প্ৰকৃতি আৰু বিকাশ

final

ড° ইন্দিৰা শইকীয়া

প্ৰকৃতি হৈছে এক অকৃত্ৰিম বা মৌলিক অৱস্থা। প্ৰকৃতি বুলি কওঁতে প্ৰধানকৈ বায়ু, পানী, মাটিৰে সৃষ্ট ভৌতিক প্ৰকৃতি আৰু জীৱকুল তথা গছ-গছনিৰে পূৰ্ণ জৈৱিক প্ৰকৃতিকে বুজা যায়। প্ৰকৃতিক মাতৃ বুলিও কোৱা হয়। কাৰণ প্ৰকৃতিৰ বুকুতেই জীৱ-জন্তু, তৰু-তৃণ, গছ-গছনি তথা মানুহৰ জন্ম হৈ শ্ৰী বৃদ্ধি ঘটে। মাটি, পানী, বায়ু অবিহনে একোৱেই বৰ্তি থাকিব নোৱাৰে। সকলো প্ৰকৃতিত উদ্ভৱ হৈ প্ৰকৃতিতে বিলীন হৈ যায়। কিন্তু জীৱিত অৱস্থাত জ্ঞানৰ অধিকাৰী হৈয়ো মানুহে এই পৰম সত্যটোক মানি ল’ব নিবিচাৰে। মানুহে বিকাশৰ নামত, উন্নতিৰ নামত কেৱল প্ৰকৃতিক লুণ্ঠন কৰি গৈ আছে। অবাধ লুণ্ঠন আৰু অত্যাচাৰৰ ফল মাজে সময়ে ভোগ কৰিব লগা হ’লেও মানুহে তাৰ পৰা শিক্ষা ল’ব নিবিচাৰে। জীৱ শ্ৰেষ্ঠ বুলি কোৱা মানুহৰ বাবে ই এক আশ্চৰ্য্যৰ বিষয়। ছুনামী, ভূমিকম্প, ভূমিস্খলন, বানপানী যদিও প্ৰাকৃতিক ঘটনা ইয়াৰ পৰিণামৰ ফল কিন্তু বৃদ্ধি পোৱাৰ মূলতে হৈছে মানুহৰ আক্ৰোশ আৰু মাত্ৰাধিক লোভ।

 

মহামানৱ মহাত্মা গান্ধীয়ে সঠিকভাৱেই কৈছিল- “Nature has enough to fulfill the needs, not the greeds.” মানৱ সমাজৰ প্ৰয়োজন সমূহ পূৰণ কৰিব পৰাকৈ প্ৰকৃতিত যথেষ্ঠ সম্পদ আছে কিন্তু লোভ বা লালসা পূৰণৰ বাবে নহয়। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ উৎকৰ্ষ সাধনে মানুহক দুৰ্বাৰ আক্ৰোশী, প্ৰতিশোধ পৰায়ণ আৰু দুৰাকাংক্ষী কৰি তুলিছে। যাৰ ফলত কৌটিপতি সকলোৰো লালসাৰ সীমা নোহোৱা হৈছে। ভূগৰ্ভৰ সম্পদ সমূহ আহৰণত কোনো নিয়ম নমনাকৈ অবাধে লুণ্ঠন চলাইছে এচামে। যিটো ৰাষ্ট্ৰৰ বাবেই এক প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিব পাৰে।

 

মানৱ সমাজ, জীৱকুল আৰু প্ৰকৃতি আটাইবোৰ আন্ত:সম্পৰ্কিত আৰু আন্ত:নিৰ্ভৰশীল। পৃথিৱী নামৰ গ্ৰহটোৰ প্ৰাকৃতিক সত্বাটো আন গ্ৰহতকৈ নিশ্চয় পৃথক। যাৰ ফলত ই মানৱ, ভিন্ন প্ৰজাতিৰ জীৱকুল আৰু বৈচিত্ৰপূৰ্ণ উদ্ভিদ জগতৰ বাসপযোগী হৈ উঠিছে। এই সকলোবোৰ সম্ভৱ হৈছে প্ৰাকৃতিক উপাদান সমূহৰ বাবেহে। এই উপাদান সমূহৰ ক্ৰুটি-বিচ্যুতি ঘটিলে সমস্ত জীৱকুল আৰু উদ্ভিদ কুললৈয়ো ভয়ংকৰ বিপদ আহিব যে ই নিশ্চিত। গতিকে জৈৱ বৈচিত্ৰৰ সন্তুলনৰ ওপৰত মানৱ সমাজৰো ভৱিষ্যত নিৰ্ভৰ কৰিব।

 

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত থকা অৰণ্যসমূহে মানৱ সমাজৰ লগতে জীৱকুলৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰি আহিছে আৰু মানৱ সমাজৰ বৰ্জিত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিছে। ২০১৯-২০ বৰ্ষটোত আমাজান অৰণ্যত সৃষ্টি হোৱা বনজুইয়ে জীৱজন্তু গছ-গছনি ধ্বংস কৰাৰ লগতে বিশ্বপাৰিপাৰ্শ্বিকতাৰ কিদৰে ক্ষতি সাধন কৰিছে তাক দোহৰাৰ প্ৰয়োজন নাই। ভৱিষ্যতে হয়তো আৰু অধিক পৰিৱেশীয় কুফল লক্ষ্যণীয় হ’ব।

 

সাগৰ মহাসাগৰৰ অন্তৰ্ভাগত থকা খনিজ সম্পদ আৰু ভূমণ্ডলৰ অন্তৰ্ভাগত থকা খনিজ সম্পদ সমূহৰ মাত্ৰাধিক আহৰণে কেৱল ভূগৰ্ভৰ আন্ত:গাঠনিৰ সন্তুলনতে যে প্ৰভাৱ পেলাব তেনে নহয়, ই সামগ্ৰিক ভাৱে গোলকীয় গঠন প্ৰণালীতো ঋনাত্মক প্ৰভাৱ পেলাব বুলি অনুমান কৰিব পাৰি। পৰিৱেশ বিজ্ঞানী সকলে বহনক্ষম বিকাশৰ কথা যিমানেই চিন্তা নকৰক কিয়, ঐশ্বৰ্য্য সম্পদৰ প্ৰতিযোগিতাত অহৰহ নিমজ্জিত হৈ থকা একাংশই তালৈ ভ্ৰূক্ষেপ নকৰাটো কিন্তু লক্ষ্যণীয় বিষয়।

 

আমি সমস্যাটোৰ গভীৰলৈ নোযোৱাকৈয়ো কিছু কথা উল্লেখ কৰিব পাৰো। চৰকাৰী তথ্য অনুসৰি ২০২০ চনৰ মাৰ্চত ভাৰতত ১৮ খন জৈৱমণ্ডলীয় সংৰক্ষিত বনাঞ্চল (Biosphere Reserve)  আছে। তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যান (১০৪),অভয়াৰণ্য (৫৫৩) এই সকলো বোৰকে ধৰি ভাৰতত প্ৰায় ৪০,০০০ উদ্ভিদৰ প্ৰজাতি আৰু ৭৫ হেজাৰৰো অধিক জীৱ প্ৰজাতি আছে। ইয়াৰে ৭.৬% স্তন্যপায়ী জীৱ, ১৪.৭%উভচৰ প্ৰাণী, ৬% চৰাই চিৰিকতি, ৬.২% সৰীসৃপ। উদ্ভিদৰ ভিতৰত প্ৰায় ১৮০০০(৬%) ফুল ফুলা গছ আছে।

 

উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত দেখা গৈছে, ভাৰত চৰকাৰে অসমৰ মানাহ (১৪/৩/১৯৮৯) আৰু ডিব্ৰু চৈখোৱা (২৮/৭/১৯৯৭) ,মেঘালয়ৰ নক্ৰেক(১/৯/১৯৮৮), অৰুণাচল প্ৰদেশৰ দিহাং-দিবং (২/৯/১৯৯৮) -এই অৰণ্য কেইখনক “জৈৱমণ্ডলীয় সংৰক্ষিত বনাঞ্চল” হিচাপে ঘোষণা কৰিছে। ইয়াৰোপৰি ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত অসমৰ মানাহ (২৮৪০ বৰ্গ কিলোমিটাৰ ), অৰুণাচল প্ৰদেশৰ নামদফা (১৯৮৫ বৰ্গ কিলোমিটাৰ) আৰু মিজোৰামৰ ডামফা (৫০০ বৰ্গ কিলোমিটাৰ ) অৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ অঞ্চলত অৱস্থিত দিহিং পাটকাই অভয়াৰণ্য এখন অতি মোহনীয় বৰ্ষাৰণ্য। ২০০৪ চনৰ ১৩ জুন তাৰিখে ভাৰত চৰকাৰে দিহিং-পাটকাই অৰণ্যক অভয়াৰণ্য হিচাপে ঘোষণা কৰে। ইয়াত ৪০ টা প্ৰজাতিৰ স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ চৰাই, ৪০ তকৈও অধিক প্ৰজাতিৰ সৰীসৃপ, ১৫৫ প্ৰজাতিৰ পখিলা, ৩৫ বিধৰ মাছ, ৬০ তকৈও অধিক প্ৰজাতিৰ ডাঙৰ গছ, ১০১ বিধৰ অৰ্কিড থকা বুলি জানিবলৈ পোৱা গৈছে। এই অভয়াৰণ্যখনিক সেয়ে ‘পূবৰ আমাজন’ বুলি গণ্য কৰা হয়। ইয়াৰ মাটিকালি বৰ্তমান ১১১.১৯ বৰ্গ কিঃমিঃ, কিন্তু ইয়াৰ আশে পাশে থকা অৰণ্য অঞ্চলত যিটো হাৰত কয়লাখনন হৈ আছে দিহিং পাটকায়ে নিজস্ব গৰিমা হেৰুৱাবলৈ বেচিদিন নালাগিব। সেয়ে সময় থাকোতেই চৰকাৰে দিহিং-পাটকাই অভয়াৰণ্যৰ সীমা ৫০০ বৰ্গ কিলোমিটাৰ লৈ বৃদ্ধি কৰি ওচৰ পাজৰৰ অৰণ্য অঞ্চলক ৰক্ষা কৰাত গুৰুত্ব দিব লাগে।

 

অসমত যিমান বিলাক সংৰক্ষিত বনাঞ্চল আছে তাৰ মাটিকালি চৰকাৰী হিচাপত যেনেদৰে আছে প্ৰকৃতাৰ্থত কিন্তু সেয়া শুদ্ধ নহয়। অৰণ্যৰ গছ-গছনি কাটি এচাম লোকে বনাঞ্চলত  বেদখল কৰি সীমা বঢ়াই গৈ আছে। আমি আচলতে নিজৰ ভৱিষ্যত নিজেই ধ্বংস কৰি গৈ আছো। প্ৰকৃতিক অত্যাচাৰ কৰি মানৱ সমাজৰ বিকাশ সাধন কৰিবলৈ গ’লে সি হ’ব নিচেই খন্তেকীয়া আৰু অস্থায়ী। ভূগৰ্ভৰ সম্পদৰ ওপৰত অবাধ লুণ্ঠনৰ ফল আমি হাতে হাতে পাই আছো। বাঘজানৰ জুইকুৰা যেন প্ৰকৃতিৰ প্ৰচণ্ড খঙৰহে অভিব্যক্তি। মানুহৰ প্ৰযুক্তি উৎকৰ্ষৰ অহংকাৰৰ প্ৰতি প্ৰকৃতিৰ এইয়া যেন প্ৰচণ্ড বিক্ষোভ। উজনি অসমত হ’ব পৰা ধ্বংস আৰু আহিবলগীয়া ভয়ংকৰ ভৱিষ্যতৰ এইয়া আগজাননী নেকি বাৰু? বাঘজানৰ জ্বলি থকা জুইকুৰাৰ বাবে বায়ুমণ্ডল আৰু নিৰ্গত হৈ থকা গেছীয় পদাৰ্থৰ বাবে নিকট অঞ্চলৰ ভূ ভাগত কেনেধৰণৰ প্ৰদূষণৰ সৃষ্টি হৈছে, সেইয়া সকলোৱে জানে। কাষৰ জলাশয় সমূহত থকা জীৱকূলৰ হয়তো প্ৰায় বোৰেই ধ্বংস হৈছে। পথাৰত ধানৰ উৎপাদন হয়তো আগৰ দৰে নহ’ব। মুঠতে এক ব্যাপক অঞ্চলৰ জনসাধাৰণৰ জীৱন প্ৰণালী ব্যাহত হোৱাই নহয়, ই অসমৰ অৰ্থনীতিত প্ৰত্যক্ষ আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিত পৰোক্ষ প্ৰভাৱ নিশ্চয় পেলাব।

 

চৰকাৰ আৰু চৰকাৰৰ আংশীদাৰিত্ব কোম্পানী সমূহে নিজৰ তথা দেশৰ ভৱিষ্যত সুৰক্ষাৰ বাবেই সীমাহীন লোভ সংযত কৰা উচিত। শক্তি আৰু ইন্ধনৰ প্ৰয়োজনত একোটা অঞ্চলক ভয়ানক দুৰ্যোগৰ দিশলৈ ঠেলি নিদিব। ভাৰতৰ ভিতৰতে প্ৰাকৃতিক সৌন্দৰ্য্যত অতুলনীয় এই ৰাজ্যখনক সমগ্ৰ ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাতো দৰকাৰী।

 

প্ৰকৃত সংৰক্ষিত বনাঞ্চল সমূহৰ পৰিসীমা সঠিক ভাৱে নিৰ্ণয় কৰিব পাৰিলেহে জলবায়ুৰ সমস্যা, অৰ্থনৈতিক আৰু সামাজিক সমস্যাৰ আচল কাৰণ কিছুমান চিনাক্ত কৰাটো সম্ভৱ হ’ব। বিকাশ সকলোৰে কাম্য । কিন্তু বিকাশ হ’ব লাগিব সুৰক্ষা তথা সমৰ্থনযোগ্য। একাংশৰ বিকাশৰ স্বাৰ্থত আন একাংশক বলীৰ পঠা সজাব নালাগিব। জনকল্যাণকামী চৰকাৰখনে কথাবোৰ সঠিকভাৱে চিন্তা কৰি পৰিকল্পিতভাৱে আগবাঢ়িলেহে সমস্যাৰ সমাধান ওলাব, অন্যথা এটাৰ লগত আন এটা আনুষংগিক সমস্যা সৃষ্টি হৈ গৈ থাকিব।

 

Brundtland commission ৰ প্ৰতিবেদনত (1987) উল্লেখ কৰিছিল –

 

“Sustainable development is development that meets the needs of the present without compromising the ability of the future generations to meet their own needs.”

 

বহনক্ষম বিকাশৰ এই চিন্তাধাৰাক সমগ্ৰ বিশ্বই যেতিয়া কামে কাজে মানি নল’ব, তেতিয়ালৈকে মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত বুলি ক’ব নোৱাৰি। প্ৰত্যেকখন ৰাষ্ট্ৰই খনিজ সম্পদৰ ৰপ্তানিৰ জৰিয়তে অধিক বিদেশী মুদ্ৰা লাভ কৰিবলৈ যাওঁতে নিজ দেশৰ ভৱিষ্যত সুৰক্ষাৰ কথাটোও চিন্তা কৰা উচিত। অত্যধিক আহৰণ মানে অত্যধিক ব্যৱহাৰ। সেয়ে অত্যধিক আহৰণ আৰু ব্যৱহাৰ – দুয়োটাতেই বাধা প্ৰদান কৰা উচিত। সকলো সম্পদেই যুক্তিনিষ্ঠ ভাৱে ব্যৱহাৰ কৰিলে সুদীৰ্ঘ দিনৰ বাবে ব্যৱহাৰ কৰা সম্ভৱ হ’ব। সেয়ে অবাধ আহৰণ সীমিত কৰি ভৱিষ্যত প্ৰজন্মৰ বাবেও সাঁচি ৰাখি চলিব পাৰিলেহে মানৱ সমাজ বৰ্তি থাকিব। অন্যথা প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে মানৱ সমাজে প্ৰকৃতিৰ ভয়ানক ৰুষ্ট ব্যৱহাৰ আৰু ধ্বংসলীলাৰ বাবে সাজু থাকিব লাগিব।

 

Photo: Nature’s Beckon Archives

Share: