The Seed, a Nature’s Beckon Blog

Thikona Poem by Banani Das

ঠিকনা

বনানি দাস তাৰিখ : ১৮ মে, ২০২০ পাহাৰখনত গজি আহে ঘৰবোৰপ্ৰথমতে এটা ঘৰ,তাৰপিছত ঘৰৰ পৰা গুটিবোৰ সৰে, ঘৰৰ গুটি! তাৰপৰা পুনৰাই ঘৰ গজে।একা-বেঁকাকৈ ঘৰবোৰ বাঢ়ি আহে, সেউজীয়াবোৰত চানি ধৰেগৈ ইটাৰঙী, ৰঙা, নীলা, আটকধুনীয়া ঘৰবোৰ। ঘৰে পাহাৰখনত ঠন ধৰি উঠেগৈ! মটিয়া ৰঙবোৰ ফেনেকি ফেনেকিসেউজীয়াবোৰে বাট হেৰায় তাত। মানুহজাকে কিৰিলিয়াই উঠে-“সৌৱা চোৱাচোন, ঘৰৰ পাহাৰ!ইমানযে ধুনীয়া!!” ঘৰবোৰ টকলা পাহাৰখনৰ ঠিকনা হৈ পৰে। শ্বেয়াৰ কৰক/ Share: 

সম্পাদকীয়-এপ্ৰিল

কংকণা দাস বসন্ত প্ৰকৃতিৰ অনন্য এক ৰূপ। প্ৰেমময় বসন্ত পৃথিৱীৰ উৰ্বৰতাৰ প্ৰতীক।  । হঠাত গোমা হৈ অহা কজলা আকাশখন, বৰদৈচিলাৰ সঘন আহ যাহ, বিজুলীৰ চিকমিকনিৰ মাজতে পৃথিৱী সাজু হৈ উঠে সৃষ্টিৰ বাবে।  কোনো প্ৰেয়সী চৰাইৰ আকুল কণ্ঠেৰে বসন্ত মুখৰিত হৈ উঠে। ফুলৰ সুবাসেৰে আমোলমোল  পৰিৱেশত প্ৰেমিক চৰাইয়ে নিজৰ ঘৰ সজাৰ সপোন দেখে। গোপনে ফুলি উঠা …

সম্পাদকীয়-এপ্ৰিল Read More »

চৰাই পৰ্যবেক্ষণ

কিশোৰ কুমাৰ চৌধুৰী চৰাই প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চৰাইৰ ভূমিকা বহুত। আমাৰ দেশ ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্য চৰাইৰ ক্ষেত্ৰত সমৃদ্ধিশালী। আমি অৰ্থাৎ নেচাৰ্চ বেকনে জন্মলগ্নৰ (ইং ১৯৮২ চন) পৰা অসমত বনৰীয়া চৰাইৰ সংৰক্ষণৰ হকে কাম কৰি আহিছো, লগতে ‘চৰাই পৰ্যবেক্ষণ’ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে কাৰ্যসূচী গ্ৰহণ কৰি আহিছো। অসমৰ গাওঁ নগৰ …

চৰাই পৰ্যবেক্ষণ Read More »

জলাশয়ৰ সংৰক্ষণৰ গুৰুত্ব আৰু লক্ষীমপুৰৰ অন্যতম সুন্দৰ জলাহভূমি শতজান পক্ষী উদ্যান।

যুগল বৰা, উত্তৰ লখিমপুৰ প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ বিশ্ব জলাহভূমি দিৱস বা আৰ্দ্ৰভূমি দিৱস হিচাপে পালন কৰা হয়। আচলতে বছৰ প্ৰায়ভাগ সময়তে যিবোৰ দ ঠাইত পানী জমা হৈ থাকে তেনে পানীৰে আৱৰা ভূমি ভাগকে জলাহভূমি বুলি কোৱা হয়।Wetland বা জলাহভূমিসমূহ আৰু মানুহৰ মাজত অতীজৰে পৰা নিবিড় সম্পৰ্ক আছিল। আগতে মানুহৰ বসতি কম থকা হেতুকে …

জলাশয়ৰ সংৰক্ষণৰ গুৰুত্ব আৰু লক্ষীমপুৰৰ অন্যতম সুন্দৰ জলাহভূমি শতজান পক্ষী উদ্যান। Read More »

তিব্বেতৰ মুক্তিৰ সপোন

বিকাশ বৰদলৈ অৰুণাচলৰ পাহাৰৰ ওখ শিখৰৰ পৰা এটা ৰিং মাৰিলে যি খন দেশৰ শীতল পৰ্বতমালাত ঠেকা খাই প্ৰতিধ্বনিত হৈ উঠে সেইখনেই হ’ল তিব্বেত। আমাৰ নিচেই কাষৰ, সেই দেশৰ শুষ্ক আৰু শীতল বতাহে নিতৌ আমাক চুমি যায় আৰু লুইতৰ বুকুয়েদি বৈ অহা স্ফটিকৰ দৰে জলধাৰাই জীপাল কৰি ৰাখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীৱন আৰু সভ্যতা। আমাৰ প্ৰকৃতি, আমাৰ …

তিব্বেতৰ মুক্তিৰ সপোন Read More »

সম্পাদকীয়, ফেব্ৰুৱাৰী

কংকণা দাস ফেব্ৰুৱাৰী বুলিলেই যেন বই প্ৰেমময় এজাক মৃদু বতাহ। প্ৰেম, ভালপোৱা জীৱৰ অন্তৰৰ নিভৃত কোণৰ অনুভূতি। প্ৰকৃতিৰ সৃষ্টিৰ প্ৰতিটো উপাদানত প্ৰেম নিহিত হৈ আছে। সূক্ষ্ম দৃষ্টিৰে আমি প্ৰতিজনেই এই কথা উপলব্ধি কৰিব পাৰো। প্ৰকৃতিৰ অইন সন্তানৰ দৰে মানুহৰ অন্তৰো প্ৰেমেৰেই পৰিপূৰ্ণ। ভোগবাদী আধুনিকতাৰ ৰাগীত কিছু সংখ্যক মানুহে হয়তো প্ৰেমৰ সংজ্ঞা পাহৰিছে, নতুবা একাংশই  প্ৰেমৰ …

সম্পাদকীয়, ফেব্ৰুৱাৰী Read More »

ধেমাজি জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু ‘পবা’ বৰ্ষাৰণ্য

যুগল সন্দিকৈ অসমৰ উত্তৰ প্ৰান্তীয় সীমান্তৱৰ্তী জিলা ধেমাজি ঠেক সমতলীয় ভূখণ্ডৰে আবৃত৷ ৩২৩৭ বৰ্গ কিল’মিটাৰ মাটিকালিৰে আবৃত এসময়ৰ শস্যে-মৎস্যে ভৰপূৰ তথা প্ৰাণময় জৈৱবৈচিত্ৰ্যৰ প্ৰাণ-প্ৰাচুৰ্যৰে মহীয়ান উত্তৰ অসমৰ অন্যতম এটি অঞ্চল এই ধেমাজি৷ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, গাই, জীয়াধল, কুমতীয়া, গালি, চিমেন, লালিকে আদি কৰি বিভিন্ন সৰু-বৰ নদীয়ে অঞ্চলটোৰ ভূ-ভাগ জীপাল কৰি ৰাখিছে৷ মুঠৰ ওপৰত নদী তথা জলাহভূমিৰ …

ধেমাজি জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু ‘পবা’ বৰ্ষাৰণ্য Read More »