দিহিং-পাটকাই অভয়াৰণ্য : ধ্বংসৰ পৰিকল্পনা আৰু ষড়যন্ত্ৰ-৫০০ বৰ্গ কিলোমিটাৰ হ’ব লাগিব এই অভয়াৰণ্য

— সৌম্যদ্বীপ দত্ত

১) অসমৰ বৰ্ষাৰণ্যৰ কথা প্ৰথম কৈছিল নেচাৰ্চ বেকনে—
নব্বৈ দশকৰ পূৰ্বে, অসমত “বৰ্ষাৰণ্য’’ বুলি যে বিশেষ অৰণ্য অঞ্চল আছে সেই কথা অসমৰ সাধাৰণ মানুহে জনা নাছিল। অসমৰ অৰণ্যৰ কথা কওঁতে চৰকাৰী পক্ষ, অসমৰ বনবিভাগ, অসম পৰ্যটন বিভাগ, আনকি শিক্ষিত সমাজৰ যিসকলে বিভিন্ন স্থানত লেখা মেলা কৰে তেওঁলোকেও অসমৰ বৰ্ষাৰণ্যৰ বিষয়ে একো কথা কোনা নাছিল, অসমত যে বৰ্ষাৰণ্য আছে সেই ধাৰণাটো তেওঁলোকৰ নাছিল। সেই বাবে ১৯৯০ চনৰ আগতে বনবিভাগৰ নথিত বা কোনো ছপা কৰা কিতাপ-পত্ৰ, পেমফ্লেট, লিফলেট বা অনুৰূপ প্ৰকাশনিত আপোনালোকে “বৰ্ষাৰণ্য” শব্দটো বিচাৰি নাপাব। অসমৰ পৰ্যটন বিভাগে ছপা কৰি উলিওৱা কোনো বস্তুতে, ১৯৯০ চনৰ আগতে “অসমৰ বৰ্ষাৰণ্য” শব্দটো নাই। কাৰণ তেতিয়া অসমৰ বৰ্ষাৰণ্যৰ বিষয়ে অসমৰ মানুহৰ কোনো ধাৰণা নাছিল। অসমৰ বৰ্ষাৰণ্যৰ বিষয়ে “নেচাৰ্চ বেকন” নামৰ প্ৰকৃতি সংৰক্ষণকাৰী গোষ্ঠীটোৱে প্ৰথম অসমৰ মানুহক অৱগত কৰে। নব্বৈ দশকৰ পূৰ্বে ভাৰতৰ বৰ্ষাৰণ্যৰ বিষয়ে আলোচনা কৰাৰ সময়ত—আন্দামান-নিকোবৰ অঞ্চলৰ বৰ্ষাৰণ্য, কেৰালাৰ বৰ্ষাৰণ্য, চাইলেণ্ট ভ্যেলি ইত্যাদিৰ বৰ্ষাৰণ্যৰ বিষয়ে কোৱা হৈছিল কিন্তু অসমৰ বৰ্ষাৰণ্যৰ বিষয়ে কোনো উল্লেখ কৰা নহৈছিল। অসমৰ বৰ্ষাৰণ্যৰ কথা অসমৰ মানুহক প্ৰথম অৱগত কৰিছিল নেচাৰ্চ বেকনে। নেচাৰ্চ বেকনে কোৱাৰ আগতে অসমৰ অৰণ্যৰ ক্ষেত্ৰত “বৰ্ষাৰণ্য” শব্দটোৰ ব্যৱহাৰ অসমত কোনেও কৰা নাছিল।

২) অসমত বৰ্ষাৰণ্য ধ্বংসৰ কাৰণ
পূব অসম বা উজনি অসমৰ প্ৰায় সৰ্বত্ৰ এটা সময়ত বৰ্ষাৰণ্যৰে পৰিপূৰ্ণ আছিল। ব্ৰিটিছ ঔপনিৱেশিক সময়ৰ পৰা আমাৰ অসমৰ বৰ্ষাৰণ্যৰ ধ্বংস কাৰ্য্য আৰম্ভ হয় তেতিয়া, যেতিয়া ব্ৰিটিছে বৰ্ষাৰণ্য অপসাৰণ কৰি চাহ-বাগান প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰে। হয়, উজনি অসমৰ প্ৰায় সকলো চাহ বাগান বৰ্ষাৰণ্য ধ্বংস কৰিয়েই স্থাপন কৰা হৈছিল। তাৰ পিছত আৰম্ভ হয় কয়লা খনন আৰু খাৰুৱা তেল খনন। কয়লা খনন আৰু খাৰুৱা তেল খননৰ নামত তথা কয়লা আৰু খাৰুৱা তেল লুণ্ঠনৰ নামত আমাৰ বহুত বৰ্ষাৰণ্যক ধ্বংস কৰি দিয়া হৈছিল। এই কামটো আৰম্ভ কৰিছিল ব্ৰিটিছে আৰু তাৰ পিছত, দেশ স্বাধীন হোৱাৰ পিছতো এই কাম চলি থাকিল।
    বৰ্ষাৰণ্যৰ সৰ্বনাশ কৰি, ব্ৰিটিছৰ দিনৰ পৰাই বৰ্ষাৰণ্যৰ গছ কাটি ধ্বংস কাৰ্য্য চলি থাকিল। ভাৰত স্বাধীন হোৱাৰ পিছত, দুৰ্নীতি গ্ৰস্ত বনবিষয়াৰ প্ৰত্যক্ষ সহযোগিতাত বৰ্ষাৰণ্যৰ চাৰিওপিনে অবৈধভাৱে বহুৱা হৈছিল শ শ কাঠফলা মিল, ভিনিয়াৰ মিল আৰু “প্লাইউড” ফেক্টৰী। কাঠৰ চোৰাং কাৰবাৰ আৰু এই কাঠফলা মিল, ভিনিয়াৰ মিল, প্লাইউড ফেক্টৰী ইত্যাদিৰ চাহিদা পূৰণ কৰাৰ বাবেও অহৰহ ধ্বংস হৈ আছিল আমাৰ অসমৰ বৰ্ষাৰণ্য। ব্ৰিটিছৰ দিনৰে পৰা আৰম্ভ হোৱা বৰ্ষাৰণ্য ধ্বংসৰ প্ৰক্ৰিয়া স্বাধীন ভাৰতত পূৰ্ণ উদ্যমত চলি আছিল।

৩) সকলো পক্ষই আছিল বৰ্ষাৰণ্য ধ্বংসৰ মুনাফা ভোগী
উজনি অসমত যি বৰ্ষাৰণ্য ধ্বংস হৈ আছিল তাৰ সংৰক্ষণৰ বাবে কোনেও আগবাঢ়ি অহা নাছিল। সঁচা কথাটো হ’ল বৰ্ষাৰণ্যৰ ধ্বংসৰ ফলত পুঁজিপতি, ধনী তথাকথিত শিক্ষিত আৰু সমাজত প্ৰভাৱ থকা বহুতে কোনো নহয় কোনো ভাৱে আৰ্থিক লাভৱান হৈছিল। কাৰণ তেল খনন, কয়লা খনন, কাঠৰ ব্যৱসায়, প্লাইউড কোম্পানী, চাহ উদ্যোগ ইত্যাদিৰ লগত সমগ্ৰ প্ৰভাৱশালী ধনী মানুহখিনিৰ অধিকাংশ জড়িত হৈ আছিল। এই ধনী সম্প্ৰদায় আৰু ব্যৱসায়ীসকলৰ দান-বৰঙণি লোৱা সকলো পৰোক্ষভাৱে বৰ্ষাৰণ্য ধ্বংসৰ ধনেৰে পুষ্টি লাভ কৰিছিল। সেয়েহে অসমৰ বৰ্ষাৰণ্য ধ্বংসৰ বিৰুদ্ধে কোনেও একো মাত মতা নাছিল।

৪) অসমত বৰ্ষাৰণ্য সৰ্বেক্ষণ
১৯৮৯-১৯৯২, এই সময়ত আমি উজনি অসমৰ অৰণ্যবোৰৰ সৰ্বেক্ষণৰ কাম সম্পন্ন কৰো আৰু কোন কোন অৰণ্যত কি কি প্ৰজাতিৰ বন্যপ্ৰাণী আছে তাৰ অনুসন্ধানৰ কাম সম্পন্ন কৰো। এই সময়তে আমি উজনি অসমৰ সমৃদ্ধিশালী অৰণ্যবোৰৰ বাস্তৱ অৱস্থাৰ কথা গম পাওঁ। এই সময়তে আমি উজনি অসমৰ বৰ্ষাৰণ্যবোৰৰ বিষয়ে অনুসন্ধান কৰো আৰু এই অৰণ্যবোৰ যে “বৰ্ষাৰণ্য” সেই কথাত নিশ্চিত হওঁ। উল্লেখযোগ্য যে, সেই সময়ত মোবাইল ফোন, জি.পি.এছ ব্যৱস্থা বা ইণ্টাৰনেট একোৱেই আমাৰ নাছিল। মাহৰ পিছত মাহ ধৰি, খোজ কাঢ়ি আমি অৰণ্যত অনুসন্ধান চলাইছিলো, সৰ্বেক্ষণ কৰিছিলো। এই সৰ্বেক্ষণৰ ফলত আমি অৱগত হৈছিলো যে উজনি অসমৰ অধিকাংশ বৰ্ষাৰণ্য ইতিমধ্যো ধ্বংস হৈ গৈছে। ক’ৰবাত চাহ বাগান, ক’ৰবাত মানুহৰ গাওঁ, ক’ৰবাত তেল খনন, ক’ৰবাত কয়লা খনন, ক’ৰবাত গছ কাটি খাচটাং টহিলং কৰি বৰ্ষাৰণ্যবোৰক ছেদেলি-ভেদেলি কৰি দিছে। য’ত সৰু সৰু বৰ্ষাৰণ্য আছে, সেইবোৰ পৰস্পৰ পৰস্পৰৰ পৰা বিচ্ছিন্ন । বৰ্ষাৰণ্য যদি সৰু সৰু ভাগত বিচ্ছিন্ন হৈ যায় তেনেহ’লে তাতে আদৰ্শ বৰ্ষাৰণ্যৰ চৰিত্ৰ বিচাৰি পোৱা নাযায়। কিন্তু আমাৰ সৰ্বেক্ষণৰ ফলত এটা আশাৰ বাৰ্তাত আমি উৎফুল্লিত হৈছিলো।

৫) কি আছিল সেই আশাৰ বাৰ্তা
আমাৰ সৰ্বেক্ষণ আৰু অনুসন্ধানৰ ফলত প্ৰথমবাৰৰ বাবে এই কথা পোহৰলৈ আহিল যে উজনি অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত—জয়পুৰ, আপাৰ দিহিং আৰু দিৰক নামেৰে তিনিখন অৰণ্য আছে যিবোৰ তেতিয়ালৈকে ভাল অৱস্থাত আছিল। এই তিনিখন অৰণ্যৰ নাম বেলেগ বেলেগ, জিলা বেলেগ, আৰু বনবিভাগীয় সংমণ্ডলো বেলেগ বেলেগ। অৰণ্যৰ পৰা সম্পদ (কাঠ, বনজ দ্ৰব্য, তেল, কয়লা ইত্যাদি) লুণ্ঠনৰ স্বাৰ্থত এনেকৈ ৰখা হৈছে। আমি যেতিয়া খোজ কাঢ়ি কাঢ়ি এই অৰণ্যবোৰ সৰ্বেক্ষণ কৰিলো তেতিয়া এই কথা পোহৰলৈ আহিল যে সেইয়া মূলতে এখন অবিচ্ছিন্ন বৰ্ষাৰণ্য। ব্ৰহ্মপুত্ৰ উপত্যকাত তথা অসমত এইখনে একমাত্ৰ বৰ্ষাৰণ্য জীৱিত হৈ আছে যি অবিচ্ছিন্ন ৰূপত বৰ্তমানেও সমৃদ্ধ। ইয়াৰ পৰিধি বিশাল, ইয়াতে বন্যপ্ৰাণীৰ প্ৰাচুৰ্য্যতাও অধিক। সেয়েহে আমি মন স্থিৰ কৰিলো এই বৰ্ষাৰণ্যক যিকোনো উপায়েৰে বচাব লাগিব।

৬) অভয়াৰণ্য ঘোষণা একমাত্ৰ পথ
আমি জানিছিলো বৰ্ষাৰণ্যৰ চিৰস্থায়ী সংৰক্ষণৰ বাবে এই অৰণ্যক যদি অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব পৰা নাযায় তেনে হ’লে এই অবিচ্ছিন্ন বৰ্ষাৰণ্যৰো একে অৱস্থা হ’ব, যিটো অৱস্থা অন্যান্য বৰ্ষাৰণ্যৰ ইতিমধ্যেই হৈছিল। সেয়েহে আমি এই জয়পুৰ, আপাৰ দিহিং আৰু দিৰক অৰণ্যক সামৰি ৫০০ বৰ্গ কিল’মিটাৰ অঞ্চলক লৈ এখন অভয়াৰণ্য গঠন কৰাৰ দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিলো। এই ৫০০ বৰ্গ কিল’মিটাৰ অবিচ্ছিন্ন বৰ্ষাৰণ্যক যাতে অভয়াৰণ্য লৈ উন্নীত কৰা হয় তাৰ আৱেদন কৰিলো।

৭) অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলন
আমাৰ ওচৰত প্ৰথম যিটো প্ৰত্যাহ্বান আছিল সেয়া হ’ল “বৰ্ষাৰণ্য” শব্দটোক লৈ। যিহেতু অসমৰ মানুহৰ ওচৰত “অসমৰ বৰ্ষাৰণ্য” কথাটোৱে নতুন আছিল, আমাৰ আগতে অসমৰ বৰ্ষাৰণ্যৰ কথা কোনেও কোৱা নাছিল। আনকি আমাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়বোৰতো অসমৰ বৰ্ষাৰণ্যক লৈ কোনো ধৰণৰ আলাপ-আলোচনা হোৱা নাছিল (১৯৯৩-৯৪ৰ আগত) সেয়েহে বৰ্ষাৰণ্যৰ ধাৰণাটো জনপ্ৰিয় কৰাৰ কাম আমি হাতত ল’লো। ডিব্ৰুগড় চহৰৰ বিশিষ্ট নাগৰিকসকলক মাতি আলোচনা কৰা হ’ল, সভাবোৰত আমি বৰ্ষাৰণ্যৰ বিষয়ে আলোচনা কৰিলো, স্লাইড প্ৰজেক্ট’ৰেৰে বৰ্ষাৰণ্যৰ ছবি দেখুৱাই মানুহক ব্যাখ্যা কৰা হ’ল, বুজোৱা হ’ল, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলক বুজোৱা হ’ল, বাটৰ নাটক, আলোচনা চক্ৰ, বক্তৃতা অনুষ্ঠান পতা হ’ল—এইবোৰ চলি থাকিলে বছৰ বছৰ ধৰি। লগতে বৰ্ষাৰণ্যখনক অভয়াৰণ্যৰ কৰণৰ দাবীও জনপ্ৰিয় হ’বলৈ ধৰিলে। সেই সময়ত এনেকুৱা কোনো বাতৰিকাকত নাছিল য’ত আমাৰ বৰ্ষাৰণ্যৰ বিষয়ে আমি লিখা নাছিলো, এনেকুৱা কোনো আলোচনী নাছিল য’ত আমাৰ বৰ্ষাৰণ্য সংৰক্ষণ তথা অভয়াৰণ্য দাবীৰ কথা লেখা হোৱা নাছিল। অলইণ্ডিয়া ৰেডিঅ’, ডিব্ৰুগড়ৰ পৰা নিয়মিত ৰূপত আমাৰ বৰ্ষাৰণ্য সংৰক্ষণৰ কথা প্ৰচাৰ হৈছিল। আলোচনা, কথিকা, টেলিফোন অনুষ্ঠান ইত্যাদি হৈছিল ৰেডিঅ’ৰ পৰা। মৃণালকান্তি দাস আমাৰ আন্দোলনক সমৰ্থন কৰি এইখন বৰ্ষাৰণ্যৰ ওপৰত প্ৰথম তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। তাৰ পিছত দূৰদৰ্শন ডিব্ৰুগড়ে আমাৰ কাম-কাজক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি প্ৰচাৰ কৰিছিল। ৰাষ্ট্ৰীয় স্তৰত সকলো ইংৰাজী বাতৰি-কাকত আৰু আলোচনীত আমাৰ বৰ্ষাৰণ্যৰ বিষয়ে আৰু আমাৰ অভয়াৰণ্যৰ দাবীৰ আন্দোলনৰ কথা প্ৰকাশ পাইছিল। আন্তৰ্জাতিক স্তৰতো যথেষ্ট লেখা-মেলা হৈছিল। আমি স্থানীয় লোকসকলক প্ৰত্যক্ষভাৱে বৰ্ষাৰণ্য আন্দোলনত জড়িত কৰিছিলো। অসমীয়া ভাষাত বৰ্ষাৰণ্যৰ বিষয়ে বিভিন্ন কিতাপ-পত্ৰ, পেমফ্লেট, লিফলেট, প’ষ্টাৰ, ষ্টিকাৰ আদিৰে বৰ্ষাৰণ্য আন্দোলন জোৰদাৰ কৰি তোলা হৈছিল। বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া গাঁৱৰ মানুহবোৰেও এই আন্দোলনত চামিল হৈছিল। এদিন দুদিন নহয়, অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ স্বাৰ্থত আমি দহ বছৰ ধৰি নিৰৱিচ্ছিন্নভাৱে আমাৰ আন্দোলনত অব্যাহত ৰাখিছিলো। শ শ ল’ৰা-ছোৱালীক আমি অৰণ্য সংৰক্ষণৰ প্ৰশিক্ষণ দিছিলো। অৰণ্য শিবিৰ পাতি বাস্তৱ অৰণ্য সংৰক্ষণৰ প্ৰশিক্ষণ আৰু অৰণ্যক অধ্যয়নৰ পাঠদান কৰিছিলো। স্থানে স্থানে বৰ্ষাৰণ্যক অভয়াৰণ্য কৰাৰ দাবীত প্ৰদৰ্শন কৰিছিলো। আমাৰ বৰ্ষাৰণ্য সংৰক্ষণৰ আন্দোলন, স্থানীয়, ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী আছিল। ২০০১ চনত অসমৰ বৰ্ষাৰণ্যৰ কথা সমগ্ৰ বিশ্বক জনোৱাৰ উদ্দেশ্যে আমি অসমৰ জয়পুৰত “আন্তৰ্জাতিক বৰ্ষাৰণ্য উৎসৱ” অনুষ্ঠিত কৰো। বিভিন্ন দেশৰ পৰা বহু প্ৰতিনিধিয়ে এই উৎসৱত যোগদান কৰে। অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰীও এই উৎসৱত যোগদান কৰিছিল।

৮) বৰ্ষাৰণ্যৰ জৈৱ বৈচিত্ৰ অধ্যয়ন
অসমৰ এই বৰ্ষাৰণ্যখনত আমি বন্যপ্ৰাণীৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই ইয়াৰ স্তন্যপায়ী বন্যপ্ৰাণী, বনৰীয়া চৰাই, সৰীসৃপ আৰু উভচৰ প্ৰজাতি, গছ-গছনি, অৰণ্যকেৰুৰ বিবিধতা, বনৰীয়া মাছ, পতংগ আদিৰ তালিকা প্ৰস্তুত কৰো আৰু এই কথাবোৰ কিতাপ আকাৰে প্ৰকাশ কৰো। আমাৰ অধ্যয়নৰ ফলতেই এই অৰণ্যখনৰ সমৃদ্ধিৰ কথা সকলোৱে অৱগত হয়। পৰৱৰ্তী সময়ত এই অৰণ্যখনত দুই এজনে অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহে। আমাৰ কিতাপবোৰত এই সম্পৰ্কে বিস্তাৰিত তথ্য দিয়া আছে।

৯) বৰ্ষাৰণ্যক অভয়াৰণ্য কৰাত বাধা প্ৰদানকাৰী শক্তি
যিসকলে বৰ্ষাৰণ্যক ধ্বংস কৰি অবৈধ কাঠৰ কাৰবাৰ কৰি আছিল আৰু কয়লা খননৰ অবৈধ কাৰবাৰত জড়িত হৈ আছিল, তেওঁলোকে যে আমাক বাধা দিব সেইকথা অত্যন্ত স্বাভাৱিক। এই কু-চক্ৰটো আছিল ৰাজনৈতিক মদত পুষ্ট। এজন ঘোচখোৰ, দেশদ্ৰোহী চৰকাৰী উচ্চপদস্থ বিষয়া এই চক্ৰটোৰ লগত জড়িত আছিল। কুখ্যাত এজন যুটিয়া সচিব পৰ্যায়ৰ বিষয়া আছিল কয়লা মাফিয়াবোৰৰ মূল মানুহ। চৰকাৰী পদবীৰ সুযোগ লৈ এই বিষয়াজনে কয়লা মাফিয়াবোৰৰ স্বাৰ্থত কাম কৰিছিল। তাৰ বিনিময়ত অবৈধ ধন ঘটাই আছিল এই যুটীয়া সচিব জনৰ মূল লক্ষ্য। তেওঁ কয়লা মাফিয়াৰ পৰা পোৱা ধনেৰে গঁড়ৰ নামত ফাউণ্ডেচন খুলি অবৈধ ধনবোৰ তাতে জমা ৰাখে। তেওঁৰ ছদ্মবেশী ফাউণ্ডেচনটো আকৌ অসমৰ নহয়, অসমৰ বাহিৰত আন এখন ৰাজ্যত এই ফাউণ্ডেচনটোক নথিভুক্ত কৰোৱা হৈছে। তেওঁ কৌশলগতভাৱে এই ফাউণ্ডেচনটোক অসমৰ বাহিৰত ৰাখিছে। বৰ্ষাৰণ্যখন যাতে কোনো পদ্ধতিত অভয়াৰণ্য নহয় তাৰ সকলো চেষ্টা কৰিছিল এই দেশদ্ৰোহী বিষয়া জনে। বৰ্তমানেও এই দেশদ্ৰোহীটোৱে কয়লা মাফিয়াৰ লগত যুক্ত হৈ আছে আৰু চেষ্টা কৰি আছে যাতে বৰ্ষাৰণ্যৰ বাকী অংশখিনি অভয়াৰণ্য হ’বলৈ নোৱাৰে।

১০) প্ৰস্তাৱিত “জয়দিহিং” দিহিং পাটকাই অভয়াৰণ্য হ’ল
১৯৯৪ চনৰ পৰা (সৰ্বেক্ষণৰ সময়ৰ পৰা ধৰিলে-১৯৮৯) ধৰিলে, প্ৰায় দহ বছৰ ধৰি আমি নিৰৱচ্ছিন্নভাৱে বৰ্ষাৰণ্যক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰাৰ আন্দোলন কৰিছিলো। আমাৰ এই সম্পূৰ্ণ আন্দোলনৰ কথা—“নামচাঙৰ অন্তেষপুৰ” নামৰ কিতাপখনত লেখা আছে।
বৰ্ষাৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলক সামৰি আমি যেতিয়া অভয়াৰণ্যৰ প্ৰস্তাৱ দিছিলো, তেতিয়া আমি সেই প্ৰস্তাৱিত অভয়াৰণ্যখনৰ নাম দিছিলো—“প্ৰস্তাৱিত জয়দিহিং অভয়াৰণ্য” কিন্তু পিছত আমাক কোৱা হ’ল—অভয়াৰণ্যখনৰ নাম দিয়া হ’ব “দিহিং পাটকাই অভয়াৰণ্য”। নামত আমাৰ কোনো আপত্তি নাই; যি মন যায় সেইটো নামে দিব পাৰে কিন্তু ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক অভয়াৰণ্য কৰিব লাগিব। কিন্তু সেই কামটো কৰা নহ’ল। আমাৰ প্ৰস্তাৱিত জয়দিহিং অভয়াৰণ্যৰ পৰা মাত্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক দিহিং পাটকাই অভয়াৰণ্যৰূপে সংৰক্ষিত কৰা হ’ল বাকী  অঞ্চল খিনিক অসুৰক্ষিত ৰখা হ’ল কয়লা মাফিয়া আৰু কাঠ চোৰবোৰৰ স্বাৰ্থত। আমি কিন্তু আমাৰ আন্দোলন এৰি দিয়া নাই। আজিও আমি আমাৰ আন্দোলন অব্যাহত ৰাখিছো। সম্পূৰ্ণ ৫০০ বৰ্গ কিলোমিটাৰ অভয়াৰণ্য নোহোৱালৈকে আমি আমাৰ দাবীত অটল থাকিম।

১১) দিহিং-পাটকাই অভয়াৰণ্য অসমৰ পৰিৱেশ আন্দোলনৰ সুফল
দহ বছৰ ধৰি অসমৰ পৰিৱেশ আন্দোলনৰ যি ধনাত্মক কাম-কাজ হৈছিল তাৰে ফলস্বৰূপে, নেচাৰ্চ বেকনৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ পৰা ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক সামৰি ২০০৪ চনত দিহিং-পাটকাই অভয়াৰণ্যৰ জন্ম হয়। নেচাৰ্চ বেকনে এই বৰ্ষাৰণ্য সংৰক্ষণৰ কাম আৰম্ভ নকৰিলে আজি দিহিং-পাটকাই অভয়াৰণ্যৰ জন্ম নহ’ল হয়। তাতকৈও ডাঙৰ কথা নেচাৰ্চ বেকনে অসমৰ বৰ্ষাৰণ্য সংৰক্ষণৰ কাম আৰম্ভ নকৰিলে বৰ্তমানে বাচি থকা ৫০০ বৰ্গ কিলোমিটাৰ অবিচ্ছিন্ন বৰ্ষাৰণ্যৰ অৱস্থা যে অতি শোচনীয় হ’ল হৈ সেই কথা আমি সহজতেই উপলব্ধি কৰিব পাৰো।

১২) অহৰহ চেষ্টা চলিছে দিহিং-পাটকাই আৰু তাৰ অবিচ্ছিন্ন
৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যক ধ্বংস কৰাৰ
প্ৰথমৰ পৰাই অশুভ শক্তিটোৱে চেষ্টা কৰিছিল যাতে বৰ্ষাৰণ্যখন অভয়াৰণ্য নহয়। তথাপি বৰ্ষাৰণ্যৰ কিছু অঞ্চল দিহিং-পাটকাই অভয়াৰণ্য হ’ল। বাকী অংশ খনিত কয়লা খন্দাৰ চেষ্টা চলিছিল বহুবাৰ; কিন্তু নেচাৰ্চ বেকনে বাৰে বাৰে বাধা দি চক্ৰান্তকাৰীসকলক সফল হ’ব দিয়া নাছিল। দিহিং পাটকাই অভয়াৰণ্য হোৱাৰ সময়ত যিজন ‘উদ্দিনে’ বাধাপ্ৰদান কৰিছিল সেই একে ‘উদ্দিনে’ এতিয়া বাধাপ্ৰদান কৰি আছে। সেই সময়ত কিছুমান সংবাদিকৰদ্বাৰা ‘উদ্দিনে’ মিছা মিছা কথা ৰটনা কৰিছিল, এতিয়াও দুই এজনৰ পকেট গৰম কৰি উদ্দিন দেশদ্ৰোহীয়ে নিজৰ ফটা ঢোল বজাই আছে। ৰাইজে কোনো কথা পাহৰা নাই; আসাম ট্ৰিবিউনৰ পৰা আৰম্ভ কৰি সকলো কাকতত উদ্দিনৰ সেই কলা অধ্যায় লিপিবদ্ধ হৈ আছে। বৰ্ষাৰণ্যক যাতে অভয়াৰণ্যকৰা নহয় উদ্দিনৰ সেই মিথ্যাচাৰ আৰু তাৰ সকলো প্ৰচেষ্টাৰ কথা মই মোৰ নামচাঙৰ অন্তেষপুৰ নামৰ কিতাপত ২০১০ চনতেই প্ৰকাশ কৰি থৈছো। ইতিমধ্যে কিতাপখন একাধিকবাৰ প্ৰকাশ হৈছে। আগ্ৰহী পাঠকে কিতাপখন পঢ়িলে সকলো কথা গম পাব। ২০০৩ চনত এই উদ্দিনে আমাক প্ৰবলভাৱে বাধা দিছিল যাতে দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা নহয়। “এই অঞ্চল বৰ্ষাৰণ্য নহয়, হলৌ বান্দৰ লুপ্ত প্ৰায় প্ৰজাতি নহয়, আমি হেনো মিছা মাতি আছো” ইত্যাদি আমাৰ সম্পৰ্কে বিভিন্ন মিছা কথা সংবাদ মেলবোৰত কৈ ফুৰিছিল—এই উদ্দিনে। দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত অবৈধভাৱে প্ৰিমিয়াৰ অইল কোম্পানিক বহুবাৰ অন্যতম ব্যক্তি আছিল এই উদ্দিন কুলাংগাৰ। দিহিং-পাটকাই অভয়াৰণ্যৰ জন্ম হৈছিল ২০০৪ চনত। ২০০৪ চনৰ পৰা আজি ২০২০ চন। এই ১৬ বছৰে উদ্দিনে দিহিং-পাটকাই অভয়াৰণ্য আৰু বৰ্ষাৰণ্যৰ বাবে সামান্যতম ধনাত্মক কাম একো কৰা নাই। ১৬ বছৰ সম্পূৰ্ণ টোপনিত আছিল উদ্দিনে, কিন্তু আমি যেতিয়া দিহিং-পাটকাই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ দ্বাৰস্থ হ’লো তেতিয়া পুনৰায় উদ্দিনে আমাৰ বিৰুদ্ধে সৰৱ হ’ল। কয়লা মাফিয়াৰ স্বাৰ্থত পুনৰায় এই অপশক্তি এতিয়া সক্ৰিয়। ১৬ বছৰ পিছত উদ্দিনৰ দিহিং-পাটকাইৰ প্ৰতি প্ৰেমৰ জোৱাৰ উঠিছে। মুখত প্ৰেম হাতত চুৰি।

১৩) নিৰপেক্ষ নিষ্ঠাৱান সেউজ সাংবাদিক
এক অংশ নিৰপেক্ষ নিষ্ঠাৱান সাংবাদিকে কিন্তু সদায় নিৰপেক্ষভাৱে সংবাদ পৰিৱেশন কৰিছিল। তেওঁলোকে আছিল বৰ্ষাৰণ্য সংৰক্ষণৰ পক্ষত। তেওঁলোকে নিজৰ বিৱেক বিবেচনা আৰু আদৰ্শক কেতিয়াও নিলাম কৰা নাই। তেতিয়া ইলেকট্ৰনিক মিডিয়া এটা আছিল তাৰ সাংবাদিকসকলেও নিষ্ঠাৰে নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰিছিল। সৰু সৰু ঠাইবোৰৰ সংবাদসেৱীসকলে অত্যন্ত নিষ্ঠাৰে প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত কাম কৰিছিল আৰু নিৰপেক্ষ সাংবাদিকতা কৰিছিল। বহুতেই নিজৰ তাগিদাত বৰ্ষাৰণ্য সংৰক্ষণৰ স্বাৰ্থত প্ৰবন্ধ ইত্যাদিও লেখিছিল।

১৪) দিহিং পাটকাই অভয়াৰণ্যক লৈ মিথ্যাচাৰ
এপ্ৰিল মাহৰ পৰা (২০২০) এটা গুজৱ আৰম্ভ হ’ল—দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত হেনো কয়লা খনন হৈ আছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হেনো দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কৰ্পোৰেট গ্ৰুপক কয়লা খনন কৰাৰ অনুমতি দিছে। প্ৰথমে খবৰটো অলপ অলপকৈ আহি আছিল, লাহে লাহে এই খবৰটো প্ৰচণ্ডভাৱে বিভিন্ন ছ’চিয়েল মিডিয়াত অহা আৰম্ভ কৰিলে, তাৰ পিছত অসমৰ বাহিৰৰ কিছুমান আলোচনীত কিছুমান মানুহে লেখিবলৈ ধৰিলে। যিসকলে কোনো দিন দিহিং-পাটকাই অভয়াৰণ্যলৈ অহা নাই, আমাৰ ২৫ বছৰ ধৰি কৰি অহা বৰ্ষাৰণ্য সংৰক্ষণৰ আন্দোলনত যিসকলে এটা সামান্য মাতো মতা নাই, যিসকলে দিহিং-পাটকাই অভয়াৰণ্যক লৈ এই ২৫ বছৰে এটা সৰু প্ৰবন্ধও লিখা নাই তেওঁলোকে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে বুলি হুলস্থূল আৰম্ভ কৰি দিলে। এনেকৈ ক’ব ধৰিলে যে—তেওঁলোকে যেন দিহিং-পাটকাই অভয়াৰণ্যৰ বিষয়ে একো একোজন বিশেষজ্ঞ তথা সমল ব্যক্তি।
    এই ফালে আমি ভাবি আছো—“আৰে, দিহিং-পাটকাই অভয়াৰণ্যৰ ভিতৰত কয়লা খনন হোৱাটো অসম্ভৱ কথা। কাৰণ চৰকাৰে তাতে কয়লা খননৰ অনুমতি দিবই নোৱাৰে। দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লাখনন হ’লে আমি গম নাপাম, এনেকুৱা হ’বই নোৱাৰে। মাহত আমি তিনি চাৰিবাৰকৈ দিহিং-পাটকাই অভয়াৰণ্যলৈ যাওঁ। বহুত মানুহে মোক ফোন কৰি শুধিবলৈ ধৰিলে যে—“দিহিং-পাটকাই অভয়াৰণ্যহেনো খতম, চৰকাৰখনে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি হেনো দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খননৰ অনুমতি দি দিহিং পাটকাই অভয়াৰণ্যক ধ্বংস কৰি দিলে। দহ বছৰ ধৰি প্ৰবল আন্দোলন কৰাৰ পিছত উজনিৰ বৰ্ষাৰণ্যৰ সামান্য অঞ্চল দিহিং-পাটকাই ৰূপে সংৰক্ষিত হৈছিল। দিহিং-পাটকাই অভয়াৰণ্যৰ প্ৰতি অসমৰ মানুহৰ এটা সম্পৰ্ক আছে। মানুহে দিহিং-পাটকাই অভয়াৰণ্যক আৰু বৰ্ষাৰণ্যখন ভাল পায়। সেয়েহে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খননৰ সংবাদ  পাই মানুহে জাঙুৰ খাই উঠিছিল।
    মই মোৰ ভিডিঅ’ৰ জৰিয়তে অসম আৰু ভাৰতৰ সকলো মানুহক জনাইছিলো যে—দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কৰ্পোৰেট এজেঞ্চিয়ে কয়লা খনন কৰা নাই; ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খননৰ অনুমতি দিয়া নাই। দিহিং-পাটকাই অভয়াৰণ্যক ধ্বংস কৰাৰ কোনো অভিপ্ৰায় বা আঁচনি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নাই। দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে—এই কথাটো সম্পূৰ্ণ মিছা কথা। কিছুমান মানুহে উদ্দেশ্য প্ৰণোদিতভাৱে এই মিছা কথা প্ৰচাৰ কৰি আছে। দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খননৰ প্ৰশ্নই নুঠে আনকি আমাৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ অভ্যন্তৰতো কোনো কয়লা খনন হোৱা নাই। দিহিং-পাটকাই অভয়াৰণ্যৰ সীমাৰ পৰা ৯ কিলোমিটাৰ দূৰত্বৰ ভিতৰতো কোনো কয়লা খননৰ প্ৰস্তাৱ নাই। এটা বিশেষ উদ্দেশ্য লৈ সাধাৰণ মানুহক বিপথে পৰিচালিত কৰাৰ বাবে কিছুমান মানুহে মিছাকথা কৈ ফুৰিছে যে—“দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে।” সঁচা কথাটো হ’ল দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তত কোনো কয়লা খনন হোৱা নাই।

১৫) হস্তী সংৰক্ষিত বনাঞ্চলক লৈ মানুহৰ ভুল ধাৰণা
বহু মানুহে ভাবে যে হস্তী সংৰক্ষিত বনাঞ্চল মানে “সেই বনাঞ্চলখন বনৰীয়া হাতীৰ বাবে সংৰক্ষিত”। কিন্তু সেই কথা মুঠেও শুদ্ধ নহয়। হস্তী সংৰক্ষিত বনাঞ্চল হাতীৰ বাবে বা হাতীৰ বাসস্থানৰ বাবে মুঠেও সংৰক্ষিত নহয়। হস্তী সংৰক্ষিত বনাঞ্চলৰ কোনো আইনী সুৰক্ষা নাই। আমাৰ বনাঞ্চলবোৰক যদি অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয় তেনেহ’লেহে সেই অৰণ্য আৰু তাৰ বন্যপ্ৰাণীবোৰে সঁচা অৰ্থত সুৰক্ষা পায়। সেয়েহে আমি অভয়াৰণ্য ঘোষণা কৰাৰ কথা কওঁ। অভয়াৰণ্যত কোনেও একো কৰিব নোৱাৰে। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত কোনেও বেদখল কৰিব নোৱাৰে, তাতে মাটি কাটিব নোৱাৰে, গছ কাটিব নোৱাৰে, বালিৰ মহল, শিলৰ মহল হ’ব নোৱাৰে, অভয়াৰণ্যত কয়লা খনন কৰিব নোৱাৰে, অভয়াৰণ্যত তেল খান্দিব নোৱাৰে; অভয়াৰণ্য সঁচা অৰ্থত আইনগত ভাৱে সংৰক্ষিত। আনফালে হস্তী সংৰক্ষিত অঞ্চলত আইনগতভাৱে বন বিভাগে বা চৰকাৰে গছ কাটিব পাৰে, গছ কটাৰ অনুমতি দিব পাৰে, শিলৰ মহল দিব পাৰে, বালিৰ মহল দিব পাৰে, খাৰুৱা তেল খননৰ অনুমতি দিব পাৰে, কয়লা খননৰ অনুমতি দিব পাৰে ইত্যাদি। সেই বাবে ৰাইজৰ চকুত ধূলি দি কিছুমানে বনভূমিক বা অৰণ্য অঞ্চলক অভয়াৰণ্য ঘোষণা নকৰি হস্তী-সংৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰে। আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ সামান্য অঞ্চলক অভয়াৰণ্য ঘোষণা কৰি বাকী অঞ্চলক কয়লা মাফিয়াৰ স্বাৰ্থত হস্তী সংৰক্ষিত অঞ্চল ঘোষণা কৰা হৈছিল। কয়লা মাফিয়াবোৰৰ পৰা ঘোচ খাই আমাৰ বনভূমিৰ সৰ্বনাশ কৰিছিল “উদ্দিন” নামৰ এজন উচ্চ পদস্থ নিকৃষ্ট বিষয়াই। (বিস্তাৰিতভাৱে জানিব বিচাৰিলে—নামচাঙৰ অন্তেষপুৰ নামৰ কিতাপখন পঢ়িব পাৰে)।

১৬) “চেলেকি” (বা শালিকী) আৰু অন্যান্য কয়লা খনি
দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত নে?
চেলেকি বা শালিকী তথা কোল ইণ্ডিয়া লিমিটেডৰ অধিনত থকা কয়লা খনিবোৰ দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত নহয়। আনকি নেচাৰ্চ বেকনৰ প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ অৰণ্য অঞ্চলৰ অভ্যন্তৰতো নহয়। দিহিং-পাটকাই অভয়াৰণ্যৰ সীমাৰ পৰা কোল ইণ্ডিয়া লিমিটেডৰ কয়লা খনিবোৰ বহু দূৰত্ব। দিহিং-পাটকাই অভয়াৰণ্যৰ পৰা এই কয়লা খনিবোৰৰ দূৰত্ব আকাশী পথত ৯ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত।

১৭) শালিকী বা চেলেকিত বৰ্ষাৰণ্য আছেনে?
চেলেকি কোনো সংৰক্ষিত বনাঞ্চল নহয়। চেলেকি এটা কয়লা খনিৰ নাম। তাতে বৰ্ষাৰণ্য লেশ মাত্ৰ নাই; সেয়েহে তাতে বৰ্ষাৰণ্যৰ জৈৱ বৈচিত্ৰ থকাৰ কোনো সম্ভাৱনা নাই। যিসকলে চেলেকিৰ বৰ্ষাৰণ্যৰ কথা কয় তেওঁলোকৰ, বৰ্ষাৰণ্য আৰু তাৰ জৈৱ বৈচিত্ৰৰ ধাৰণা সম্পৰ্কে, লগতে চেলেকি সম্পৰ্কেও যে একো সঠিক ধাৰণা আৰু তথ্য নাই সেই কথাকে প্ৰতিপন্ন কৰে। চেলেকি কলিয়ৰি আৰু তাৰ সংলগ্ন অন্যান্য কলিয়ৰি দিহিং-পাটকাই অভয়াৰণ্যৰ পৰা ইমানে দূৰত্বত আছে যে তাৰ পৰা অভয়াৰণ্যখনৰ ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই। কলিয়ৰিবোৰত থকা অৰণ্যৰ যি ক্ষতি হ’লবগা আছিল সেয়া ব্ৰিটিছৰ দিনতে হৈ গৈছে।

১৮) দিহিং-পাটকাই অভয়াৰণ্যক লৈ কিয়
মিছা কথা প্ৰচাৰ কৰা হৈছিল?
১.    ইতিমধ্যে এই কথা প্ৰমাণ হৈছে যে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই।
২.    অসম চৰকাৰ, ক’ল ইণ্ডিয়া আৰু অন্যান্য সকলেও এই কথা নিশ্চিত কৰিছে যে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই।
৩.    তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ নিষ্ঠাৱান সাংবাদিকসকলে ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু বিভিন্ন পক্ষ যেনে—অসম চৰকাৰৰ বিষয়া, বন বিভাগ, ক’ল ইণ্ডিয়া আদিৰ লগত প্ৰত্যক্ষ আলোচনা আৰু তদন্ত কৰি এই কথা বুজি পাইছে যে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই।
৪.    দিহিং-পাটকাই অভয়াৰণ্যৰ জন্মৰ সময়ত যিসকলে প্ৰৱল বাধা দিছিল, যিসকলে কেতিয়াও বিচৰা নাছিল যে এই বৰ্ষাৰণ্যখন অভয়াৰণ্যৰূপে সংৰক্ষিত হওঁক—তেওঁলোকেই বৰ্তমান দিহিং-পাটকাই অভয়াৰণ্য সম্পৰ্কে মিছা প্ৰচাৰ চলাই আছে। তেওঁলোক কোন? এই কথা ভালদৰে জানিব বিচাৰিলে আপোনালোকে মই লিখা নামচাঙৰ অন্তেষপুৰ নামৰ কিতাপখন পঢ়ি চাব। যিসকলে এই বৰ্ষাৰণ্যখন ধ্বংস কৰি কয়লাৰ চোৰাং কাৰবাৰীক গতাব বিচাৰিছিল, যিসকলে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত প্ৰিমিয়াৰ অইল কোম্পানীক বহুৱাইছিল, যিসকলে দিহিং-পাটকাই অভয়াৰণ্যক ধ্বংস কৰি দিয়াৰ সকলো পৰিকল্পনা কৰিছিল, তেওঁলোকে আকৌ এবাৰ চেষ্টা চলাইছে কেনেকৈ দিহিং-পাটকাই অভয়াৰণ্যক ধ্বংস কৰিব পৰা যায়।
৫.    দিহিং-পাটকাই অভয়াৰণ্যৰ দাঁতিকাষৰীয়া গাঁওৰ মানুহসকলে সদায় আমাক সহযোগিতা কৰিছে। তেওঁলোকে দিহিং-পাটকাই অভয়াৰণ্যক সংৰক্ষণ দিছে আৰু আজি এটা মিছা কতা, এটা অপবাদ প্ৰচাৰৰ চেষ্টা চলিল যে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন কৰা হৈ আছে।
        যিসকলে দিহিং-পাটকাই অভয়াৰণ্যৰ সংৰক্ষণ প্ৰচেষ্টাত আত্মনিয়োগ কৰিছে তেওঁলোকৰ বাবে এই মিছা প্ৰচাৰ অপমানজনক আৰু দুখজনক।
৬.    যিসকলে “হস্তী সংৰক্ষিত অঞ্চল”ৰ কথা কৈ আছে তেওঁলোকে জানে যে হস্তী সংৰক্ষিত অঞ্চল দৰাচলতে হাতী আৰু হাতীৰ বাসস্থানৰ বাবে মুঠেই সংৰক্ষিত নহয়, ইয়াৰ কোনো আইনী সুৰক্ষা নাই। হস্তী সংৰক্ষিত অঞ্চলত বালিৰ মহল, শিলৰ মহল, গছ কটা কাৰ্য, তেল খনন, কয়লা খনন সকলো হ’ব পাৰে। এই কাৰণেই অভয়াৰণ্য ঘোষণা নকৰি—“হস্তী সংৰক্ষিত অঞ্চল”।
        এই কথাটো আপোনালোকে ড০ কুশল শৰ্মাকো সুধি চাব পাৰে। পদ্মশ্ৰী ড০ কুশল শৰ্মাই হাতীক লৈ কাম কৰে, তেখেত এজন ভেটেনাৰি ডাক্টৰ, তেওঁ ভাৰত চৰকাৰৰ ‘প্ৰজেক্ট এলিফেণ্ট’ৰ ষ্টেয়াৰিং কমিটিৰ মেম্বাৰ।
৭.    আমি নেচাৰ্চ বেকনে বৰ্ষাৰণ্যৰ ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চল অভয়াৰণ্য কৰাৰ বাবে আন্দোলন কৰিছিলো, তাৰ মাত্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰক অভয়াৰণ্য কৰা হ’ল। বাকী অঞ্চলখিনিক কিয় অভয়াৰণ্য কৰা নহ’ল? সেই সময়ত মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বনমন্ত্ৰী আছিল। তেওঁ কিয় আমাৰ প্ৰস্তাৱিত সম্পূৰ্ণ অঞ্চলখিনি অভয়াৰণ্য কৰি নিদিলে? তাৰ কোনো উত্তৰ আছে নেকি? হস্তী সংৰক্ষিত অঞ্চল, বাস্তৱত আৰু আইনগতভাৱে, হাতীৰ বাবে অসংৰক্ষিত। আমাৰ প্ৰস্তাৱিত অঞ্চলৰ সম্পূৰ্ণখিনি অভয়াৰণ্য কিয় কৰা নহ’ল?

১৯) এতিয়া আহো অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰশ্নত :
বহুতেই আমাক শুধিছে, বহুতেই আমাক ফোন কৰিছে যে—কিয় কিছুমান মানুহে এই মিছা কথাটো প্ৰচাৰ কৰি আছে যে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাই অভয়াৰণ্যক ধ্বংস কৰি আছে ইত্যাদি। কিয় কিছুমান মানুহে বাৰে বাৰে এই ভুল ধাৰণা মানুহৰ মনত দিবলৈ চেষ্টা কৰি আছে যে—“দিহিং পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে’’। টেলিভিছনৰ ষ্টুডিঅ’ত বহি কিছুমান বিশেষজ্ঞই কিয় ৰাইজক ভুল পথত পৰিচালিত কৰিব বিচাৰি আছে। এই বিশেষজ্ঞসকলে, এই লেখকসকলে কিয় ৰাইজক এই কথা স্পষ্ট কৰি দিয়া নাই যে—দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কোনো কয়লা খনন হোৱা নাই। এই লেখকসকলে তেওঁলোকৰ প্ৰবন্ধ আৰু লেখনিৰ মাজেৰে ৰাইজক এই কথাও স্পষ্ট কৰি দিয়া নাই যে “হস্তী সংৰক্ষিত অঞ্চল” বাস্তৱত আৰু আইনগতভাৱে মুঠেও সংৰক্ষিত নহয়। হস্তী সংৰক্ষিত অঞ্চলত বৈধ ভাৱেই—বালিৰ মহল, শিলৰ মহল, তেল খনন আৰু কয়লা খনন ইত্যাদি হ’ব পাৰে। সেই কাৰণতেই নেচাৰ্চ বেকনৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ অধিকাংশ অঞ্চলক কয়লা মাফিয়াৰ হাতত তুলি দিয়াৰ স্বাৰ্থত—অভয়াৰণ্য কৰা হোৱা নাছিল। যিসকলে বৰ্ষাৰণ্যৰ অঞ্চলক অভয়াৰণ্য নকৰি কয়লা মাফিয়াৰ হাতত গতাব বিচাৰিছিল তেওঁলোকৰ এতিয়া ডাঙৰ ডাঙৰ কথা। চালাকি কৰি মানুহক বিপথে পৰিচালিত কৰিব পৰা নাযাব।
    সম্ভৱতঃ, এই সমগ্ৰ মিছা প্ৰচাৰৰ পিছপিনে আছে কয়লা মাফিয়াৰ এটা বিৰাট চক্ৰ। তেওঁলোকে এই মিছা প্ৰচাৰৰ বাবে আৰু দিহিং-পাটকাই অভয়াৰণ্যক ধ্বংস কৰাৰ বাবে কোটি কোটি টকা লগাই দিব পাৰে। আমি অৰ্থাৎ নেচাৰ্চ বেকনৰ কৰ্মীসকলে দিহিং-পাটকাই অভয়াৰণ্য আৰু বৰ্ষাৰণ্যৰ ৰক্ষক, সেয়েহে কয়লা মাফিয়াৰ হৈ কিছুমান নিকৃষ্টই আমাৰ বিৰুদ্ধে ৰাইজক যা-তা মিছা কথা ক’বলৈ চেষ্টা কৰি আছিল, “চ’ছিয়েল মিডিয়া”ৰ মাধ্যমে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছিল, অশ্লীল ভাষাত গালি গালাজ কৰিছে। ইয়াৰ আগতেও যেতিয়া দিহিং-পাটকাই অভয়াৰণ্যৰ বাবে আমি সংগ্ৰাম কৰি আছিলো তেতিয়াও একে কাণ্ড কৰিছিল, কিন্তু আমি তেতিয়াও অটল আছিলো আৰু আজীৱন অটল থাকিম।
    কয়লা মাফিয়াৰ চক্ৰটোৱে তেওঁলোকৰ কোটি কোটি টকাৰ শক্তিৰে মানুহৰ মনত এই বিশ্বাস দিবলৈ চেষ্টা কৰিছিল যে—দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খননৰ কথাটো সঁচা। অৰ্থাৎ দিহিং-পাটকাই অভয়াৰণ্য ধ্বংস হৈ গ’ল এই ধাৰণাটো তেওঁলোকে মানুহৰ মনত প্ৰতিষ্ঠা কৰিব খুজিছিল। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি দিহিং-পাটকাই অভয়াৰণ্যক ধ্বংস কৰি দিছে। এই ভুল ধাৰণাটো এবাৰ প্ৰতিষ্ঠা হৈ গ’লে কয়লা মাফিয়াবোৰেই দিহিং-পাটকাই অভয়াৰণ্যৰ বুকুত অবৈধভাৱে কয়লা খন্দা আৰম্ভ কৰিব। ধ্বংস কৰি দিব দিহিং-পাটকাই অভয়াৰণ্যৰ বৰ্ষাৰণ্যক। সেয়েহে কয়লা মাফিয়াসকলেই অত্যন্ত সুপৰিকল্পিতভাৱে আৰু বহুত অৰ্থ ব্যয় কৰি চক্ৰান্ত কৰি পিছপিনৰ পৰা এই কথাৰ প্ৰচাৰ কৰি আছে যে দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে। “দিহিং-পাটকাই অভয়াৰণ্য ধ্বংস হৈ গ’ল’’; এই কথাৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠা হ’লে সকলোতকৈ লাভ হ’ব কয়লা মাফিয়াবোৰৰ। ৰাইজে এই কথাটো ভাবিলেই সহজতেই বুজিবলৈ সক্ষম হ’ব যে, কিয় এই মিছা কথাৰ প্ৰচাৰ কৰা হৈছিল—“কিয় কোৱা হৈছিল দিহিং-পাটকাই অভয়াৰণ্যৰ অভ্যন্তৰত কয়লা খনন হৈ আছে”।
    আমি যিসকলে অসমক অন্তৰৰ পৰা ভাল পাওঁ, আমি যিসকলে অকৃত্ৰিমভাৱে অসমৰ অৰণ্য সংৰক্ষণ হোৱাটো বিচাৰো, আমি যিসকলে বিচাৰো আমাৰ বৰ্ষাৰণ্য আৰু দিহিং-পাটকাই অভয়াৰণ্য চিৰস্থায়ীৰূপে সংৰক্ষিত হওঁক, আমি যিকলে বিচাৰো কোনোদিন যাতে দিহিং-পাটকাই অভয়াৰণ্য আৰু তাৰ অবিচ্ছিন্ন বৰ্ষাৰণ্যক ধ্বংস কৰি কয়লা বা তেল খান্দিব যাতে নোৱাৰে, আমি যিসকলে সঁচা অৰ্থত অসমৰ অৰণ্য সংৰক্ষণৰ আন্দোলনত চামিল হ’ব বিচাৰো; তেওঁলোকে যাতে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় যে—“আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ যি অধিকাংশ অঞ্চলক কয়লা মাফিয়াৰ স্বাৰ্থত অভয়াৰণ্য কৰা হোৱা নাছিল, এতিয়াও যি বৰ্ষাৰণ্য ধুনীয়া হৈ আছে সেই অঞ্চলক যাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অভয়াৰণ্যৰূপে সংৰক্ষিত কৰে। কাৰণ অভয়াৰণ্য কৰিলেহে প্ৰকৃত অৰ্থত বৰ্ষাৰণ্য সংৰক্ষিত হ’ব। সেয়েহে অসমৰ সকলো প্ৰকৃতি প্ৰেমী ৰাইজ, ছাত্ৰ, শিক্ষক, বুদ্ধিজীৱী, বে-চৰকাৰী সংগঠন, প্ৰত্যেকে যাতে আমাৰ এই ধনাত্মক অৰণ্য সংৰক্ষণৰ আন্দোলনত যোগদান কৰে তাৰ বাবে বিনম্ৰ অনুৰোধ জনালো। আমাৰ প্ৰস্তাৱিত সমগ্ৰ বৰ্ষাৰণ্যখন অভয়াৰণ্য নোহোৱালৈকে আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম।
দিহিং-পাটকাই অভয়াৰণ্যক সম্পূৰ্ণ কৰক।

২০) অসমৰ মুখ্যমন্ত্ৰী মাননীয়
সৰ্বানন্দ সোণোৱালদেৱলৈ আমাৰ আৱেদন
২০০৪ চনত অভয়াৰণ্যৰূপে ঘোষিত হ’লেও আমাৰ প্ৰস্তাৱিত অভয়াৰণ্যৰ মাত্ৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চলক দিহিং-পাটকাই অভয়াৰণ্যৰূপে ঘোষণা কৰা হৈছে। প্ৰস্তাৱিত ৫০০ বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ অধিকাংশ অঞ্চলক অভয়াৰণ্যৰূপে ঘোষণা কৰা হোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱাল মহোদয়ৰ প্ৰতি আমাৰ আৱেদন তেওঁ যাতে বাকী অঞ্চলখিনিক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰি আমাৰ অমূল্য বৰ্ষাৰণ্যক চিৰস্থায়ীৰূপে সংৰক্ষিত কৰে। কয়লাৰ অবৈধ খননকাৰীৰ কবলৰপৰা যাতে অসমৰ বৰ্ষাৰণ্যক চিৰস্থায়ী ৰূপে সুৰক্ষিত কৰে।
    এই বৰ্ষাৰণ্য পৃথিৱীৰ সমৃদ্ধশালী জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলৰ অন্যতম। বহুত লুপ্তপ্ৰায় আৰু বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী এই অৰণ্যত বসবাস কৰে। এই অৰণ্য ভাৰতৰ একমাত্ৰ বনমানুহ হলৌ বান্দৰৰ নিৰ্ভৰযোগ্য বাসস্থান। এই অৰণ্য ভাৰতীয় হাতীৰ অন্যতম প্ৰধান আশ্ৰয় স্থল। বনৰীয়া চৰাইৰ বৈচিত্ৰ্যত এইখন অৰণ্য অতুলনীয়।
    আমি গভীৰভাৱে বিশ্বাস কৰো এই সমৃদ্ধশালী বৰ্ষাৰণ্যখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক সহযোগিতা কৰিব। বৰ্ষাৰণ্যখনক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰি শ্ৰীসৰ্বানন্দ সোণোৱাল মহোদয়ে মহানতাৰ আদৰ্শেৰে আমাক অনুপ্ৰাণিত কৰিব।

Share: