সম্পাদকীয়-ছেপ্টেম্বৰ ২০২০

কংকণা দাস।

মানৱ সভ্যতাৰ উৎপত্তি অৰণ্যকেন্দ্ৰীক। অৰ্থাৎ মানুহৰ সভ্যতা অৰণ্যৰ বুকুতেই লালিত পালিত হৈছিল। ভোগবাদী আধুনিকতাৰ ধামখুমীয়াত মানুহে অৰণ্যক বাদ দি যান্ত্ৰিক নগৰকেন্দ্ৰিক সভ্যতাৰ অংশীদাৰ হ’বলৈ বিচাৰিলেও, প্ৰকৃতিৰ মৌলিক উপাদানসমূহৰ অবিহনে মানৱ জীৱন নি:স্ব । আমি মানুহবোৰে সভ্যতাৰ উত্তৰণত আৰামদায়ক বিলাসী জীৱনৰ হেপাহঁত এনে ধৰণৰ জীৱনশৈলীৰ জন্ম দিয়ালো, যাৰ প্ৰতিটো স্তৰত আমি আমাৰ মৌলিক গুণ সমূহৰ বিসৰ্জন দিবলগীয়া হ’ল। ফলত আমি কেনে এটা বিশৃংখল জীৱনবোধৰ গৰাকী হ’লো তাক হয়তো নতুনকৈ দেখাই দিয়াৰ প্ৰয়োজন নহ’ব। হিংসা ,অসূয়া, হত্যা, জেদ, আত্ম অহংকাৰেৰে পৰিবেষ্টিত সমাজ খনত অইন প্ৰাণীটো বাদেই, মানুহেই মানুহৰ বাবে ভয়ংকৰ হৈ উঠিল। বৈষয়িক সম্পত্তি গঢ়াৰ দৌৰত মানুহে পৃথিৱীৰ যি দুৰৱস্থা কৰিলে তাৰ পৰা ক্ষতি কেৱল আমাৰেই নহয়, সমগ্ৰ পৃথিৱী আৰু প্ৰাণকুলকেই আমি মৃত্যুমুখী কৰিলো। মানুহৰ এই দুৰ্দশাৰ পৰা মুক্তিৰ একমাত্ৰ পথ হ’ল প্ৰকৃতিৰ শৰণাগত হোৱা, আমাৰ ভৱিষ্যৎ প্ৰজন্মক প্ৰকৃতিৰ মাজলৈ পুনৰাই লৈ যোৱা। শিশু অৱস্থাৰ পৰাই আমাৰ মাজত কৰুণা, মৈত্ৰী, সহমৰ্মিতা, দয়া, ভাতৃত্ববোধ জাতীয় নৈতিকতাৰ বিকাশ ঘটালেহে আমি হয়তো ভৱিষ্যতে এখন সুস্থ সমাজ পাম বুলি আশা কৰিব পাৰো। অৰণ্য ভ্ৰমণ, অৰণ্য সম্পৰ্কে অধ্যয়নে এনে বাট মুকলি কৰিব বুলি আমি বিশ্বাসী। অৰণ্যৰ নিৰ্মল বতাহ, নদীৰ শীতলতা, গছ বিৰিখৰ বিশালতা, পাহাৰৰ গভীৰতাৰ পৰা আমাৰ শিকিবলগীয়া বহুত থাকে। মানৱীয় সূক্ষ্ম অনুভূতিবোৰ আমাৰ ব্যক্তিত্বত জগাই তুলিবলৈ আমি অৰণ্যতেই আশ্ৰিত হ’ব লাগিব। আমি আমাৰ শিশু সকলক প্ৰকৃতিৰ এই প্ৰত্যক্ষ অভিজ্ঞতাৰ সৈতে মুখামুখী কৰাব লাগিব, শিশু মনত অৰণ্য চেতনা জাগৃত কৰাব লাগিব। এটা কথা ঠিক যে শিশু মনত এই চেতনা জগাবলৈ আমি ডাঙৰ সকলো চেতন হ’ব লাগিব। আমাৰ প্ৰকৃতি আৰু আপুৰুগীয়া সম্পদ সম্বন্ধে চেতনা, অনুভূতি থাকিলেহে হয়তো আমি ভৱিষ্যত প্ৰজন্মক অৰণ্যপ্ৰেমী কৰিব পাৰিম।

নেচাৰ্চ বেকনে আৰম্ভ কৰা ‘দ্য চীড’ – এ নেচাৰ্চ বেকন ব্লগ, এনে এক প্ৰয়াসৰেই ক্ষুদ্ৰ অংশ। এটা মাহ অতিক্ৰম কৰা আমাৰ এই বীজ এদিন প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা বাহক বৃক্ষ হ’ব বুলি আমি আশাবাদী। আপোনালোকে প্ৰেৰণ কৰা প্ৰতিটো লেখাই আমাৰ মনোবল বৃদ্ধি কৰে। আমাৰ ব্লগৰ প্ৰতি জন পঢ়ুৱৈৰ প্ৰতি আমি শ্ৰদ্ধাশীল। প্ৰকৃতি সম্বন্ধীয় কথাসমূহ আপোনালোকৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ প্ৰসাৰিত হওঁক, আমাৰ এই প্ৰয়াসে প্ৰকৃতি সংৰক্ষণৰ শক্তিক দৃঢ়তা প্ৰদান কৰক, এইয়াই আমাৰ আশা।

Share: