The Seed, a Nature’s Beckon Blog

প্ৰকৃতি সাহিত্য ( কবিতা)

পবিতৰাৰ গৰিমা – চিন্ময় নাথ, শ্ৰেণী :ষষ্ঠ, মিনাৰভা একাডেমী পবিতৰা শুৱনি আমাৰ পবিতৰা খনি গছ-গছনি, চৰাই আৰু জন্তুৰে ভৰা শুৱনি আমাৰ পবিতৰাৰ এশিঙীয়া গঁড় যাৰ বাবে পবিতৰা বিখ্যাত। শুৱনি আমাৰ পবিতৰাৰ ওলমা দলঙৰ তলৰ নদীত বিভিন্ন মাছ আৰু সাপেৰে ভৰা  শুৱনি আমাৰ পবিতৰাত আহি সংগ্ৰহালয় চাবা তাত মায়ঙৰ যাদু পাবা।   

সম্পাদকীয়
অক্টোবৰ,২০২৩

– কংকণা দাস ইং ২০২৩ বৰ্ষৰ ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ লিটাৰেৰী ফেষ্টিভেল অনুষ্ঠিত হয়। এই ফেষ্টিভেলৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় প্ৰকৃতি সাহিত্যৰ এক গুৰুত্বপূৰ্ণ সত্ৰ। প্ৰকৃতি সাহিত্যক বিষয়বস্তু হিচাপে লৈ আলোচনা কৰা এই সত্ৰই অসম তথা ভাৰতৰ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কিয়নো বৰ্তমান প্ৰেক্ষাপটত প্ৰকৃতি সাহিত্যৰ প্ৰয়োজনীয়তা …

সম্পাদকীয়
অক্টোবৰ,২০২৩
Read More »

সম্পাদকীয় আগষ্ট ২০২৩

-কংকণা দাস অহম বসুধাম কৃতে মংগলজনক… মইপৃথিৱীৰ বাবে মংগলজনক.. নেচাৰ্চ বেকনৰ এই প্ৰকল্পই ইতিমধ্যে অতি সফলতাৰে প্ৰথম বৰ্ষ পাৰ কৰিলে। সদ্যহতে অসমৰ বিভিন্ন বিদ্যালয়ত শতাধিক ছাত্ৰ ছাত্ৰীক লৈ এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। নেচাৰ্চ বেকনৰ এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে  ভৱিষ্যত প্ৰজন্মৰ মনত পৃথিৱীৰ মংগল ধাৰণাৰ বীজ অংকুৰিত কৰা আৰু প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ চেতনাক …

সম্পাদকীয় আগষ্ট ২০২৩ Read More »

বনজুই

– বনানি দাস পাহাৰৰ বনজুই দেখিছানে?? কেনেদৰে ঠাহি মুহি নিয়ে পাহাৰখনৰ অৰণ্যক। ৰঙাকৈ জ্বলি উঠা দেখো যে বহুদূৰৰ পৰা, অশান্ত কৰি বহুদিনলৈ উদং কৰি নিয়ে যি পাহাৰৰ বুকুখন!   পাহাৰৰ বনজুই দেখিছানে? ধোৱা হৈ চানি ধৰে যি আকাশক!  কুণ্ডলী পকাই উৰি গৈ,  আকাশকো যি নমনা কৰে,  নেদেখা কৰি বহুদিনলৈ, পাহাৰতকৈও ওখ আকাশখন।    বনজুই নে …

বনজুই Read More »

বীজ: এক প্ৰচণ্ড সম্ভাৱনা

-প্ৰণামী গোস্বামী বায়ুনাং শোধকা: বৃক্ষা:ৰোগাণামপহাৰকা:তস্মাদ্ ৰোপণমেতেষাং ৰক্ষণংচ হিতাবহম্।। “বৃক্ষই বায়ু শুদ্ধ কৰে আৰু ৰোগ দূৰ কৰাত সহায় কৰে। সেয়েহে বৃক্ষ ৰোপন আৰু প্ৰতিপালন কৰা প্ৰাণীৰ বাবে হিতজনক” – আমাৰ ভাৰতীয় সংস্কৃতিয়ে কেৱল বৃক্ষ ৰোপনৰ কথাই নহয় প্ৰতিপালনৰ কথাও আমাক এইদৰেই সোঁৱৰাই দিয়ে। গছ থাকিলেহে যে আমি থাকিম সেই কথা মনত ৰাখি আমি প্ৰতিজনে গছ ৰোৱা …

বীজ: এক প্ৰচণ্ড সম্ভাৱনা Read More »

Natural History & Its Unsolved Mysteries – অসমতো আছিল দুশিঙীয়া গঁড়

কলকাতাৰ ভাৰতীয় সংগ্ৰাহলয়ৰ নেচাৰেল হিষ্ট্ৰি অংশত – ৰূপম বৰুৱা সিদিনা জাৰ্ণাল অব্ দা বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সংকলন এটাত পঢিলো অসমতো একালত দুশিঙীয়া গঁড়ৰ বাস আছিল। এতিয়াৰ আফ্ৰিকাৰ দৰে এছিয়াৰো বিশেষকৈ দক্ষিণ – পূব অংশৰ ইন্দোনেছিয়া, মালেছিয়া আদিৰ দৰে হাবি বননিত এসময়ত দুটা খড়্গযুক্ত গঁড় থকাৰ কথাটো জানিছিলো, কিন্তু আমাৰ অসমতো যে এইবিধ গঁড়ৰ বাস আছিল …

Natural History & Its Unsolved Mysteries – অসমতো আছিল দুশিঙীয়া গঁড় Read More »

ধেমাজি জিলাত নেচাৰ্চ বেকনৰ বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ এক চমু আলোকপাত

– যুগল সন্দিকৈ নেচাৰ্চ বেকনৰ ‘অহম্‌ বসুধাম্‌ কৃতে মঙ্গলজনকঃ’ [মই পৃথিৱীৰ বাবে মঙ্গলজনক] শীৰ্ষক বিশেষ অনুষ্ঠান কাৰ্যসূচীৰ অধীনত ধেমাজিত তিনিদিনীয়া বিশেষ গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন হয়৷ উত্তৰ-পূৱ ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনৰ ৪০ সংখ্যক বৰ্ষপূৰ্তি আৰু সংগঠনটোৰ আগন্তুক দশকজোৰা সোণালী জয়ন্তী উৎসৱ-অনুষ্ঠানৰ অংশস্বৰূপে ২০২২ বৰ্ষৰ জুন মাহত ঘোষণা কৰা আৰু সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ গ্ৰহণ কৰা ‘অহম্‌ বসুধাম্‌ …

ধেমাজি জিলাত নেচাৰ্চ বেকনৰ বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ এক চমু আলোকপাত Read More »