- সৌম্যদ্বীপ দত্ত
সমগ্ৰ পৃথিৱীত, ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে আমি উপলব্ধি কৰিবলৈ সক্ষম হম যে, ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান পৃথিৱীৰ শ্ৰেষ্ঠ অঞ্চলত অৱস্থিত৷ ভাৰতৰ কোনো অঞ্চল প্ৰাকৃতিক অস্থিৰতাৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত নহয়৷ সদায় ধুমুহা, বজ্ৰপাত, ভূমিকম্প বা আগ্নেয়গিৰি উদ্গিৰণৰ দ্বাৰা ভাৰতৰ কোনো অঞ্চল সদায় অস্থিৰ হৈ নাথাকে৷ সাধাৰণতঃ ভাৰতৰ জলবায়ু আৰু প্ৰাকৃতিক পৰিৱেশ জীৱন ধাৰণৰ বাবে অনুকুল৷ ভাৰতৰ অৱস্থান পৃথিৱীৰ কৰ্কটক্ৰান্তি অঞ্চলত [Equatorial area] এনেদৰে প্ৰাকৃতিক আবৰণত আবৃত আৰু পৰিপূৰ্ণ যে, প্ৰাকৃতিক উষ্ণতা আৰু হিমবাহৰ প্ৰভাৱত ভাৰতৰ পৰিৱেশৰ আমোল পৰিৱৰ্তনৰ সম্ভাৱনা অত্যন্ত কম৷ ইউৰোপ আৰু আমেৰিকাৰ দেশবোৰ প্ৰায় ১৩০০০ বছৰৰ সময় প্ৰৱাহত বৰফৰ তলত সোমাই পৰে৷ Natural Glacial Period আৰু Natural Global Warming-ৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা ভাৰত তাৰ ভৌগোলিক অৱস্থানৰ বাবে সদায় ৰক্ষা পাই আহিছে৷ ভাৰত, প্ৰকৃতিৰ অপাৰ মহিমাৰ বাবে এনেকৈ প্ৰাকৃতিকভাৱে সুৰক্ষিত যে, কোনো সময়তে ভাৰতৰ স্বাভাৱিক পৰিবেশৰ ব্যাপক তাৰতম্য পৰিলক্ষিত নহয়৷ আৰু ভৱিষ্যতত তাৰ সম্ভাৱনাও কম৷ কাৰণ ভাৰতৰ উত্তৰত হিমালয় পৰ্বতমালা, পূৰ্ব আৰু দক্ষিণ ফালে পূৰ্বঘাট পৰ্বত [Eastern Ghat], পশ্চিম আৰু দক্ষিণত পশ্চিম ঘাট পৰ্বত [Eastern Ghat] আৰু পূৰ্ব–পশ্চিমৰ তলত নীলগিৰি পৰ্বতমালা অৱস্থিত৷
পূৰ্বঘাট ভাৰতৰ পূৰ্ব উপকুল প্ৰসাৰি অসমান বিন্যস্ত পাৰ্বত্য অঞ্চল যিটো উৰিষ্যাৰ পৰা অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকলৈকে বিস্তৃত৷ পশ্চিমঘাট পৰ্বতমালা ভাৰতৰ পশ্চিম ভাগত প্ৰসাৰিত এটা পৰ্বতশ্ৰেণী৷ এই পশ্চিমঘাট পৰ্বতশ্ৰেণীৰ আৰু এটা নাম হ’ল সহ্যাদ্ৰি পৰ্বতমালা৷ এই পৰ্বতমালা গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা আৰু তামিলনাডুৰ মাজেৰে ১৬০০ কিলোমিটাৰ বিস্তৃত হৈ কন্যাকুমাৰী চহৰৰ ওচৰত ভাৰতৰ দক্ষিণ বিন্দুত আহি মিলিত হৈছে৷ হিমালয় পৰ্বতমালা ভাৰতৰ উত্তৰ সীমান্তত দুৰ্ভেদ্য প্ৰাচীৰৰ দৰে থিয় হৈ ভাৰতক মধ্য এচিয়াৰ পৰা অহা হিমশীতল বায়ু প্ৰবাহক প্ৰতিহত কৰে ফলত ভাৰতত জলবায়ুৰ ভাৰসাম্য ৰক্ষা হয়৷ নহ’লে প্ৰাকৃতিক হিমবাহ আৰু শীত প্ৰবাহৰ ফলত আমাৰ দেশৰ বহুত অঞ্চল যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা ইত্যাদি দেশৰ দৰে তুষাৰাচ্চাদিত হৈ থাকিলে হয়৷ হিমালয়ৰ হিমবাহবোৰে ভাৰতৰ নদীবোৰক সদায় পানীৰে সমৃদ্ধ কৰি ৰাখে৷ হিমালয়ৰ বাবেই ভাৰতত পৰ্যাপ্ত পৰিমাণে বৰষুণ সম্ভৱ হৈ উঠে৷ হিমালয় পৰ্বতমালা যেন ভাৰতৰ মহান ৰক্ষাকৰ্তা; হিমালয়ৰ বাবেই ভাৰত তুষাৰত ঢাক খাই নাযায়, হিমালয় ভাৰতৰ নদীবোৰৰ জীৱনীশক্তি, হিমালয়ৰ বাবেই বৰষুণৰ আৰ্শীবাদপ্ৰাপ্ত হয় ভাৰত, ভাৰতৰ উৰ্বৰভূমি হিমালয়ৰে দান৷ আকৌ যদি তুষাৰ গলা পানীৰ বাবে সমুদ্ৰৰ পানীৰ স্তৰৰ বৃদ্ধি ঘটে, তেতিয়া পূৰ্বঘাট, পশ্চিমঘাট আৰু নীলগীৰি পৰ্বতমালাই ভাৰতক সংৰক্ষিত কৰিব৷ ভাৰতৰ জলবায়ু আৰু পৰিৱেশৰ বাবে অৰণ্য সম্পদ, উদ্ভিদৰ বিবিধতা আৰু জৈৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্যতাত ভাৰত অতুলনীয়৷ পৃথিৱীৰ সকলো ধৰণৰ পৰিস্থিতিৰ অৱস্থান আমি ভাৰতবৰ্ষত দেখিবলৈ পাওঁ৷ আমাৰ দেশৰ দৰে বিবিধতা আমি পৃথিৱীৰ কোনো দেশতেই বিচাৰি নাপাম৷ সাগৰ, মহাসাগৰ, প্ৰবাল দ্বীপ, ব–দ্বীপ, নদী, মহানদী, নিজৰা, জলপ্ৰপাত, প্ৰশ্ৰবন, উষ্ণ–প্ৰশ্ৰবন, বিল, আদ্ৰৰ্ভূমি, মৰুভূমি, তুষাৰ অঞ্চল, চিৰহৰিত বৃক্ষৰ অৰণ্য, মেনগ্ৰভ অৰণ্য, পাইন–কনিফাৰ অৰণ্য, বৰ্ষাৰণ্য, পৰ্ণপাতী বৃক্ষৰ অৰণ্য, শীতল মৰুভূমিৰ কাঁইটীয়া অৰণ্য, বিস্তীৰ্ণ ঘাঁহনি, পাৰ্বত্য গুহা, শীলাময় প্ৰান্তৰ, পানীত ভাষমান অৰণ্য – সকলো ধৰণৰ পৰিৱেশ আমি আমাৰ দেশ ভাৰতবৰ্ষত দেখিবলৈ পাওঁ৷ ভাৰতৰ এই প্ৰকৃতিৰ বিচিত্ৰতাৰ গৰ্ভত ভাৰততেই বিকশিত হৈছে একধৰণৰ নতুন জ্ঞান – ‘‘প্ৰাকৃতিকতা’’ যাক আমি অধিকাংশ মানুহে ‘আধ্যাত্মিকতা’ শব্দৰে চিহ্নিত কৰোঁ৷
ভাৰতীয় সভ্যতাৰ বিকাশ আৰম্ভ হৈছিল অৰণ্যৰ পৰা, যিটো ধাপে ধাপে, প্ৰথমতে গ্ৰামীণ সভ্যতা ৰূপে অগ্ৰগতি লাভ কৰি, নগৰ আৰু মহানগৰত বিকশিত হৈছিল৷ ভাৰতীয় বিজ্ঞান চিন্তা অগ্ৰগতি লাভ কৰিছিল ‘প্ৰাকৃতিকতাক’ অৱলম্বন কৰি৷ ভাৰতৰ জ্ঞানৰ আকৰ হ’ল ‘প্ৰাকৃতিকতা’ যিটো মূলত প্ৰকৃতিক অধ্যয়ন কৰিয়ে অৰ্জন কৰা হৈছিল৷ ভাৰতত এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল ভাৰতৰ প্ৰাগঐতিহাসিক যুগৰ পৰা৷ এই কথাৰ সত্যতা আমি তেতিয়াহে উপলব্ধি কৰিবলৈ সক্ষম হওঁ যেতিয়া আমি ভাৰতৰ প্ৰাগঐতিহাসিক মানুহৰ দ্বাৰা অঙ্কন কৰা গুহাচিত্ৰবোৰ প্ৰত্যক্ষ কৰোঁ৷ ভাৰতৰ ভীমবেটকা গুহা [Bhimbetka cave] তাৰ উৎকৃষ্ট উদাহৰণ৷ প্ৰাগঐতিহাসিক সময়ৰ পৰা আমাৰ ভাৰতৰ মানুহৰ মন–মগজুত বন্যপ্ৰাণী, অৰণ্য আৰু প্ৰকৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ যি চিন্তা, পৰ্যবেক্ষণ, উপলব্ধি, অভিজ্ঞতা আৰু অনুশীলনে পৰৱৰ্তী সময়ত ভাৰতীয় আচাৰ্যসকলৰ মাজত প্ৰাকৃতিকতাৰ জন্ম দিয়ে৷ প্ৰাকৃতিকতাৰ অৰ্থ হ’ল – ‘‘প্ৰকৃতি অধ্যয়নৰ মাধ্যমে যি জ্ঞান আৰ্জিত হয় সেয়াই প্ৰাকৃতিকতা৷’’ মানুহৰ প্ৰাৰাম্ভিক জ্ঞানৰ মূল উৎস আছিল প্ৰকৃতি অধ্যয়ন; আৰু ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিবিধতা, প্ৰাচুৰ্যতা, আবহাওৱা আৰু পৰিৱেশ আছিল জ্ঞানত নিমগ্ন হৈ থকাৰ আদৰ্শ অৱস্থা৷ পৃথিৱী যে গোলাকাৰ, সকলো গ্ৰহ যে সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰে, বৃক্ষ আৰু উদ্ভিদৰো যে প্ৰাণ আছে, মানুহে যে সকলো প্ৰাণৰ সহৱস্থানৰ মাজেৰেই জীৱন ধাৰণ কৰিব লাগিব, পানী সংৰক্ষণৰ চেতনাৰ পৰা আৰম্ভ কৰি, আকাশ অধ্যয়ন কৰি কৰি প্ৰাচীন ভাৰতৰ ঋষিমুণিসকলে গ্ৰহ–নক্ষত্ৰৰ বিষয়েও প্ৰাথমিক জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ প্ৰকৃতি অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰাৰ পৰম্পৰা ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰচলিত হৈ আছে৷ প্ৰথম অৱস্থাত হাজাৰ হাজাৰ বছৰ ধৰি গুৰু–শিষ্যৰ মুখে মুখে এই জ্ঞান প্ৰবাহিত হৈ আছিল৷ পৰৱৰ্তী সময়ত লিখিত ৰূপে এই জ্ঞানবোৰ সংৰক্ষিত হয়৷ ভাৰতৰ প্ৰকৃতি অধ্যয়নকাৰী, সাধু, সন্ন্যাসী আৰু আচাৰ্যসকলৰ অৰণ্য অধ্যয়নৰ ফলত, প্ৰকৃতি বিজ্ঞান সম্পৰ্কে বহুত নতুন কথা জনাটো সম্ভৱ হৈ উঠে৷ পৃথিৱীৰ প্ৰাণ সমষ্টিৰ অন্যতম প্ৰতিনিধি বৃক্ষবোৰৰ শিপা, বাকলি, ফুল, ফল, পাত, কাণ্ড আৰু গুটিবোৰ অধ্যয়ন কৰাৰ ফলত যি জ্ঞান অৰ্জিত হৈছিল, তাক আমি আয়ুৰ্বেদশাস্ত্ৰ বুলি অভিহিত কৰোঁ৷ এই আয়ুৰ্বেদশাস্ত্ৰৰ বৈজ্ঞানিক জ্ঞান, চিকিৎসা বিজ্ঞান ৰূপে প্ৰসাৰিত হ’বলৈ ধৰে৷ আধুনিক চিকিৎসা শাস্ত্ৰতো বৰ্তমানে তাৰ প্ৰয়োগ আৰু সুফল অসাধাৰণ৷ এই সকলো জ্ঞান ভাৰতৰ প্ৰাকৃতিকতাৰ গৌৰৱপূৰ্ণ আৱিষ্কাৰ৷
‘ভাৰত’ শব্দটো এটা অতি গুৰুত্বপূৰ্ণ শব্দ৷ আমাৰ বৈদিক ঋষিসকলে বেদ গ্ৰন্থত ‘ভাৰত’ শব্দৰ ব্যাখ্যা দি থৈছে৷ মূলতঃ ‘ভাৰত’ শব্দটোৱে ভাৰতৰ মৌলিক চৰিত্ৰৰ প্ৰকাশ ব্যক্ত কৰে৷ জ্ঞানত নিমগ্ন হৈ থকাৰ নামে – ‘ভাৰত’৷ ‘ভা’ কথাৰ অৰ্থ হ’ল – জ্ঞান, পোহৰ, কিৰণ আৰু ‘ৰত’ কথাৰ অৰ্থ হ’ল – নিমগ্ন থকা, চৰ্চা কৰা, লাগি থকা৷ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষৰ মানুহে প্ৰকৃতিৰ জ্ঞান সাধনাত নিমগ্ন থাকি প্ৰকৃতিৰ উৎস আৰু কাৰণ বিচাৰিবলৈ গৈ মূল প্ৰকৃতি তথা আদিশক্তিৰ ৰহস্যজ্ঞানৰূপী দিব্যশক্তি অৰ্জন কৰে৷ ভাৰতৰ প্ৰাচীন আচাৰ্য, সন্ন্যাসী, মুনি, ঋষিসকলে প্ৰকৃতি অধ্যয়নৰ মাজেৰে এই সত্য উপলব্ধি কৰিবলৈ সক্ষম হয় যে, সৃষ্টি, পালন আৰু নিধনৰ সৰ্বশক্তিমান আধাৰ হ’ল প্ৰকৃতি৷ সেয়েহে তেওঁঁলোকে সৰ্বোপৰি প্ৰকৃতিৰ মাজতেই স্ৰষ্টাৰ দৰ্শনপ্ৰাপ্ত হয়৷ পৰৱৰ্তী সময়ত এই প্ৰকৃতিৰ মহিমামণ্ডিত গুণৰ আধাৰ প্ৰকৃতিকেই বিভিন্ন ঈশ্বৰ কল্পনাত মানুহৰ অন্তৰত প্ৰতিষ্ঠা কৰে৷ ভাৰতৰ ‘প্ৰাকৃতিকতা’ ৰূপান্তৰিত হয় ‘আধ্যাত্মিকতাত’৷
ভাৰতীয়সকলৰ সকলো আধ্যাত্মিক পূজা–পাৰ্বন, উৎসৱ অনুষ্ঠান প্ৰকৃতি নিৰ্দিষ্ট নিয়মত আৰু সময়তেই সংঘটিত হয়৷ যিকোনো ভাৰতীয় মানুহ, সম্প্ৰদায় বা জনগোষ্ঠী, সেয়া ভাৰতৰ য’তেই নাথাকক কিয়, তেওঁলোকৰ ভাষা–সংস্কৃতি আৰু অৱস্থানৰ যিমানে পাৰ্থক্য নাথাকক কিয়, যদি তেওঁলোকৰ চিন্তা–চেতনা, দৰ্শন–অনুশীলন আৰু আচাৰ–আচৰণ ভাৰতত উৎপন্ন হৈছিল, তেনেহ’লে তেওঁলোকৰ জীৱনধাৰণত ভাৰতীয় প্ৰাকৃতিকতাৰ স্বতঃস্ফুৰ্ত প্ৰকাশ তথা প্ৰকৃতিৰ লগত একাত্মতাৰ স্পষ্ট প্ৰতিফলন আমি দেখিবলৈ পাম৷ সকলো ভাৰতীয় দৰ্শনধাৰাৰ মানুহৰ উৎসৱ অনুষ্ঠান, পূজা বা ধাৰ্মিক অনুষ্ঠান, প্ৰকৃতিৰ প্ৰকাশৰ লগত সংপৃক্ত হৈ আছে – তাৰেপৰা উৎপন্ন হোৱা ধ্যান–ধাৰণা, চিন্তা–চেতনা, আবেগ–অনুভৱ, কল্পনা–দৰ্শন ইত্যাদি আমাৰ ওচৰৰ আধ্যাত্মিকতা অনুশীলনৰ বিভিন্ন দিশ, যিটো হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় সমাজত প্ৰবাহমান হৈ আছে৷
ভাৰতৰ প্ৰাচীন প্ৰকৃতি অধ্যয়নকাৰী ঋষি–মুনিসকলে প্ৰকৃতি অধ্যয়নৰ মাধ্যমেৰে আৰু তাৰ নতুন নতুন আৱিষ্কাৰ আৰু জ্ঞানক মন্থন কৰি যি সত্য উপলব্ধি কৰিছিল সেই জ্ঞান আৰু তথ্যক উপনিষদ আকাৰে লিপিবদ্ধ কৰি গৈছে৷ প্ৰাকৃতিকতাৰ মাধ্যমে ভাৰতৰ প্ৰাচীন পণ্ডিতসকলে ভাৰতীয়সকলৰ জীৱনধাৰণ পদ্ধতি কেনেকুৱা হোৱা উচিত সেয়াও আমাক কৈ গৈছে৷ আমাৰ আহাৰ কেনেকুৱা হোৱা উচিত, আমি কোনটো সময়ত আত্মমুখী হোৱা উচিত, আমাৰ অধ্যয়নৰ সময়, মানসিক ব্যায়ামৰ সময়, মুক্ত প্ৰকৃতিৰ পানীত গা ধোৱাৰ ব্যৱস্থা বা নিয়ম, ধাতুৰ ব্যৱহাৰ আৰু ধাতুৰ অলংকাৰ পৰিধানৰ নিয়মৰ মাধ্যমে ধাতুৰ ‘নেনো পাৰটিকেল’ শৰীৰত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া, আমাৰ বস্ত্ৰৰ জৈৱিক উপাদান তথা জৈৱিক বস্ত্ৰ ব্যৱহাৰৰ নিয়ম, যোগ অভ্যাসৰ মাধ্যমে শৰীৰক কাৰ্যকৰী কৰি ৰখাৰ কৌশল, আনকি শৰীৰত বায়ু গ্ৰহণ আৰু বৰ্জন প্ৰক্ৰিয়াৰ নিৰ্দিষ্ট নিয়ম আমাৰ প্ৰাচীন সাধু–সন্ন্যাসী তথা প্ৰকৃতিবিদসকলে আমাক উপদেশ দি থৈছে৷ প্ৰকৃতিৰ লগত শ্ৰদ্ধাপূৰ্ণ আচৰণৰ মাধ্যমে আমি আমাৰ জীৱনক আগুৱাই লৈ যোৱাৰ যি ব্যৱস্থা বা নিয়মাৱলী পালন কৰোঁ, আমাৰ চিন্তা–চেতনা আৰু অবচেতন মনৰ মাজত যি ভক্তি শ্ৰদ্ধা জাগ্ৰত হৈ থাকে, সেই চেতনাবোৰ মূলতঃ ভাৰতীয়সকলৰ আধ্যাত্মিক চেতনা৷ ভাৰতীয় সনাতন চিন্তাৰ প্ৰকৃতি আৰু তাৰ নিয়ম সদায় ‘সত্য’৷ এই সত্যকেই গ্ৰহণ কৰা আৰু বিশ্বাস কৰাৰ শিক্ষা ভাৰতৰ আধ্যাত্মিকতাই আমাক প্ৰদান কৰে৷ ভাৰতৰ মহামুণি গৌতম বুদ্ধই আমাক প্ৰকৃতি সত্যতাক গ্ৰহণ কৰি জীৱন–যাপনৰ উপদেশ প্ৰদান কৰিছে৷ যাক আমি আজিকালি ‘বৌদ্ধধৰ্ম’ বুলি অভিহিত কৰোঁ৷ প্ৰকৃতিৰ নিয়মতেই সকলো বস্তু পৰিচালিত হয়, পৃথিৱীৰ আৰু ব্ৰহ্মাণ্ডৰ সকলো বস্তু জন্মৰ পিছৰে পৰা ধ্বংসৰ ফালে গতি কৰে – এয়া প্ৰকৃতিৰ নিয়ম৷ পৃথিৱীৰ সকলো প্ৰাণৰ বিশেষ ভূমিকা আছে, প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মবন্ধনত প্ৰকৃতিৰ নিয়মত পৰিচালিত হয়৷ সেয়েহে প্ৰকৃতিৰ সকলো সত্ত্বা যাতে সুখত থাকিব পাৰে তেনেদৰে আমি জীৱনক পৰিচালিত কৰাৰ চেষ্টা কৰা উচিত৷ এই চিন্তাটোৰ নামেই হ’ল ‘‘প্ৰাকৃতিকতা’’৷ যাৰ শিক্ষা প্ৰদান কৰিছিল ভাৰতৰ মহামুনি গৌতম বুদ্ধই৷ বৈদিক আচাৰ্যসকলে এই প্ৰাকৃতিকতাকেই ব্যাখ্যা কৰিছিল আধ্যাত্মিকতাৰ পৰিভাষাত৷
ভাৰতীয় সমাজত আমি যিমান দেৱ–দেৱীৰ সন্ধান পাওঁ, সেই দেৱতা–দেৱীবোৰক ভাৰতৰ মানুহে ভগৱান বা ঈশ্বৰ ৰূপত শ্ৰদ্ধা কৰে, পূজা কৰে, মান্যতা দিয়ে সেই দেৱ–দেৱীবোৰ মূলতঃ প্ৰকৃতিৰে এক কাল্পনিক ৰূপ৷ অকল বৈদিক দেৱ–দেৱীৰ ক্ষেত্ৰতেই যে কথাটো প্ৰযোজ্য তেনেকুৱা নহয়৷ বৈদিক, প্ৰাক্বৈদিক, অবৈদিক আৰু ভাৰতীয় লোকদেৱতাৰ ক্ষেত্ৰতো কথাটো একে৷ যেনে – পাহাৰ, পৰ্বত, বৰফাবৃত্ত পৰ্বত চূড়া ইত্যাদিক আমি মহাদেৱ ৰূপে কল্পনা কৰি পূজা কৰোঁ৷ পৃথিৱীৰ সকলো প্ৰাণৰ আৰু জৈৱিক–অজৈৱিক বস্তুৰ প্ৰকৃতিগত উৎপত্তিৰ শক্তিক আমি ব্ৰহ্মা দেৱতা ৰূপে শ্ৰদ্ধা কৰোঁ৷ প্ৰকৃতিৰ সকলো বস্তু জন্মলাভ কৰাৰ মুহূৰ্তৰ পৰা ধ্বংসৰ পিনে গতি কৰে – এয়াই প্ৰকৃতিৰ নিয়ম৷ জন্ম আৰু ধ্বংসৰ মাজৰ সময়ৰ, প্ৰকৃতিৰ মহিমামণ্ডিত ৰূপৰ কল্পনাত আমি বিষ্ণু দেৱতাৰ প্ৰতি [পালন শক্তিৰ বা পালন কৰ্তা] আমাৰ আধ্যাত্মিকতা নিবেদন কৰোঁ ৷ ধ্বংস প্ৰকৃতিৰ নিয়মৰ অন্যতম সত্য, সেয়েহে ধ্বংস প্ৰকৃতিৰ স্বাভাৱিক ঘটনা – তাৰপ্ৰতিও ভাৰতৰ পৰম্পৰা শ্ৰদ্ধাশীল৷ ধ্বংস বা সংহাৰৰ দেৱতা ৰূপে আমাৰ পৰম্পৰাগত দেৱতাৰ নাম মহেশ্বৰ৷ এই ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধা, মূলতঃ প্ৰকৃতিৰ মহাসত্যৰ প্ৰতি ভক্তি, বিশ্বাস আৰু সমৰ্থনৰ ৰূপ৷ যিটো বিভিন্ন ধৰণৰ পূজাৰ মাধ্যমে আমাৰ ভাৰতীয় সমাজত প্ৰচলিত হৈ আছে৷ এইদৰে ভাৰতৰ যিকোনো দেৱী–দেৱতাৰ কথা যদি আমি চিন্তা কৰোঁ, তেনেহ’লে আমি উপলব্ধি কৰিবলৈ সক্ষম হম যে, তেওঁলোকে প্ৰত্যেকে প্ৰকৃতিৰ কোনো নহয় কোনো উপাদানক প্ৰতিনিধিত্ব কৰে৷ মূলত ভাৰতীয়সকল প্ৰকৃতিৰ উপাসক৷ প্ৰকৃতি অধ্যয়নৰ মাধ্যমেই ভাৰতীয় জ্ঞানৰ ভঁৰাল সমৃদ্ধ হৈছিল৷ প্ৰকৃতিক ৰক্ষা কৰা, প্ৰকৃতিৰ নিয়মক স্বাভাৱিকভাবে গতিশীল ৰখাৰ প্ৰচেষ্টা, প্ৰকৃতিৰ প্ৰতিটো প্ৰাণীৰ মঙ্গল তথা পৃথিৱীৰ মঙ্গল সাধন কৰা ভাৰতীয় আধ্যাত্মিকতাৰ মূল লক্ষ্য৷ এই আধ্যাত্মিক অনুশীলনক আমি ‘প্ৰাকৃতিকতা’ বুলিও অভিহিত কৰিব পাৰোঁ৷