SOUMYADEEP DATTA : THE CHANGEMAKER নো কি?

Photo Source : NB Archives.
WhatsApp Image 2025-10-30 at 14.26.00_d922976e

-       ড॰ বনজিত ভট্ট

‘SOUMYADEEP DATTA: THE CHANGEMAKER’, সুলেখিকা তথা পৰিৱেশকৰ্মী নৱনীতা শৰ্মাৰ দ্বাৰা  প্ৰণোদিত [ইংৰাজী ভাষাৰ] এখনি  মূল্যৱান পুথি৷ দৃষ্টিনন্দন বেটুপাতেৰে সজ্জিত ১৫২ পৃষ্ঠাৰ পুথিখনত মূলতঃ বিচৰণ কৰিছে সৌমদ্বীপ দত্ত নামৰ সুগভীৰ ব্যক্তি সত্তাটোৱে৷ লেখিকাই তেওঁৰ তে যেন অনানুষ্ঠানিক আড্ডাতহে বহিছে৷

              কথা পাতিছে, মুকলিকৈ৷ সম্পূৰ্ণ কথোপকথন আৰ্হিৰে আগবাঢ়িছে পুথিখনৰ কথকতাবক্তব্য৷ লেখিকাৰ এলানি বুদ্ধিদীপ্ত প্ৰশ্নোত্তৰৰ মাজেৰে, এপদ এপদকৈ উন্মোচিত হৈ গৈছে সৌমদ্বীপ দত্ত বোলা মানুহজনৰ বহুমাত্ৰিক চিন্তাচেতনাকৃতিসমূহ৷

              পুথিখনত সন্নিৱিষ্ট কৰা হৈছে সৰ্বমুঠ ৩৬ টাকৈ প্ৰশ্নোত্তৰ শিতান৷ সাক্ষাৎকাৰ ভিত্তিক প্ৰশ্ন উত্থাপনৰ ক্ষেত্ৰত লেখিকা নৱনীতা শৰ্মাই পৰ্যাপ্ত সচেতনতা অৱলম্বন কৰাটো লক্ষণীয় কথা৷ পুথিৰ ঘাই চৰিত্ৰ হিচাপে, সৌমদ্বীপ দত্তইও যথেষ্ট আত্মিক, অথচ তাত্ত্বিক ভাৱনাৰে মেলি ধৰিছে নিজস্ব দৰ্শন আৰু তেওঁৰ উদ্দেশ্যধৰ্মী কৰ্মৰাজিক৷

              নঙলামুখত ৰৈ, লেখিকা শৰ্মাই প্ৰকৃতিপৰিৱেশ আৰু ইয়াৰ সংৰক্ষণ বিষয়ক বিস্তৃত পাতনি মেলিছে৷ আলচত স্থান পাইছে ভাৰতীয় প্ৰকৃতি দৰ্শনৰ প্ৰাসংগিকতাও৷

Novanita Sharma takes part in Pragjyotishpur Litfest 2024, along with a team of Nature's Beckon. Photo Source: NB Archives.

সৌমদ্বীপ দত্তকো উপস্থাপন কৰোৱা হৈছে এগৰাকী অনন্য পৰিৱেশকৰ্মীৰ ৰূপত৷ তেওঁ নেতৃত্ব দিয়ানেচাৰ্চ বেকনৰো উদ্ধৃতি ডাঙি ধৰা হৈছে, বিষদভাৱে৷

              প্ৰশ্নোত্তৰ শিতানবোৰ সজোৱা হৈছেনিৰ্দিষ্ট ক্ৰমত৷ দত্তদেৱৰ প্ৰকৃতি প্ৰেমৰ উদগনি, নেচাৰ্চ বেকনৰ উত্থান, সংৰক্ষণ অভিযানৰ ধাৰণা, পৰিৱেশকৰ্মী হিচাপে প্ৰাপ্ত জনতাৰ সঁহাৰি, পৰিৱেশ আন্দোলনৰ জৰিয়তে সমাজ ৰূপান্তৰৰ দৰ্শন, চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহৰ অংশীদাৰিত্ব আদি বিভিন্ন বিষয়সমূহ প্ৰকাশিত হৈছে প্ৰশ্নোত্তৰৰ মাজেদি৷

              সাম্প্ৰতিক সময়ত, সৌম্যদ্বীপ দত্ত এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ পৰিৱেশকৰ্মী তথা প্ৰকৃতি সাহিত্যৰ পূৰোধা ব্যক্তি হোৱাৰ উপৰিও, এগৰাকী সুবক্তাসুলেখক৷ আলোচিত পুথিখনত খোদিত তেওঁৰ বংশলতিকাই তেওঁৰ পৰিয়ালকেন্দ্ৰিক ঐতিহ্যকে দোহাৰিছে৷

              কলকাতাৰ VISTAAR প্ৰকাশনে ২০২৫ চনত [প্ৰথম সংস্কৰণ] প্ৰকাশ কৰা নৱনীতা শৰ্মাৰ এই পুথিখন প্ৰকৃতিপৰিৱেশ সংৰক্ষণ আন্দোলনৰ দিশত এখনি লাগতিয়াল পুথি বুলি একে আষাৰে কৈ পাৰি৷ সৌম্যদ্বীপ দত্ত নামৰ ব্যতিক্ৰমী ব্যক্তিজনক ফঁহিয়াই চোৱাৰো এক যথাৰ্থ টোকা বুলি মনে ধৰে৷ এই ক্ষেত্ৰত, লেখিকা নৱনীতা শৰ্মা নিশ্চিত ভাৱে শলাগৰ পাত্ৰ৷

  ২৫০/- টকা মূল্যৰ ‘SOUMYADEEP DATTA: THE CHANGEMAKER’ নিঃসন্দেহে এখনি পঠনীয়, সংৰক্ষণীয় মূল্যৱান পুথি৷