প্ৰকৃতি সংৰক্ষণৰ দৰ্শন আৰু নেচাৰ্চ বেকন

কংকণা দাস:

অৰণ্য সত্য, বিশুদ্ধ, শান্ত, সমাহিত
অৰণ্য মমতাময়ী মাতৃ, সৃষ্টিৰ উৎস
অৰণ্য প্ৰাণৰ সমাহাৰ….

অৰণ্য পৃথিৱীৰ প্ৰাণ। ইয়াৰ মাজতেই নিহিত হৈ আছে পৃথিৱী জীয়াই থকাৰ গুপুত মন্ত্ৰ। অৰণ্য অবিহনে পৃথিৱীত জীৱ অনুকূল পৰিৱেশ সৃষ্টি হোৱাতো অসম্ভৱ।  প্ৰায় ৩০০ নিযুত বছৰ আগেয়ে সৃষ্টি হোৱা পৃথিৱী নামৰ গ্ৰহটোৰ অৰণ্যৰ বক্ষতেই প্ৰথম জীৱৰ বীজ অংকুৰিত হৈছিল । কিন্তু যান্ত্ৰিক মানৱ সভ্যতাৰ উত্তৰণে আমাৰ অৰণ্য সমূহৰ যথেষ্ঠ ক্ষতি কৰি পৃথিৱীক ক্ৰমান্বয়ে মৃত্যুমুখী কৰি তুলিছে।


অৰণ্য মাথো গছ বনেৰে ভৰা এখন জংঘল নহয়, ই প্ৰকৃতাৰ্থত বন্যপ্ৰাণৰ সমিলমিলেৰে সৃষ্ট এক পৰিস্থিতি তন্ত্ৰ, যিয়ে আমাৰ পৃথিৱীখনক সঞ্জিৱীত কৰি ৰাখিছে। অৰণ্য নিজেই এক সভ্যতা। ইয়াত প্ৰতিটো প্ৰাণৰ নিৰ্দিষ্ট এলেকা আৰু শৃংখলিত জীৱন শৈলী আছে। অৰণ্যৰ কোনো প্ৰাণে কাৰো জীৱনত অযথা হস্তক্ষেপ নকৰে। ইয়াৰ প্ৰতিটো প্ৰাণেই এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। প্ৰকৃতিত সৃষ্ট প্ৰতিটো জীৱৰ আন্ত:ক্ৰিয়া আৰু সহযোগীতাৰ ফলতহে বৰ্তমানেও পৃথিৱী জীৱ সৃষ্টিৰ উপযোগী হৈ আছে। মানুহে এই গুৰুত্বক উপলব্ধি নকৰা বাবেই পৃথিৱীৰ পৰিৱেশৰ অৱক্ষয় হৈছে, ধ্বংসৰ পথেৰে ধাৱমান হৈছে। এনে অৱস্থাত মানুহৰ হাতত বৰ্তমান কৰিব পৰা কামটোৱেই হৈছে অৰণ্য সংৰক্ষণ। আমাৰ হাতত বাচি থকা অক্ষত অৱস্থাৰ অৰণ্য সমূহক আমি যিকোনো উপায়ে সংৰক্ষণ কৰিব পাৰিব লাগিব। ভাৰতবৰ্ষত অৰণ্যক আইনগত সুৰক্ষা দিয়াৰ একমাত্ৰ উপায় হৈছে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান গঠন। সেয়ে আমি অভয়াৰণ্য গঠনৰ ধাৰাটোক জোৰদাৰ কৰি তুলিব লাগে।

১৯৮২ চনত এজন সৰু লৰাৰ আগ্ৰহত সৃষ্টি হৈছিল নেচাৰ্চ বেকন। নেচাৰ্চ বেকন প্ৰতিষ্ঠাতাৰ মূল সপোন আছিল সংঘবদ্ধ ভাৱে পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰা। তেওঁ এই অনুপ্ৰেৰণা পাইছিল ৰূপসীৰ বিখ্যাত জমিদাৰ কমল নাৰায়ণ চৌধুৰী দেৱৰ পৰা। আজি সেই সৰু সপোন আৰু সংগঠনটো অসম তথা উত্তৰ পূৱৰ পৰিৱেশ সংৰক্ষণৰ এক জাগ্ৰত প্ৰহৰী। হয় সেই সৰু লৰা জন আছিল নেচাৰ্চ বেকনৰ সঞ্চালক প্ৰধান সৌম্যদ্বীপ দত্ত। ১৯৮২ চনৰ পৰাই আজিলৈ সৌম্যদ্বীপ দত্তদেৱৰ নেতৃত্বত নেচাৰ্চ বেকনে পৰিৱেশ সংৰক্ষণৰ হকে অসংখ্য কাম কৰি আহিছে। নেচাৰ্চ বেকনৰ পৰিৱেশ আন্দোলনে অসমৰ পৰিৱেশ প্ৰকৃতিক এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অভয়াৰণ্য গঠনৰ পৰা আৰম্ভ কৰি অসংখ্য যুৱক যুৱতীক পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে নেচাৰ্চ বেকনে আজি পৰ্য্যন্ত অসীম উদ্যমেৰে কাম কৰি আহিছে।নেচাৰ্চ বেকনেই অসমত অভয়াৰণ্য গঠনৰ ধাৰাক জনপ্ৰিয় কৰি তুলিছিল। নামনিৰ চক্ৰশিলা ৰ পৰা আৰম্ভ কৰি উজনিৰ প্ৰাণকেন্দ্ৰ দিহিং পাটকাই অভয়াৰণ্য গঠনৰ আঁৰত নেচাৰ্চ বেকনৰ বৃহৎ অৱদানৰ কথা কোনো জনা বুজা মানুহে নুই কৰিব নোৱাৰে। পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় অইন বিষয়ৰ দৰে নেচাৰ্চ বেকনৰ এই সংৰক্ষণৰ যাত্ৰা কিন্তু কোনো দিনেই উজু নাছিল। চক্ৰশিলা অভয়াৰণ্য আন্দোলন অথবা বৰ্ষাৰণ্য আন্দোলনত যেতিয়াই নেচাৰ্চ বেকনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, তেতিয়াই একাংশ ব্যক্তি বিশেষ অথবা কোনো গোটে নেচাৰ্চ বেকনৰ বিৰুদ্ধে মিছা ৰটনাৰে সৰৱ হৈ সমাজত সংগঠনটোৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ যত্ন কৰি আহিছে যাৰ অৱসান আজিও ঘটা নাই। কিন্তু নেচাৰ্চ বেকন থমকি ৰোৱা নাছিল আৰু আজিও পূৰ্ণ উদ্যমেৰে ইয়াৰ প্ৰতিজন সদস্য আৰু শুভাকাংক্ষীয়ে পৰিৱেশ সংৰক্ষণৰ কাম গৰ্বেৰে কৰি আছে । নেচাৰ্চ বেকনৰ এই সংৰক্ষণৰ যাত্ৰাত অসমৰ একাংশ বিশিষ্ট ব্যক্তিয়ে সদায় সহযোগিতা কৰি আহিছে। কাৰণ কাৰ্য্যক্ষেত্ৰত দেখা গৈছে বছৰ পিছত বছৰ ধৰি নিজৰ স্থিতি অটল ৰাখি নেচাৰ্চ বেকনে এতিয়ালৈ কেইবাখনো অভয়াৰণ্যৰ জন্মৰ বাবে অহোপুৰুষাৰ্থ কৰিছে। সকলো প্ৰকৃতিৰ খবৰ ৰখা ব্যক্তিয়ে জানে অভয়াৰণ্যইহে প্ৰকৃতাৰ্থত বন্যপ্ৰাণ সুৰক্ষা নিশ্চিত কৰিব পাৰে।  সেয়ে হাজাৰ বাধা সত্বেও অভয়াৰণ্য গঠনৰ এই যাত্ৰা আজিও অব্যাহত।

অভয়াৰণ্য গঠনৰ বাহিৰেও নেচাৰ্চ বেকনে প্ৰকৃতি শিৱিৰৰ জৰিয়তে পৰিৱেশ আন্দোলনক অন্য এক মাত্ৰা দিছে। প্ৰতি বছৰে নেচাৰ্চ বেকনে বিভিন্ন ঠাইত প্ৰকৃতি শিৱিৰ অনুষ্ঠিত কৰে, যাতে নতুন প্ৰজন্ম পৰিৱেশৰ জ্ঞানগত সংৰক্ষণৰ প্ৰতি আগ্ৰহী হৈ উঠিব পাৰে। এই প্ৰকৃতি শিৱিৰ সমূহত আমাৰ নতুন প্ৰজন্মক প্ৰকৃতি সম্বন্ধীয় মূল্যবোধৰ পাঠৰ লগতে কাৰ্যক্ষেত্ৰৰ জ্ঞান দিয়া হয়, যাৰ দ্বাৰা ক্ৰমাগত ভাৱে প্ৰতিগৰাকী ব্যক্তি প্ৰকৃতি সুৰক্ষাৰ একোজন সেউজ সৈনিক হৈ পৰে। এই শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়া যথেষ্ঠ গুৰুত্বপূৰ্ণ । কাৰণ ইয়াৰ দ্বাৰা প্ৰকৃতি সংৰক্ষণৰ মূল্যবোধ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰসাৰিত হয় আৰু সংঘবদ্ধ ভাৱে কাম কৰাৰ শক্তি দৃঢ় হয়। প্ৰকৃতি সংৰক্ষণ কৰাটো আমাৰ মাথো  দ্বায়িত্বই নহয় কৰ্তব্যও। আমি বছৰ বছৰ ধৰি ভোগ কৰি অহা প্ৰকৃতিৰ  বিনিময়ত ইয়াৰ সংৰক্ষণৰ বাবে কাম কৰাটো প্ৰতিগৰাকী মানুহৰে কৰ্তব্য । সেই কৰ্তব্য প্ৰত্যেকেই নিজা ধৰণে, নিজৰ ঠাই অথবা বৃত্তিৰ পৰা পালন কৰিব পাৰে। নেচাৰ্চ বেকনে নিজৰ প্ৰকৃতি শিবিৰ সমূহত এই মূল্যবোধক দৃঢ় কৰাৰ লগতে বিভিন্ন অৰণ্যসমূহত ভ্ৰমণৰ সুযোগ প্ৰদান কৰে। অৰণ্য ভ্ৰমণ নিতান্তই প্ৰয়োজনীয় । অৰণ্য ভ্ৰমণ অবিহনে অৰণ্য প্ৰেম আধৰুৱা – এইয়া  ধ্ৰুব সত্য । অৰণ্যত অনুষ্ঠিত কৰা প্ৰকৃতি শিৱিৰ সমূহে ব্যক্তিৰ মনত অৰণ্য প্ৰেমৰ সঞ্চাৰ কৰে। অৰণ্য ভ্ৰমণ আৰু প্ৰকৃতি শিৱিৰ দুটা সম্পূৰ্ণ পৃথক বস্তু।বছৰত পিকনিক খাবলৈ গৈ হুলস্থুল কৰাটোও ভ্ৰমণ হ’ব পাৰে কিন্তু সেইয়া প্ৰকৃতি আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক হে হোৱা দেখা যায়। সেয়ে স্কুল কলেজ পৰ্য্যায়ৰ পৰাই জ্ঞানমূলক প্ৰকৃতি ভ্ৰমণৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। নেচাৰ্চ বেকনে এই উদ্দেশ্যেৰেই প্ৰতি বছৰে এনে প্ৰকৃতি শিৱিৰৰ আয়োজন কৰে যত ভ্ৰমণ মূল্যবোধ বিকাশৰ এক আহিলা হৈ পৰে।

যুৱ প্ৰজন্মৰ জ্ঞান বৃদ্ধি কৰিবলৈ নেচাৰ্চ বেকনে আৰু এক মূল্যবান সম্পদ সৃষ্টি কৰিছে। প্ৰকৃতি পৰিৱেশ সম্বন্ধীয় কিতাপেৰে নেচাৰ্চ বেকনে অসমীয়া সাহিত্যত এক অমূল্য অৱদান আগবঢ়াইছে । কিছু বছৰ আগলৈ অসমীয়া ভাষাত পৰিৱেশ সাহিত্য সম্বন্ধীয় কিতাপ অতি নগণ্য আছিল। নেচাৰ্চ বেকনৰ  সঞ্চালক সৌম্যদ্বীপ দত্তদেৱে অসমীয়া ভাষাৰ এই অভাৱ দূৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছে আৰু সফলো হৈছে। বৰ্তমান অসমীয়া ভাষাত পৰিৱেশ সম্বন্ধীয় কিছু কিতাপ প্ৰকাশ হৈছে যদিও এই যাত্ৰা আৰু চহকী হোৱা জৰুৰী। নেচাৰ্চ বেকনে নতুন প্ৰজন্মক প্ৰকৃতি শিবিৰ সমূহত লেখা মেলাৰ বাবেও উৎসাহিত কৰে । কিতাপ অবিহনে জাতি এটাৰ মেৰুদণ্ড কেতিয়াও পোন হ’ব নোৱাৰে। ঠিক সেইদৰে প্ৰকৃতি বিষয়ক কিতাপেহে সংৰক্ষণৰ প্ৰক্ৰিয়াক দৃঢ় কৰে বুলি নেচাৰ্চ বেকনে বিশ্বাস কৰে। অসম সাহিত্য সভাৰ যোগেদি নেচাৰ্চ বেকনে পোন প্ৰথম বাৰৰ বাবে অসমৰ সাহিত্য জগতত সেউজ সাহিত্যৰ এক ধাৰা সৃষ্টি কৰিছে। সাহিত্যৰ এই যাত্ৰা অব্যাহত ৰখাটো প্ৰকৃতিপ্ৰেমী অথবা পৰিৱেশৰ জ্ঞানেৰে পুষ্ট সকলো ব্যক্তিৰে দ্বায়িত্ব। এনে দুৰদৰ্শী প্ৰচেষ্টাই আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ সংৰক্ষণৰ পথ কিছু হ’লেও উজু  কৰিব।

নেচাৰ্চ বেকনে বিশ্বাস কৰে প্ৰকৃতি সংৰক্ষণ এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া হোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ বাবে দুৰদৰ্শী হোৱাও প্ৰয়োজনীয়। পৰিৱেশ সজাগতাৰ হকে কৰা কামসমূহৰ ফলাফল হয়তো তাৎক্ষণিক ভাৱে পোৱা নাযায়, কিন্তু সংৰক্ষণৰ চিন্তাৰ বীজ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰসাৰিত হ’ব লাগে ।  ভাৰতীয় সংস্কৃতি আৰু দৰ্শন অৰণ্য ভিত্তিক। হাজাৰ হাজাৰ বছৰ আগতেই মহামুনি গৌতম বুদ্ধই ভাৰতীয়ক প্ৰকৃতি সংৰক্ষণৰ দৰ্শন শিকাইছিল। আমি আমাৰ সেই সভ্যতা আৰু দৰ্শনক পাহৰি যোৱা উচিত নহয়। নেচাৰ্চ বেকনৰ অৰণ্য সংৰক্ষণৰ যাত্ৰা বুদ্ধৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। নেচাৰ্চ বেকনে বিশ্বাস কৰে বৰ্তমান সময়তো অৰণ্য সংৰক্ষণৰ দৰ্শন  সমগ্ৰ মানৱ জাতিৰ  মূলমন্ত্ৰ হোৱা উচিত। প্ৰকৃতি সংৰক্ষণৰ প্ৰায়োগিক ধাৰণাৰে অভয়াৰণ্য গঠনৰ আন্দোলন জোৰদাৰ কৰি তুলিব লাগিব, তেহে প্ৰকৃতাৰ্থত পৰিৱেশ সংৰক্ষণ হ’ব।

অৱশেষত আশা কৰিছো প্ৰকৃতি সংৰক্ষণৰ সকলো ধনাত্মক চিন্তা সফল হওঁক, আমাৰ অৰণ্যৰ অধিকাৰ সুৰক্ষিত হওঁক, অৰণ্যৰ প্ৰাণ কুশলে থাকক, সকলোৱে মানুহেই বুজক আমি অৰণ্যৰেই অংশ ।

Share: