তিব্বেতৰ মুক্তিৰ সপোন

Bikash Bordoloi

বিকাশ বৰদলৈ

অৰুণাচলৰ পাহাৰৰ ওখ শিখৰৰ পৰা এটা ৰিং মাৰিলে যি খন দেশৰ শীতল পৰ্বতমালাত ঠেকা খাই প্ৰতিধ্বনিত হৈ উঠে সেইখনেই হ’ল তিব্বেত। আমাৰ নিচেই কাষৰ, সেই দেশৰ শুষ্ক আৰু শীতল বতাহে নিতৌ আমাক চুমি যায় আৰু লুইতৰ বুকুয়েদি বৈ অহা স্ফটিকৰ দৰে জলধাৰাই জীপাল কৰি ৰাখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীৱন আৰু সভ্যতা। আমাৰ প্ৰকৃতি, আমাৰ সংস্কৃতি, আমাৰ জীৱিকা সকলো এই সুবিশাল লুইতেই গঢ়িছে-পিটিছে। আমাৰ এই জীৱন ৰেখা ব্ৰহ্মপুত্ৰও এই তিব্বেতৰ শিখৰৰ পৰাই বৈ আহিছে। আমাৰ সংস্কৃতি, আমাৰ লোকাচাৰৰ সৈতে এৰাব নোৱাৰা সমন্ধ থকা এই দেশ খন যেন আমাৰ মানুহৰ বাবে অচিনাকী আজি। পৰাধীনতাই স্পন্দন বন্ধ কৰি ৰাখিব বিচাৰিলেও তিব্বেতৰ শান্তি প্রিয় জনতাই মুক্তিৰ শিখাটো এতিয়াও কঠিন সংগ্ৰামৰ মাজেৰে জ্বলাই ৰাখিছে। 
 
*তিব্বেতৰ মুক্তি কিয় লাগে*
জম্মু কাশ্মীৰ, লাডাখৰ পৰা অৰুণাচলৰ সীমাৰ যি খিনি ভূখণ্ডক আমি আজি চীন বুলি কওঁ সেই খিনি আচলতে তিব্বেত, আমাৰ প্ৰকৃত আৰু বৈধ প্ৰতিৱেশী। 1927 চনৰ পৰা চীনৰ গণতন্ত্ৰ পন্থী চাং কে শ্যেই নেতৃত্বৰ নেশ্বনেলিষ্ট পাৰ্টি আৰু একনায়কত্ববাদী কমিউনিষ্ট পাৰ্টীৰ মাজত হোৱা ৰক্তক্ষয়ী ভয়াবহ গৃহ যুদ্ধই সমগ্ৰ দেশ অস্থিৰ কৰি ৰাখিছিল।1950 চনত এক সন্ধিৰ অন্তত এই গৃহ যুদ্ধ অন্ত পৰে যদিও গণতন্ত্ৰপন্থী লোক সকলে টাইৱানত সমবেত হৈ একনায়কত্ব শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখে। চীনৰ এই গৃহ যুদ্ধৰ উত্তাপ শাম নাকাটোতেই 1950 চনৰ 7 অক্টোবৰত চীনৰ মাও জে ডংৰ নেতৃত্বত কমিউনিষ্ট সেনাই অবৈধ ভাৱে তিব্বেতত প্ৰৱেশ কৰে। সেই সময়ত তিব্বেত অতি শান্তি প্রিয় স্বতন্ত্ৰ দেশ আছিল। কেৱল ৮০০০ সেনাই ১২.২৮ লাখ বৰ্গ কিঃমিঃ দেশ খনৰ সুৰক্ষাৰ কামত নিয়োজিত থকাৰ ফলত স্বাভাৱিকতে আচম্বিত চীনা আক্ৰমণ প্ৰতিহত কৰিবলৈ অসমৰ্থ হয় তিব্বেতৰ সুৰক্ষা গাৰ্ড বিলাকে। ১৯৫১ চনৰ ২৩ মেত চীনে এখন চুক্তি কৰে তিব্বত চৰকাৰৰ সৈতে। সেই চুক্তি অনুসৰি তিব্বতক স্বতন্ত্র শাসন চলাবলৈ অনুমতি দিয়াৰ কথা কোৱা হৈছিল। বাস্তৱত সেয়া নহ’ল। চীনা সেনাই সকলো দখল কৰি চীনা শাসন প্ৰৱৰ্তন কৰাত তথা চুক্তি উলংঘা কৰাত ১৯৫৬ চনত তিব্বতী লোক সকলে চীনৰ বিৰুদ্ধে বিদ্রোহত নামি পৰে। এইয়া আছিল কঠিন সংগ্ৰাম। ১৯৫৬ ৰ বিদ্ৰোহ চীনা কমিউনিষ্ট চৰকাৰে অতি নৃশংস ভাবে দমন কৰে। ১৯৫৬ৰ পৰা ১৯৬০ লৈকে চীনা সেনাই তিব্বতৰ শিশু, মহিলা, বৃদ্ধ তথা বৌদ্ধ ভিক্ষুকে ধৰি প্ৰায় 4 লাখ লোকক হত্যা কৰে। এই বিদ্ৰোহৰ পাছতেই ১৯৫৯ চনত লাছাৰ পৰা প্ৰায় ২০০০০ সহযোগীৰ সৈতে দালাই লামাই ভাৰতৰ শৰণাপন্ন হয়। নেহৰুৰ নেতৃত্বৰ ভাৰত চৰকাৰেও প্ৰসিদ্ধ ধৰ্ম গুৰুজনাৰ শৰণ দি মানৱতাৰ বিৰুদ্ধে চলোৱা চীনা আক্ৰমণৰ বিৰুদ্ধে  অঘোষিত ভাবে সবল ৰূপত থিয় দিয়ে। ১৯৬২ চনত অপ্ৰত্যাশিত ভাবে চীনে ভাৰতৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছতে ১৯৬৩ ত চীনা চৰকাৰে লাছা তথা তিব্বতলৈ সকলো বিদেশী ভ্ৰমনকাৰী পৰ্যটক তথা সংবাদকৰ্মী সোমোৱাত বাধা আৰোপ কৰে। এইখিনি সময় আছিল শান্তিপ্ৰিয় তিব্বতী জনতাৰ বিভীষিকাৰ সময়। কাৰণ এই সময় খিনিৰ ভিতৰত কেইবাশ বৌদ্ধ মঠ মন্দিৰ ভাঙি পেলোৱাৰ লগতে শ শ বছৰ ধৰি গঢ়ি উঠা বৌদ্ধ সংস্কৃতি আৰু পৰম্পৰা পালনত নিষেধাজ্ঞা আৰোপ কৰা হয়। কেৱল ইমানেই নহয়, বৌদ্ধ স্তূপ আৰু সংগ্ৰাহালয় বিলাকত থকা প্ৰাচীন পুথি জ্বলাই দি চিৰ দিনৰ বাবে বৌদ্ধ সংস্কৃতি আৰু তিব্বেতৰ ঐতিহ্যৰ বাহক তথ্য, বহু মূল্যবান ইতিহাস নোহোৱা কৰি পেলোৱা হয়। আনহাতে এই মঠ বিলাকত থকা হাজাৰ বছৰৰ পুৰণি মূৰ্তি আৰু অন্য প্ৰাচীন সম্পদ ইউৰোপৰ চোৰাং বজাৰত বৃহৎ মূল্যত চীনা কমিউনিষ্ট চৰকাৰে বেছি দিয়ে। চীনা কমিউনিষ্ট চৰকাৰে তিব্বত দখল কৰাৰ পাছত তিব্বতৰ বিখ্যাত প্ৰায় ৬০০০ মঠ আৰু অধ্যয়ন কেন্দ্ৰৰ ভিতৰত ১৯৭১ চনত আছিলগৈ মাথোঁ ৬০ টা। অৰ্থাৎ তিব্বতক এক প্ৰকাৰে ধ্বংস স্তুপ কৰি পেলাইছিল কমিউনিষ্ট চীনা চৰকাৰে। ১৯৭১ চনত বিদেশী লোকৰ অাহ যাহৰ বাবে পুনৰ মুকলি কৰি দিয়ে যদিও তেতিয়ালৈ সেই ঐতিহাসিক শান্তিপ্ৰিয় তিব্বেতে সকলো সুষমা যেন হেৰুৱাই পেলাইছিল।
 
এয়া আছিল তিব্বতৰ বিনাশৰ ইতিহাস। এতিয়া স্বাভাৱিকতে প্ৰশ্ন আহিব আমি কিয় তিব্বেতৰ স্বাধীনতাক সমৰ্থন জনাম! ৰাজনৈতিক আৰু কূটনৈতিক বিষয় বাদ দি সাধাৰণ ভাৱেও যদি আমি  চাওঁ তেন্তে দেখিম তিব্বত আমাৰ সভ্যতা আৰু জীৱন জীৱিকাৰ সৈতে প্ৰত্যক্ষ ভাবে জড়িত হৈ আছে। আমাৰ জীৱন ৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰৰ মূল উৎসই হ’ল এই তিব্বেত। তদুপৰি গঙ্গা , জম্মুৰ ইণ্ডাছ, চুটলেজ আদি তিব্বেত পৰা বৈ অহা নদী। হিমালয়ৰ উচ্চ শিখৰৰ পৰা আৰু বহুতো সৰু সৰু নদী বৈ আহি ভাৰতত প্ৰৱেশ কৰিছে। হিমালয়ৰ পৰা বৈ অহা এই প্ৰাকৃতিক জলধাৰা বিলাক এতিয়া চীনে বান্ধ সাজি স্বাভাৱিক গতি বন্ধ কৰি দিয়াৰ পৰিকল্পনা তৈয়াৰ কৰাই নহয়, ব্ৰহ্মপুত্ৰৰ আগলি অংশ অৰ্থাৎ চাংপোত চীনা চৰকাৰে বিশাল বান্ধ নিৰ্মাণ কৰি আছে। এই বান্ধ সম্পূৰ্ণ হ’লে আমাৰ মাতৃভূমি এই অসম তচনছ  কৰি দিবলৈ চীনা কমিউনিষ্ট চৰকাৰৰ বেছি সময় নালাগিব। আমাৰ প্ৰকৃতি, আমাৰ অৰণ্য নিৰ্ভৰ জীৱন, আমাৰ জীৱিকা তথা জাউতিযুগীয়া বাৰে বৰণীয়া সংস্কৃতি বিলাক এই মহানদ  ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠা। ব্ৰহ্মপুত্ৰৰ বিপদ মানে আমাৰ প্ৰকৃতি, জীৱন, সভ্যতা, সংস্কৃতি সকলোৰে বাবে বিপদ। 
আনহাতে ১৯৪৯ৰ আগলৈকে তিব্বেতৰ সৈতে থকা আমাৰ আন্তৰাষ্ট্ৰীয় সীমাত কোনো  অশান্তি নাছিল, কোনো দিনে সীমা সমস্যা সৃষ্টি হোৱা নাছিল। কিন্তু এতিয়া বিশ্বৰ অন্যতম এক অশান্তিময় প্ৰান্ত হ’ল এই মেকমোহন লাইন। লাডাখৰ পৰা অৰুণাচল সীমালৈকে এই সুবিশাল সীমাত চীনে তিব্বেত অবৈধ ভাৱে দখল কৰাৰ পাছৰে পৰা অশান্তি, যুদ্ধ , সীমা সমস্যাই জুৰুলা কৰি ৰখা হৈছে। চীনৰ একনায়কত্ববাদী শাসন ব্যৱস্থাই নিজ দেশৰ জনতাৰ মানৱধিকাৰ আৰু বাক স্বাধীনতা সংকুচিত কৰাই নহয় কাষৰীয়া স্বাধীন ৰাষ্ট্ৰ বিলাককো শান্তিত থাকিবলৈ নিদিয়া হৈছে।
 
১৯৫৯ ৰ পৰা চীনৰ নৃশংসতাৰ পৰা পৰিত্ৰাণ বিচাৰি বহু লাখ তিব্বেতিয়ান বিশ্বৰ বিভিন্ন দেশত আশ্ৰয় গ্ৰহণ কৰি আছে। ভাৰতত ইয়াৰ সৰ্বাধিক লোক শৰণাৰ্থী ৰূপত আশ্ৰয় গ্ৰহণ কৰি আছে। তিব্বতৰ স্বাধীনতাৰ সৈতে আমাৰ দেশৰ সুৰক্ষা আৰু শান্তি বহুপৰিমানে নিৰ্ভৰ কৰিছে।সেয়ে তিব্বতী লোক সকলে চলাই অহা স্বাধীনতা সংগ্ৰামলৈ আমাৰ দেশৰ হাজাৰ হাজাৰ লোকে নৈতিক সমৰ্থন আগবঢ়াইছে। আমাৰ দেশত বসবাস কৰা তিব্বতৰ শৰণাৰ্থী সকলক নৈতিক সমৰ্থন আৰু এই আন্দোলনক অধিক মাত্ৰা দিয়াৰ বাবে  দিয়াৰ বাবে core group of Tibetan cause নামৰ সংগঠনটোৱে সমগ্ৰ দেশত কাম কৰি আছে। যোৱা ২০২০ বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰী ২০২১লৈ গুৱাহাটীৰ গুৱাহাটীৰ চান্দমাৰী খেল পথাৰত অনুষ্ঠিত হোৱা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ মেলাত Free Tibet নামেৰে এখন বিপনী স্থাপন কৰা হৈছিল। ইয়াত তিব্বতত চীনে চলোৱা ধ্বংসলীলাৰ  ছবি প্ৰদৰ্শিত কৰাৰ উপৰিও তিব্বতৰ কলা সংস্কৃতিৰ ছবি প্ৰদৰ্শন কৰা হয়। এই বিপনিত হাজাৰ হাজাৰ লোকে পৰিদৰ্শন কৰি স্বাধীনতাকমি তিব্বতি জনতাক সমৰ্থন আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰে। ইয়াত ( গুৱাহাটীত) উপস্থিত হোৱা তিব্বতি শৰণাৰ্থী সকলে দুটা সন্ধিয়া তেওঁলোকৰ সমৃদ্ধিশালী কলা সংস্কৃতি প্ৰদৰ্শন কৰে। তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি তিব্বেতত বৌদ্ধ সন্ত আৰু শিশু মহিলাৰ ওপৰত কমিউনিষ্ট চীনা চৰকাৰে চলোৱা অত্যাচাৰৰ   জীৱন গাঁথাও অভিব্যক্ত কৰে।
 
*আমি আক্ৰান্ত হ’ম প্ৰথমতে*  
চীনৰ এই আগ্ৰাসী ৰূপে যেনেদৰে তিব্বেতৰ জীৱন আৰু সংস্কৃতি তচনচ কৰি সাধাৰণ তিব্বতী জনতাক সন্ত্ৰস্ত কৰি ৰাখিছে তেনেদৰে পৰোক্ষ ভাবে আমিও আক্ৰান্ত হৈ আছোঁ। এই দৈত্যৰূপী ৰাষ্ট্ৰ খনৰ আসুৰীকতা আমিয়েই সীমাবদ্ধ কৰিব লাগিব। সেয়া হয়তো আৰু কিছু দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব, কিন্তু অসম্ভৱ নহয়। আমাৰ প্ৰান্তীয় প্ৰদেশ অৰুণাচলৰ সীমাত চীনৰ ভাবুকি ক্ৰমাৎ বৃদ্ধি হৈ আহিছে। সেয়ে তিব্বতৰ মুক্তিৰ বিষয়টো কৌশলগত কাৰণত আৰু সুৰক্ষাৰ স্বাৰ্থত আমি বহল পৰিসৰলৈ নিব লাগিব। core group of Tibetan cause এই প্ৰচেষ্টাত আপুনিও বিনম্ৰ সহযোগী হওক। এই প্ৰয়াস কেৱল দেশ, জাতি আৰু মানৱতাৰ সুৰক্ষাৰ স্বাৰ্থত। সংগঠনটোৰ এই প্ৰয়াস আৰু আপোনাৰ আন্তৰিক সহযোগিতা মানৱতাৰ ৰক্ষাৰ এই যুদ্ধখনক যে মহিমামণ্ডিত সুবিশাল কৰি তুলিব পাৰিব সেই কথাত আমি আন্তৰিকতাৰে বিশ্বাস  কৰোঁ।
 

Share: