সম্পাদকীয় ফেব্ৰুৱাৰী ২০২৩

IMG_20210110_133024a

কংকণা দাস

IMG-20230215-WA0023

এয়া যে ফাগুনৰ বতৰ,  হয়!  প্ৰতিটো ঋতুত প্ৰকৃতিয়ে  জীয়াই থকাৰ গুপুত মন্ত্ৰ ৰচে। শীত কালৰ কুৱঁলীবোৰ সামৰি প্ৰকৃতি এতিয়া ব্যস্ত গুটি ছটিওৱাত। ফাগুনৰ ধূলিয়ৰী বতাহত সিচৰতি হ’ব বিভিন্ন গছৰ গুটি। আকাশ ৰঙা কৰি ফুলা শিমলু, মদাৰে  হাজাৰ হাজাৰ চৰাই আৰু পোক পতংগক আকৰ্ষিত কৰিছে। গছে গছে বগাই ফুৰা এই চৰাই আৰু পতংগবোৰ প্ৰকৃতিৰ প্ৰাণৰ আকৰ । ধূলিত পোত খাই থকা গছবোৰে এজাক বৰষুণৰ বাবে যেন উৎসুকতাৰে ৰৈ থাকে। পাত সৰি লঠঙা হোৱা গছবোৰে, মটীয়া ৰঙৰ ভাস্কৰ্য্যৰে প্ৰকৃতিক উদ্ভাসিত কৰে। এনে ঋতু পৰিৱৰ্তনৰ লগে লগে সলনি হোৱা প্ৰকৃতিৰ ৰং ৰূপে মানুহৰ মনলৈও কিছু পৰিৱৰ্তন লৈ আহে।প্ৰকৃতিৰ লগত একাত্ম হৈ থকাসকলে এই পৰিৱৰ্তন সমূহ সহজে অনুধাৱন কৰিব পাৰে। অইন সকলৰ ক্ষেত্ৰত হয়তো এই অনুভূতি ব্যস্ততাৰ দৌৰত হেৰাই যায়। মানুহৰ, প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ যুগ যুগান্তৰৰ। শিশু কালৰ পৰাই প্ৰকৃতিৰ প্ৰতি এই স্বাভাৱিক প্ৰেম জাগ্ৰত কৰোৱাৰ দায়িত্ব অভিভাৱকৰ। প্ৰতি গৰাকী মাক দেউতাকে শিশুক প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ দিব লাগে। প্ৰকৃতিৰ সৈতে গুণগত সময় কটোৱাৰ অভ্যাসে শিশু এগৰাকীৰ মন মগজুৰ পূৰ্ণাংগ বিকাশত সহায় কৰে। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ এই দৌৰত প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু দায়বদ্ধতাৰ বিকাশ কৰাটো অত্যন্ত জৰুৰী কথা। সেয়ে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ অনুভৱ কৰা, প্ৰকৃতিক সংৰক্ষণ কৰিব খোজা অথবা প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত থকা   প্ৰতিগৰাকী নাগৰিকে আমাৰ ভৱিষ্যৎ প্ৰজন্মক আমাৰ অৰণ্য সমূহ ভ্ৰমণ কৰোৱাৰ বিষয়টোত সজাগ আৰু সচেতন হ’ব লাগে। নেচাৰ্চ বেকনে জন্মলগ্নৰে পৰাই এই কামটো কৰি আহিছে। নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰ সমূহৰ মাজেৰে অসমত হাজাৰ হাজাৰ সেউজ সৈনিকৰ বিকাশ হৈছে, যিয়ে নিজৰ চাৰিওফালৰ প্ৰকৃতি আৰু পৰিৱেশক লৈ সজাগ। এই প্ৰকৃতি শিবিৰ সমূহৰপৰা প্ৰকৃতি সংৰক্ষণৰ  শিক্ষা লোৱা বহুতেই, প্ৰজন্মৰ পিছত প্ৰজন্ম এই জ্ঞান আগবঢ়াই গৈ আছে।

নেচাৰ্চ বেকনৰ প্ৰকৃতি শিবিৰ সমূহত দৰাচলতে কেৱল প্ৰকৃতি সংৰক্ষণৰ কথাই শিকোৱা নহয়, প্ৰকৃতিৰ প্ৰতি চেতনাশীল মূল্যবোধ গঢ়ি তুলিবলৈ যত্ন কৰা হয়। প্ৰকৃতিৰ প্ৰতি দয়া, চেতনাবোধৰ বিকাশ আৰু সংযম ইত্যাদি গুণসমূহ বিকশিত হ’লেহে  প্ৰকৃতাৰ্থত পৰিৱেশ সংৰক্ষিত হ’ব। প্ৰতি গৰাকী মানুহে এটা কথা মনত ৰখা উচিত যে প্ৰকৃতি সংৰক্ষণতকৈ ইয়াৰ স্বাভাৱিক অৱস্থা মানুহৰ দ্বাৰা ক্ষতিগ্ৰস্ত নোহোৱাটোহে আমাৰ মূল উদ্দেশ্য হোৱা উচিত। প্ৰকৃতি প্ৰদত্ত অৰণ্যসূহ হাজাৰ হাজৰ বছৰৰ ক্ৰমবিৱৰ্তনৰ মাজেৰে গঢ় লৈ উঠিছে। এই অৰণ্য সমূহ জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰ। সেয়েহে এই অৰণ্য সমূহৰ পবিত্ৰতা ৰক্ষা হ’লেহে প্ৰকৃতাৰ্থত পৃথিৱীৰ পৰিৱেশ সুৰক্ষিত হ’ব। সেয়েহে বন্যপ্ৰাণ সমূহৰ বাসস্থান সুৰক্ষা অতীব প্ৰয়োজনীয় আৰু জন্মলগ্নৰে পৰাই নেচাৰ্চ বেকনে এই উদ্দেশ্যে পূৰণ কৰাৰ বাবে সফলতাৰে কাম কৰি আহিছে। প্ৰকৃতি শিবিৰ সমূহ দৰাচলতে  মুক্ত পৰিৱেশত অনুষ্ঠিত হোৱা প্ৰকৃতিৰ পাঠশালা। য’ত কিতাপী জ্ঞানৰ উৰ্দ্ধত গৈ চিন্তাৰ বিকাশ কৰিবলৈ শিকোৱা হয়। আমাৰ প্ৰতিটো কামেই আমাৰ চিন্তাক প্ৰতিফলিত কৰে। সেয়ে ভাল চিন্তা, সুস্থ মানসিকতা, প্ৰেম, কৰুণা বিকাশৰ ক্ষেত্ৰত এই প্ৰকৃতি শিবিৰ সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দৰাচলতে শিবিৰ সমূহ প্ৰকৃতিৰ সৈতে কটোৱা অৱসৰী বিনোদন নহয় বৰঞ্চ প্ৰকৃতিৰ প্ৰতি সমৰ্পিত মূল্যবান সময় য’ত কেৱল প্ৰকৃতিৰ মংগলৰ কথা চিন্তা কৰা হয়  আৰু প্ৰকৃতিৰ নিভৃত সাহচৰ্যত আমাৰ আধ্যাত্মিক উত্তৰণৰ বীজ সিচা হয়।  ক্ৰমাৎ অৱক্ষয় হোৱা সামাজিক মূল্যবোধৰ একমাত্ৰ কাৰণ হ’ ল প্ৰকৃতিৰ লগত আমাৰ দূৰত্ব। বৰ্তমান  সমাজৰ চাৰিওফালৰ কদৰ্যময় ৰূপে  বাৰে বাৰে এই কথা প্ৰতিপন্ন কৰে। মানুহৰ মানসিক অস্থিৰতা, মূল্যবোধৰ অৱক্ষয় ইত্যাদি ৰোধ কৰিবলৈ প্ৰতিগৰাকী অভিভাৱকে এই শিবিৰ সমূহৰ জড়িয়তে নিজৰ সন্তানক প্ৰকৃতিৰ অধিক ওচৰলৈ লৈ যাব পাৰে। সেয়া হ’লে আমি নিশ্চয় এক সুস্থ সমাজৰ আশা কৰিব পাৰো। শেষত, প্ৰতিগৰাকী শিশুৰ মন প্ৰকৃতিৰ প্ৰতি ভালপোৱাৰে উজ্জীৱিত হওঁক, এই ফাগুনেই হওঁক সেই বীজ সিচাৰ সময়।