বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ

Formal inauguration of the book “ৰূপান্তৰৰ পথিক - সৌম্যদ্বীপ দত্ত", at the Pobitara Wild Birds Conservation Festival 2026. Photo Credits : Jugal Handique.
WhatsApp Image 2025-10-30 at 14.26.00_d922976e
- ড০ বনজিত ভট্ট

২১/০২/ ২০২৬

  …  ” মাইবং ইক‘ ৰিজৰ্টৰ ” (পবিতৰা) পৰা আহি ধেমাজি পাওঁ মানে নিশা ১১.৪৭ বাজিল।‌ নেচাৰ্চ বেকনে  আয়োজন কৰা” পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ,২০২৬” অনুষ্ঠানত ভাগ ল‘বলৈ গৈছিলোঁ।

২০/ ০২/২০২৬ ৰ ৰাতিপুৱা ৩ বাজি ৪৫ মিনিটত ধেমাজিৰ পৰা গৈ মাইবং ইক‘ ৰিজৰ্ট পাওঁ মানে  ঘড়ীৰ কাঁটাত ১০ বাজি ৫০ মিনিট। লগত শ্ৰীমতী আৰু নেচাৰ্চ বেকনৰ অক্লান্ত সেনানী যুগল সন্দিকৈ। সৌম্যদ্বীপ দত্ত, ৰামচন্দ্ৰ নাথ(উদযাপন সমিতিৰ সভাপতি), নৱনীতা শৰ্মা, নৃপেন নাথ, কৃপাল লোচন দাস, ৰূপম– জ্যোতিৰ্ময় হঁতে আদৰিলে।

  ইতিমধ্যে তাত উপস্থিত হৈছেহি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ‌ৰমেশ  চন্দ্ৰ ডেকা, বিশিষ্ট গৱেষক/ সুলেখক ড০ প্ৰবাল শইকীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিপুল দেউৰী, দেউৰী কাউন্সিলৰ চীফ   ভৈৰৱ দেউৰী, উদযাপন সমিতিৰ বিষয়ববীয়া সকল।

১১.৩৬ বজাত উদ্বোধনী অনুষ্ঠান।

আদৰণি মূলক কথা বাৰ্তাৰ পাছত গ্ৰন্থ উন্মোচনৰ অনুষ্ঠান। ড০ ৰমেশ  চন্দ্ৰ ডেকাদেৱে উন্মোচন কৰিলে– “ৰূপান্তৰৰ পথিক – সৌম্যদ্বীপ দত্ত” গ্ৰন্থ খন। (Soumyadeep Datta- The Changemaker নামৰ ইংৰাজী ভাষাৰ কিতাপখনৰ মূল লেখিকা – নৱনীতা শৰ্মা। অনুবাদ – ড০ বনজিত ভট্ট)

Dr. Banjit Bhatta, addressing the gathering during the 'National Workshop on Wild Birds Conservation and Prakriti Sahitya', on the second day of Pobitara Wild Birds Conservation Festival 2026. Photo Credits : Jugal Handique.

২১/০২/ ২০২৬

ৰাতিপুৱা ৮ বজাত পবিতৰা অভয়াৰণ্যত জীপ চাফাৰী। 

অভিজ্ঞ প্ৰফুল্লই গাইড কৰিছে।পবিতৰাৰ শীতল অৰণ্য –কোলাহল ৰ মাজত প্ৰত্যক্ষ কৰিলোঁ – আঠোটাকৈ এশিঙীয়া গঁড়, এজাক বনৰীয়া মহ , এহাল  শিয়াল, এটা বন গাহৰি, হাইঠা– শৰালি ৰ জাক, এহাল ঈগল, কেইজনীমান ফেঁচা– মাছৰোকা, মৌপিয়া, মণিয়ৰি ,বালিমাহী, এজাক আলহী পক্ষী ….

  … ১০.২৫ বজাত মাইবং ইক‘ ৰিজৰ্টৰ সুসজ্জিত বাকৰিত “বনৰীয়া চৰাই সংৰক্ষণ আৰু প্ৰকৃতি – সাহিত্য” বিষয়ক কৰ্মশালা। বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী সকল আহিছে। লগতে শিক্ষাগুৰু সকলো। নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ সৈতে মত বিনিময় কৰিলে –শিক্ষাৰ্থী সকলে।‌বিপুল দেউৰীদেৱে মেলি ধৰিলে প্ৰকৃতি সাহিত্যৰ ৰেহৰূপ। আমিও উপস্থাপন কৰিলোঁ আষাৰ চেৰেক।

  ২১/০২/২০২৬ দিনৰ ২ বাজি ৫৩ মিনিটত মাইবং ইক‘ ৰিজৰ্ট এৰিলো। স্বত্তাধিকাৰ নৃপেন নাথৰ সমৰ্পিত প্ৰকৃতি স্নেহত অভিভূত হলোঁ ।ডিব্ৰুগড় হৈ ঘৰ অভিমুখে। লগত কঢ়িয়াই আনিলোঁ – ” নামচাঙৰ অন্তেষপুৰ – সৌম্যদ্বীপ দত্ত,” দ্য ছৌল অৱ দ্য ৰাইন‘ – ভাষান্তৰ বিপুল দেউৰী, নেচাৰ্চ বেকনৰ মৰম, মাইবং ইক‘ ৰিজৰ্টৰ আতিথ্য, পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ,২০২৬ ৰ সেউজ অভিজ্ঞতা, ৰূপান্তৰৰ পথিক -. সৌম্যদ্বীপ দত্ত” শিৰ্ষক পুথি ৰ বাবে কৰা আমাৰ শ্ৰমৰ মিঠানুভৱ ইত্যাদি ইত্যাদি…

 স্থানীয় ৰাইজৰ প্ৰকৃতি সচেতনতা আৰু সহযোগীতালৈ যাচিলোঁ – আমাৰ সেউজ অভিনন্দন!

  প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ সমৰ্পিত সংগঠন “নেচাৰ্চ বেকনৰ অংশীদাৰিত্ব আমাৰ সামান্য ‌জীৱনৰ বাবে এক সন্তুষ্টিজনক প্ৰাপ্তি।

 আহক, আমি আটায়ে ” পৃথিৱীৰ বাবে হৈ পৰো মংগলজনক“

 “নেচাৰ্চ বেকন“

… চৰৈৱতী চৰৈৱতী…

“ৰূপান্তৰৰ পথিক - সৌম্যদ্বীপ দত্ত" , the Assamese version of the book 'Soumyadeep Datta -The Changemaker'. Photo source: NB Archives.