- কংকণা দাস
প্ৰকৃতি সংৰক্ষণ যাত্ৰাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা অতীব প্ৰয়োজন। নতুন প্ৰজন্মৰ যোগদানে প্ৰকৃতি সংৰক্ষণ যাত্ৰাক ভৱিষ্যতেও যে আগুৱাই যোৱাত সহায় কৰিব সেই কথা পুনৰাই কোৱাৰ প্ৰয়োজন নাই। নেচাৰ্চ বেকনে এই উদ্দেশ্যৰে ‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰা’ সমগ্ৰ অসমৰ শিক্ষানুষ্ঠান সমূহত আৰম্ভ কৰিছে। এই সংৰক্ষণ যাত্ৰাত ছাত্ৰ ছাত্ৰী তথা শিক্ষানুষ্ঠান সমূহৰ স্বত:স্ফুৰ্ত যোগদানে নেচাৰ্চ বেকনৰ প্ৰকৃতি সংৰক্ষণৰ শৈক্ষিক দিশৰ সফলতাক সূচাইছে। বৰ্তমানৰ প্ৰেক্ষাপটত এখন সমাজৰ বিকাশ বুলিলে সেই সমাজখনৰ মানুহৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সচেতনতাকো এটা স্তৰ হিচাপে বিবেচনা কৰা হয়। জৈৱ বৈচিত্ৰ্য সচেতনতা অবিহনে হোৱা সমাজৰ বিকাশ দৰাচলতে ভেটি বিহীন ঘৰ এটাৰ লেখিয়া। সমাজৰ মানুহবোৰ যদি নিজৰ চৌপাশ তথা পৰিবেশৰ প্ৰতি সচেতন নহয় তেনে সমাজৰ মূল্যবোধো হয় বস্তু কেন্দ্ৰীক অথবা ভোগবাদী। মানৱ সভ্যতাও অৰণ্য কেন্দ্ৰীক। অইন জীৱকূলৰ দৰে মানুহে কিন্তু অৰণ্যৰ অংগ হৈ নাথাকিল। তাৰ বিপৰীতে জন্ম হ’ল মানুহ কেন্দ্ৰীক এক সমাজৰ, য’ত মানুহৰ স্বাৰ্থই হৈ পৰিল সৰ্বোচ্চ। মানুহৰ অভিধানত বাকী প্ৰাণীক ‘ইতৰ’ বিশেষণ দিয়া হ’ল। জনসংখ্যা বৃদ্ধিৰ দৌৰাত্ম্যত অৰণ্য বোৰ নাইকীয়া হ’ল। পৃথিৱীৰ সমগ্ৰ ইক’লজি অস্থিৰ হ’ল। তাৰ ঋনাত্মক ফল কিন্তু কেৱল মানুহেই ভোগ কৰিব লগীয়া হোৱা নাই, সমগ্ৰ জীৱকূল তথা পৃথিৱীও ইয়াৰ কুফল ভোগ কৰি আছে ।
মানুহে ইতিমধ্যে যিমান ধ্বংস কৰিলে তাৰ ক্ষতিপূৰণ হয়তো কোনোদিনেই নহ’ব, কিন্তু যিখিনি বাচি আছে সেইখিনি অক্ষুণ্ণ ৰাখিবলৈ মানুহে চেষ্টা কৰিব লাগিব। নতুন প্ৰজন্মৰ যোগদানে প্ৰকৃতি সংৰক্ষণৰ যাত্ৰাক এক শক্তিশালী মাত্ৰা প্ৰদান কৰিব। নেচাৰ্চ বেকনে নিজৰ সুদীৰ্ঘ সংৰক্ষণ যাত্ৰাত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক জড়িত কৰিছে আৰু বৰ্তমানেও এই যাত্ৰা অব্যাহত আছে। নেচাৰ্চ বেকনৰ ‘অহম বসুধামে কৃতে মংগলজনক’, ‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণ চেতনা আৰু বিদ্যাৰ্থী জাগৰণ যাত্ৰা’ আৰু বিভিন্ন প্ৰকৃতি শিবিৰ ইত্যাদিকে ধৰি বিভিন্ন প্ৰকল্পৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক প্ৰকৃতি সংৰক্ষণ যাত্ৰাত জড়িত কৰাই আহিছে ।আমি মানৱ সমাজে মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব যে আমি প্ৰকৃতিৰ সন্তান আৰু সন্তান হিচাপে ইয়াৰ সংৰক্ষণো আমাৰ কৰ্তব্য। আজিৰ প্ৰজন্মৰ মাজত সংৰক্ষণৰ বীজ ৰোপণ নকৰিলে হয়তো এখন সুস্থ পৃথিৱী ৰচাৰ সপোন আমাৰ পূৰণ নহ’ব।
এই ক্ষেত্ৰত আমি আমাৰ চুবুৰীয়া দেশ ভূটানৰ উদাহৰণ ল’ব পাৰো। ভূটানৰ মুঠ মাটিকালিৰ ৭২% মাটি অৰণ্যৰ বাবে সংৰক্ষিত। তাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ বিদ্যাৰম্ভ হয় জীৱনবোধ, জীৱন দৰ্শন আৰু সৎ আচাৰ আচৰণৰ অনুশীলনেৰে। পুথিগত বিদ্যাৰ অনুশীলনতকৈ বেছি গুৰুত্ব দিয়া হয় সৎ আৰু ধৰ্মশীল আচৰণ অভ্যাসত। সেয়েহে তেওঁলোকৰ দেশৰ বাৰ্ষিক আয়ো হয় gross domestic happiness ত অৰ্থাৎ মুঠ জাতীয় সুখ। এইয়া একমাত্ৰ সম্ভৱ এইবাবেই যে তেওঁলোকে নিজৰ শিশু সকলক সৰুৰেপৰাই প্ৰকৃতি অনুকুল আচাৰ আচৰণৰ বিকাশত সৰ্বাধিক গুৰুত্ব দিয়ে। সেয়েহে হয়তো তাৰ প্ৰতিগৰাকী ব্যক্তিয়ে একো একোজন সমাজ সচেতন নাগৰিক। কিন্তু নিচেই ওচৰতে থকা আমি ভাৰতীয় সকলৰ এক বৃহৎ অংশই নিজৰ দেশ, প্ৰকৃতি, অৰণ্য, মূল্যবোধ, সততা আদিৰ প্ৰতি উদাসীন হৈ কেৱল ব্যক্তিগত জীৱনৰ বস্তুবাদী বিকাশৰ বাবে চেষ্টা কৰি আছো। আমি এতিয়াই সচেতন নহ’লে ইয়াৰ ভয়াবহ ফল ভোগ কৰিবলৈ সাজু থকা উচিত।
অৱশেষত ৰঙালীৰ এই উৎসৱৰ মাজৰেই আমি আশা কৰিছো যে আমাৰ সকলোৰে মনত প্ৰকৃতিৰ প্ৰতি দ্বায়িত্ববোধ বাঢ়ক। সংৰক্ষণ চেতনাৰ বীজ সকলোৰে মনত ৰোপিত হওঁক।