সম্পাদকীয় – আগষ্ট ২০২৬

WhatsApp Image 2023-07-01 at 00.19.15
-       কংকণা দাস

বৰ্তমান পৰিস্থিতিত যিবোৰ প্ৰাকৃতিক পৰিঘটনাৰ অথবা দুৰ্যোগৰ খবৰ পাই আছোঁ , শীঘ্ৰেই আমি আটাইবোৰ ইয়াৰ অংশও হম। মানুহৰ অবিবেকী কামৰ হেঁচাত পৃথিৱী আজি ৰুষ্ট। সদ্যহতে হৈ যোৱা শিৱসাগৰ আৰু নেপালত প্ৰকৃতিৰ তাণ্ডৱ লীলা ইয়াৰ উদাহৰণ। পৃথিৱীৰ বিভিন্ন প্ৰান্তত হিমবাহ গলা, ইউৰোপত হোৱা গৰম ইত্যাদি ইত্যাদি বহুতো প্ৰাকৃতিক ভাৰাসাম্যহীনতাৰ উদাহৰণ দিব পাৰি। নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত দেৱে প্ৰকৃতি শিবিৰত কোৱা এটা কথা মনত বাৰে বাৰে আহি আছে, সেইয়া প্ৰকৃতিৰ সবাক অংগ আৰু নিৰ্বাক অংগ। প্ৰকৃতি যেতিয়া সহ্যৰ সীমা পাৰ হয় তেতিয়া তাৰ নিৰ্বাক অংগ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰে আৰু এই প্ৰত্যুত্তৰ ইমান প্ৰলয়ংককাৰী হয় যে মানুহে তাৰ লগত মোকাবিলা কৰাৰ সমৰ্থ নহয়।

নেপালত হোৱা এই প্ৰলয়ৰ কাৰণ যদিওবা হিমবাহ স্খলন কোৱা হৈছে, কিন্তু ইয়াৰ বাবেও ১০০% মানুহেই দায়ী।তিব্বত  বৌদ্ধ সকলৰ দ্বাৰা শাসিত এক শান্তিপ্ৰিয় ঠাই আছিল প্ৰকৃতি নিজৰ স্বাভাৱিক অৱস্থাত আছিল। তিব্বতৰ অসাধাৰণ ভূপ্ৰকৃতি আৰু সম্পদৰ ওপৰত যেতিয়াই চীনৰ ৰঙা চৰকাৰৰ ৰঙা চকু পৰিল , তেতিয়াই তিব্বতী সকলক জোৰ জুলুম কৰি তেওঁলোকৰ জনমভূমিৰ পৰা বিতাড়িত কৰা আৰু চীন চৰকাৰ হৈ পৰিল তিব্বতৰ সম্পদৰ একছত্ৰী ৰজা। তিব্বতক পৃথিৱীৰ মূধচ বোলা হয়। তিব্বতৰ কোলাতেই জন্ম হিমালয়ান অঞ্চলৰ প্ৰায়বোৰ নদী। তেনেস্থলত চীনে তলৰ দেশ সমূহৰ কথা অকনো চিন্তা নকৰি জধে মধে অবিবেচকী নিৰ্মাণ কাৰ্য চলাই গৈছে। যুদ্ধংদেহী চিনে হিমবাহৰ প্ৰতিও কেৰেপ নকৰি হিমালয়ৰ ওখ ওখ অঞ্চল,যিবোৰ পাৰিপাৰ্শ্বিকভাৱে  খুব সংবেদনশীল,তেনে ঠাইত ৰাস্তা, বান্ধ আদি নিৰ্মাণ কৰিছে। যাৰ কুফল ভোগ কৰিব তলৰ দেশ সমূহে। নেপালৰ দৰে বলৈ অসমৰনোকেতপৰ। চীনা চৰকাৰে ভোগ কৰা  এটা বিশেষ সুবিধা যে চীনৰ অবিবেচকী কামৰ  বিৰুদ্ধে কোনোৱে মাত নামাতে। চীনা চৰকাৰে যেতিয়া তিব্বত অধিকাৰ কাঢ়িলে তেতিয়া সমগ্ৰ বিশ্ব মৌন হৈ থাকিল। আমাৰ বুদ্ধিজীৱী সকলে সতকাই  বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰে, যিটো  কৰা উচিতো, কিন্তু চীনে ব্ৰহ্মপুত্ৰৰ আগলি ভাগত বান্ধিব লোৱা সৰ্ববৃহৎ বান্ধৰ কথা লে মৌনতা ধাৰণ কৰে। ডাঙৰ ডাঙৰ পণ্ডিত সকলে মাথো চীনৰ উন্নতি, প্ৰগতি এইবোৰৰ উদাহৰণ দি ভাৰতৰ ব্যৱস্থাক হেয় প্ৰতিপন্ন কৰি থকা দেখা যায়। চীনৰ প্ৰশংসাৰ পঞ্চমুখ এই বিশেষ পেটাৰ্ণৰ মানুহ খিনিয়ে নিজৰ চীন ভ্ৰমণৰ ফটো বোৰ দি ভাৰতৰ প্ৰতি এশাৰী লেও বিষজনক মন্তব্য প্ৰদান কৰে। ভাৰতত থাকি, ভাৰতৰেই  বদনাম কৰা এই সকল ব্যক্তি বিশেষে চীনৰ শোষণ নেদেখে, গ্লোবেল এনভাইৰোমেণ্টেল ক্ৰাইছিছ চীনৰ অৱদান নেদেখে।

তিব্বতত হোৱা GLOF পৰিঘটনাৰ একমাত্ৰ দায়ী চীনা চৰকাৰ। যাৰ কুফল নেপালে ভোগ কৰিছে। অসমেও অদূৰ ভৱিষ্যতে ব্ৰহ্মপুত্ৰৰ জৰিয়তে ভোগ কৰিব।

 মানুহৰ অবাঞ্চিত লালসাই পৃথিৱীক বসবাসৰ অনুপযোগী কৰি তুলিছে। পৃথিৱী ধ্বংসত যে কেৱল চীন অথবা ভাৰত অথবা কোনো এখন দেশ বা এটা অঞ্চলৰ হাত আছে তেনে নহয়, পৃথিৱীৰ যিকোনো ঠাইতেই প্ৰকৃতিক যদি ধ্বংসৰ গৰাহলৈ খেদি দিয়া হৈছে তাৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীৰ বাতাবৰণতেই পৰিব। সুবিধা, আৰাম এই শব্দবোৰ কেৱল আৰু কেৱল মানুহৰ জীৱনতেই সীমাবদ্ধ। যিমানেই মানুহৰ সুবিধা হৈছে সিমানেই পৃথিৱীৰ অসুবিধা হৈছে। বিকাশ আৰু উন্নতিৰ নামত পথাৰ ,খাল, আৰ্দ্ৰ ভূমি সকলো পুতি আৰামৰ বাবে সৰঞ্জাম প্ৰস্তুত কৰা হৈছে। অসমতেই গাঁৱ অঞ্চল সমূহত, ৰাস্তা ঘাটত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু কি!

শেষত এটাই কথা প্ৰকৃতিৰ নিৰ্বাক অংগ সমূহে যেতিয়া প্ৰতিক্ৰিয়া দেখুৱাব, যিটো ইতিমধ্যে আৰম্ভ হৈছেই মানুহ  হয়তো বিলুপ্ত ব। পৃথিৱীক ধ্বংসৰ গৰাহলৈ খেদি দিয়া প্ৰজাতিটোৱেই হৈছে মানুহ, গতিকে মানুহো ধ্বংস বলৈ সাজু থকা উচিত। এনে এটা দিন আহিব যিদিনা বাচি থকা মানুহখিনিয়ে নিজে ওখ কৰা ঠাইবোৰ খান্দি দিব লাগিব, নিজ হাতেৰে কপালত থপৰীয়া আমাক বিল লাগে, এটা চাফা নদী লাগে, অকণ বিশুদ্ধ বায়ু লাগে।