে চিম্পাঞ্জীটো যেন উধাও ল৷ তাৰ পিছতেই জেনে তাৰ ভৰিৰ শব্দ শুনিলে ঠিক মূৰৰ পিছফালেই৷ এইবাৰ বেগাই লৰি আহি তেওঁৰ মূৰতে চৰ এটা মাৰি চিম্পাঞ্জীটোৱে তাৰ বন্ধুবোৰৰ লগত গছে গছে থপৰিয়াই মুখেৰে বিৰক্তিসূচক শব্দ কৰি কৰি বনৰ মাজত অদৃশ্য হৈ ল৷ পিছত জেনে এই ঘটনাটোৰ বিষয়ে যেতিয়া ড॰ লীকিক জনাইছিল তেতিয়া তেওঁ কৈছিল, ‘তুমি সিদিনা কোনো ধৰণৰ খঙৰ ভাব দেখুৱালে নাইবা লৰচৰ কৰিলেও চিম্পাঞ্জীবোৰে তোমাক নিৰ্ঘাত মাৰি পেলালেহেঁতেন৷

'The Red Palm Nut, Jane Goodall and David Greyhead', a remarkable bronze sculpture by artist Marla Friedman was unveiled in 2018, at Chicago field museum in honour of Jane Goodall's 84th birthday. The sculpture captures a rare moment shared between the 26 years old researcher Jane Goodall and David Greyhead, the first Chimpanzee to grant her trust at Gombe, Tanzania. Photo source : Internet.

কেইমাহমান এনেদৰেই কাটিল৷ অৱশেষত এদিন জেনে আৱিষ্কাৰ কৰিলে যে চিম্পাঞ্জীবোৰে তেওঁক দেখি আৰু কোনো ধৰণৰ বিৰক্তি বা ক্ৰোধৰ ভাব প্ৰকাশ কৰিবলৈ ধৰা নাই৷ আনকি এনেকুৱা দিনো আহিল যেতিয়া তেওঁক দেখিলে সিহঁতে পৰিচিতজনক দেখাৰ দৰেই নানা সম্ভাষণসূচক মাতেৰে স্বাগত জনাবলৈ আৰম্ভ কৰিলে৷ আঠমাহ পিছত আৰু আচৰিত ঘটনা ঘটিল৷ জেনে তপামূৰীয়া বুঢ়া চিম্পাঞ্জী এটাৰ নাম দিছিল ডেভিড গ্ৰেবিয়াৰ্ড৷ এদিন শিবিৰৰ ৰান্ধনি ডমিনিকেই খবৰটো দিলে যে জে নথকা অৱস্থাত বুঢ়া ডেভিডে আহি শিবিৰত থকা অইল পাম গছজোপাৰ ফল খাই গৈছে৷ পিছদিনা জে শিবিৰ এৰি নগ আৰু ডেভিড অহাৰ লগে লগেই তাক চিনি পালে৷ এইদৰে অইল পাম গছজোপাত যিমান দিন ফল আছিল প্ৰতিদিনেই ডেভিডে আহি ফলাহাৰ পৰ্ব সমাধা কৰি গৈছিল৷ তাৰ পিছত জেনে শিবিৰৰ আশেপাশে কল বলৈ আৰম্ভ কৰিলে৷ দেখা ডেভিডে নিঃশংকচিত্তেৰে আহি কলবোৰ লৈ যায়৷ জেনে উপলব্ধি কৰিছিল মানুহ আৰু বনমানুহৰ মাজত থকা দূৰত্বখিনি যেন ক্ৰমান্বয়ে চমু চাপি আহিছে৷

              অৱশেষত জেনৰ আটাইতকৈ আনন্দৰ দিনটো আহিল যিদিনা ডেভিডে হঠাতে হাতখন আগবঢ়াই দি তেওঁৰ হাতৰ পৰাই কল লৈ ল৷ জেনৰ ইমান দিনৰ পৰিশ্ৰম যেন সাৰ্থক ল৷ আফ্ৰিকাৰ গভীৰ অৰণ্যৰ বনৰীয়া চিম্পাঞ্জীৰ সৈতে যে মানুহৰ মিতিৰালি পাৰে এই কথা প্ৰথমবাৰৰ কাৰণে প্ৰমাণ কৰিলে ইউৰোপৰ এইগৰাকী নাৰীয়ে৷

          এই ঘটনাৰ পিছৰ পৰা অৰণ্য ভ্ৰমণৰ সময়ত জেনে সদায় লগত কল নিবলৈ আৰম্ভ কৰিলে৷ তেওঁক দেখিলেই দূৰৰ পৰা ডেভিডে দল এৰি তেওঁৰ কাষলৈ আহি কল লৈ গৈছিল৷ আনবোৰ চিম্পাঞ্জীয়ে তেতিয়া অবাক দৃষ্টিৰে চাই ৰৈছিল৷ পিছত ডেভিডে আৰু দুটা চিম্পাঞ্জীক লগত লৈ জেনৰ শিবিৰত ভূমুকি মাৰিবলৈ আৰম্ভ কৰিলে৷ এটা সময়ত সৌহাৰ্দ্য ইমানেই বৃদ্ধি পালে যে ডেভিড আৰু তাৰ সংগীবৃন্দই শিবিৰৰ ভিতৰত সোমাই ফুৰাচকা কৰাৰ লগতে কাপোৰকানি, বাচনবৰ্তন আদিও মনৰ আনন্দত লণ্ডভণ্ড কৰাৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিল৷ এইদৰেই বনৰীয়া চিম্পাঞ্জীক প্ৰাকৃতিক পৰিৱেশতে মানুহৰ বন্ধুত পৰিণত কৰাৰ কামটো সম্পন্ন কৰিছিল জে গুডঅলে৷

'My Friends The Wild Chimanzees' was the first book written by Jane Goodall, published in 1969. Photo source : Internet
'In the Shadow of Man' published in 1971 was printed in more tha 40 different languages around the world. Photo Source : Internet.

জেনৰ মতে চিম্পাঞ্জী বিষয়ক তিনিটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ তেওঁ কৰিছে, যিকেইটা ইতিপূৰ্বে মানুহৰ সম্পূৰ্ণ অজ্ঞাত আছিল৷ প্ৰথমটো ধুমুহাবৰষুণৰ সময়ত চিম্পাঞ্জীয়ে কৰা অদ্ভুত আচৰণ৷ জেনে দেখিছিল আকাশ লা কৰি ধুমুহাবৰষুণ অহা দেখি চিম্পাঞ্জীৰ দলে মনৰ আনন্দত উন্মত্তপ্ৰায় হৈ নচাৰ দৃশ্য৷ তেওঁৰ মতে ইয়াকৰেইন ডেন্স বাহিৰে আন একোৱে পৰা নাযায়৷ মাথোঁ নাচেই নহয়, বাৰে বাৰে গছত উঠি ওপৰৰ পৰা জঁপিয়াই পাহাৰৰ এঢলীয়া গাৰে বাগৰি বাগৰি নামি অহাটোও এনে নৃত্য কাৰ্যসূচীৰ অংশবিশেষ আছিল৷ জেনৰ গৱেষণাৰ আগতে চিৰিয়াখানাত চিম্পাঞ্জীৰ আচৰণ অধ্যয়ন কৰা কোনোৱেই বনমানুহবিধৰ এনে অদ্ভুত নৃত্যৰ কথা কল্পনাও কৰিব পৰা নাছিল৷

              দ্বিতীয়তে, বান্দৰজাতীয় সকলো প্ৰাণী উদ্ভিদভোজী বুলিয়েই মানুহৰ বিশ্বাস আছিল৷ চিম্পাঞ্জীয়ে কাচিৎ কেতিয়াবা জেঠি বা এন্দুৰজাতীয় সৰু জীৱ ধৰি খোৱাৰ কথা অৱশ্যে বিজ্ঞজনে কৈছিল৷ কিন্তু জেনে নিজ চকুৰে ইহঁতক পোৱালি বেবুন, বুশ্ব্বাক্‌, হৰিণা, বনৰীয়া গাহৰি আদি চিকাৰ কৰি পৰম তৃপ্তিৰে খোৱা দেখিছিল৷ এবাৰ তেওঁ পাঁচটা চিম্পাঞ্জীয়েকলোবাছনামৰ এবিধ ডাঙৰ বান্দৰ এটা মাৰি ভোজন পৰ্ব সমাধা কৰাৰ কথাও বৰ্ণনা কৰিছে৷

              জেনৰ মতে আৰু বিশ্বৰ সকলোৱেই আজি জানে তেওঁৰ সবতোকৈ চাঞ্চল্যকৰ আৰু গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল চিম্পাঞ্জীয়ে মানুহৰ দৰে সঁজুলি ব্যৱহাৰ কৰাৰ কথা জানিব পৰাটো৷ মানুহৰ লগত জন্তুৰ অন্যতম প্ৰধান পাৰ্থক্যটো কেৱল মানুহেই উদ্ভাৱনী শক্তিৰ দ্বাৰা নিজৰ সুবিধাৰ বাবে যন্ত্ৰপাতি বা সাসঁজুলি তৈয়াৰ কৰিব পাৰে; কিন্তু জন্তুৱে কেৱল হাত, ঠেং বা মুখৰ দৰে অংগপ্ৰতংগ্যৰ সহায়েৰেই সকলো কাম কৰে৷ ইয়াৰ মানুহৰ দৰে সঁজুলি নিৰ্মাণৰ উদ্ভাৱনী ক্ষমতা নাই বুলিয়েই জনা যায়; কিন্তু জেনৰ আৱিষ্কাৰে প্ৰমাণ কৰি দেখুৱাইছে উদ্ভাৱনী শক্তিৰ দিশত চিম্পাঞ্জী অন্য জীৱজন্তুৰ পৰা পৃথক হৈ মানুহৰেই ওচৰলৈ আহে৷ উঁই পৰুৱা চিম্পাঞ্জীৰ প্ৰিয় খাদ্য৷ জেনে লক্ষ্য কৰিছিল এইবিধ পৰুৱাক উঁই হাফলুৰ পৰা বাহিৰলৈ উলিয়াই আনি খোৱাৰ অদ্ভুত উপায় চিম্পাঞ্জীয়ে জানে, যিটোক গছত বাহ সজাৰ দৰে জন্মগত বিদ্যা বুলিব নোৱাৰি, বৰঞ্চ মানুহৰ দৰেই উদ্ভাৱনী ক্ষমতাৰ পৰিচায়ক বুলিহে পাৰি৷ চিম্পাঞ্জীয়ে দীঘলীয়া টান খেৰৰ টুকুৰা নাইবা গছৰ সৰু ডাল ভাঙি লৈ পাতবোৰ ছিঙি মাৰিৰ দৰে কৰি লয়৷ মাৰিডালৰ পিছ অংশ উঁই হাফলুৰ ভিতৰত সুমুৱাই দি অলপ সময় ৰৈ থাকে৷ স্বাভাৱিকতেই অসংখ্য উঁই পৰুৱাই মাৰিডাল কামুৰি ধৰে৷ তেতিয়া উঁইৰে ভৰি থকা মাৰিডাল লাহেকৈ উলিয়াই আনি চিম্পাঞ্জীয়ে সেইবোৰ চেলেকি চেলেকি খায়৷ সাধাৰণতে একেডাল মাৰি চিম্পাঞ্জীয়ে বহুবাৰ ব্যৱহাৰ কৰা জেনে দেখিছে৷ মাৰিডাল ভাঙি লে বা নৰম হৈ পৰিলে আকৌ নতুন এডাল বনাই লয়৷

 জে গুডঅলৰ মন্তব্যএনে উদ্ভাৱনী বুদ্ধিসম্পন্ন প্ৰাণী এটাক মাথোঁ জন্তুৰ শাৰীতেই পাৰিনে ?

Dr. Jane Goodall's towering legacy of a preeminent primatologist, anthropologist, conservationist, activist, and naturalist will continue to guide humanity to drive the force of hope, compassion, and thoughful living until the end of our race on this planet. Photo source : Internet.

(অসমীয়া ভাষাত ° জেন গুডঅলৰ জীৱন তথা কৰ্মৰাজী সম্পৰ্কে এইটোৱেই প্ৰথম লেখা। এই প্ৰবন্ধটোৰ লেখক হৈছে পৰ্বতাৰোহী, সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক, লেখক, প্ৰকৃতিপ্ৰেমী শ্ৰী ৰূপম বৰুৱা দেৱ। এই লেখাটো পূৰ্বতে ফেব্ৰুৱাৰী ২০০২ প্ৰিয় সখীৰ আলোচনী আৰু পিছলৈপ্ৰসংগ প্ৰকৃতি ‘ (২০০৭২০০৮) কিতাপখনত সংযোজিত কৰা হৈছিল।)