সৌম্যদ্বীপ দত্ত
আমি যেতিয়া কোনো প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা অঞ্চললৈ যাওঁ তেতিয়া আমাৰ ভাল লাগে। হঠাৎ যেতিয়া আমি এনেকুৱা কোনো অঞ্চলত আহি উপস্থিত হওঁ য’ত পাহাৰী নদী বৈ আছে, সেউজীয়া পাহাৰ, নীলা আকাশৰ তলত অৰণ্যৰ সমাৰোহ, ঘাঁহনিৰে আবৃত বালি-চাপৰি বা পদুম, ভেঁট আৰু জলজ উদ্ভিদেৰে পৰিপূৰ্ণ এটা সৰোবৰ। এইবোৰ চোৱাৰ লগে লগে আমাৰ মনটো ভাল লাগি যায়, কিয় জানো এক অজ্ঞাত কাৰণত মন আনন্দত নাচি উঠে। এই ভাল লগাৰ কাৰণ আমাৰ বহুতৰ ওচৰত অজ্ঞাত থাকিলেও বৈজ্ঞানিকসকলৰ ওচৰত এই কাৰণ আৰু অজ্ঞাত হৈ থকা নাই। পাহাৰ-ভৈয়াম, নদ-নদী, সাগৰ-জলপ্ৰপাত, তৃণছাদিত অঞ্চল তথা অৰণ্য ইত্যাদি দেখিলে কিয় আমাৰ ভাল লাগে তাৰ কাৰণ বৈজ্ঞানিকসকলে বিশেষণ কৰিছে। কোনো এটা সময়ত, হাজাৰ হাজাৰ বছৰ ধৰি আমি বাস কৰিছিলো প্ৰকৃতিৰ বুকুত—মুক্তভাৱে। নৈৰ পাৰত, পাহাৰ বা অৰণ্যত বা সমুদ্ৰৰ তটভূমিত আমি হাজাৰ হাজাৰ বছৰ ধৰি আশ্ৰয় লৈছোঁ। সেইবোৰক অৱলম্বন কৰিয়েই আমি জীয়াই আছিলো, লালন-পালন কৰিছিলো আমাৰ সন্তান-সন্ততিসকলক, বংশ বৃদ্ধি কৰিছোঁ, কৰিছোঁ আত্মৰক্ষা। সেয়েহে লক্ষ লক্ষ বছৰ ধৰি আমাৰ ঘৰ আমাৰ বসবাসৰ স্থান আছিল এই মুক্ত প্ৰকৃতিৰ নৈ, পাহাৰ আৰু অৰণ্য। লক্ষ লক্ষ বছৰৰ নিৰ্ভৰশীলতা বা এই মুক্ত প্ৰকৃতিৰ প্ৰভাৱ আমাৰ মনস্তাত্ত্বিক আধাৰত, জটিল মস্তিষ্কৰ ৰন্ধ্ৰে ৰন্ধ্ৰে, স্নায়ৱিক কোষ বা জিনৰূপী জৈৱিক কোষিকাত প্ৰোথিত হৈ আছে। আমাৰ জীৱনধাৰণ প্ৰক্ৰিয়াৰ ব্যাপক পৰিৱৰ্তন হ’লেও স্মৃতিৰপৰা সেইদিনবোৰৰ কথা মচি গ’লেও লক্ষ লক্ষ বছৰ ধৰি প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকাৰ ফলত প্ৰাকৃতিক প্ৰভাৱে দেহ আৰু মনক প্ৰভাৱিত কৰিছিল আৰু সেই প্ৰভাৱৰ পৰা আমাৰ দেহ আৰু মস্তিষ্ক এতিয়াও মুক্ত নহয়। সেই কাৰণে পাহাৰ-ভৈয়াম, নদ-নদী বা অৰণ্য দেখাৰ লগে লগে আমাৰ মনত আমাৰ হাজাৰ হাজাৰ বছৰৰ আগৰ আশ্ৰয়স্থল বা গৃহৰ প্ৰতিবিম্ব প্ৰতিফলিত হয় আৰু কিবা এক অজান কাৰণত বা অজান অনুভূতিৰ ফলত আমাৰ ভাল লাগে।
অকল প্ৰকৃতি চাই ভাল লগাৰ অনুভূতিয়েই নহয় এনেকুৱা বহু অনুভূতি আছে যিবোৰ কেতিয়াবা কেতিয়াবা আমি অনুভৱ কৰো আমাৰ হাজাৰ হাজাৰ বছৰ আগত এৰি অহা অতীতৰ পৰা। আমাৰ বহুতৰেই বোধকৰো এনেকুৱা অনুভৱৰ অভিজ্ঞতা আছে যে—বিছনাত শুই থাকোঁতে বা আন কোনো ঠাইত শুই থাকিলেও আমি হঠাতে চক্ খাই উঠো, এনেকুৱা ভাব হয় এই মুহূৰ্তত বোধকৰো ঠাইডোখৰৰপৰা পৰিবলৈ ধৰিছিলো; পিছমুহূৰ্ততেই আকৌ বুজি উঠো বিছনাতে দেখোন শুই আছোঁ। কম বয়সত মোৰ নিজৰেই এনেকুৱা অনুভূতি প্ৰায়েই হৈছিল। ইয়াৰ কাৰণো আমাৰ হাজাৰ হাজাৰ বছৰ আগতে এৰি অহা জীৱনৰ প্ৰভাৱ, যিটো বৰ্তমানেও আমাৰ মন-দেহ বা মস্তিষ্কক কেতিয়াবা কেতিয়াবা প্ৰভাৱিত কৰে। পূৰ্বতে আমি যেতিয়া অৰণ্যচাৰী আছিলো তেতিয়া আমি বাস কৰিবলগীয়া হৈছিল ডাঙৰ ডাঙৰ গছৰ শাখাত বা কোনো পাহাৰৰ ওখ শিলৰ গুহাত, সেই সময়ত মানুহে সৰ্বদা সজাগ হৈ থাকিবলগীয়া হৈছিল আনকি টোপনিৰ সময়তো মানুহে সজাগ আছিল যাতে পৰি নাযায় বা শুই থকা অৱস্থাত যাতে বন্য জন্তুৰ মুখত গৈ নপৰে। শুই থকা অৱস্থাত পৰি যোৱাৰ সেই ভয় আৰু সচেতনতা বৰ্তমানেও কেতিয়াবা কেতিয়াবা আমাৰ মাজত প্ৰতিফলিত হোৱা দেখা যায়। কম বয়সত এই অনুভূতিৰ প্ৰভাৱ থাকে বেছি।
মানুহৰ মনৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। বৰ্তমানতো প্ৰাকৃতিক পৰিৱেশে মানুহৰ মনক নিয়ন্ত্ৰিত কৰে, প্ৰভাৱিত কৰে। শিশু অৱস্থাৰপৰা কিশোৰ আৰু কিশোৰ অৱস্থাৰপৰা যৌৱন অৱস্থাৰ সময়ত মানুহৰ মানসিক, চাৰিত্ৰিক আৰু ব্যৱহাৰিক দিশবোৰে পূৰ্ণতা পাবলৈ আৰম্ভ কৰে আৰুএই সময়তেই প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱে মানুহৰ ওপৰত সকলোতকৈ বেছি তৎপৰতাৰ সৈতে প্ৰতিফলিত হয়। প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ এটা স্বাভাৱিক প্ৰতিফলন। যিটোৱে কেতিয়াবা সচেতনভাৱে কেতিয়াবা আকৌ অ-সচেতনভাৱে শিশু বা কিশোৰ – কিশোৰীসকলৰ মনত প্ৰভাৱ বিস্তাৰ কৰে।
প্ৰতিজন মা-দেউতাই বিচাৰে যে তেখেতসকলৰ সন্তান শিক্ষিত হওক, জীৱনত প্ৰতিষ্ঠা লাভ কৰক, মানুহৰ যিবোৰ সৎ গুণ সেই গুণবোৰৰ অধিকাৰী হওক। পৃথিৱীৰ সমস্ত মাক-দেউতাকেই নিজৰ শক্তি, সামৰ্থ্য আৰু আন্তৰিকতাৰে সন্তানবোৰক লালন-পালন কৰি তোলে। আধুনিক পৃথিৱীত জীৱন সংগ্ৰামৰ ক্ষেত্ৰত যাতে বাছি থাকিব পাৰে তাৰ কাৰণে আমি আমাৰ সন্তান-সন্তুতিসকলক ভাল বিদ্যালয়ত পঢ়াব বিচাৰো, বিভিন্ন কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচাৰো আৰু এই সমস্ত শিক্ষা সন্তান-সন্ততিসকলে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰপৰা পায়। কিন্তু এইবোৰ শিক্ষাৰ উপৰিও প্ৰতিজন মাক-দেউতাকে কামনা কৰে যে তেখেতসকলৰ সন্তান যাতে চৰিত্ৰবান হয়, যাতে উচ্ছৃংখল জীৱন-যাপন নকৰে, দয়া-মায়া, ভালপোৱা, মৰম-স্নেহ কষ্ট-সহিষ্ণুতা, আত্মসংযম, দায়িত্ববোধ, সহানুভূতিশীলতা ইত্যাদি গুণো যাতে সন্তান-সন্ততিৰ মাজত বিদ্যমান থাকে; এইবোৰ গুণৰ শিক্ষা সন্তান-সন্ততিসকলে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰপৰা যিমানখিনি পায় তথা গ্ৰহণ কৰে তাতোকৈ বহুত বেছিপায় প্ৰাকৃতিক পৰিৱেশৰপৰা বা পৃথিৱীৰ পৰা। প্ৰাকৃতিক পৰিৱেশে মানুহৰ অনুভূতি শক্তিবোৰক সকলোতকৈ বেছি প্ৰভাৱিত কৰে। সেইকাৰণেই বোধকৰো, এই বাস্তৱতাক উপলব্ধি কৰি আমাৰ পৌৰাণিক যুগত বা বৈদিক যুগত শিক্ষাগ্ৰহণৰ তথা শিক্ষা প্ৰদানৰ কেন্দ্ৰ স্থাপিত হৈছিল প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধ কোনো পাহাৰত, নদীৰ উপকূলত বা অৰণ্য পৰিৱেষ্টিত অঞ্চলত। মানুহৰ মনুষ্যত্ব বিকাশৰ ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশৰ যে বিকল্প নাই সেই কথা আমাৰ জ্ঞানী মুনি-ঋষি আৰু ৰজা-মহাৰজাসকলেও তেতিয়াৰ দিনতেই উপলব্ধি কৰিছিল। সেয়া নহ’লে, প্ৰচণ্ড বৈভৱ-ঐশ্বৰ্য আৰু ক্ষমতাৰ অধিকাৰী হৈয়ো তেতিয়াৰ ৰজা-মহাৰজাসকলে তেওঁলোকৰ সন্তান-সন্ততিসকলক মুনিৰ আশ্ৰমত প্ৰাকৃতিক পৰিৱেশৰ অভ্যন্তৰত অপেক্ষাকৃত কঠিন জীৱন-যাপন তথা শিক্ষাগ্ৰহণৰ কাৰণে কেতিয়াও নপঠালেহেঁতেন। কিয়নো সেই সময়ৰ ৰজা-মহাৰজা তথা ৰাণী-মহাৰাণীসকলে তেখেতসকলৰ প্ৰাণাধিক প্ৰিয় সন্তান-সন্ততিসকলৰ কাৰণে অনায়াসে নগৰ-চহৰৰ মাজ-মজিয়াত শিক্ষাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কিন্তু সেই পদক্ষেপৰ পৰা বিৰত থকাৰ হয়তো অন্যতম প্ৰধান কাৰণ আছিল—‘প্ৰাকৃতিক পৰিৱেশতেই মানহক সহজতে মনুষ্যত্বৰ গুণৰ অধিকাৰী কৰি তুলিব পাৰে।’
বৰ্তমান আমাৰ সমাজত এনেকুৱা বহু উদাহৰণ আছে—যিসকল উচ্চশিক্ষিত, যিসকলক তেখেতসকলৰ মা-দেউতাই ব্যয়বহুল বিদ্যালয়-মহাবিদ্যালয়ত পঢ়িবৰ সুযোগ কৰি দিছে আৰু তেখেতসকল হয়তো বৰ্তমানে যথেষ্ট সুপ্ৰতিষ্ঠিত। কিন্তু তেখেতসকলৰ মাজত বহুতৰে মানৱীয় অনুভূতিপূৰ্ণ গুণৰ প্ৰচণ্ড অভাৱ আমি প্ৰত্যক্ষ কৰো। অন্যান্য আনুষংগিত কথাটো বাদেই নিজৰ মা-দেউতা, ভাই-ভনীৰ প্ৰতিও তেখেতসকলৰ যথেষ্ট স্বাৰ্থপৰতাপূৰ্ণ আচৰণ আমি প্ৰত্যক্ষ কৰো। তাৰ কাৰণ সেই স্বাৰ্থপৰ, আংশিক অনুভূতিহীন সন্তান-সন্ততিসকলে হয়তো—উচ্চশিক্ষা, ব্যয়বহুল শিক্ষা প্ৰতিষ্ঠান, কাৰিকৰী জ্ঞান, অৰ্থ, মান-যশ তথা প্ৰতিপত্তি, প্ৰতিষ্ঠা আভিজাত্য তথা কৃত্ৰিম ভোগ-বিলাসৰদ্বাৰা যথেষ্ট প্ৰভাৱিত। কিন্তু প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ তেখেতসকলৰ মাজত কম বা সীমিত।
আনফালে আমাৰ সমাজত এনেকুৱাও বহুতো উচ্চশিক্ষিত, সু-প্ৰতিষ্ঠিত, কাৰিকৰী জ্ঞানৰ অধিকাৰী সন্তান-সন্ততি আছে যিসকল প্ৰচণ্ডভাৱে অনুভূতি পৰায়ণ আৰু মানৱীয় গুণৰ অধিকাৰী মা-দেউতা, ভাই-ভনী, আত্মীয়-স্বজন, বন্ধু-বান্ধৱসকলৰ প্ৰতি এখেতসকল কৰ্তব্য সচেতন। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাতকৈ পাৰিপাৰ্শ্বিক তথা প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱে সিহঁতৰ মাজত অপৰিসীম প্ৰভাৱ বিস্তাৰ কৰি আছে। কৃত্ৰিম জীৱন-যাপনতকৈ প্ৰকৃতিৰ কোলাত যিসকলে লালিত-পালিত হৈছে তেখেতসকলৰ মাজত এই প্ৰৱণতা বেছিকৈ দেখিবলৈ পোৱা যায়। যদি সমীক্ষা কৰা হয় তেনেহ’লে আমি হয়তো জানিব পাৰিম আমাৰ দেশত ‘মানুহৰ নিচিনা মানুহ’ নিৰক্ষৰসকলৰ মাজতেই বেছি অৰ্থাৎ গাঁৱৰ সহজ-সৰল নিৰক্ষৰ অথচ জ্ঞানীলোকৰ মাজতেই হয়তো আমি আমাৰ মানৱীয় অনুভূতিপূৰ্ণ গুণৰ প্ৰাধান্যতা বেছিকৈ বিচাৰি পাম। তেখেতসকলৰ মাজত এই গুণৰ প্ৰভাৱ প্ৰাকৃতিক পৰিৱেশৰেই প্ৰতিফলন আৰু এই গুণৰ বা সামাজিক আধাৰৰ ভেটিতেই বৰ্তমানেও আমাৰ সমাজ প্ৰতিষ্ঠিত হৈ আছে।
নাম উল্লেখ নকৰাকৈ মই ক’ব বিচাৰো আজি আমাৰ সমাজত যিসকল অনুভূতিপূৰ্ণ ব্যক্তি, যিসকলৰ কাম-কাজে সমাজক ধনাত্মকভাৱে প্ৰভাৱিত কৰি আহিছে তেখেতসকলে প্ৰত্যেকেই প্ৰাকৃতিক পৰিৱেশৰদ্বাৰা বা প্ৰকৃতিৰ নৈসৰ্গিক প্ৰভাৱৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত। বৰ্তমান আমাৰ অসমৰ সাহিত্যিক, সম্পাদক, কবি, শিক্ষাবিদ, বুদ্ধিজীৱী, গায়ক, শিল্পী, চিত্ৰশিল্পী, নাট্যকাৰ, অভিনেতা-অভিনেত্ৰী, চিত্ৰ পৰিচালক, সাংবাদিক, বৈজ্ঞানিক, চিকিৎসক ইত্যাদি প্ৰত্যেকেই প্ৰাকৃতিক পৰিৱেশৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত। প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱৰ কথা উপলব্ধি কৰিয়েই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে মুক্ত প্ৰকৃতিৰ বুকুত শিক্ষাগ্ৰহণৰ বা শিক্ষা প্ৰদানৰ প্ৰথা পুনৰ প্ৰৱৰ্তিত কৰিছিল।
আমি আমাৰ সন্তান-সন্ততিসকলক ভালপাওঁ, এই ভালেপাৱা অকৃত্ৰিম, প্ৰতিটো ভালপোৱাই নিজ নিজ স্থানত অভূতপূৰ্ব। ভালপোৱাৰ মূলতেই সন্তান সন্ততিৰ প্ৰতি মা-দেউতাৰ সহজাত প্ৰকৃতি প্ৰদত্ত অনুভূতি। এই ভালপোৱা বা সন্তানৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আমি সাধ্যানুযায়ী সন্তানৰ সমস্ত চাহিদা পূৰণ কৰাৰ কাৰণে চেষ্টা কৰো। সন্তানৰ চাহিদা পূৰণ কৰাৰ সময়ত আমি বহুতেই ভাবো সন্তানৰ চাহিদা পূৰণ কৰাটো মা-দেউতাৰ ভালপোৱা প্ৰকাশৰ মাথোন এক অভিব্যক্তি। সেয়েহে বিচাৰিলেই আমি বহুতেই আমাৰ সন্তানক দামী কাপোৰ-কানি (প্ৰয়োজন নাথাকিলেও) মটৰ চাইকেল, গাড়ী, পাৰ্টিৰ বাবে টকা, ম’বাইল ফোন ইত্যাদি দিবলৈ কাৰ্পণ্য নকৰো। আমাৰ বহুত মা-দেউতাই ভাবে শিশু বা কিশোৰ অৱস্থাতে তাৰ প্ৰতি মাক-দেউতাকৰ মৰম-স্নেহ তথা ভালপোৱাৰ এক গভীৰ সাঁচ বহুৱাই দিব। হয়তো এইবোৰে সাঁচ বহুৱাইও কিন্তু এইবোৰতকৈ শিশু অৱস্থাত বা কিশোৰ অৱস্থাত মা-দেউতাৰ লগত প্ৰকৃতিৰ বুকুত অন্তৰংগ হৈ থকাৰ মুহূৰ্তৰ সুখানুভূতি, অবিব্যক্তি আৰু স্মৃতিয়ে যে বহুত গভীৰ আৰু ব্যাপকভাৱে সন্তান-সন্ততিৰ মনত সাঁচ বহুৱায় তাত কোনো সন্দেহ নাই।
শিশু অৱস্থাত যদি সন্তানে মাকৰ হাতত ধৰি এখন অৰণ্যৰ মাজেৰে খোজকাঢ়ে, যদি অৰণ্যৰ জীৱ-জন্তু চায়, যদি নদীৰে নাও বাই যায়, যদি কোনো জলপ্ৰপাতৰ মুখা মুখি হয়, যদি কোনো পৰ্বতৰ শিখৰ দৰ্শন কৰে, যদি সমুদ্ৰৰ উত্তাল ঢৌৰ কাষত থিয় হয় বা সমুদ্ৰৰ পানীত খেলা কৰে, যদি প্ৰবল বৰষুণত তিতে, যদি বৰফৰ মাজত লুটি-বাগৰ খায়, যদি নাহৰ-বকুল-শেৱালিৰ তলে তলে ফুল বুটলে, যদি ধুমুহাৰ পিছত মাকৰ লগত আম বুটলিবলৈ যায়, যদি হাবিত শাক বা ঔ টেঙা আনিবলৈ যায়, যদি প্লেনত উঠি মেঘৰ মাজৰপৰা মেঘবোৰক প্ৰত্যক্ষ কৰে, যদি সোণালী ধাননিৰ মাজে মাজে আলিয়ে আলিয়ে ঘূৰি ফুৰে, যদি সৰিয়হ ফুলৰ গোন্ধ আৰু ৰূপ মাকৰ লগত অনুভৱ কৰে, যদি পুহৰ জাৰত মাকৰ লগত জুই পুৱায়, এনেকুৱা বিভিন্ন মুহূৰ্ত যদি প্ৰকৃতিৰ বুকুত সন্তানৰ লগত অতিবাহিত কৰিছে তাৰ স্মৃতি চিৰজীৱন সন্তানে অন্তৰত বহন কৰি ফুৰে। আমি প্ৰত্যেকেই বৰ্তমানত তেনেকুৱা কোনো নহয়, কোনো স্মৃতি অন্তৰত উদ্জীৱিত কৰি বহন কৰি আছোঁ যিবোৰে আমাৰ মনত আমাৰ স্নেহময়ী মা বা স্নেহশীল দেউতাৰ কথা গভীৰভাৱে স্মৰণ কৰাই দিয়ে ।যিবোৰৰ মাজেৰে আমাৰ প্ৰতি আমাৰ মা-দেউতাৰ অকৃত্ৰিম ভালপোৱাৰ কথা আমাৰ মনত সজীৱ হৈ আছে।
কিশোৰ বা কিশোৰী অৱস্থাতে আমাৰ জীৱনীশক্তি আৰু প্ৰাণ প্ৰাচুৰ্যতা থাকে অপৰিসীম, এই সময়ত মনে কিবা নহয় কিবা এটা কৰিবলৈ বিচাৰে, দেহ বা শৰীৰৰ থাকে সৰ্বদা কৰ্মচঞ্চল এনেকুৱা পৰিস্থিতিত প্ৰাকৃতিক পৰিৱেশত ভ্ৰমণ কৰা বা জীৱ-জন্তু অধ্যয়ন কৰা, চৰাই পৰ্যবেক্ষণ কৰা, পৰ্বত আৰোহণ বা ট্ৰেকিং কৰা ইত্যাদি অভ্যাসে দেহ আৰু মনক সংযত ৰাখে। নতুনক জনাৰ যি উচ্ছাস সেইটো পৰিপূৰণ কৰে, জীৱনীশক্তিৰ লগত নৈসৰ্গিক প্ৰকৃতিৰ মিলন ঘটে; ফলত কিশোৰ অৱস্থাৰ অনিয়ন্ত্ৰিত অবাধ্য মনক সংযত আৰু সমাহিত হ’বলৈ সহায়ক হয়। শিশু আৰু কিশোৰ অৱস্থাৰ পৰাই যদি প্ৰাকৃতিক পৰিৱেশৰ সৈতে ল’ৰা-ছোৱালীক পৰিচয় কৰাই দিয়া যায়, যদি মুক্ত প্ৰকৃতিৰ লগত একাত্ম হোৱাৰ সুযোগ কৰাই দিয়া যায় তেনেহ’লে কিশোৰ-কিশোৰীসকলে প্ৰকৃতিৰ অসীমত, প্ৰকৃতিৰ সৌন্দৰ্যত, প্ৰকৃতিৰ অকৃত্ৰিমতাত, প্ৰকৃতিৰ অবিস্মৰণীয় বৈচিত্ৰ্যত তথা প্ৰকৃতিৰ খোজত বিভোৰ হৈ থাকে ফলত বৰ্তমান সমাজৰ ভয়ংকৰ সামাজিক ব্যাধি—ড্ৰাগচ্, মদ্যপান, ইণ্টাৰনেটৰ অশ্লীল ছবি, হতাশা ইত্যাদি সংক্ৰামক ব্যাধিৰপৰা হয়তো সন্তান-সন্ততিসকলক কিছু হ’লেও আঁতৰত ৰখা সম্ভৱ হয়। কিশোৰ অৱস্থাৰ অতিৰিক্ত সময় আৰু জীৱনী শক্তিক ভাল কামত ভালকৈ খৰছ কৰাৰ এটা উত্তম বিকল্প হ’ল প্ৰকৃতি অধ্যয়ন বা প্ৰকৃতিৰ লগত সময় কটোৱা। এই প্ৰক্ৰিয়া অকল বিকল্পমাধ্যমেই নহয়—এটা নৈতিকতা, মানৱীয় অনুভূতি আৰু জ্ঞান সঞ্চয়ৰ আদৰ্শ মাধ্যম আৰু সঠিক সময়।
প্ৰাকৃতিক পৰিৱেশে যে অকল আমাৰ সন্তান-সন্ততিসকলক শিশু-কিশোৰ বা যৌৱন অৱস্থাত প্ৰভাৱিত কৰে সেয়াই নহয় জীৱনৰ সমস্ত স্তৰতেই নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ থাকে মানুহৰ ওপৰত অপৰিসীম। আনকি মাতৃগৰ্ভৰ শিশুৰ ওপৰতো প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ থাকে যথেষ্ট। পৰম্পৰাগতভাৱেও আমি এই বিশ্বাস বহন কৰি আহিছোঁ, সেইকাৰণেই বৰ্তমানেও আমাৰ সমাজত গৰ্ভৱতী মাতৃ বা মহিলাক গৰ্ভৱতী হৈ থকা অৱস্থাত জীৱ হত্যা কৰা দেখা নাযায়। অকল জীৱহত্যা বুলিয়েই নহয় বহুতেই জীৱহত্যা চোৱাৰ পৰাও বিৰত থাকে অৰ্থাৎ গৰ্ভৱতী হৈ থকা অৱস্থাত ছাগলী কটা বা কুকুৰা কটা ইত্যাদি দেখাৰ পৰা গৰ্ভৱৰ্তী মাতৃক বিৰত ৰখা হয়, বহুতে আনকি গৰ্ভৱতী হৈ থকাৰ সময়ত পইঁতাচৰাই এটাও হত্যা নকৰে। গৰ্ভৱতী হৈ থকাৰ সময়ত যদি মাতৃয়ে ফূৰ্তিত থাকে তেনেহ’ল গৰ্ভৰ সন্তানৰ কাৰণে সেইটো লাভজনক, আকৌ গৰ্ভৱতী হৈ থকাৰ সময়ত গৰ্ভৱতী মাতৃয়ে যদি কোনো কাৰণে ভয় খায় বা উত্তেজিত হৈ থাকে বা হতাশাত ভোগে সেইটো গৰ্ভৰ সন্তানৰ কাৰণে হানিকাৰক—এনেকুৱা ধ্যান-ধাৰণা আমাৰ সমাজত বৰ্তমানেও প্ৰচলিত আছে। পাৰিপাৰ্শ্বক প্ৰভাৱ বা মাতৃৰ আচৰণ যে গৰ্ভৰ সন্তানৰ ওপৰত প্ৰতিফলিত হয় এই বিশ্বাস বহু যুগ আগৰেপৰাই বিভিন্ন সমাজত, বিভিন্ন ভাষা-ভাষী, বিভিন্ন গোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত প্ৰচলিত আছিল আৰু বৰ্তমানেও আছে। কোনো কোনো জনজাতীয় লোকে পৰম্পৰাগতভাৱে বিশ্বাস কৰে যে প্ৰাকৃতিক পৰিৱেশৰ বহু পৰিস্থিতি আৰু ঘটনা প্ৰত্যক্ষভাৱে গৰ্ভৰ সন্তানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। দক্ষিণ আমেৰিকাৰ কিছুমান জনজাতিয়ে বিশ্বাস কৰে—গৰ্ভৱতী মাতৃৰ গৰ্ভৰ সন্তান কেনেকুৱা হ’ব বা কি গুণৰ অধিকাৰী হ’ব সেইটো নিৰ্ভৰ কৰিব প্ৰাকৃতিক পৰিৱেশৰ ওপৰত। সেয়েহে গৰ্ভৱতী হোৱাৰ দিনৰ পৰাই সিহঁতে গৰ্ভৱতী মাতৃক বিভিন্ন ধৰ্মীয় গান আৰু সাধু শুনায়, বিভিন্ন ধুনীয়া ধুনীয়া ফুল আৰু সুগন্ধি ফুলৰ গোন্ধ ল’বলৈ দিয়ে; উদ্দেশ্য—গৰ্ভৰ সন্তান যেন সুন্দৰ মন আৰু পবিত্ৰ হৃদয়ৰ অধিকাৰী হৈ জন্মগ্ৰহণ কৰে। দক্ষিণ আমেৰিকাৰ আদি জনজাতিসকলৰ মাজত এটা ৰীতি প্ৰচলিত আছে—এই জনজাতীয় মাতৃসকলে তেখেতসকলৰ সন্তানক ভূমিষ্ঠ কৰাৰ কিছুদিন আগৰেপৰা নিজ দেহৰ উৰ্ধাংগ সম্পূৰ্ণ অনাবৃত কৰি অৰণ্যৰ মাজত ঘূৰি ফুৰে; অৰণ্যৰ নিৰ্মল বতাহ, সূৰ্যৰ পোহৰ, চৰাই-চিৰিকটিৰ মাত, নিজৰাৰ গুঞ্জন, সেউজ অৰণ্যৰ ছাঁ-পোহৰ আৰু বনৰীয়া ফুলৰ গোন্ধ যেতিয়া অনাবৃত গৰ্ভৱতী মাতৃৰ দেহ আৰু মনক স্পৰ্শ কৰে তেতিয়া তেওঁৰ গৰ্ভৰ সন্তানৰো মানুহ হিচাপে পূৰ্ণতা প্ৰাপ্ত ঘটে আৰু সেই সন্তান যেতিয়া মাতৃগৰ্ভৰপৰা মুক্ত পৃথিৱীত ওলাই আহে তেতিয়া সুন্দৰ দেহ আৰু মনৰ অধিকাৰী বা অধিকাৰীনী হৈ জন্ম হয়—এনেকুৱাই বিশ্বাস কৰে দক্ষিণ আমেৰিকাৰ জনজাতিসকলে।
আমাৰ দেশৰ লগে লগে বিশ্বৰ সমস্ত দেশৰ পৰম্পৰাগত বিশ্বাসৰ বক্তব্য প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ সন্তান-সন্ততিসকলৰ ওপৰত অপৰিসীম আৰু বৰ্তমানে এই বিশ্বাস আধুনিক বৈজ্ঞানিক বিশ্লষণৰ আধাৰত সু-প্ৰতিষ্ঠিত। আমি যথেষ্ট ভাগ্যবান কিয়নো আমি আমাৰ নিচিনা এখন প্ৰকৃতিৰ মনোৰম স্থানত বাস কৰো। প্ৰকৃতিদেৱীয়ে বিপুল প্ৰাণ-প্ৰাচুৰ্যৰে সমৃদ্ধশালী কৰিছে আমাৰ জন্মভূমিক য’ত আমি আমাৰ পূৰ্ণ মানসিক বিকাশৰ সুযোগ পাওঁ। আমাৰ সন্তান-সন্ততিসকলো ভাগ্যৱান কিয়নো সিহঁতে সিহঁতৰ শৈশৱ, কৈশোৰ আৰু যৌৱন এই মনোৰম নৈসৰ্গিক অসমত অতিবাহিত কৰি আছে। আমাৰ পিতৃ-মাতৃসকলে যাতে আমাৰ সন্তানসকলৰ এই অমূল্য সুযোগ গ্ৰহণৰ ক্ষেত্ৰত সহযোগী হয় সেয়াই আশা ৰাখিলো।