সম্পাদকীয়, ফেব্ৰুৱাৰী

কংকণা দাস

ফেব্ৰুৱাৰী বুলিলেই যেন বই প্ৰেমময় এজাক মৃদু বতাহ। প্ৰেম, ভালপোৱা জীৱৰ অন্তৰৰ নিভৃত কোণৰ অনুভূতি। প্ৰকৃতিৰ সৃষ্টিৰ প্ৰতিটো উপাদানত প্ৰেম নিহিত হৈ আছে। সূক্ষ্ম দৃষ্টিৰে আমি প্ৰতিজনেই এই কথা উপলব্ধি কৰিব পাৰো। প্ৰকৃতিৰ অইন সন্তানৰ দৰে মানুহৰ অন্তৰো প্ৰেমেৰেই পৰিপূৰ্ণ। ভোগবাদী আধুনিকতাৰ ৰাগীত কিছু সংখ্যক মানুহে হয়তো প্ৰেমৰ সংজ্ঞা পাহৰিছে, নতুবা একাংশই  প্ৰেমৰ সংজ্ঞাক সংকুচিত কৰিছে।  কিন্তু মানুহে জন্মৰ পৰাই প্ৰেমৰ বীজ নিজৰ জিনত বহন কৰি আনে- সেইয়া প্ৰতি গৰাকী শিশুৰ স্বভাৱত স্পষ্ট। বিভিন্ন কাৰকে শিশুৰ স্বভাৱগত প্ৰেমৰ গুণক কেতিয়াবা পথচ্যুত কৰে। এইয়া অপ্ৰিয় হ’লেও সত্য যে বৰ্তমানৰ পৃথিৱীত মানৱ সমাজৰ আটাইতকৈ ডাঙৰ অভাৱেই হৈছে প্ৰেমহীনতা। মানুহৰ সমাজৰ অধিকাংশই প্ৰেমক স্থূল অৰ্থত ব্যৱহাৰ কৰা যায়। সেয়া মানৱ সমাজৰ অৱক্ষয়ৰো প্ৰধান কাৰণ। প্ৰেম কেৱল মানুহে মানুহৰ প্ৰতি হ’ব নোৱাৰে, প্ৰেম সকলোকে সামৰি ল’ব পৰাকৈ বিশাল। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বস্তুগত জ্ঞান আৰু তথ্য বিকাশৰ সুযোগ উভৈনদী, কিন্তু অনুভুতি বিকাশৰ সুবিধা শূন্য বুলিলেও অতিমাত্ৰা নহ’ব। মানুহ প্ৰকৃতিৰ এটা ক্ষুদ্ৰ অংগ, প্ৰকৃতিৰ সান্নিধ্যতেই মানুহৰ হৃদয়ৰ পূৰ্ণাংগ বিকাশ সম্ভৱ। অত্যধিক কিতাপৰ বোজা আৰু জ্ঞান লাভালাভৰ ধামখুমীয়াত বৰ্তমানৰ শিশুৱে হয়তো নিজৰ ভিতৰৰ অনুভূতিবোৰৰ সৈতে চিনাকি হোৱাৰ সুযোগেই নাপায়। 

 
শিশুসকলক প্ৰেমময় পৃথিৱীখনৰ সৈতে চিনাকি কৰি দিয়া দ্বায়িত্ব অভিভাৱকৰ, সমাজৰ অগ্ৰজসকলৰ। অৰণ্যৰ সৈতে প্ৰেম, জন্তুৰ প্ৰতি সহমৰ্মিতা আৰু সমতাৰ ভাৱ স্থাপনতহে মানুহৰ মানৱিকতা প্ৰকাশ পাই। প্ৰকৃতি, পৃথিৱীৰ অনন্যতাক বুজি উঠাটো এক প্ৰকাৰৰ আধ্যাত্মিকতা। পূৰ্ণাংগ শিক্ষাৰ বাবে আধ্যাত্মিক বিকাশ বাঞ্চনীয়। শিশুকালতেই অৰণ্যৰ সান্নিধ্যই মানুহৰ আধ্যাত্মিক বিকাশত যথেষ্ট অৰিহণা যোগাই। আমাৰ দেশত আনুষ্ঠানিক শিক্ষাৰে বিভুষিত বেছি সংখ্যক মানুহৰ জীৱনবোধৰ কোনো দৰ্শন নাই।  প্ৰায় ৭৪% শিক্ষিত মানুহৰে ভৰি থকা ভাৰতৰ চৌপাশ চালে উপৰোক্ত কথাশাৰী প্ৰমাণিত হয়। জীৱজন্তু, অৰণ্য, পুৰণি কোনো ভাস্কৰ্য্য, সদায় আৰামেৰে অহা যোৱা কৰা ৰাস্তা-পথ, পানীৰ স্ৰোত ইত্যাদি কোনো জৈৱ বা অজৈৱ বস্তুৰ প্ৰতিয়েই আমাৰ প্ৰেম নাই, সেয়ে প্লাষ্টিক, আৱৰ্জনা, আমি বিনা দ্বিধাই পেলাব পাৰো।  আমাৰ চৌপাশক পৰিৱেশ বোলা কথাটো আমি কেৱল মুখস্থহে কৰিছো, হৃদয়ংগম কৰা নাই, কাৰণ আমাৰ আধ্যাত্মিক বিকাশ হোৱা নাই। উৎসৱেৰে প্ৰেম উদযাপন কৰা নাযায়, প্ৰেম উদযাপিত হয় তাৰ অনুশীলনৰে। 
 
 
নতুন ভাৰতৰ নতুন পুৰুষে এই কথাবোৰ হৃদয়ংগম কৰা উচিত। প্ৰকৃতিৰ সান্নিধ্য অবিহনে সমগ্ৰ মানৱজাতি শিপা নোহোৱা একোডাল গছ। পঢ়া শুনা অতিকৈ দৰকাৰী, কিন্তু তাৰ সমানেই দৰকাৰী শিশু অৱস্থাতেই দয়া, প্ৰেম আদি গুণসমূহৰ বিকাশৰ। দয়া, প্ৰেমৰ অনুশীলনতেই  মানৱ সমাজৰ আধাতকৈ বেছি সমস্যাৰ সমাধান লুকাই আছে। প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ প্ৰতি আমি শ্ৰদ্ধাশীল হোৱা উচিত। প্ৰকৃতিৰ প্ৰতি আমি আমাৰ ব্যৱহাৰ সংযত কৰা উচিত। কেৱল এটা দিনেই নহয়, প্ৰতিগৰাকী শিশু, মানুহৰ বাবে প্ৰতিটো দিনেই প্ৰেমৰ উৎসৱ হোৱা উচিত।প্ৰকৃতাৰ্থত প্ৰকৃতি হৈ উঠক আমাৰ সকলোৰে ভেলেণ্টাইন ।

Share: