প্ৰকৃতিপ্ৰদত্ত অৰণ্য সংৰক্ষণৰ গুৰুত্ব

Chakrashila Wildlife Sanctuary, the best preserved natural habitat of Golden Langur in Assam. PC : Kripalochan Das – সৌম্যদ্বীপ  দত্ত অৰণ্য প্ৰাণৰ ভাণ্ডাৰ৷ অৰণ্য সংৰক্ষণ মানে প্ৰাণৰ প্ৰাচুৰ্যতা আৰু প্ৰাণৰ বিবিধতাৰ নিৰাপত্তা৷ – “অৰণ্য আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে৷” সঁচা অৰ্থত ভৱিষ্যত প্ৰজন্মৰ বাবে তথা ভৱিষ্যত প্ৰজন্মৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ হ’লে আমি বৰ্তমানৰ অৰণ্যক সুৰক্ষিত কৰিব লাগিব৷ এই ‘অৰণ্য’ কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ৷ আমাৰ বহুতৰ বাবে অৰণ্য কথাটো এটা সাধাৰণ কথা কিন্তু অৰণ্যৰ অসাধাৰণ তাৎপৰ্য তথা গুৰুত্ব সম্পৰ্কে আমি বহুতেই উদাসীন৷ বহুতৰে এনে এটা ধাৰণা আছে যে গছপুলি কিছুমান লগাই দিলেই আমি অৰণ্য গঠন কৰিব পাৰোঁ৷ বাতৰি কাকত আৰু আলোচনীত আমি এনে ধাৰণাৰ প্ৰতিফলন লক্ষ্য কৰোঁ৷ বৃক্ষৰোপণ আঁচনি আৰু তাৰ প্ৰচাৰৰ ফলত আমাৰ বহুতৰ মনত এনে এটা ধাৰণাৰ জন্ম হয় যে -— “বৃক্ষৰোপণ কৰি আমি যেন আমাৰ ধ্বংসপ্ৰাপ্ত অৰণ্যৰ পুনৰ গঠন কৰি আছোঁ৷” এই ধাৰণা কিন্তু সম্পূৰ্ণ শুদ্ধ নহয়৷ আমি প্ৰত্যেকে অৱগত হোৱা উচিত যে প্ৰাচীন তথা প্ৰকৃতি প্ৰদত্ত অৰণ্য যদি এবাৰ ধ্বংস হৈ যায় তাক ওভতাই অনাটো সম্ভৱ নহয়৷ প্ৰকৃতি প্ৰদত্ত অৰণ্য যদি এবাৰ ধ্বংস হৈ যায়, গছপুলি ৰোপণ কৰি সেই ক্ষতি পূৰণ কৰাটো সম্ভৱ নহ’ব৷ কিয়নো ‘অৰণ্য’ লক্ষ লক্ষ বছৰ ধৰি ক্ৰমবিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে সৃষ্টি হয়৷ অধিক সহজভাবে ক’লে— প্ৰকৃতিমাতৃয়ে হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ মাজেৰে, অৰণ্যৰ প্ৰতিটো প্ৰাণৰ লগত প্ৰতিটো প্ৰাণৰ সম্পৰ্ক স্থাপনৰ মাজেৰে এখন অৰণ্য গঠন প্ৰক্ৰিয়াক ৰূপ দিয়ে৷ প্ৰকৃতিৰ হাজাৰ হাজাৰ প্ৰাণ সমষ্টিয়ে এই অৰণ্য গঠন প্ৰক্ৰিয়াক পূৰ্ণতা প্ৰদানৰ বাবে, নিজৰ কৰ্মকাণ্ড তথা নিজকে এই প্ৰক্ৰিয়াত আহুতি দিয়ে৷ লক্ষ–লক্ষ, অযুত–নিযুত অণুজীৱ, পতঙ্গ, উভচৰ, সৰীসৃপ, চৰাই, মাছ, কাছ, স্তন্যপায়ী আৰু উদ্ভিদৰ স্বাভাৱিক আশ্ৰয়স্থল হ’ল অৰণ্য৷ অৰণ্য অকল মহা–মহীৰূহ লৈ গঠিত নহয়, আপাত দৃষ্টিত মূল্যহীন অগণিত জৈৱ আৰু অজৈৱ পদাৰ্থৰ পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্কৰ বন্ধনৰ, একত্ৰিকৰণত গঠিত হয় অৰণ্য৷ সেয়েহে অৰণ্য ক্ৰমবিৱৰ্তনৰ পথত এক প্ৰাকৃতিক জৈৱাগাৰ আৰু বিভিন্ন প্ৰাণ সমষ্টিৰ ‘আতুৰ ঘৰ’৷ অকল বৃক্ষৰোপণ কৰি অৰণ্যৰ নিচিনা প্ৰাণভাণ্ডাৰ মানুহে সৃষ্টি কৰিব নোৱাৰে৷ সেইকাৰণে আমাৰ প্ৰকৃতিপ্ৰদত্ত অৰণ্যবোৰ যদি এবাৰ ধ্বংস হৈ যায় সেই ক্ষতি বৃক্ষৰোপণেৰে পূৰণ কৰা সম্ভৱ নহ’ব৷ সেয়েহে আজি আমি অগ্ৰাধিকাৰ দি সংৰক্ষিত কৰিব লাগিব আমাৰ প্ৰকৃতি প্ৰদত্ত অৰণ্যবোৰক৷ প্ৰকৃতি প্ৰদত্ত অৰণ্য, য’ত আমাৰ বিৰল বন্যপ্ৰাণীবোৰ বৰ্তমানেও বসবাস কৰি আছে, সেইবোৰ বন্যপ্ৰাণীৰ বাসস্থানক চৰকাৰে আৰু জনসাধাৰণে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰিব লাগিব ৷ বৃক্ষৰোপণ এটা পবিত্ৰ কাম, বৃক্ষৰোপণৰ মাজেৰে পৃথিৱীৰ প্ৰতি আমি আমাৰ কৰ্তব্য পালন কৰা উচিত, আমি প্ৰত্যেকেই বৃক্ষৰোপণ কৰা উচিত৷ কিন্তু অকল বৃক্ষৰোপণতেই আমি আমাৰ কৰ্তব্যৰ অৱসান হ’ল বুলি ভাবি লোৱাটো এটা অপৰিপক্ক চিন্তা৷ বৃক্ষৰোপণ আৰু বৃক্ষ প্ৰতিপালন এই দুটা কথা সমানে গুৰুত্বপূৰ্ণ৷ আমাৰ অসমত বহুতেই বৃক্ষৰোপণ কৰে কিন্তু বৰ কমসংখ্যক মানুহে বৃক্ষৰোপণৰ পিছত, সেইবোৰ বৃক্ষক প্ৰতিপালন কৰে৷ The Jamun tree, Syzygium cumini(above), and Peepal …

প্ৰকৃতিপ্ৰদত্ত অৰণ্য সংৰক্ষণৰ গুৰুত্ব Read More »