নদী সংৰক্ষণ

Brahmaputra River, the ecological, cultural, and economic lifeline of Assam. PC : Internet.
Kishore2

-         কিশোৰ কুমাৰ চৌধুৰী

আমাৰ দেশ নদী প্ৰধান দেশ। নদীয়েই সভ্যতাৰ উন্মেষ ঘটাইছে। নদীয়ে সংস্কৃতিক গতিশীল কৰিছে। নদীক কেন্দ্ৰ কৰি পৃথিৱীৰ সকলো ভাষাতেই সাহিত্য–কলাৰ সৃষ্টি হৈছে। নদী হ‘ল ভৌগোলিক অৱয়ব সমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱয়ব। নদীয়ে ওখ পৰ্বতৰ পৰা সমুদ্ৰলৈকে সংযোজিত হৈ থাকে। মৌলিক প্ৰয়োজনৰ ওপৰিও প্ৰাকৃতিক–নৈসৰ্গিক শোভাবৰ্ধনৰ উপাদান হ‘ল নদী। ভাৰতৰ জৈৱ বৈচিত্ৰতাত চহকী ৰাজ্যসমূহৰ ভিতৰত অসম উচ্চ স্থানত আছে। অসমক জৈৱ– বৈচিত্ৰতাত চহকী কৰাৰ ক্ষেত্ৰত নদ – নদী সমূহৰ ভূমিকা বহুত।

উত্তৰ – পূৱ ভাৰতৰ প্ৰকৃতি– সংৰক্ষণ কাৰী সংগঠন নেচাৰ্চ বেকনে আজি চাৰিটা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতি, জৈৱ– বৈচিত্ৰতা তথা নদ–নদী আৰু আৰ্দ্ৰভূমি সংৰক্ষণৰ বাবে কাম কৰি আহিছে।নদ–নদী সমূহো জৈৱ–বৈচিত্ৰতাৰ অবিচ্ছেদ্য অংগ।

Mohenjo Daro and Harrapa represent two of the most advanced river valley civilizations of the world that flourished in the banks of the Indus River. PC : Internet.

মানুহৰ লগত গভীৰ সম্পৰ্ক থকা প্ৰকৃতিৰ অন্যতম উপাদান হ‘ল নদী। নদীসমূহৰ পাৰতে প্ৰাচীন সভ্যতা সমূহ গঢ়লৈ উঠিছিল। নদীয়েই মানৱ সভ্যতাৰ আৰম্ভণিৰ প্ৰথম উপাদান। প্ৰতিটো প্ৰাচীন সভ্যতাৰে উৎপত্তি হৈছিল একো একোটা নদীক কেন্দ্ৰ কৰি। নদীয়ে ধৰিত্ৰী উৰ্বৰা কৰে। নদী উপত্যকা সমূহ হ‘ল মানুহৰ প্ৰথম পছন্দৰ বাসভূমি। নদীৰ পাৰৰ উৰ্বৰা ভূমিতেই মানুহ প্ৰজাতিৰ উত্তৰণৰ যাত্ৰা আৰম্ভ হৈছিল প্ৰাচীন কালত। নদীক বাদ দি মানৱ সভ্যতা বৰ্তমানৰ পৰ্যায়ত উপনীত হ‘ব নোৱাৰিলেহেঁতেন। নদীয়ে মানুহক কি দিয়া নাই! পানী,পৰিবহণ,জলসিঞ্চন, বিদ্যুৎ উৎপাদন, মৎস্য চিকাৰ ইত্যাদি। কিছুমান নদী আকৌ জলজ বন্য জীৱ – জন্তুৰো আৱাসস্থলী। এই সকলোবোৰৰ পৰাই নদীৰ গুৰুত্ব বুজিব পাৰি। পৃথিৱীৰ বুকুত ভূ – অৱয়বসমূহৰ ভিতৰত নদী হ‘ল এক অনন্য সৃষ্টি। বৰষুণৰ পানী অথবা হিমবাহ গলিত পানী ভূ – পৃষ্ঠৰ ঢাল অনুসৰি নামি আহি সৃষ্টি কৰে বোৱতী পানীৰ ধাৰা – যাক আমি  নদী বা নৈ বোলো। ভূ – গৰ্ভৰ পৰা নিগৰি ওলোৱা পানী ভাগেও জান – জুৰি বা নৈৰ জন্ম দিব পাৰে। উৎস ভিন্ন হ‘লেও সৰু – বৰ অসংখ্য নদ – নদী, জান – জুৰিয়ে ধৰা পৃষ্ঠত এক বোৱতী জল – ধাৰা বা অববাঁহতন্ত্ৰৰ(Natural Drainage system) সৃষ্টি কৰে। এই অববাঁহতন্ত্ৰই পৃথিৱীৰ সকলো প্ৰাণীৰে চাহিদা পূৰণ কৰে। নদী মানুহৰ পৰম বন্ধু। নদীয়ে আমাক দিছে জীৱন নিৰ্বাহৰ সমল, নিৰ্মল জলধাৰা, উৰ্বৰ ভূমি, সমাজ – সম্প্ৰীতি আৰু নৈসৰ্গিক সৌন্দৰ্য।

 নৈ খনে কথা কয়। 

বহুতো পুৰণি কথা।

 কথাবোৰ দুয়োপাৰৰ গৰাত লাগি যায়।

 বিৰিণাৰ পাতত বহুদিনলৈ লাগি থাকে।

 বতাহজাক আহি পুৰণি কথাবোৰ

 পাতৰ পৰা ক‘ৰবালৈ যায়।

—- “ছৈয়দ আব্দুল মালিক”।

The Gangotri glacier in Uttarkashi, Uttarakhand bordering Tibet is the source of River Ganga, considered as the holiest river in India. PC : Internet

বৰষুণৰ পানী বা হিমবাহ গলিত পানী পৰ্বত পাহাৰ বা হ্ৰদৰ পৰা বৈ আহি সাগৰ– মহাসাগৰত মিলিত হয়। সকলো নদীয়ে সাগৰলৈ গৈ নাপাবও পাৰে, তেতিয়া আন কোনো ডাঙৰ নদীত মিলিত হয় আৰু সেই জলধাৰাই আদিম যুগৰ পৰাই আধুনিক যুগলৈ মানুহক বিলাই সঞ্জীৱনী শক্তি। ভূ – গৰ্ভৰ পানীৰ তুলনাত নদীৰ পানী বহুত বেছি নিৰাপদ। খনিজ পদাৰ্থ থকাৰ সম্ভাৱনা বহুত কম। নদীয়ে উৰ্বৰা কৰে নিজৰ দুইপাৰ আৰু সেই অঞ্চল হৈ পৰে শস্য – শ্যামলা আৰু কৰবাত গঢ়ি উঠে অটব্য অৰণ্য, য‘ত ভৰি থাকে জৈৱ – বৈচিত্ৰতাৰ ভাণ্ডাৰ। নদী হল প্ৰাচীন কালৰ পৰাই চলি অহা পৰিবহণৰ মাধ্যম। প্ৰাচীন কালত নদীৰ পানীয়েই খোৱা পানীৰ উৎস আছিল। নৈৰ পাৰতেই কৃষিকাৰ্যৰ বিকাশ ঘটিছিল। কৃষি আৰু পশুপালন দুয়োটাই মানুহৰ প্ৰাথমিক বৃত্তি (primary activity)। একোখন নদীয়ে একোখন ঠাইৰ পৰিচয় বহন কৰে আৰু ঠাইখনৰ গুৰুত্ব বৃদ্ধি কৰে। ঠাইখনক জনপ্ৰিয়ও কৰে

প্ৰয়াত কথা শিল্পী হোমেন বৰগোহাঞি চাৰৰ লেখনিত সদায় ঢকুৱাখনা আৰু চাৰিকৰিয়া সংযোজিত হয়। প্ৰতিখন নদীৰে আছে বৰ্ণময় ইতিহাস, ইয়াৰ উৎপত্তি, গতিধাৰা আৰু ভিন্ন চৰিত্ৰ। নদীয়ে আমাক বহুকথা শিকাই থৈ যায়।

Varanasi or Kashi, situated by the Ganges in Northern India is the focal point of Hindu pilgrimage, and a traditional Hindu religious site where people offer prayers after deaths. PC : Internet.

অতীজৰে পৰা নদীৰ প্রতি মানুহৰ শ্ৰদ্ধা অপৰিসীম। এতিয়াও নদী পাৰ হলে মানুহে শিৰণত কৰে। মনোহৰ উচ্চাকাংক্ষা, অদূৰদৰ্শিতা আৰু অবৈজ্ঞানিক কাৰ্য – কলাপে আজি নদীক কৰিছে কলুষিত । নদীৰ পানী প্ৰদূষিত হৈছে। নদীৰ দুয়োপাৰ হৈছে আৱৰ্জনাৰে ভৰা। বোৱতী নৈ আৰু নৈপৰীয়া পলসুৱা মাটি কৃষিৰ বাবে উপযোগী। বিশেষকৈ খাদ্য শস্য উৎপাদনৰ বাবে পলসুৱা মাটিৰ প্ৰয়োজন। প্ৰাচীন কালত পানীৰ একমাত্ৰ উৎস আছিল নৈ নিজৰা বোৰ। সেয়েহে নৈৰ ওচৰত মানুহৰ বাসস্থান গঢ়ি উঠিছিল। আদিম যুগতো অঘৰী জীৱন যাপন কৰা সময়ত আমাৰ পূৰ্বপুৰুষসকলে নৈৰ ওচৰতেই অস্থায়ী বাসস্থান কৰিছিল। তেতিয়াৰ পৰাই কৃষি – কাৰ্যৰ উদ্ভাৱন হ‘ল, তেতিয়াৰ পৰাই মানুহে নৈ পৰীয়া পলসুৱা ভূমিতেই কৃষি – কাৰ্য সম্পাদন কৰিছিল। কৃষিকাৰ্য উদ্ভাৱনেই মানুহক স্থায়ীভাবে বসবাস কৰিবলৈ বাধ্য কৰিছিল। মানুহৰ ইতিহাসৰ লগত ওচৰত থকা নৈখনৰ ইতিহাসৰ সম্পৰ্ক ওতঃপ্ৰোত । যুগ যুগ ধৰি নৈ যেন আমাৰ চিৰ লগৰীয়া। ভাৰতীয় সংস্কৃতিত নদীক মাতৃ জ্ঞান কৰা হয়। গঙ্গা নদীৰ পানীক পবিত্ৰ বুলি আন্তৰিকতাৰে বিশ্বাস কৰে। গঙ্গা নদীৰ পাৰত বহুতো তীৰ্থস্থান গঢ়ি উঠিছে। তেনেদৰে ব্ৰহ্মপুত্ৰ উপত্যকা আমাৰ সমন্বয়ৰ সোঁতত গঢ় লোৱা হল অসমীয়া সমাজ – সংস্কৃতিৰ প্ৰাণ। ব্ৰহ্মপূত্ৰ অসমৰ আয়ুস ৰেখা।

A replica of 'Baiji River Dolphin' ( Lepotes vexillifer), a species of freshwater river dolphin native to the Yangtse river systems in China, which is listed possibly extinct by IUCN due to human impact. PC : Internet.

ইজিপ্তৰ নীল নদীয়ে বাৰিষাত দুয়োপাৰ প্লাবিত কৰে আৰু উৰ্বৰা ভূমিৰ সৃষ্টি কৰে। ইজিপ্তক “নীল নদীৰ দান” বুলি কয়। আজিও ইজিপ্তক এনেদৰে কয় — “There could be no Egypt without The River Nile”। সেইদৰে মেচ‘পটেমিয়া (ইৰাক) নামৰ ভূ – খণ্ড টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত এক প্ৰাচীন সভ্যতা গঢ়ি উঠিছিল। মধ্যপ্ৰাচ্যৰ সেই সভ্যতাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে বিয়পি আছে। চীন দেশৰ ইয়াংচিকিয়াং নদী দেশখনৰ সোঁমাজেৰে বৈ গৈ প্ৰশান্ত মহাসগৰত পৰিছে। ই  চীনৰ উন্নয়নৰ ক্ষেত্ৰত এখন উল্লেখযোগ্য নদী। এই নামটোৰ অৰ্থ হৈছে “Son of the Ocean” । হোৱাংহো নৈখন হৈছে চীনৰ বৃহৎ অঞ্চল। আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি চীনবাসিয়ে হোৱাংহো  নদীক এক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। চীনৰ জীৱন ৰেখা ইয়াংছিকিয়াং নদীয়ে ৬৩০০ কিলোমিটাৰ দীঘল গতিপথ অতিক্ৰম কৰি নিজৰ দুয়োপাৰত গঢ়ি তুলিছে ১৮৬ খন নগৰ। এই নদী অৱবাহিকাত গঢ়ি উঠিছে প্ৰায় ১০,০০০ টা সৰু – ডাঙৰ উদ্যোগ। ই একঅৰ্থনৈতিক বিকাশৰ ডাঙৰ সফলতা। কিন্তু জানিব পৰা মতে উদ্যোগসমূহৰ পৰা নিৰ্গত অপদ্ৰৱই ইয়াংচিকিয়াং  নৈখনক প্ৰদূষিত কৰিছে বিলুপ্ত হৈছে মৎস্য প্ৰজাতি আৰু বেইজ ডলফিনৰ।

ইংলেণ্ডৰ বিশ্ববিখ্যাৎ টেমছ নদীৰ কথা আমি সকলোৱে শুনিছোঁ বা পঢ়িছোঁ। ইংলেণ্ডৰ শিল্প বিপ্লৱৰ আগতে টেমছ নদীয়ে প্ৰচুৰ মাছ উৎপাদন কৰিছিল। টেমছৰ দুয়োপাৰ আছিল নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ। পৰিতাপৰ বিষয় এই যে মাছেৰে ভৰা টেমছ নৈ লৈ শিল্প বিপ্লৱে নমাই আনিছিল দুৰ্যোগ। উদ্যোগজাত ৰাসায়নিক অপদ্ৰব্যই প্ৰদূষিত কৰা নৈ খন মাছ শূন্য হৈ পৰিছিল। নৈ খনৰ পানী ক‘লা আৰু দুৰ্গন্ধময় হৈ পৰিছিল। পিছত ব্ৰিটিছ চৰকাৰে এই নদীক পৰিস্কাৰ কৰিবলৈ পৰিকল্পনা হাতত লৈছিল। তাৰপিছত প্ৰদূষণকাৰি সকলোঁ কাৰ্য বন্ধ কৰা হৈছিল। নগৰীয়া অপদ্ৰব্য পৰিশোধিত কৰাৰ ব্যৱস্থা কৰা হৈছিল।১৫০ বছৰৰ মূৰত, ১৯৮২ চনত টেমচ নদীত পুনৰ এটা মাছৰ আবিৰ্ভাৱ হৈছিল। পৰৱৰ্তী সময়ত -” টেমছ ৱাটাৰ অথৰিটিয়ে ( Thomas water Authority) নৈখনত বছৰে ৫০,০০০ কৈ “চামন” মাছৰ পোৱালি নৈখনত এৰি দিবলৈ সিদ্ধান্ত লৈছিল।

The Thames River of England, famous for the monumental wonder of London Bridge is an epitome of river pollution, and a glaring reminder of the evils of industrial revolution. PC : Inernet.

অসম হৈছে বিভিন্ন জাতি, জনগোষ্ঠীৰ মিলনভূমি। প্ৰত্যেক জনগোষ্ঠীৰে আছে সূকীয়া সত্তা। অসমত অসংখ্য সৰু – বৰ নদ – নদী আছে। নদী, উপনৈসমূহে ইটোৱে সিটোৱে আন এটিৰ সৈতে মিলি নিজৰ স্বকীয় বৈশিষ্ট্য বৰ্তাই ৰাখি সাগৰ – মহাসাগৰত মিলিত হৈছে। আমাৰ অসমৰ নদীসমূহে আমাক মিলিজুলি, শক্তিশলি হবলৈ শিকাইছে। নিজৰ স্বকীয়তা বৰ্তাই ৰাখিও যে মিলিব পাৰি নদীয়ে আমাক দেখুৱাইছে। অসমীয়া জাতি শক্তিশালী হবলৈ সকলোৱে মিলিব লাগিব। অসমৰ নৈ – উপনৈসমূহৰ সংযোগে ব্ৰহ্মপূত্ৰক বিশালতা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰহ্মপূত্ৰৰ বৰ্ণাঢ্য চৰিত্ৰ আৰু  সবল উপস্থিতিৰ মূলতে হৈছে নৈ, উপনৈসমূহৰ মিলিত হোৱাৰ প্ৰৱণতা।একেটি কথা অসমীয়া জাতিৰ ক্ষেত্ৰতো প্ৰযোজ্য। অসমৰ সকলো জাতি – জনজাতিয়ে যদিহে অসমীয়া বৃহৎ জাতি হিচাপে থিয় হৈ থাকিব পাৰে, তেতিয়াহে জাতিটো শক্তিশালি হব। তেতিয়া ব্ৰহ্মপূত্ৰ সভ্যতা সদায় অক্ষুণ্ণ হৈ থাকিব।

নদী বা প্ৰকৃতিক কোনেও ধৰি ৰাখিব নোৱাৰে। নদীৰ সোঁতৰ দিশৰ পৰিৱৰ্তন আৰু গতিক কিছু পৰিমাণে বাধাগ্ৰস্ত কৰি মানুহে উন্নতি কৰিব বিচাৰিলেও গতিৰুদ্ধ কৰিব নোৱাৰে।নদীক আমনি কৰি মানৱে বিভিন্ন সমস্যাৰ সন্মূখীন হৈছে। নদীৰ সোঁতে যেতিয়া ঘৰ – বাৰী উচ্ছেদ কৰে, ভেঁটি, কৃষি ভূমি নোহোৱা কৰে তেতিয়া নদীৰ প্ৰতি মানুহে সাময়িক ভাবে অতিষ্ঠ হলেও পুনৰ নদীক ভাল পাবলৈ ধৰে। বানপানীৰো আছে বহুতো সুফল। আধুনিক যুগত মানুহে নদীক বহু পৰিমাণে অপব্যৱহাৰ কৰিছে। নদীয়ে প্ৰথমে বহুত সহ্য কৰে, পিছত সহ্যৰ বাহিৰত হলে ৰুষ্ঠ হয় আৰু ৰুদ্ৰ মূৰ্ত্তি ধৰে। নদী প্ৰকৃতিৰ নিৰ্বাক অংগ।

The doomed Bharalu River and the present state of Guwahati city during monsoons speaks volumes about the aftermath of modern cities. PC : Internet.

সম্ৰতি নগৰ অঞ্চলত আমাৰ অসমৰ নদীসমূহৰ প্ৰতি বহুত বেছি দুৰ্যোগ নামি আহিছে। নগৰীয়া আৱৰ্জনা, উদ্যোগজাত ৰাসায়নিক দ্ৰব্য নৈত পেলাই নদীক প্ৰদূষিত কৰা দেখা যায়। বিশেষকৈ অজৈৱিক সামগ্ৰী সমূহ নদীত পেলোৱাৰ বাবে পানী প্ৰদূষণৰ লগতে জলজ প্ৰাণীসমূহলৈ ভাবুকি নামি আহিছে। নৈসমূহ অগভীৰ হৈ আহিছে ফলত বাৰিষা অধিক পানী ধাৰণ ক্ষমতা কমি যায়। পানী উপচি পৰে, যাৰ ফলত নৈখনে নিজৰ স্বাভাৱিক গতি হেৰুৱাব লগা হয়। তাৰ ফলত বানৰ সমস্যাও বৃদ্ধি হৈছে। নৈত পেলোৱা অজৈৱিক সামগ্ৰীসমূহে কেৱল নৈখনকে প্ৰদূষিত কৰা নাই সাগৰ মহাসাগৰকো প্ৰদূষিত কৰিছে।

জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণৰ বাবে নৈ সমূহৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। নৈক  ন – কৈ চোৱাৰ সময় আহি পৰিছে। নদী বা জলাশয়সমূহক আমি পুনৰ নতুন দৃষ্টি ভংগীৰে উপলব্ধি কৰিব লাগিব। জলবায়ু পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত মানৱ সভ্যতাৰ মেৰুদণ্ডস্বৰূপ নৈ অধ্যয়ন ,ব্যৱহাৰ আৰু উপযুক্ত সংৰক্ষণ অতি জৰুৰী হৈ পৰিছে।

নৈৰ দুয়োপাৰ নৈৰ বাবে সংৰক্ষিত হব লাগিব। সৰু – বৰ সকলো নদীকেই নিৰ্দ্ধাৰিত এলেকা এৰি দিব লাগিব। ইয়াৰ বাবে নদী সংৰক্ষণৰ আইন কানুন ৰচনা হব লাগিব। নদীৰ দুইপাৰ বেদখল মুক্ত হব লাগিব। সম্প্ৰতি নগৰ পৰিকল্পনা কৰোঁতে  নদীৰ দুইপাৰ সংৰক্ষিত এলেকা ( Reserve Area) হিচাপে ৰখা হৈছে। নগৰ অঞ্চলত ২০( বিশ) মিটাৰ আৰু নগৰৰ পাৰ্শ্বৱৰ্তী গ্ৰাম্য অঞ্চলত ৫০( পঞ্চাছ) মিটাৰ নদীৰ দুয়ো পাৰ সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে।