সম্পাদকীয়, জুন ২০২৫

kankana

-      কংকণা দাস

চৰাই‌ প্ৰকৃতিৰ এক আপুৰুগীয়া অৱদান। চৰাই যিদৰে পৰিস্থিতি তন্ত্ৰৰ অন্যতম অৱদান, ঠিক তেনেদৰে ই মানুহৰ মনত অনাবিল আনন্দৰ সৃষ্টিকাৰক। আদিম যুগৰেই পৰাই চৰাই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। আমাৰ আশে পাশে থকা চৰাই মাথো কিছু সংখ্যকহে পোহনীয়া, বাকী বেছি সংখ্যকেই বনৰীয়া। দৰাচলতে যিবোৰ চৰাইৰ   দৈনন্দিন কৰ্ম কাণ্ডত মানুহৰ কোনো ভূমিকা নাথাকে সেয়াই‌ বনৰীয়া চৰাই। বনৰীয়া চৰাইবোৰোৰো আকৌ স্থানীয় আৰু পৰিভ্ৰমী থাকে। সামগ্ৰিক ভাৱে সকলো বনৰীয়া চৰাইৰে সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ স্থানীয় চৰাই সংৰক্ষণৰ প্ৰয়োজনীয়তা অত্যধিক।  কিয়নো বৰ্তমান আমাৰ আৰ্দ্ৰভূমি তথা বনাঞ্চল সমূহৰ সংকোচনে আমাৰ স্থানীয় চৰাইৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পেলাইছে। 

নেচাৰ্চ বেকনে জন্মলগ্নৰ পৰাই বনৰীয়া চৰাই সংৰক্ষণৰ হকে কাম কৰি আহিছে। অসমৰ প্ৰতিটো অঞ্চলত বনৰীয়া চৰাই সংৰক্ষণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সজাগতা অথবা প্ৰয়োজনত আইনগত কাৰ্যপন্থাও গ্ৰহণ কৰি আহিছে। বৰ্তমান নেচাৰ্চ বেকনে সমগ্ৰ অসমত বনৰীয়া চৰাইৰ বাহ-কণী আৰু বাসস্থান সংৰক্ষণৰ বাবে বিভিন্ন সজাগতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰি আছে। এই সজাগতা অনুষ্ঠানৰ মূল উদ্দেশ্য হ’ল বনৰীয়া চৰাইৰ লগতে আমাৰ স্থানীয় চৰাই সমূহৰ বাসস্থান তথা বাহ আৰু কণী সম্পৰ্কে নতুন প্ৰজন্মক সজাগ আৰু সষ্টম কৰা। স্থানীয় চৰাই সমূহ আমাৰ প্ৰকৃতি আৰু পৰিস্থিতি তন্ত্ৰৰ এক আপুৰুগীয়া অৱদান। আমাৰ অজানিতে যদি ইয়াৰ প্ৰজাতি সমূহ বিলুপ্ত হৈ যায়, তেতিয়া সমগ্ৰ বিশ্বৰ বাবে ই হ’ব এক অপুৰণীয় ক্ষতি। যেনে আমাৰ অলক্ষিতে বিলুপ্ত হোৱা আমাৰ স্থানীয় গোলাপীমূৰীয়া হাঁহ। অসমৰ স্থানীয় প্ৰজাতিৰ হাঁহ জাতীয় চৰাই বৰ বেছি নাই। সেয়েহে ইয়াক সংৰক্ষিত কৰি ৰখা আৰু এইসমূহৰ বিষয়ে জনাটো আমাৰ নৈতিক দায়িত্ব। ইতিমধ্যে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়, গাঁও, ক্লাব আদিত নেচাৰ্চ বেকন এই এই স্থানীয় চৰাই সংৰক্ষণৰ সজাগতা মূলক অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু এই প্ৰক্ৰিয়া চেপ্তেম্বৰ পৰ্যন্ত অব্যাহত থাকিব। নেচাৰ্চ বেকনে ক্ৰমাগত ভাৱে ৩৩ বছৰ বনৰীয়া চৰাইৰ সংৰক্ষণৰ হকে কাম কৰি আহিছে। নেচাৰ্চ বেকনে বিচাৰে অসমৰ প্ৰতিগৰাকী নাগৰিক চৰাই সংৰক্ষণক লৈ সজাগ হওঁক। চৰাই সম্পৰ্কে নিজৰ জ্ঞান বৃদ্ধি কৰক। প্ৰতিখন গাঁও তথা অঞ্চলত স্থানীয় উদ্যোগত চৰাই আৰু ইয়াৰ বাসভূমি সংৰক্ষিত হওঁক। দ্য- চীডৰ পঢ়ুৱৈ সকলেও নিজৰ নিজৰ অঞ্চলত বনৰীয়া চৰাইৰ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে। চৰাই সংৰক্ষণৰ সজাগতা সভাত যোগদান কৰিব পাৰে। আমি অন্ত:কৰণেৰে বিচাৰো প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি চৰাইৰ বাবে অসম হৈ উঠক আদৰ্শ বাসভূমি।