নেচাৰ্চ বেকনৰ স্মাৰক পত্ৰ

নেচাৰ্চ বেকনে বহু বছৰ ধৰি উজনি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে অহৰহ কাম কৰি আহিছে । প্ৰথমৰ পৰাই নেচাৰ্চ বেকনে দাবী জনাই আহিছিল যে দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ কমেও ৫০০ বৰ্গ কিলোমিটাৰ হ’ব লাগিব, তেতিয়াহে প্ৰকৃতাৰ্থত ইয়াৰ সংৰক্ষণ সম্ভৱ হ’ব।উজনি অসমৰ বৰ্ষাৰণ্যৰ আটাইতকৈ সমৃদ্ধিশালী  অঞ্চলটো হৈছে জয়পুৰ বৰ্ষাৰণ্য। সংৰক্ষণৰ দৃষ্টিকোণেৰে এই জয়পুৰ বৰ্ষাৰণ্য   দিহিং-পাটকাই অভয়াৰণ্যৰ অন্তৰ্ভুক্ত হোৱাটো নিতান্ত প্ৰয়োজনীয় । এই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে নেচাৰ্চ বেকনে প্ৰতি খন চৰকাৰকেই স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া দেৱকো এই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে যথেষ্ট আগ্ৰহ প্ৰদৰ্শন কৰিছে।এই ক্ষেত্ৰত তেওঁৰ  সঁহাৰি অত্যন্ত ধনাত্মক। ইতিমধ্যে তেখেতে দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰি ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। এই স্মাৰক পত্ৰত আমি কি লিখিছিলো, সেয়া নেচাৰ্চ বেকনৰ সমূহ সদস্য সদস্যা আৰু শুভাকাংক্ষী সকলৰ বাবে আমাৰ ব্লগ ‘দ্য চীড’ ত প্ৰকাশ কৰা হ’ল।

কংকণা দাস।
সম্পাদক, দ্য চীড

প্ৰতি,  

মাননীয়

শ্ৰীযুত সৰ্বানন্দ সোণোৱাল

মুখ্যমন্ত্ৰী, অসম চৰকাৰ

দিছপুৰ, (গুৱাহাটী)

অসম, ভাৰত

তাৰিখ : ০৬-০৮-২০২০

বিষয় :      দিহিং পাটকাই অভয়াৰণ্যৰ বৰ্তমানৰ মাটিকালি ১১১.১৯ বৰ্গ কিলোমিটাৰ পৰা ৫০০ বৰ্গ কিলোমিটাৰলৈ বৰ্ধিত কৰা তথা অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰাৰ দাবী, লগতে জয়পুৰ বৰ্ষাৰণ্যক দিহিং-পাটকাই অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰাৰ আৱেদন।

মহোদয়,

            নেচাৰ্ছ বেকনৰ সমূহ সদস্য-সদস্যা আৰু বিষয়ববীয়াৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলো। আপোনাৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা থকাৰ বাবে আৰু আপুনি অসমৰ বন-বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আন্তৰিকতাৰে কাম কৰিব, এই আশাক বুকুত স্থান দি অসমৰ বৰ্ষাৰণ্য তথা দিহিং-পাটকাই অভয়াৰণ্যৰ বাস্তৱ সংৰক্ষণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিছু কথা আপোনাক আনুষ্ঠানিকভাৱে অৱগত কৰিলো; লগতে দিহিং-পাটকাই অভয়াৰণ্যৰ মাটিকালি যাতে কমেও ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চললৈ বৃদ্ধি কৰা হয় তাৰ বাবে আকৌ আৱেদন কৰিলো। (ইয়াৰ পূৰ্বে ২৭ এপ্ৰিল ২০২০ তাৰিখে চিঠি নং-RFM2/1/2020 আপোনাক আমি এই বিষয়ত আৱেদন কৰিছিলো তথা অৱগত কৰিছিলো)।

১। আপুনি নিশ্চয় অৱগত যে ১৯৯৪ চনৰ পৰা নেচাৰ্ছ বেকনে অসমৰ বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক বৰ্ষাৰণ্যক সামৰি অভয়াৰণ্য ঘোষণাৰ বাবে নেচাৰ্ছ বেকনে প্ৰবল আন্দোলন গঢ়ি তুলিছিল। প্ৰথমৰ পৰাই নেচাৰ্ছ বেকনৰ দাবী আছিল যে এই ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্যৰূপে সংৰক্ষিত নকৰিলে এই অতি সমৃদ্ধশালী বৰ্ষাৰণ্যখন ধ্বংসৰ পথত গতি কৰিব। অবৈধ কয়লা খনন, কাঠৰ চোৰাং কাৰবাৰ আৰু অন্যান্য ধ্বংসকাৰী কাৰকবোৰে এই সমৃদ্ধশালী বৰ্ষাৰণ্যখনক ধ্বংস কৰি দিব। সেয়েহে এই জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক বনাঞ্চলক সামৰি ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক অভয়াৰণ্য কৰিব লাগে। কিন্তু আপোনাৰ আগৰ চৰকাৰখনে এই ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক অভয়াৰণ্য ৰূপে সংৰক্ষণ নকৰিলে।

২। ১৯৯৪ চনৰ পৰা নেচাৰ্ছ বেকনে উজনি অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে প্ৰবল আন্দোলন গঢ়ি তুলিছিল আৰু যি ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ অঞ্চলক অভয়াৰণ্য কৰাৰ প্ৰস্তাৱ তথা দাবী তুলিছিল, তাৰে পৰিণতিত অৰ্থাৎ সেই ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ পৰা মাত্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক সামৰি গঠন কৰা হয় দিহিং-পাটকাই অভয়াৰণ্য। আমাৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্য অঞ্চলৰ প্ৰায় ৩৮৮.৮১ বৰ্গ কিলোমিটাৰ অঞ্চলক কয়লা মাফিয়া আৰু কাঠ মাফিয়াৰ স্বাৰ্থত সম্পূৰ্ণ অসুৰক্ষিত ৰখা হয়। এই সময়ত অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল আৰু অসমৰ বনমন্ত্ৰী আছিল মাননীয় প্ৰদ্যুৎ বৰদলৈ মহোদয়। ২০০৪ চনৰ জুন মাহত সেই সময়ৰ বনমন্ত্ৰী শ্ৰীপ্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰে কিন্তু বৰ্ষাৰণ্য তথা আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ ৩৮৮.৮১ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক সম্পূৰ্ণ অসুৰক্ষিত ৰূপে এৰি দিয়ে। আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ সৰ্বাধিক উৎকৃষ্ট তথা বন্যপ্ৰাণী পূৰ্ণ অঞ্চল ‘জয়পুৰ বৰ্ষাৰণ্য’কো অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, জয়পুৰ বৰ্ষাৰণ্যকো সম্পূৰ্ণ অসুৰক্ষিত ৰূপে এৰি দিয়া হৈছিল। যিকোনো মূল্যৰ বিনিময়ত জয়পুৰ বৰ্ষাৰণ্যক দিহিং-পাটকাই অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰিব লাগিব। সেয়েহে আমাৰ বিনম্ৰ আৱেদন আপুনি যাতে অতি সোনকালে দিহিং-পাটকাই অভয়াৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰে।

৩। ২০০৪ চনতে দিহিং-পাটকাই অভয়াৰণ্যৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক সুৰক্ষিত কৰা হৈছিল। এতিয়া এই ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলৰ পৰিধি বৃদ্ধি কৰি ৫০০ বৰ্গ কিলোমিটাৰ কৰিব লাগিব। ১১১.১৯ বৰ্গ কিলোমিটাৰ দিহিং-পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে একো সুফল পোৱা নাযাব। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলেও ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চল হ’ব লাগিব ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি।

৪। আমি অভিমত প্ৰকাশ কৰো যে প্ৰথমতে দিহিং-পাটকাই অভয়াৰণ্যৰ মাটিকালি বৃদ্ধি কৰি ৫০০ বৰ্গ কিলোমিটাৰ পৰিধিৰ অভয়াৰণ্য ঘোষণা হ’ব লাগে। ৫০০ বৰ্গ কিলোমিটাৰ অভয়াৰণ্য ঘোষণা হোৱাৰ পিছত দিহিং-পাটকাই অভয়াৰণ্যৰ পৰিকাঠাম উন্নতি কৰিব লাগে। পৰিকাঠামো আৰু অন্যান্য সকলো সুবিধা গঢ়ি তোলাৰ পিছত অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰিব লাগে।

৫। দিহিং-পাটকাই অভয়াৰণ্যৰ আন্তঃগাঁথনি অত্যন্ত দুখ লগা। এই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো বনৰক্ষীৰ শিবিৰ নাই, নাই পৰ্যাপ্ত বনকৰ্মী। যি দুই এটা শিবিৰ আছে সেয়াও মানুহ বসবাসৰ উপযুক্ত নহয়। ৰেঞ্জ অফিচাৰৰ গাড়ী পৰ্যন্ত নাই। অলপো সময় নষ্ট নকৰাকে বন বিভাগে দিহিং-পাটকাই অভয়াৰণ্যৰ এই সমস্যাবোৰ সমাধান কৰিব লাগে। বিশেষকৈ ডিব্ৰুগড় বন সংমণ্ডল আৰু ডিগবৈ বন সংমণ্ডলক সকলো প্ৰকাৰে উন্নতিকৰণ কৰিব লাগে। পৰ্যাপ্ত বনকৰ্মীৰ অভাৱৰ বাবে এই অভয়াৰণ্যৰ অপুৰণীয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

৬। দিহিং-পাটকাই অভয়াৰণ্যৰ বাবে সুকীয়া বন্যপ্ৰাণী সংমণ্ডল গঠন কৰিব লাগে আৰু দিহিং-পাটকাই অভয়াৰণ্যৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰক পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব লাগে। ‘ৱায়াৰলেছ’, ‘নেটৱৰ্ক’ৰ মাধ্যমেৰে দিহিং-পাটকাই অভয়াৰণ্যৰ নিৰাপত্তা কটকটীয়া কৰি তুলিব লাগে।

৭। অৰণ্যৰ ঠায়ে ঠায়ে চৰাই পৰ্যবেক্ষণৰ বাবে আৰু অন্যান্য বন্যপ্ৰাণী অধ্যয়নৰ বাবে ‘ৱাচ টাৱাৰ’ নিৰ্মাণ কৰিব লাগে। দিহিং-পাটকাই অভয়াৰণ্যৰ সীমা নিৰ্দিষ্ট ধৰি তাতে পকী ফলকৰ ব্যৱস্থা কৰিব লাগে। ৰাস্তাৰ দাঁতিত পকী ফলক নিৰ্মাণ কৰি বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে বিভিন্ন বাৰ্তা লিখি জনসাধাৰণক সচেতন কৰিবলৈ চেষ্টা কৰিব লাগে। এইখন যে এখন অভয়াৰণ্য সেই কথা মানুহক জনাব লাগে।

৮। অভয়াৰণ্যৰ প্ৰৱেশ পথত পৰীক্ষণ চকীৰ ব্যৱস্থা কৰিব লাগে। পৰ্যটকসকলে যাতে সহজতে অভয়াৰণ্যত সোমোৱাৰ অনুমতি পায়, তাৰ আনুষ্ঠানিক ব্যৱস্থা কৰিব লাগে। বন বিভাগে অৰ্থাৎ চৰকাৰে পাবলগা প্ৰৱেশ মাছুলৰ ব্যৱস্থা কৰিব লাগে।

৯। জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক (Reserved Forest) বনাঞ্চলক সাঙুৰিয়েই হৈছে আমাৰ আকাংক্ষিত প্ৰস্তাৱিত অভয়াৰণ্যখন, যাৰ এটা অংশক দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰা হৈছে। বাকী অংশখিনিক অবিলম্বে অভয়াৰণ্যৰ সুৰক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগিব।

১০। এই তিনিওখন অৰণ্য এখন আনখনৰ লগত সংলগ্ন আৰু ই ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক আগুৰি আছে। এই অৰণ্যৰাজিৰ বৈশিষ্ট্য হৈছে—এই অৰণ্যত কেইবাটাও তৰপ দেখিবলৈ পোৱা যায় আৰু প্ৰতিটো তৰপ বিভিন্ন আপুৰুগীয়া গছেৰে সমৃদ্ধ। যাৰ উচ্চতা ৪৫ মিটাৰৰ পৰা ২০ মিটাৰ।

১১। এই অৰণ্যত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী জন্তু, চৰাই, সৰীসৃপ আৰু বিভিন্ন কীট-পতংগ দেখিবলৈ পোৱা যায় ইয়াৰে কিছুমান লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভুক্ত আৰু কিছুমান কেৱল এই অৰণ্যতহে দেখিবলৈ পোৱা যায়, সেইবাবে আমাৰ বৰ্ষাৰণ্যসমূহ জৈৱবৈচিত্ৰ্য আৰু বনৰীয়া জীৱৰ অমূল্য ভঁৰাল।

১২। দিহিং-পাটকাই অভয়াৰণ্য আৰু আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যত (যাৰ ভিতৰত জয়পুৰ অৰণ্যখনো আছে) বিভিন্ন লুপ্তপ্ৰায় বন্যপ্ৰাণী দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইবিধমান হ’ল—হলৌ (Holock Gibbon), লাজুকী বান্দৰ (Slow Loris), হাতী (Elephant), গৌৰ (Gaur), ঢেঁকীয়াপতীয়া বাঘ (Tiger), নাহৰফুটুকী (Leopard), গোধাফুটুকী (Clouded Leopard), সোণালী মেকুৰী (Golden Cat), মাছুৱা মেকুৰী (Fishing Cat), সৰু গোধা (Marble Cat), শৰপহু (Sambar), খুটীয়া পহু (Hog Deer), মাটি ভালুক (Sloth Bear), বিণ্টুৰং (Binturong), বুটিয়া জিনাৰ (Spotted Linsang), মুকুট পিন্ধা চৰাই (Suttantit), মইনা (Hill Myna), পৰঘুমা (Green Imperial Pigeon), পৰ্বতীয়া শেন ঈগল (Mountain Hawk Eagle), পাকৈঢোঁৰা (Oriental Pied Hornbill), ৰাজ ধনেশ (Great Hornbill), দেওহাঁহ (White-winged Duck), সোণ গুই (Yellow Monitor), অজগৰ (Burmese Python) ইত্যাদি।

১৩। হলৌ বান্দৰ বিশ্বৰ এবিধ অতি দুৰ্লভ  আৰু লুপ্তপ্ৰায় বন্যপ্ৰাণী। দিহিং-পাটকাই অভয়াৰণ্য ভাৰতৰ একমাত্ৰ বনমানুহ হলৌ বান্দৰৰ প্ৰধান আশ্ৰয়স্থল। হলৌ বান্দৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতে দেখিবলৈ পোৱা যায়।

১৪। যিবোৰ অৰণ্যত হলৌ বান্দৰ এক সন্তোষজনক সংখ্যাত বিচৰণ কৰি আছে সেইবোৰ অৰণ্যক অতি সোনকালে অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ জুৱলজিকেল চাৰ্বে অব ইণ্ডিয়াই পৰামৰ্শ আগবঢ়াইছে। জয়পুৰ, আহাৰ দিহিং আৰু ডিৰক বনাঞ্চল হলৌ বান্দৰৰ এক আদৰ্শ বাসস্থান আৰু এক সন্তোষজনক সংখ্যাত হলৌবান্দৰ এতিয়াও বিচৰণ কৰি আছে। সেইবাবে অতি সোনকালে এই অঞ্চলক অভয়াৰণ্য, বিশেষকৈ জয়পুৰ অৰণ্যক সামৰি অভয়াৰণ্য কৰিব লাগে।

১৫। দিহিং-পাটকাই অভয়াৰণ্য আৰু তাৰ সংলগ্ন প্ৰস্তাৱিত অভয়াৰণ্যৰ আন এটা প্ৰধান উল্লেখযোগ্য দিশ হৈছে—এই অৰণ্য অঞ্চল আন আন বান্দৰগোষ্ঠীৰো এক আদৰ্শ বাসস্থান। ভাৰতবৰ্ষৰ মুঠ ১৬টা প্ৰজাতিৰ বান্দৰগোষ্ঠীৰ প্ৰাণীৰ ভিতৰত ৭টা প্ৰজাতি এই অৰণ্য অঞ্চলত দেখিবলৈ পোৱা যায়। ইয়াৰ আকৌ ৫টা প্ৰজাতি লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভুক্ত।

১৬। দিহিং-পাটকাই অভয়াৰণ্য, লগতে তাৰ সংলগ্ন প্ৰস্তাৱিত অঞ্চলৰ অৰণ্যখন অসমৰ ভিতৰতে এটা প্ৰধান হাতী বসতি অঞ্চল আৰু এই অৰণ্য অৰুণাচল প্ৰদেশৰ লগত সংলগ্ন হোৱাৰ বাবে হাতী অহাযোৱা কৰাৰ এটা প্ৰধান পথ (Elephant Corridor)। হাতীৰ সংৰক্ষণৰ বাবে এই ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব লাগিব।

১৭। জয়পুৰ, আপাৰ দিহিং আৰু ডিৰক অৰ্থাৎ সম্পূৰ্ণ ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰক অভয়াৰণ্যলৈ উন্নীত কৰিলে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে আৰম্ভ কৰা হস্তী প্ৰকল্পৰ প্ৰধান উদ্দেশ্যসমূহ বাস্তৱায়িত কৰিব পৰা যাব।

১৮। এসময়ত উজনি অসমৰ এক বৃহৎ অঞ্চল বৰ্ষাৰণ্যই আগুৰি আছিল আৰু প্ৰায়বোৰ অৰণ্যই এখন আনখনৰ লগত সংলগ্ন আছিল। আজিৰ পৰা প্ৰায় ১০০ বছৰমান আগৰ পৰাই এই বনাঞ্চলবোৰ সংৰক্ষিত বনাঞ্চল বুলি চৰকাৰে ৰক্ষণাবেক্ষণ দিছে বুলি এক যুক্তিহীন দাবী দৰ্শাই আহিছে। কিন্তু বৃহৎ পৰিমাণৰ বনজ সম্পদ যেনে—কাঠ, বাঁহ, বেত ইত্যাদি জধে-মধে এই বনাঞ্চলৰ পৰা কাটি নিয়াৰ ফলত এই বনাঞ্চলবোৰৰ বেছিভাগেই নিশ্চিহ্ন হৈ গ’ল আৰু আন আন বহুতো অৰণ্য ধ্বংসপ্ৰাপ্ত হৈ সৰু সৰু অঞ্চলত বিভক্ত হ’ল। যদি জয়পুৰ আৰু দিহিং-পাটকাই অভয়াৰণ্যৰ সংলগ্ন অন্যান্য বৰ্ষাৰণ্যবোৰ সংৰক্ষিত বনাঞ্চলৰূপে থাকে তেন্তে এই বৰ্ষাৰণ্য ধ্বংসৰ মুখলৈ যাবলৈ বেছিদিন নালাগিব আৰু তাৰ লগে লগে ধ্বংস হ’ব দিহিং-পাটকাই অভয়াৰণ্য আৰু তাৰ বন্যপ্ৰাণী।

১৯। দিহিং-পাটকাই অভয়াৰণ্যৰ বাহিৰত জয়পুৰ আৰু অন্যান্য অবিচ্ছিন্ন বৰ্ষাৰণ্য, যিখিনি অসুৰক্ষিত অৱস্থাত বৰ্তমান আছে সেই অঞ্চলবোৰক দিহিং-পাটকাই অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰিব লাগে যাতে এই অৰণ্যৰ অভ্যন্তৰত কোনোধৰণৰ বেদখল, কয়লা খনন, খাৰুৱা তেল খনন আদি কৰি অৰণ্যক ধ্বংস কৰিব নোৱাৰে। যিহেতু এই অঞ্চলৰ এটা অংশ অৰুণাচল প্ৰদেশৰ সৈতে সংলগ্ন গতিকে এই অবিচ্ছিন্ন বৰ্ষাৰণ্যক অভয়াৰণ্যলৈ উন্নীত কৰিলে সীমা বিবাদকে ধৰি আন আন আসোঁৱাহসমূহ দূৰ কৰি এই অঞ্চলৰ জৈৱবৈচিত্ৰ্যক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দিব পৰা যাব।

২০। একালৰ হাজাৰ হাজাৰ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্য কয়লা খনন, খেতি মাটিৰ চাহিদা, চাহ বাগান প্ৰতিষ্ঠা, হাবি কাটি গাঁও স্থাপন, তেল খনন, খহনীয়া, প্ৰদূষণ ইত্যাদিৰ বাবে ধ্বংসপ্ৰাপ্ত হৈছে। এইখিনিয়ে উজনি অসমৰ শেষ বৰ্ষাৰণ্য সেয়েহে এই অৰণ্যক আমি অভয়াৰণ্যৰূপে সংৰক্ষিত কৰিব লাগিব।

২১। বৰ্ষাৰণ্যৰ অতুলনীয় জৈৱবৈচিত্ৰ্যক ধ্বংসৰ হাতৰ পৰা ৰক্ষা কৰিব লাগে যাতে বিজ্ঞানীসকলে বিভিন্ন জীৱৰ মাজৰ জটিল সম্বন্ধবোৰৰ বিষয়ে অধ্যয়ন কৰিব পাৰে আৰু ভৱিষ্যতে ইয়াক এটা পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

২২। বিজ্ঞানীসকলে বৰ্ষাৰণ্যৰ উদ্ভিদ আৰু প্ৰাণীৰ এক ক্ষুদ্ৰ অংশৰ বিষয়েহে অধ্যয়ন কৰিবলৈ সক্ষম হৈছে। এইবোৰৰ বিষয়ে অধিক অধ্যয়ন হোৱাৰ আগতেই প্ৰতিদিনে আমি যি হাৰত এই প্ৰজাতিবোৰ হেৰুৱাবলৈ ধৰিছো হয়তো এদিন এইবোৰৰ পৰাই এনে কিছুমান ঔষধ তৈয়াৰ কৰিব পাৰিলোহেঁতেন যি কেনছাৰ (কৰ্কট ৰোগ)ৰ দৰে বেমাৰো ভাল কৰিব পাৰে।

২৩। যদি আমাৰ বৰ্ষাৰণ্যসমূহৰ প্ৰাচীন সৌন্দৰ্য্য সুন্দৰকৈ ৰাখিব পাৰোঁ, তেন্তে আমাৰ ৰাজ্যই বিশ্বৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ প্ৰাচীন ইতিহাসৰ বিষয়ে জানিবলৈ ইচ্ছুক বিভিন্ন দেশৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব। ফলত উজনি অসমত পৰ্যটন উদ্যোগ গঢ় লৈ উঠাৰ প্ৰচুৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰাই সকলোতকৈ বেছি লাভৱান হ’ব জয়পুৰ, নাহৰকটীয়া, নামৰূপ, ডিগবৈ, মাৰ্ঘেৰিটা আদি অঞ্চলৰ স্থানীয় ৰাইজ। সমগ্ৰ উজনি অসমৰ পৰ্যটন শিল্পৰ বিকাশ হ’ব পাৰে দিহিং-পাটকাই অভয়াৰণ্য আৰু তাৰ সংলগ্ন বৰ্ষাৰণ্যক কেন্দ্ৰ কৰি।

২৪। দিহিং-পাটকাই অভয়াৰণ্য আৰু আমাৰ প্ৰস্তাৱিত অবিচ্ছিন্ন বৰ্ষাৰণ্য, যাৰ মাজত জয়পুৰ অৰণ্যখনো আছে—সেই সমগ্ৰ ৫০০ বৰ্গ কিলোমিটাৰ অৰণ্য অঞ্চলক আমি অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰাৰ কথা কৈ আছো। সেই ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ অভ্যন্তৰত কোনো বেদখল নাই, কোনো গাঁও নাই, কোনোধৰণৰ খনন আৰম্ভ হোৱা নাই। গতিকে অভয়াৰণ্য ঘোষণাৰ ক্ষেত্ৰত ই যিকোনো আইনগত প্ৰতিবন্ধকৰ পৰা মুক্ত আৰু ৰাজ্য চৰকাৰে যদি ইচ্ছা কৰে তেনেহ’লে অতি সোনকালে জয়পুৰ, আপাৰ দিহিং আৰু তাৰ সংলগ্ন অবিচ্ছিন্ন বৰ্ষাৰণ্যক দিহিং-পাটকাই অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰিব পাৰে।

২৫। নেচাৰ্ছ বেকনে ইতিমধ্যে দিহিং-পাটকাই অভয়াৰণ্য আৰু তাৰ সংলগ্ন অবিচ্ছিন্ন বৰ্ষাৰণ্যৰ বন্যপ্ৰাণীৰ অনুসন্ধান কৰি তাৰ তালিকা প্ৰস্তুত কৰিছে আৰু সমগ্ৰ তথ্য কিতাপ আকাৰে প্ৰকাশ কৰিছে। জয়পুৰ অৰণ্য অঞ্চলকো এই অধ্যয়নৰ অন্তৰ্ভুক্ত কৰা হৈছিল। দিহিং-পাটকাই অভয়াৰণ্যৰ লগতে জয়পুৰ আৰু আপাৰ দিহিং বনাঞ্চলত; আমাৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ ভৱিষ্যৎ অভয়াৰণ্যখনত—৪০ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩০০ প্ৰজাতিতকৈও অধিক বনৰীয়া চৰাই, ৪০ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্ৰজাতিৰ পোক-পতংগ (যাৰ মাজত পখিলাও আছে), ৩৫ প্ৰজাতিৰ বনৰীয়া মাছ নথিভুক্ত কৰা হৈছে, ৬০ প্ৰজাতিৰ ডাঙৰ গছ আৰু ২৮ প্ৰজাতিৰ অৰ্কিডৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই অনুসন্ধানৰ কাম বৰ্তমানেও চলি আছে। সেয়েহে অতি সোনকালে দিহিং-পাটকাই অভয়াৰণ্যৰ মাটিকালি ১১১.১৯ বৰ্গ কিলোমিটাৰৰ পৰা বৃদ্ধি কৰি ৫০০ বৰ্গ কিলোমিটাৰ কৰাটো নিত্যান্ত প্ৰয়োজনীয় ।

মাননীয় মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱালদেৱে যাতে অতি সোনকালে দিহিং-পাটকাই অভয়াৰণ্যৰ পৰিধি বৃদ্ধি কৰি ১১১.১৯ বৰ্গ কিলোমিটাৰৰ পৰিৱৰ্তে ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক অভয়াৰণ্য ৰূপে সুৰক্ষিত কৰে তাৰবাবে আমি অনুৰোধ জনালো। আমি আশাবাদী মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ বৰ্ষাৰণ্যৰ চিৰস্থায়ী সুৰক্ষাৰ ব্যৱস্থা অভয়াৰণ্যৰ মাজেৰে নিশ্চিত কৰিব।

সৌম্যদ্বীপ দত্ত

সঞ্চালক, নেচাৰ্ছ বেকন

 

Share: